পৃষ্ঠা:শান্তি-কৱচ.pdf/১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
শান্তি-কৱচ
 

সুখ-দুখ

 

১। ৰদঘাই আৰু ডাৱৰীয়া বতৰৰ দৰে বা জাৰ-জহৰ নিচিনাকৈ সৌভাগ্য আৰু দুৰ্ভাগ্য বাহিৰৰ জগতখনৰ কথা; তাত তোমাৰ সুকীয়া কৰ্তব্যৰ কথা হ’ব পাৰে, কিন্তু ভাল-বেয়া বা হৰিষ-বিষাদৰ কাৰণ নাই; কিয়নো সেইবোৰ তোমাৰ ইচ্ছাত হোৱা নাছিল। তদুপৰি আমাৰ প্ৰকৃত মঙ্গল- অমঙ্গল সেইবোৰৰ ওপৰত নিৰ্ভৰ নকৰে, কৰে সেইবোৰ শাসন বা ব্যৱহাৰ কৰিব পৰা আমাৰ বিচাৰ-বুদ্ধি বা আধ্যাত্মিক শক্তিৰ ওপৰত।

২। স্বাধীনতাই সুখ, পৰাধীনতাই দুখ; এই কথা শাৰীৰিকতকৈ মানসিক বা আধ্যাত্মিক ভাৱে বিশেষ সত্য। সাংসাৰিক সৌভাগ্য-দুৰ্ভাগ্য বা জয়- পৰাজয় একোৱেই স্বাধীন মনৰ কাষ চাপিব নোৱাৰে; বৰঞ্চ প্ৰকৃত আত্মসংযমী মন দৈহিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক জগতৰ ওপৰত চক্ৰৱৰ্তী সম্ৰাট।

৩। আনৰ দোষ বা দুৰ্ব্যৱহাৰেও মনৰ শান্তিক টলাব নালাগে; সকলো যে নিৰ্দোষ বা সাধু হ’ব তাকেনো কিয় ভাবিবা? বৰঞ্চ মানুহ দুষ্ট বা অসাধু হ’বৰ এহাজাৰ এটা কাৰণ থাকিব পাৰে; সহানুভূতিৰে তেওঁলোকৰ বাহ্যিক বা মানসিক অৱস্থা অধ্যয়ন কৰিবা, তেনেহ'লে খং উঠাতকৈ তেওঁলোকৰ প্ৰতি পুতৌৰে তোমাৰ মন-প্ৰাণ উপচি পৰিব।

৪। লোকে যদি তোমাক বেয়া বুলিলে বা গালি শপিলে বেয়া পোৱা, ভাল বুলিলে বা প্ৰশংসা কৰিলেও বেয়া পোৱা উচিত; বেপাৰৰ নাৱত ভৰি দিয়া মাত্ৰই লাভৰ দৰে হানিৰ ভাগীও তুমি হলা, আৰু হানিটো নামানি অকল লাভৰ ভাগলৈ বাট চোৱাজন নিশ্চয় অন্যায় আৰু অবিবেচক অংশীদাৰ।

৫। পাপৰ বেহাৰ দৰে পুণ্যৰ বেহাও বেয়া। এজনৰ হিত সাধিলা, প্ৰত্যুপকাৰ নকৰিলেও অন্ততঃ তোমাৰ শলাগ ল'ব বুলি; পাছত দুৰ্ভ্যগ্যক্ৰমে তেওঁ প্ৰত্যুপকাৰ কৰা বা শলাগ লোৱা দূৰৰ কথা, তোমাৰ অহিতহে চিন্তিলে; তেতিয়া দ্বিতীয়বাৰ সেইজনৰ হিত সাধিবলৈ চোৱাতকৈ অহিত সাধনলৈহে তোমাৰ মন যাব পাৰে। এতেকে হাত দিবলৈ মেলিবা, লবলৈ কেঁচাবা; আশাশুৰীয়া হৈ কৰ্তব্য জ্ঞানেৰে পুণ্য কৰিবা, উলটি নাচাবা। “তোমাৰ সোঁ হাতে কি দিলে, সাৱধান, তোমাৰ বাওঁহাতে যেন তাৰ ভু নাপায়।”