পৃষ্ঠা:শান্তি-কৱচ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শান্তি-কৱচ
 
আত্ম-চিন্তা
 

১। তোমাৰ আগচৰাত তুমি বহাঁ, আলহী-অতিথিক সাক্ষাৎ কৰা, কিন্তু নিশ্চয় তাত খোৱা-শোৱা নকৰা; সেইদৰে বাহিৰৰ মানুহৰ লগত হঁহা-মতা আৰু সাংসাৰিক ব্যৱহাৰ কৰিলেও, শুব-খাবলৈ ভিতৰলৈ অহাৰ দৰে, দিনটোৰ অন্ততঃ কিছু সময় আত্ম-চিন্তাৰ বাবে আছুতীয়াকৈ লবা। বাহিৰৰ চলন-ফুৰণত তুমি ব্যবসায়ী বা শ্ৰমজীৱী যিহকে-তিহকে হ’ব পাৰা; অকল আত্ম-চিন্তাতহে তুমি মানুহ।

২। নাৱিকে বিযুৱ ৰেখাৰ গ্ৰীষ্ম-মণ্ডলৰ পৰা সুমেৰু-কুমেৰুৰ অতি শীত মণ্ডললৈকে ফুৰে, কিন্তু নিজ দেহৰ উত্তাপ লগত লৈ ফুৰিলে সেই বিভিন্ন উত্তাপত চলা সম্ভৱ নহলহেঁতেন; তেনেকৈয়ে তুমি যতে যিহতে ফুৰা লাগে, নিজক কোনোমতেই পাহৰিলে নচলিব; কিয়নো আত্ম-চিন্তা নিজ দেহৰ উত্তাপৰ দৰে।

৩। সকলোৰে কথালৈ কাণ দিও, আটাইৰে দৃষ্টি-ভঙ্গিলৈ মন কৰিও আৰু সদৌৰে বিচাৰৰ প্ৰতি সম্মান দেখুৱাইও, তোমাৰ নিজ বিবেচনা অক্ষুণ্ণ ৰাখিবা আৰু বিনীতভাৱে কিন্তু দৃঢ়তাৰে তোমাৰ নিজ সুবিবেচিত মত প্ৰকাশ কৰিবৰ সৎ সাহস গোটাবা। আৱশ্যক অনুসাৰে এনে স্বাধীন ন্যায় মত প্ৰকাশ কৰাৰ বাবে মহাপুৰুষসকলে ধন-মান-প্ৰাণ পৰ্য্যন্ত উছৰ্গা কৰিবলৈ কুণ্ঠিত নহয়।

৪। নোহোৱা কথাটো "নহয়" বুলিবলৈ যাৰ সাহ নাই, তেওঁ পৰৰ দাস বা নিজ স্বাৰ্থৰ গোলাম; সংসাৰৰ সোতত তেওঁ উটি যায়, পাৰ উঠিব নোৱাৰে। বেৰমিটাৰে (চাপমান যন্ত্ৰই) স্থিৰ বায়ুৰ হেচাৰ পৰিমাণ বুজায়, কিন্তু বতৰ-কুকুৰাই চঞ্চল বায়ুৰ স্বভাৱ দেখুৱায়; তেনেকৈয়ে স্বাধীন লোকৰ মতক মানুহৰ মাত আৰু ইবোৰক ভাটোৰ মাত বা প্ৰতিধ্বনি বুলিব পাৰি।

৫। জীৱ হত্যাৰ ভিতৰত নৰ হত্যাই ডাঙৰ; পিছে, নৰ হত্যাতকৈও সত্যৰ হত্যা ভয়ানক; নৰ হত্যা কৰিলে নশ্বৰ দেহৰ অগ্ৰিম বিনাশ কৰা হয় মাত্ৰ, কিন্তু সত্যক হত্যা কৰিলে অবিনশ্বৰ আত্মক হত্যা কৰাৰ তুল্য হয়। এই বাবেই মহাপুৰুষসকলে সত্যৰ বিনাশতকৈ নিজ নশ্বৰ দেহক বিসৰ্জন দিবলৈহে আগবাঢ়ে।