অল্প-বিদ্যা ভয়ঙ্কৰী কিন্তু যেই জন,
ব্ৰহ্মই নোৱাৰে নিজে কৰিব ৰঞ্জন।
“থিতাতেই ৰোষ, থিতাতেই তোষ, ৰোষ-তোষ ক্ষণে ক্ষণে;
ভয়ঙ্কৰ এনে উটনুৱা মন, প্ৰসাদো প্ৰমাদ গণে।”
“বিদ্যা বিবাদত, ধন দম্ভালিত, শক্তি পৰ-পীড়নত,
পাষণ্ড আচাৰ; সাধু ব্যৱহাৰ জ্ঞান, দান, ৰক্ষণত।
পানী যেনেকৈ নিতে নামলৈ বয়, মাধ্যাকৰ্ষণে যিদৰে সকলোকে তললৈ টানে, দুৰ্জনৰ সঙ্গয়ো সেইদৰে সুজনৰ বিকাৰ ঘটাব পাৰে; গতিকে তাৰ বিৰুদ্ধে সদায় সচেতন হ'ব লাগে।
“দুঃমন্ত্ৰণাত নষ্ট হয় নৃপবৰ;
যতি নষ্ট হয় হলে আসক্তি ভোগৰ;
লালন-পালনে অতি পুত্ৰ নষ্ট হয়;
বেদ-অধ্যয়নহীনে বিপ্ৰত্ব বিলয়;
কু-তনয়ৰ পৰা জানা হয় কুল নাশ;
শীল নষ্ট হয় চাপি পাষণ্ডৰ কাষ;
সুৰা পানে লাজ, বিনা-আপডালে খেতি;
প্ৰবাসত স্নেহ আৰু অপ্ৰণয়ে মৈত্ৰী;
নিয়ম-ভঙ্গত হয় সমৃদ্ধিৰ হ্ৰাস;
ত্যাগ-প্ৰমাদত জানা ধনৰ বিনাশ।
দুৰ্জন-সংসৰ্গ ত্যাগ কৰা ততালিকে;
সাধু-সমাগম ভজাঁ নাপেক্ষি তিলেকে।
নিত্যে এই অনিত্যক কৰি বিস্মৰণ;
পুণ্য কৰাঁ অহোৰাত্ৰ নৰ-নাৰীগণ।
[খ] ৰক্ষা, সজ সঙ্গ
গতিকে জীৱনৰ অমিয়া পাবলৈ হ'লে সৰ্বপ্ৰথম আৱশ্যকতা হ’ল⸺ নিৰ্ভয়তা বা আত্মৰক্ষা; অৰ্থাৎ যিহেতুকে সমাজ জুৰি থকা পাষণ্ডবোৰক কোনো যাদু-বিদ্যাৰ বলেৰে কোনেও কেতিয়াও নিৰ্মূল কৰিব পৰা নাই আৰু নোৱাৰেও, তেন্তে সেইবোৰৰ পৰা নিৰাপদে থাকিবলৈ, জানিবা নিগনি হ'লে মেকুৰীৰ হাতোৰাই ঢুকি নোপোৱা ঠাইত বাস কৰিবলৈ, লোৱাই প্ৰথম কথা। দ্বিতীয়ত আৰু তাৰ লগে লগে সৎ সঙ্গ বা সজ বন্ধু-লাভো জীৱনৰ অমিয়া উপভোগৰ বাবে আৱশ্যকীয়।