শিক্ষা আৰু জীৱন
পুত্ৰ-গৰ্বী এজন পিতাকে শিক্ষা-তত্ত্বজ্ঞ এজন বন্ধুক জনালে বোলে তেওঁৰ ল’ৰাটিক নিচেই অলপ বয়সৰ পৰাই শিক্ষা দিছে। “কিমান বয়সত?” “তিনি বছৰত।” “পলমহে হ'ল!” ‘আপুনি কয় নেকি ওপজাৰ পৰাই শিক্ষা দিব লাগিছিল?’ ‘ওঁ, তাতকৈ আগত নোৱাৰিলে জন্মৰ পৰাই দিব লাগিছিল।’
মহাভাৰতৰ কাহিনীৰ পৰা আমি জানো অভিমন্যুৱে মাতৃগৰ্ভতে ব্যুহভেদ মন্ত্ৰ শিকিছিল। প্ৰহ্লাদেও মাতৃগৰ্ভতে ঈশ্বৰ-ভক্তিৰ নিয়ম শিকিছিল। ভাৰতীয় ৰীতিমতে গৰ্ভাৱস্থাত তিৰোতাই কুৎসিত দৃশ্য চাব নাপায়, আপচু মাত শুনিব নালাগে, খং-দুখ মনত ঠাই দিয়া অনুচিত, আৰু সোৰোপা বা দিনত শোৱা স্বভাৱ এৰিব লাগে, ইত্যাদি। ইয়াৰ বিপৰীতে তেওঁলোকে সুন্দৰ দৃশ্য চাব লাগে, সুৱলা কথা শুনিব লাগে, চিৰানন্দভাৱে থাকিব লাগে, শাৰীৰিক-মানসিক তৎপৰতা ৰাখিব লাগে ইত্যাদি। প্ৰাচীন গ্ৰীছতো গৰ্ভৱতী তিৰোতাই শোৱনী কোঠাত এপোলো আদি সুশী-বলীষ্ঠ দেৱতাসকলৰ চিত্ৰ আঁৰি ৰাখিছিল তেনে সন্তানৰ জন্ম সম্ভৱ হ'বলৈ।
ওপজাৰে পৰা যিবিলাক সন্তান ৰাতি আন্ধাৰত শোৱে, পাছত তেওঁলোক পোহৰত শুব নোৱৰা হয়; আৰু যিবিলাকে পোহৰত শোৱে, তেওঁলোকে আন্ধাৰত শুব নোৱাৰে, ইত্যাদি। ইয়াৰ পৰা বুজিব পাৰি, ওপজাৰ পৰাই সন্তানৰ শিক্ষাই আপোনা-আপুনি গঢ় ল’বলৈ ধৰে, সাৱধানে সুপৰিবেশত সুশিক্ষা নিদিলে, অসাৱধানতাত কু-পৰিৱেশত কু-শিক্ষা লাভ কৰিবই, শিক্ষা ৰৈ নাথাকে।
সন্তানৰ চলন-ফুৰণ, কথা-বাৰ্তা, খোজকঢ়া, পিন্ধা-উৰা আদিয়েও সু- শিক্ষা পোৱা বা নোপোৱাৰ বতৰা দিয়ে; সজ ব্যৱহাৰৰ সন্তানক সেই দেখি শিক্ষিত আৰু তেনে ব্যৱহাৰ নজনাবোৰক অশিক্ষিত বোলা হয়। এতেকে বি.এ., এম্.এ. হ'লেহে শিক্ষিত বোলা কথা ভুল আৰু উপলুঙা কথা।
সন্তানে কিমান বয়সত কিমানপৰ শুব লাগে, কেনে খাদ্য খাব লাগে, কেনেদৰে ঠিয় বা খোজকাঢ়িব লাগে, এনেবোৰ কথাও প্ৰাথমিক শিশু-শিক্ষাৰ