পৃষ্ঠা:শান্তি-কৱচ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
শান্তি-কৱচ
 

(ছ) অদৃষ্ট

 

(১) দোকানীয়ে দুৱাৰ মাৰি লৈ গধূলি দিনটোৰ অৰ্জনৰ লেখ লয়; তুমি কিহৰ লেখ ল’বা? ওৰে দিন ধৰি ধন বিতেৰে নহ'লেও গা-ৰে, গাৰে নহলেও মুখৰ সহানুভূতিসূচক সহায় বা মাত আষাৰেৰে হাঁহি বিৰিঙাব নোৱাৰিলেও দুখ পাতলালা কেইজনৰ? স্বৰূপতে সেইহে তোমাৰ লেখৰ সম্পত্তি।

(২) তুমি নিজৰ মনৰ দুখ গুচাব পৰা নাই? তেন্তে আনৰ দুখ চাবলৈ যত্ন কৰাঁ; তেতিয়া তোমাৰ দুখ আপোনা আপুনি গুচিব।

(৩) তুমি আনৰ উপকাৰী? তেন্তে তুমি নিজৰ উপকাৰীতকৈও উপকাৰী বুলি বুজিবাঁ।

(৪) পৰোপকাৰী কামত নিজক লগাই ৰাখাঁ; ইয়ে নিজক দোধোৰ-মোৰ ৰোগৰ পৰা মুক্ত কৰিবৰ বাবে আজিলৈকে ওলোৱা আটাইতকৈ মহৎ ঔষধ।

(৫) নিজৰ বেলিকাও সাঁকো নৌ পাওঁতেই তাৰ ওপৰেদি নবগাবাঁ; বিপদ বাস্তৱতে আহিলে তাৰ সৈতে যুজিবৰ অস্ত্ৰ-শস্ত্ৰখিনি গোটাই ৰাখা।

(৬) “গতস্য শোচনা নাস্তি; সঁচা কথা; পাছে নিৰ্বিকাভাৰে আগৰ ভুলবোৰ ফঁহিয়াই তাৰপৰা অভিজ্ঞতা বাচি লৈ ভৱিষ্যতৰ উপকাৰত লগোৱাই বুদ্ধিমানৰ কাম।

(৭) ভুল হয় আটাইৰে; তাক ঘূৰাই কৰে মুৰ্খই, আনৰ বা নিজৰ ভুলৰ পৰা শিক্ষা লয় জ্ঞানীয়ে।

(৮) সুখৰ সামগ্ৰি হেৰালে সি যেন হেৰোৱাই নাই এনে ভাবিব পৰাই সুখ পুনৰ্লাভৰ উত্তম উপায়। আমাৰ চিন্তাই যি গঢ় দিয়ে সেয়ে আমাৰ জীৱন।

(৯) ভৱিষ্যতক গঢ় দিয়া ঐশ্বৰিক শক্তি আমাতেই লুকাই আছে। নিজে যিমান সুখী হ'বৰ আন্তৰিক যত্ন কৰা, তুমি সিমান সুখী : তাতকৈ সৰহ বা তাকৰ নোহোৱাঁ।

(১০) এডাল তাঁৰ ছিগিল? আন তিনি ডালতেই তোমাৰ সঙ্গীত সম্পূৰ্ণ কৰাঁ। এয়ে জীৱন, জীৱনৰ জীৱন, বিজয়ী জীৱন।