পৃষ্ঠা:শান্তি-কৱচ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
শান্তি-কবচ


অন্তৰ্ভুক্ত। উপযুক্ত শিক্ষা নোপোৱা সন্তানৰহে পোন হৈ ঠিয় হোৱা, বুকু ফিন্দাই খোজকঢ়া আদি সজবোৰ নাথাকে, আৰু সি সদায় অশিক্ষিত পৰিয়াল আৰু তেনে পৰিবেশৰ ইঙ্গিত দিয়ে।

 ৰুছিয়া আদি উন্নত দেশত ওপজাৰ পাছৰ পৰাই ৰাষ্ট্ৰই সন্তান শিক্ষা আৰু লালন-পালনৰ দায়িত্ব গ্ৰহণ কৰে, কিয়নো যিহেতুকে প্ৰত্যেক সন্তান ৰাষ্ট্ৰৰ সম্পত্তি আৰু সেই সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবে সাধাৰণতে তেওঁলোকৰ ঘৰুৱা পৰিৱেশ নাই। ভাৰতবৰ্ষৰ নিচিনা যিবোৰ দেশত তেনে দিহা নাই, ত’ত ঘৰেই প্ৰথম আৰু প্ৰধান শিক্ষালয় হ’ব লাগিব; কিয়নো যি ঠাইত সন্তান শিক্ষালয়ত দিনটোৰ তিনি-চাৰি ঘণ্টাহে থাকে আৰু বাকী একৈশ বা একুৰি ঘণ্টা ঘৰত থাকিব লগা হয়, তাৰ ঘৰুৱা পৰিৱেশ সজ শিক্ষাৰ আশ্ৰম নহ'লে, সন্তান তথা ৰাষ্ট্ৰৰ ভৱিষ্যত কেতিয়াও আশাপ্ৰদ হ’ব নোৱাৰে।

 বহল ভাবত সংসাৰেই এক বিশাল শিক্ষালয়, আৰু মাতৃগৰ্ভৰ পৰা ভূগৰ্ভলৈকে জীৱনটো কেৱল শিক্ষা আৰু শিক্ষা। গাইগুটীয়া, সামাজিক, ৰাজনৈতিক প্ৰভৃতি বিভিন্ন অভিজ্ঞতাই ৰাষ্ট্ৰীয় শিক্ষাৰ ওপৰত যথেষ্ট প্ৰতিক্ৰিয়া কৰে।

 

শিক্ষা আৰু সমাজ

 

 মানুহ সামাজিক জীৱ, আৰু সমাজৰ এক অঙ্গ; গতিকে সমূহৰ সুখ আৰু কল্যাণ সাধন মানুহৰ প্ৰধান কৰ্তব্য। সেই দেখি সমাজৰ দ্বাৰা সমাজৰ হকে সমাজৰ যি দায়িত্ব তাক শিক্ষা-যন্ত্ৰেৰে পালন কৰিব লাগে। এতেকে শিক্ষিত হোৱা মানে সমাজৰ সেৱাৰ বাবে অধিক উপযুক্ত আৰু অধিক কাজুৱা হোৱা। ইয়াৰ বাবে ব্যক্তিত্ব বিসৰ্জন দিবৰ আৱশ্যক নহয়; শিক্ষাৰ দ্বাৰা পোনতে ব্যক্তিৰ শাৰীৰিক-মানসিক আৰু নৈতিক-আধ্যাত্মিক এই চতুৰ্বৰ্গৰ বিকাশ সাধন কৰি তাক সমাজৰ সেৱাৰ হকে উছৰ্গা কৰাই প্ৰকৃত শিক্ষাৰ লক্ষ্য।

 এই লক্ষ্য মানি লোৱা মানেই অৱশ্যে শিক্ষা যে ব্যক্তি বা সমাজৰ অলঙ্কাৰ নহয়, ই যে কাৰ্যকৰী আৰু কাজুৱা, ব্যৱহাৰোপযোগী আৰু ব্যৱসায়িক শিল্পৰ দৰে হ'ব লাগিব এই কথা সহজে গম ধৰিব পাৰি। শিক্ষাৰ এনে বিবৃতিৰ পৰাই ভাৰতত আজিও চলি থকা অবাস্তৱ তথাকথিত শিক্ষা যে প্ৰকৃত শিক্ষা নামবাচক হ’ব নোৱাৰে তাকো ধৰিব পাৰি; কিয়নো কৰ্মৰ খুটিৰ চাৰিফালেহে শিক্ষাৰ