ভাৰতীয় জাতীয় জীৱন আৰু বৰ্তমান ৰাষ্ট্ৰক খুলি খুলি নোখোৱাকৈ ৰৈ থকা নাই
যে ই সুনিশ্চিত।
পৰাধীন শিক্ষাৰ পাপৰ শিৰোমণি হ’ল দেশ মাতৃ তথা ভাৰতীয় আদৰ্শৰ প্ৰতি অৱজ্ঞা; আৰু এই পাপ সৰ্বসাধাৰণতকৈ তথাকথিত উচ্চ শিক্ষিতৰ অন্তৰত দকৈ শিপাল।
যশ-মান-ধনৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱাও এক, আৰু দেশৰ মাতৃ-ভক্ত সন্তান হোৱাও এক; শাসনৰ বাঘজৰী ধৰিবৰ যোগ্য লোক আমাক নলগা নহয়, কিন্তু তাৰ আগতে তেওঁলোকে মাতৃ-মন্ত্ৰত শৰণ লৈছে নে নাই সিও লেখৰ কথাই। এই মাতৃ-মন্ত্ৰ কি? তাৰ বীজ বেদ উপনিষদ, ৰামায়ণ, মহাভাৰত আৰু গীতা-পুৰাণ আদিত নিহিত আছে; তাক বিচাৰি উলিয়াই শিৰত ল’ব নোৱাৰিলে দেশৰ কালিকা বা ভাৰত মাতৃৰ মহিমা বুজিব নোৱাৰি, আৰু ইয়াক নুবুজাকৈ ভাৰতৰ শাসনৰ বাঘজৰী ধৰাও অন্যায়।
বিদেশীয়ে ভাৰত শাসন কৰি অকল ইয়াৰ ধন-সোণকে লুটি নিয়া নাই, পৰাধীনতাৰ শিক্ষা দি ইয়াৰ শাহও কাঢ়ি নি খোলাটো এৰি গৈছে। আজি ভাৰতখন পৰি আছে, তাৰ প্ৰাণ-বস্তু নাই; গীতা-উপনিষদ পৰি আছে, ইংৰাজে এৰি যোৱাৰ পাছত আমি নিজ হাতে সংস্কৃত চৰ্চা অকল নিৰুৎসাহ কৰাই নহয় প্ৰায় নিষেধ কৰি, স্কুল-কলেজৰ পৰাও নিৰ্মূল কৰিবৰ দিহা কৰিছোঁহঁত!! কিয়? কাৰণ ই ভাৰতৰ দেৱ-ভাষা হলেও যু’ৰপ-আমেৰিকাৰ বজাৰ-দৰত সংস্কৃত সাহিত্য কু-সংস্কাৰৰ ভঁৰাল বুলি আমাৰ মূৰ-নোহোৱা ‘মুৰব্বী’বিলাকৰ ধাৰণা।
কিন্তু সেই যু’ৰপৰে অমৰ মনীষী মেক্সমূলাৰে কি কৈ গল?⸺ ‘মানুহ মনৰ শ্ৰেষ্ঠতম বিকাশ কোন আকাশৰ তলত হৈছিল? প্লেটোৰ আৰু কান্ত চৰ্চাকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ সম্পূৰ্ণ উপযোগীকৈ বেলিৰ তলত কোন দেশৰ মানসে জীৱনৰ পৰম সমস্যাবোৰৰ চিন্তা কৰি চৰম সমাধান বিচাৰি পাইছিল?⸺মোক সুধিলে মই আঙুলিয়াম ভাৰতবৰ্ষলৈ।
“আকৌ, কেৱল গ্ৰীছীয় আৰু ৰোমীয়সকলৰ আৰু ছেমিটিক জাতিৰ ইহুদীবিলাকৰ চিন্তাৰ কোলাত লালিত-পালিত আমি য়ু’ৰপীয়বোৰে আমাৰ অকল এই জীৱনেই নহয় আমাৰ জন্মান্তৰ আৰু অনন্ত জীৱন অধিক পৰিপূৰ্ণ, অধিক ব্যাপক, অধিক বিশ্বজনীন, আৰু বাস্তৱতে অধিক মানৱী কৰিবলৈ বিচাৰিলে আমি কাৰ পৰা তাৰ সংশোধন পাব পাৰিম? মই নিজকে সোধোঁ, আৰু ভাবোঁ ভাৰতবৰ্ষৰ কথা।’