ডৰিয়লি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
ডৰিয়লি (page 1 crop).jpg

গী তা লি ব ৰা
সত্য-সূৰ্য

[ উৎস কিতাপৰ নাম ]
 

সত্য-সূৰ্য

 

গীতালি বৰা

 

আঁক-বাক

 

[ প্ৰকাশন ]


xatya-xurja
A collection of short stories in Assamese by Geetali Borah, published by Saumitra Jogee on behalf of AANK-BAAK, 3/Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati-781 003, Assam, India, e-mail: aankbaak@gmail.com

বিক্ৰী কেন্দ্ৰ : সৰস্বতী মাৰ্কেট, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-৭৮১০০১

প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০১৬

লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

প্ৰকাশক অথবা স্বত্বাধিকাৰীৰ লিখিত অনুমতি অবিহনে এই গ্ৰন্থৰ কোনো অংশৰে কোনো ৰূপত ব্যৱহাৰ বা প্ৰতিলিপি কৰিব নোৱাৰিব, কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, বৈদ্যুতিন অথবা অন্য কোনো মাধ্যম, যেনে— ফটোষ্টেট, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব নোৱাৰিব, অথবা যিকোনো ডিস্ক, টেপ, পাৰ্ফোৰেটেড মেডিয়া বা কোনো তথ্য সংৰক্ষণৰ যান্ত্ৰিক পদ্ধতিৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এই চৰ্ত উলংঘন কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ISBN : 978-93-85934-41-4

দাম : এশ পঞ্চাছ টকা

অংগসজ্জা : নিতুল কুমাৰ দত্ত

আঁক-বাক, ৩/উপ-পথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা প্ৰকাশিত আৰু আঙ্গিক প্ৰেছ, আমবাৰী, গুৱাহাটী-৭৮১০০১ত মুদ্ৰিত।

[ উছৰ্গা ]

 

উছৰ্গা

যি মোৰ সকলো অক্ষমতাক নিজৰ বুলি গ্ৰহণ কৰিলে—

কুকিল, তোমাৰ হাতত

 

[ কৃতজ্ঞতা ]
 

কৃতজ্ঞতা

অৰিন্দম বৰকটকী  দিগন্ত ওজা  দেৱভূষণ বৰা  প্ৰাঞ্জল শৰ্মা বশিষ্ঠ
সৌমিত্ৰ যোগী আৰু আঁক-বাকৰ সমূহ কৰ্মচাৰী
প্ৰিয় পাঠক

 

[ পাতনি ]

 একাষাৰ

 প্ৰায় ডেৰ দশক ধৰি গল্প লিখাৰ পাছতো গল্পকাৰ হিচাপে আত্মপৰিচয় দিয়াৰ সৎ সাহসকণ মই অদ্যাপি সঞ্চয় কৰিব পৰা নাই। তথাপি এজন অসফল কাহিনী কথকৰ সমস্ত সততাৰে গল্প এটাৰ উন্মুকনিক মই নিজৰ মাজত ধাৰণ কৰোঁ। মোৰ অভিজ্ঞতাৰ পৰিসৰ নিতান্তই সীমিত— গভীৰ পৰ্যবেক্ষণ ক্ষমতা বা সূক্ষ্ম অন্তৰ্দৃষ্টিও নাই। কিন্তু, মানুহৰ নিভৃতৰো নিভৃতৰ ৰহস্যময় আন্ধাৰ-পোহৰ, সম্পৰ্কবোৰৰ বিচিত্ৰতাই মোৰ ভিতৰত থকা কাহিনীকথকৰ কণমানি সত্তাটোক সদায়ে আলোড়িত কৰে। এই আলোড়নৰ পৰিণতিয়েই হ'ল মোৰ গল্প।

 কেতিয়াবা কাহিনী এটাৰ এটুকুৰা ছাঁ ভাবনাৰ পোন বাট এটাৰে মোৰ কাষলৈ আহে আৰু গুচি যায়। কেতিয়াবা ছাঁবোৰে চেতনাৰ ওখোৰা- মোখোৰা বাট এটাৰে মোৰ সন্মুখেৰে অহা-যোৱা কৰে। সেইবাবেই আপোনালোকৰ সন্মুখত মোৰ কথন কেতিয়াবা সৰলৰৈখিক হয়— কেতিয়াবা হয় আন্ধাৰ-পোহৰৰ অগা-ডেৱাৰে চকামকা। কিন্তু মই কাহিনীৰ ছাঁবোৰক তেনেদৰেই আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰোঁ, যিদৰে সিহঁত মোৰ সন্মুখত মূৰ্তমান— প্ৰৱহমান।

 গল্পৰ মাজেৰে সদায়ে মই ‘গল্প’ এটা কওঁ বুলিও দাবী কৰিব নোৱাৰোঁ। কেতিয়াবা মোৰ গল্পবোৰ হৈ পৰে কেৱল ৰূপক। বৰঞ্চ ম‍ই ক’বলৈ ভাল পাম— গল্পৰ সন্ধানত কৰা এক যাত্ৰাৰ যাত্ৰীহে মই। যাত্ৰাপথৰ বিচিত্ৰতা, বিক্ষিপ্ততা, যন্ত্ৰণা আৰু সম্ভাৱনাৰ পোহৰবোৰকে মই সততাৰে আপোনালোকৰ সন্মুখত তুলি ধৰিব খোজোঁ। ‘সত্য-সূৰ্য’ মোৰ পঞ্চম গল্পগ্ৰন্থ। প্ৰিয় পঢ়ুৱৈ, সকলো ত্ৰুটি আৰু সীমাবদ্ধতাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।

গীতালি বৰা

[ সূচীপত্ৰ ]

 সূচীপত্ৰ

 সত্য-সূৰ্য ১১
 কাঞ্চনী : এটা আধুনিক গল্প ২২
 অজগৰ ২৭
 দণ্ডকাৰণ্যৰ চকুলো ৩২
 উৰণ ৪০
 মেঘবোৰ ৪৮
 মাটিৰ তৰা ৫৮
 জীৱন-জাতিংগা ৬৭
 তথাপি হেমন্ত ৭৭
 ছায়াপথ ৮১
 আৱহ আৱাহন, হে জীৱন! ৮৭
 স্বপ্নসম্ভূতা ৯০
 এপ’ল’ এপ’ল’ ৯৮
 প্ৰস্তৰ পৰিক্ৰমা ১০৬

 আৰু এখন উপন্যাস
 ডঁৰিয়লি ১১৫

[ ডঁৰিয়লি, প্ৰথম পৃষ্ঠা ]
 
আৰু এখন উপন্যাস
ডঁৰিয়লি
 

[ ১১৭ ]

 ডঁ‌ৰিয়লি

 গাৰ পৰা সুলকি পৰা মোৰ ছাঁ
 কেতিয়াও আৰু
 উভতি নাহে


 শেলুৱৈয়ে ধৰা এচটা শিলত
 বহিবলে’
 লুংলুঙীয়া বাটেৰে
 ক’ৰবালে গুচি যাবলে’
 মোৰ স’তে নিজানত উচুপিবলে’
 উছাহৰ আনন্দত কঁপিবলে’
 কেতিয়াও আৰু উভতি নাহে মোৰ ছাঁ


 প্ৰাচীন এচটা শিলত
 তৰোৱালতকৈ তীক্ষ্ণ
 এটা সপোনৰ ধাৰেৰে
 মই মোক দুছেও কৰিছিলোঁ
 এফালে মই
 আনফালে মোৰ ছাঁ


 এতিয়া যেতিয়া
 নৈৰ ধল হেন
 অপাৰ কাৰুণ্যত ভাহি যাওঁ
 মাছে খুঁটিয়াই থকা
 ধ্ৰুৱতৰাৰ প্ৰতিবিম্বৰ দৰে

[ ১১৮ ]

 এটা সত্য দেখা পাওঁ

 – এই যে
 ছাঁৰ বাবে চকুলো টুকিছে
 আৰু আপোনাক শুনাইছে বিষাদ-মালিতা
 সেয়া আচলতে মোৰ ছাঁ
 আৰু যি হেৰাই গ’ল অকাতৰে
 সেয়া মই


 (১)

 ৰাতি পুৱাইছে। বন্দুকৰ শব্দত নহয়। এজাক চৰাইৰ কিচিৰ-মিচিৰ কোৰ্হালত। পুৱতিৰ শেঁতা পোহৰ এটুকুৰাই দিহাঙৰ চকুত আলফুলে টুকুৰিয়াই দিলে। লগে লগে দিহাং উঠি বহিল। মুখ-হাত ধুই সি যেতিয়া বাহিৰত থিয় হ'ল, তেতিয়া পূব আকাশ বগাৰ পৰা ৰঙচুৱা হ’বলৈ ধৰিছে। যোৱানিশা বৰষুণ হৈছিল। অৰণ্যৰ সকলোতে এতিয়া এটা নতুন চমকনি। সদ্যস্নাতা কিশোৰীৰ দৰে কোমল আৰু পবিত্ৰ ভাব।

 এই শিবিৰটো মানাহৰ উত্তৰ দিশত। বৰপেটা জিলাৰ সীমাত। পিছফালে ভূটানৰ শাৰী শাৰী পাহাৰ। বহু চিন্তা-ভাবনাৰ পাছত ইয়াত শিবিৰ পতাৰ সিদ্ধান্ত লৈছিল সংগঠনৰ বৰমূৰীয়াসকলে। নিৰাপত্তাৰ ফালৰ পৰা এইখিনি ঠাই শিবিৰৰ বাবে অতিকে উপযুক্ত। ভূটানৰ শেষ গাঁওখন আৰু অসমৰ সীমান্তমুৰীয়া লোকালয়ৰ পৰা ঠাইখনৰ দূৰত্ব প্ৰায় সমান। বেগেৰে খোজকাঢ়িলেও পাঁচঘণ্টামান লাগে। যদিও পশ্চিম মণ্ডলৰ মুখ্য শিবিৰ হিচাপে নংলাম শিবিৰ স্বীকৃত হৈছে, সংগঠনৰ প্ৰায়বিলাক কাম-কাজ পৰিচালিত হয় এইটো শিবিৰৰ পৰাহে।

 সেউজীয়া পাতেৰে চোৱা চালি আৰু বাঁহ-বেতৰ বেৰৰ গোহালি ঘৰৰ দৰে সৰু সৰু এমখা ঘৰ পাহাৰখনত।

 কোনোবাই হুইচেল বজালে। লগে লগে ঘৰবোৰৰ পৰা ডেৰ ডজনমান ল’ৰা ওলাই আহিল আৰু পেৰেডৰ বাবে শাৰী পাতিলে। চৰাইৰ কাকলি, বতাহৰ সোঁ সোঁ শব্দৰ লগত ল’ৰাহঁতৰ পেৰেডৰ শব্দ মিহলি হৈ বিচিত্ৰ সমলয়ৰ সৃষ্টি কৰিলে। দিহাঙে দেখিলে গোভা নামৰ নতুন সৈনিকজনে পেৰেডৰ মাজে মাজেও চকু মুদিছে। হয়তো ভালদৰে টোপনিৰ জাল ভগাই নাই। প্ৰশিক্ষক জংকীয়ে গোভাক এচৰ শোধালে। তাৰ পাছত পানী এবটল আগবঢ়াই দিলে। গালে-মুখে পানী ছটিওৱাৰ পাছত গোভাক [ ১১৯ ] সতেজ দেখা গ'ল। চকু দুটা ডাঙৰকৈ মেলি সি পেৰেডত যোগ দিলে।

 সংগঠনত যোগ দিওঁতেই সকলোকে শিকোৱা হয় আলস্য আৰু জড়তাক জয় কৰিব নোৱাৰিলে কোনো ল’ৰাই মুক্তি সংগ্ৰামৰ আদৰ্শ সৈনিক হৈ উঠিব নোৱাৰে। ঠাণ্ডা-গৰম, অনাহাৰ-অনিদ্ৰাৰ লগত অভ্যস্ত হ’ব নোৱাৰিলে সিহঁতে অনিশ্চিত পথেৰে বাট বুলিব কেনেকৈ! সোনকালেই কঠোৰ সংগ্ৰামৰ কঠোৰ দিনলিপিত অভ্যস্ত হৈ পৰে স্বদেশ-স্বজাতিৰ মুক্তিৰ সপোন দেখা ল’ৰাবোৰ। লঘোনীয়া পেটতো সিহঁতে হাঁহিবলৈ শিকে। ভুলৰ বাবে মধ্যম বৰ্গীয় নেতাৰ পৰা চৰ-বেত খোৱাৰ পাছতো ৰং- ধেমালিৰে জীব বিচাৰে প্ৰতিটো মুহূৰ্ত।

 পেৰেডৰ শেষত ল’ৰাবোৰ ইফালে-সিফালে গ’লগৈ। কোনোবা ৰন্ধা-বঢ়াত লাগিল, কোনোবা পাহাৰৰ জুৰিত গা ধুবলৈ গ’ল। দুপৰীয়া পুনৰ আৰম্ভ হ'ব পলিটিকেল ক্লাছ। বিয়লি প্ৰশিক্ষণ।

 দিহাং কৃষ্ণচূড়া এজোপাৰ তলত অকলশৰে থিয় হ’ল। পুৱতিৰ এই অনিৰ্বচনীয় শোভাই সদায় তাৰ মনলৈ আশা আৰু নিৰাশাৰ মিশ্ৰিত ভাব কঢ়িয়াই আনে।

 তথাপি আজিৰ পুৱাটো কিছু বেলেগ। কেলেণ্ডাৰৰ বিবৰ্ণ হৈ যোৱা পৃষ্ঠাবোৰৰ পৰা পাঁচ বছৰৰ আগৰ কিছু স্মৃতি যেন নতুন সাজ পিন্ধি উঠি আহিল আৰু দিহাঙৰ দুচকু নিজৰ তিৰবিৰণিৰে ভিজাই দিব খুজিলে। হঠাতে ওখ গছ এজোপাৰ ডাল এটাৰ পৰা কোনোবাই হোঁ-হোঁৱাই হাঁহিলে আৰু দিহাঙৰ তন্ময়তা ভাগি গ’ল।

 ওপৰলৈ চাই দিহাঙে দেখিলে নয়ন—। কৃষ্ণচূড়াৰ ফেৰেঙনি এটাত সি আৰাম কৰি বহি আছিল।

 ‘কি কৰি আছ তাত?’ – চিঞৰি সুধিলে দিহাঙে। ‘এনেয়ে উঠিছিলোঁ৷’ কৈ কৈ নয়ন নামি আহিল।

 ‘...তাৰ পাছত দেখিলোঁ আপুনি কিবা চিন্তা কৰি আছে। ভয়েই খালোঁ মই— কবিতা লিখিব নেকি এতিয়া।’ তাৰ ওঁঠৰ কোণত তেতিয়াও দুষ্টালিৰ হাঁহি। ‘কবিতা ভয় লগা বস্তু নেকি?’— নয়নলৈ ঘোপাকৈ চাই সুধিলে দিহাঙে। তাৰ পাছত নেতাৰ গাম্ভীৰ্যৰে হুকুম দিলে— ‘খোজকাঢ়ো ব’ল।’

 নয়নলৈ উভতি নোচোৱাকৈয়ে সমুখলৈ খোজ দিবলৈ আৰম্ভ কৰিছিল দিহাঙে। মুহূৰ্তৰ ভিতৰতে দীঘল বেঙা কেইটামান মেলি নয়নো তাৰ কাষ পালেগৈ।

 আঁৰ চকুৰে দিহাঙলৈ চালে নয়নে। যেন এক ঘোৰ, এক নিচাৰ মাজেৰেহে খোজকাঢ়িছে দিহাঙে। শিবিৰৰ সকলোৱে জানে দিহাঙৰ স্বভাৱ কিছু বেলেগ। ৰঙীয়াল হৈ থকা ল’ৰাটো মাজে মাজে খুব গহীন হৈ যায়। সেই গাম্ভীৰ্য ইটাৰ প্ৰাচীৰৰ দৰে, সহজে নলৰে—নাভাগে। [ ১২০ ]

 অৰণ্যৰ গভীৰৰ সমতলত আছে এটা জলাশয়। নামনিৰ ফালে ঠাইখিনি জয়াল। হৰিণা, বনৰীয়া ম’হ, বনৰীয়া গৰুৰ পৰা আৰম্ভ কৰি শিয়াল-কুকুৰলৈকে বিভিন্ন জন্তুৱে ইয়াত পানী খাবলৈ আহে। হাতীৰ পালো আহে কেতিয়াবা। দিহাঙে সেইফালেই বাট পোনালে। একো নকৈ দিহাঙৰ লগে লগে আগবাঢ়িল নয়ন।


 মাজে মাজে দিহাং সোমাই থকা খোলাটোত টোকৰ মাৰিবৰ মন যায় নয়নৰ। কিন্তু অধিক ব্যক্তিগত কথাত মুৰ সুমুৱাটোক সংগঠনত দুৰ্বলতা বুলি গণ্য কৰা হয়। স্বাধীন দেশৰ সপোন দেখা ল’ৰাবোৰক প্ৰথমেই সংযম আৰু পৰিশ্ৰমৰ শিক্ষা দিয়া হৈছিল। সিহঁতক অতীতৰ মোহৰ পৰা মুক্ত হ’বলৈ কোৱা হৈছিল। ব্যক্তিস্বাৰ্থক গুৰুত্ব দিলে অগণন পৰাধীন জনতাৰ কাম কৰিব পৰাকৈ সিহঁত কেনেদৰে দৃঢ় হৈ উঠিব? সংগ্ৰামলৈ সমৰ্পিত সিহঁতবোৰ একো একোটা অতীতহীন সত্তা আছিল— সংগ্ৰামৰ বাদে যাৰ একো বৰ্তমান নাছিল—– ভৱিষ্যৎ বুলিলে যি স্বাধীন অসমৰ এটা অস্পষ্ট স্বপ্নহে দেখা পাইছিল। কিন্তু নয়নে জানে সিহঁত কোনো অতীতৰ পৰা মুক্ত হ’ব পৰা নাই।

 কাচিনত প্ৰশিক্ষণপ্ৰাপ্ত যোদ্ধা নয়ন। 'ডেথ ভেলী’ নামে খ্যাত হুকং উপত্যকাত কঠোৰ প্ৰশিক্ষণসূচী সমাপ্ত কৰি এই শিবিৰলৈ আহিছে সি। ইয়ালৈ আহি যেতিয়া সি গম পাইছিল শিবিৰ পৰিচালনাৰ দায়িত্ব দিহাং ৰাজগুৰুৰ ওপৰত ন্যস্ত হৈছে, নয়ন খুব আনন্দিত হৈছিল। দিহাঙৰ কবিতা পঢ়িছে সি।

এই যে ঘৰ এৰি, উজ্জ্বল কেৰিয়াৰৰ মোহ এৰি সংগঠনলৈ আহিল নয়ন, তাৰ আঁৰত কিছু কিছু পৰিমাণে দিহাঙৰ তেজাল কবিতাবোৰৰো প্ৰেৰণা আছে। নয়নে জানে— ভূটানৰ চি এইচ কিউলৈ জৰুৰীভাৱে দিহাঙক মাতি পঠিয়াইছে। আগতে বহুবাৰ ভূটানলৈ যোৱা দিহাঙৰ পৰা সিহঁতে চি এইচ কিউৰ কথাবোৰ সাধুকথাৰ দৰে শুনে। সেই সৰু দেশখনৰ ভূগোল আৰু সংস্কৃতিৰ বিষয়ে দিহাঙৰ অপাৰ জ্ঞান আছে। আচলতে বহু বিষয়তে অগাধ জ্ঞান আছে দিহাঙৰ। অৰণ্যৰ এই শিবিৰত থকা ল’ৰাবোৰক দিহাঙে শিকায় কেনেদৰে অৰণ্যৰ মাজত অৰণ্যৰ সন্তান হৈ থাকিব পাৰি। পশু-পক্ষীৰ মাত শুনি বতৰ আৰু বিপদৰ আগজাননী পোৱাৰ পৰা আৰম্ভ কৰি সেউজীয়া গছ- পাত আৰু বাঁহ-বেতেৰে সৰু সৰু জুপুৰি সজালৈকে অনেক শিক্ষা! তদুপৰি দিহাঙে লক্ষ্য ৰাখে সংগঠনৰ নীতি-আদৰ্শৰ প্ৰতি ল'ৰাবোৰৰ যাতে এটা স্পষ্ট ধাৰণা আৰু আনুগত্য থাকে।

 আকাশ সম্পূৰ্ণৰূপে মুকলি হৈছিল। সোণালী ৰ’দে নিশাৰ তিতি থকা অৰণ্যখনক অলপ সময়ৰ ভিতৰতে জিলিকাই তুলিলে। বিলখনৰ কাষ পাইছিলহি সিহঁত। অবাক [ ১২১ ] হৈ নয়নে চৌপাশে চালে— বসন্তই যেন নিজৰ সমস্ত ৰং চৌপাশে ফাকুগুড়িৰ দৰে সিঁচিহে দিছে।

 সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া, গুলঞ্চ আৰু কেইজোপামান এজাৰ— ৰঙা, বগা, হালধীয়া, গুলপীয়া আৰু বেঙুনীয়া ৰঙে জলাশয়টোৰ চৌপাশক জপটিয়াই ধৰিছে। সেই সৌন্দৰ্যই যেন হান মাৰিহে ধৰিব বুকুত!

 ইউনিফৰ্মযোৰ খুলি কাষৰ বননিত থৈ পানীৰ মাজলৈ নামি গ’ল দিহাং। চলৌপ চলৌপ শব্দ কৰি পানীমেটেকাৰ মাজৰ পৰা এজাক শৰালি পাৰলৈ লৰ মাৰিলে। ৰ'দজাক সোণালী গলপতা এধাৰ যেন হৈ জিলিকিছিল বিলৰ পানীত, অৰণ্যৰ সেউজীয়াত।

 নয়নে দেখিলে চিলনী সাঁতোৰ দি বিলৰ মাজ পাইছেগৈ দিহাং।

 ‘ছাৰ ময়ো গৈছোঁ ময়ো গৈছোঁ...’

 কাষৰ বননিত কাপোৰসাজ খুলি থৈ জাঙিয়া পিন্ধিয়েই পানীত জাঁপ দিলে নয়নে।

 উভতিবৰ পৰত দিহাঙৰ গম্ভীৰ মুখখনত সন্তোষৰ জিলিকনি আছিল। সি নিজেই এইবাৰ কথা আৰম্ভ কৰিলে— ‘ভূটানত থাকিবৰ বাবে ‘ঝংখা’ ভাষা জনাটো আৱশ্যকীয়। ‘ঝংখা’ হৈছে বৌদ্ধ ধৰ্মীয় মঠৰ ভাষা। ভূটানৰ ভাষা-সংস্কৃতি সকলোৱেই বৌদ্ধ ধৰ্মৰ দ্বাৰা পৰিচালিত হয়। বৌদ্ধ মঠৰ সংস্কৃতিয়েই ভূটানীসকলৰো সংস্কৃতি।

 ... এইবাৰ চি এইচ কিউত হ’বলগীয়া উচ্চ পৰ্যায়ৰ মিটিংখনত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব। সালসলনিও হ’ব কিছু।’

 ‘ছাৰ, মোকো আপোনাৰ লগত লৈ যাবনে? লাগিলে মই আপুনি ঘূৰি নহালৈকে জে এইচ কিউতে ৰ’ম।’— নয়নে অনুনয়ৰ সুৰত ক’লে।

 ‘ভাবি চাওঁ ৰ। তদুপৰি যোৱাৰ দিনটো এতিয়ালৈকে ঠিক কৰা হোৱা নাই। এমাহ- ডেৰমাহমান লাগিব কিজানি। ইয়াৰ সকলো খা-খবৰ, নথি-পত্ৰ গোটাই সাজু হ’ব লাগিব।’— দিহাঙে ক’লে।

 বেলিটো যেন জাকি মাৰিহে উঠি আহিল আৰু আকাশ-পৃথিৱীৰ জান-নাজানকৈ দেখা সীমাৰ পৰা দহ হাতমান ওপৰ পালেহি। জিৰ্ জিৰ্‌কৈ কঁপি থকা গছৰ পাতবোৰৰ পৰা মাজে মাজে জৌ জৌকৈ সৰিছে নিশাৰ বৰষুণৰ পানী।

 নয়নৰ মুখৰ পৰাও কঁপা কঁপা প্ৰশ্ন এটা সৰি পৰিল— ‘পুৱাতেই কিয় ইমান গম্ভীৰ হৈ আছিল ছাৰ? ভয়েই খাইছিলোঁ।’

 দিহাং ঘপকৈ ৰৈ গ’ল। কঠোৰ চাৱনিৰে নয়নলৈ চালে। কিন্তু কৈশোৰৰ সৰলতাই এতিয়াও মেলানি নমনা নয়নৰ কৌতূহলী মুখখনে দিহাঙৰো চকুযোৰ কোমলাই আনিলে। বুকুৰ ভিতৰত এক অচিন কষ্টই ৰিৰিয়াই উঠিল। যেন অচিন পথত অকলশৰে [ ১২২ ] খোজ কাঢ়োঁতে বুকুৰ দলৈকে বহি যোৱা উঁইচিৰিঙাৰ চিঞৰ!

 ‘জাহ্নৱীৰ কথা ভাবিছিলোঁ—! মাত্ৰ অলপ সময়ৰ বাবে। ... নিজ হাতেৰে ভাঙি পেলোৱা সপোনৰ টুকুৰায়ো কেতিয়াবা ভগা কাঁচৰ দৰে মনত বিন্ধেহি অ’—’

 (২)

 পলিটিকেল ক্লাছটো শেষ কৰি শিবিৰৰ সমুখৰ মুকলি ঠাইখিনিতে প্লাষ্টিক পাৰি বহিল দিহাং। তাৰ মুখখনত চিন্তাৰ ৰেখা। অৰ্জুন নামৰ শিবিৰলৈ নতুনকৈ অহা ল’ৰাজনৰ গোটেই শৰীৰতে প্ৰচণ্ড বিষ। হয়তো অৰণ্যৰ এই পৰিৱেশে তাক সুজা নাই। কিন্তু দিহাংহঁত অস্বস্তিত পৰিল তেতিয়া, যেতিয়া অৰ্জুনৰ তীৰকঁপে জ্বৰ উঠিল আৰু শিবিৰত মজুত থকা টেবলেট আৰু ইন্‌জেক্‌শ্যনেও কাম নিদিয়া হ’ল। কাচিনত প্ৰশিক্ষণ ল’বলৈ যোৱাৰ কথা আছিল অৰ্জুন। কম দিনৰ ভিতৰতে সি ধেমেলীয়া আৰু আগৰণুৱা স্বভাৱেৰে সকলোকে মুগ্ধ কৰিছিল। শিবিৰৰ পৰা নামি গ’লে অসমৰ প্ৰথমখন গাঁও বৰপথাৰ। তাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এটা আছে যদিও এই অৱস্থাত অৰ্জুনক লৈ যোৱাটো সম্ভৱ নহয়। নিৰাপত্তাৰ দিশৰ পৰাও কথাটো ভাবিবলগীয়া। কালি ৰাতিয়েই ভূটানৰ গাঁও এখনলৈ বেজ বিচাৰি ল’ৰা পঠাইছিল দিহাঙে। সিহঁত এতিয়াও আহি পোৱা নাই। ইপিনে অৰ্জুনে ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে। যি দুটা শব্দ সিহঁতে বুজিব পাৰিছে সেই দুটা হ’ল— ‘মা’ আৰু ‘পাপৰি’।

 কাষৰ নদীত ব’ম দি এসোপা মাছ শিবিৰলৈ আনিছিল গোভাহঁতে। কোনোবাই দিহাঙৰ কাষত এলুমিনিয়ামৰ থাল এখনত কেইটামান পোৰা মাছ, নিমখ আৰু অলপ ঠাণ্ডা ভাত দি গ’লহি। অনিচ্ছাসত্ত্বেও দিহাঙে খাবলৈ আৰম্ভ কৰিলে। পাওঁতেই নাখালে পাছলৈ কিমান দিন লঘোনীয়া পেটেৰে থাকিবলগীয়া হয় কোনে জানে!

 আবেলিৰ ফালে অৰ্জুনৰ জ্বৰ অলপ কমিল। কিন্তু গাৰ প্ৰচণ্ড বিষত ল’ৰাটোৱে দেদাউৰিয়াবলৈ ধৰিলে। নয়নহঁতক অৰ্জুনৰ ওচৰত থৈ হাবিতলীয়া পাহাৰী বাটেৰে ওপৰলৈ উঠিবলৈ ধৰিলে দিহাং। কিন্তু অলপ দূৰ যোৱাৰ পাছতে আকাশ গোমা হৈ আহিল। যেন ক’লা দৈত্য এটাহে ! জিৰ্ জিৰকৈ বৈ থকা বতাহছাটিয়ে সোঁ সোঁ শব্দেৰে গছ-গছনিবোৰক মোহাৰি পেলাব খুজিলে। আবেলি পৰতে গোটেইখন আন্ধাৰ হৈ পৰিল। আকাশত বিজুলীৰ একা-বেঁকা ৰেখা দেখা গ'ল— যেন জুইহে জ্বলিছে। তাৰ পাছত গাজনিৰ গুম গুম শব্দ।

 খুব কম সময়ৰ ভিতৰতে বতাহ-ধুমুহা-গাজনিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিলে। অনিচ্ছাসত্ত্বেও পিছ হুঁহকি শিবিৰলৈ যোৱাৰ কথাই চিন্তা কৰিলে দিহাঙে। গছ ভাগি কেতিয়া গাত পৰে একো ঠিক নাই। উভতিব খোজোঁতেই পিছফালৰ পৰা কোনোবাই [ ১২৩ ] চিঞৰি মাতিলে— ‘ছাৰ ছাৰ—’

 পানীৰঙৰ ছবি এখনৰ দৰে সমুখৰ অৰণ্যৰ ৰং বিয়পি গৈছিল বৰষুণত। তথাপি— সেই ধূসৰতাৰ মাজতো দিহাঙে দেখিলে তিনিজন মানুহ বেগাবেগিকৈ খোজকাঢ়ি তাৰফালেই আহি আছে। ওচৰ পোৱাত দিহাং আশ্বস্ত হ’ল— ৰাজন আৰু প্ৰাণেশ্বৰ। লগৰ চাপৰ-শকত ভুটীয়া মানুহজনক দিহাঙৰ সৈতে চিনাকি কৰি দিলে সিহঁতে—

 ৰাজনে ক’লে— ‘এই বেজজন লালিংবস্তিৰ। যেনে-তেনে সৈমান কৰাই লৈ আহিছোঁ।’

 বেজজনে হেবাঙৰ দৰে হাঁহিলে। দিহাঙে ভুটানী মানুহৰ অসাধাৰণ প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে কিছু কথা জানিছিল। বৰষুণত ভিজা মানুহজনৰ গাৰ উৎকট গোন্ধটোৱে আমনি কৰিলেও দিহাঙে তেওঁক সাবটি ধৰি কৃতজ্ঞতা প্ৰকাশ কৰিলে। সেই ধাৰাসাৰ বৃষ্টিৰ মাজেৰেই আটাইকেইজনে খৰখেদাকৈ শিবিৰৰ ফালে খোজকাঢ়িবলৈ ধৰিলে। চি এইচ কিউত থাকোতেই ‘ছা-লুং’ নামৰ চিকিৎসা পদ্ধতিটোৰ বিষয়ে শুনিছিল দিহাঙে। হেবাং যেন লগা ভুটীয়া বেজজনে এতিয়া চিকিৎসাৰ বাবে সেই পদ্ধতিটোকেই প্ৰয়োগ কৰিলে।

 অৰ্জুনক এটুকুৰা বহল প্লাষ্টিকত ওপৰমুৱাকৈ শুৱাই দিয়া হ’ল। তাৰ পাছত শৰীৰৰ বিষ হোৱা অংগবোৰৰ আকৃতি আৰু বেদনাৰ অনুভূতি মগজুত কেন্দ্ৰীভূত কৰিবলৈ নিৰ্দেশ দিলে বেজজনে। তাৰ পাছত মুখ বন্ধ কৰি নাকেৰে দীঘল দীঘলকৈ উশাহ টানি উশাহৰ বায়ু শৰীৰৰ সিৰা-উপসিৰায়েদি বোৱাই দিবলৈ নিৰ্দেশ দিয়া হ’ল।

 বেজৰ নিৰ্দেশত প্ৰায় চল্লিছ মিনিটমান সময় এনে কৰাৰ পাছত অৰ্জুনে আৰাম পালে আৰু উঠি বহি এগিলাচ পানী বিচাৰিলে।

 ভুটীয়া বেজজনে ভঙা ভঙা অসমীয়া ক’ব পাৰিছিল। শিবিৰৰ ল’ৰাবিলাকে তেওঁৰ অসমীয়া শুনি বৰ স্ফূৰ্তি পালে। দিহাঙে কিছু ‘ঝংখা’ ভাষা জানিছিল। বেজজন এই কথাটোত বৰ আচৰিত হ’ল। অৰ্জুন সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে তেওঁ শিবিৰতে থাকিব— এই বন্দৱস্ত হ’ল। বিনিময়ত কিছু টকাৰ লগতে তেওঁক তেল, চাবোন আৰু গান শুনা যন্ত্ৰ এটা দিব লাগিব।

 তেওঁৰ দাবীত মুখ টিপি হঁহা ল’ৰাহঁতক দিহাঙে বুজালে যে ভূটানৰ সাধাৰণ মানুহে অদ্যাপি তেল-চাবোনৰ ব্যৱহাৰ শিকা নাই।

 দেওথাঙৰ ট্ৰেনজিট কেম্প আৰু ভূটানৰ আন ঠাইত কেম্প পাতি থকা সংগঠনৰ ল’ৰাবোৰে তেল-চাবোন আদি স্থানীয় লোকৰ মাজত বিতৰণ কৰে। সেয়া তেওঁলোকৰ বাবে অমূল্য সম্পদ। এনে আপুৰুগীয়া বস্তু উপহাৰ দিয়া শিবিৰৰ ল’ৰাবোৰক ভূটানীবোৰে সহজেই বিশ্বাসত লৈ লয়। [ ১২৪ ]

 ‘ৰিন পচ্ছে’ (ঈশ্বৰৰ দূত, অলৌকিক গুণসম্পন্ন পুৰুষ) এজন শিবিৰত আছে— এই কথাই ল’ৰাবোৰৰ মনত আনন্দ দিলে। অৰ্জুনৰ অসুস্থতাৰ বাবে সকলোৱে পাহৰি থকা কথা এটা গধূলি মুখলৈ আনিলে গোভাই।

 ‘কাইলৈ ছাৰে পহু চিকাৰ কৰাৰ কথা আছিল।’

 কথাটো দিহাঙেও পাহৰি আছিল। এতিয়া মনত পৰাত সি নুশুনাৰ ভাও ধৰিলে। কিন্তু ৰাজন, জংকী, গোভা, মৃদুল সকলোৱে দিহাঙক আগুৰি ধৰিলেহি।

 ‘ছাৰ, আপুনি কথা দিছিল।’— জংকীয়ে ক'লে।

 এৰা। কথা দিছিল দিহাঙে। বন্দুক চলোৱাত এনেয়ে দিহাং পাকৈত। যিকোনো এটা জড় লক্ষ্য ভেদ কৰাৰ সময়ত দিহাঙৰ তুলনা একলব্যৰ লগতহে হয়— এই কথা মীথৰ দৰে সকলোৰে মুখে মুখে। আন্ধাৰৰ মাজতো দিহাঙৰ কেতিয়াও লক্ষ্যভ্ৰষ্ট নহয়। কিন্তু দিহাঙে কেতিয়াও জীৱৰ নামত শৰালি এটাও মাৰি পোৱা নাই।

 এই কথাটোকে লৈ তাৰ জুনিয়ৰ সতীৰ্থবোৰে সদায় ৰগৰ কৰে। এসপ্তাহমানৰ আগতেও তেনেকুৱা নিৰ্দোষ ধেমালি এটা চলি আছিল শিবিৰত। কোনোবা এটাই অলপ দূৰলৈ গৈ কৈ পেলালে— ‘কবিতা লিখা মানুহে বন্দুকেৰে বেলুন ফুটোৱাৰ বাদে আন কাম কৰিব নোৱাৰে।’

 বচ। লাগি গ’ল দিহাঙৰ।

 ‘মই তহঁতক পহু চিকাৰ কৰি দেখুৱাম।’ মনে মনে আহত হ’লেও স্বাভাৱিক হৈ থাকিয়েই দিহাঙে কৈছিল।

 ‘কেতিয়া? কেতিয়া?’ তাৰ ওপৰত যেন উবুৰি হৈহে পৰিলহি গোটেই শিবিৰটো।

 ‘সোমবাৰে৷’ দিহাঙে কথা সামৰিছিল।

 কাইলৈ সেই সোমবাৰটো। দিহাঙৰ চৌপাশে তাৰ তলতীয়া সতীৰ্থকেইজনৰ মুখবোৰ উলাহ আৰু কৌতুকত জলমলাই উঠিছে। দিহাঙে চিকাৰ কৰা দৃশ্যটো সিহঁতৰ বাবে মহাৰ্ঘ্য হ’ব।

 ‘ছাৰ, আপুনি কথা দিছিল। এতিয়া নোৱাৰোঁ বুলিলে নহ'ব।’— ৰাজনে ক’লে। দিহাং থিয় হ’ল। পেণ্টৰ পকেটত হাত সুমুৱাই গহীন মাতেৰে ক’লে— ‘দিহাং ৰাজগুৰুৱে কথা দি পাছত নোৱাৰোঁ নোবোলে।’

 ‘হুৰ্ ৰে...’ আনন্দৰ হৈ উঠিল।

 ‘কাইলৈ কিমান সময়ত ছাৰ?’ হাঁহি-স্ফূৰ্তিৰ মাজৰ পৰাই কোনোবা এটাই সুধিলে।

 ‘আবেলি। পলিটিকেল ক্লাছৰ পাছত।’ দিহাঙে ক’লে আৰু তাৰ সৰু ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল।

+ + +
[ ১২৫ ]

 হাবিৰ মাজৰ বিলখনৰ কাষতে মুকলি ঘাঁহনিডৰাত হৰিণা চৰে। ভেলেঙী চকুৰ ফুটুকা—ফুটুকী হৰিণবোৰে ঘাঁহ খাই থকা দৃশ্যটো বহুদিন জোপোহাৰ আঁৰ লৈ প্ৰাণ ভৰি চাইছে দিহাঙে। সেয়া এক নান্দনিক দৃশ্য। দুই-এবাৰ ঘাঁহনিখনৰ কাষৰ পৰা জংকীহঁতে ভোজ খাবলৈ হৰিণা মাৰি নিছে। সেয়া কিবা উৎসৱৰ সময়ত। কেতিয়াবা আকৌ খোৱাৰ নাটনি হ’লেও মানাহৰ এই অংশটোত শিবিৰৰ কোনো ল’ৰাই পহু চিকাৰ কৰেহি। অন্ততঃ সকলোৱে এসাঁজ পেট পূৰাই খাবলৈ পায় তেতিয়া।

 আজিও ল’ৰাকেইটা ঘাঁহনিৰ কাষৰ বন জোপোহা এটাৰ আঁৰত লুকাই থাকিল। দিহাঙৰ লগত জংকী, ৰাজন, নয়ন, মাইহাং আৰু মৃদুলো আহিছে। মহাশয়ে চিকাৰ কৰাৰ এই ঘটনা সংগঠনৰ বুৰঞ্জীত নিশ্চয় সন্নিৱিষ্ট হ’ব। ভৱিষ্যতে ঐতিহাসিক ঘটনাৰূপে স্বীকৃতি পাবলগীয়া ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হ’ব পৰাটো কম ডাঙৰ কথানে!

 বিয়লিৰ ৰিব্‌ ৰিব্‌ বতাহে অৰণ্যখনক দোলাই আছিল। চৌপাশে অৰণ্যৰ চিৰন্তন অপাপ শব্দবোৰ। দিহাঙৰ মনৰ চকুত আন এখন ছবিয়েহে অগা-ডেৱা কৰি থাকিল।

 এখন হেলনীয়া পাইনৰ অৰণ্য— পাতল বগা চাদৰৰ দৰে কুঁৱলী আৰু এঁকা-বেঁকা পকী আলি এটা। শ্বিলঙৰ দাঁতিকাষৰীয়া আপাৰ লুম্পাৰিঙৰ ছবি সেয়া। সেই অৰণ্যখনৰ দাঁতিতে জীৱনৰ সমস্ত জমা-পুঁজিৰে দিহাঙৰ মাকে দোতলা ঘৰ এটা কিনিছিল। বেংকৰ চাকৰিয়াল তেওঁ। শ্বিলঙত পোষ্টিং হৈছিল। সেই তেতিয়াৰ দিনতে জাৰজ সন্তান জন্ম দিব পৰাকৈ সাহসী মহিলা আছিল তেওঁ। সংগঠনত যোগ দি ব্ৰহ্মদেশলৈ গুচি যোৱাৰ পূৰ্বে মাকৰ সৈতে সেই ঘৰটোত কেইটামান নিশা কটাইছিল দিহাঙে। নিৰ্জনতাপ্ৰিয় মানুহগৰাকীৰ সিয়েইতো একমাত্ৰ বন্ধু আছিল।

 মাকৰ হাতৰ তলুৱাত নিজৰ উদং হাতৰ মুঠি খুলি কিবা এটা দিয়াৰ ভংগী কৰিছিল দিহাঙে।

 ‘এই পাইনৰ অৰণ্যখন তোমাক দিলোঁ— কিমান ধুনীয়া আৰু নিৰ্জন দেখিছা!’ হাঁহি হাঁহি মাকৰ কাণত গুগুণাই কৈছিল কবিতা লিখা ল’ৰাটোৱে।

 সেইদিনা ৰাতি নিষ্কলুষ জোনাকৰ পোহৰত আকাশ উদ্ভাসিত হৈছিল। নিৰ্মল- ৰূপালী তৰা খটোৱা লুম্পাৰিঙৰ আকাশ। পাহাৰটোৰ মুধচত পকা বেল এটাৰ দৰে জোনটো ওলমি ৰৈছিল।

 বেলকনিত বহি মাক-পুতেকে কথা পাতিছিল।

 ‘সেই জোনটো তোমাৰ—’ দুৰলৈ আঙুলিয়াই কৈছিল দিহাঙৰ মাকে। তাৰ চকুত যেন জোনৰ স্নিগ্ধ ৰূপালী ৰঙে উথল-পাথল জগাইছিল।

 হয়। সেয়া একান্তই সিহঁতৰ খেলা আছিল। মাক আৰু দিহাঙৰ। অনন্য-অমূল্য উপহাৰেৰে এইদৰেই সিহঁতে পৰস্পৰক উপচাই দিছিল আৰু হৈ উঠিছিল পৃথিৱীৰ [ ১২৬ ] আটাইতকৈ সুখী আৰু চহকী মানুহ। পৰস্পৰৰ মাজতে সীমিত আছিল সিহঁতৰ নিজস্ব পৃথিৱীখন— আৰু কোনো নাছিল।

 হৰিণাৰ জাক এটা খুপি খুপি বননিখনলৈ আহিছিল। ৰঙা-বেঙুনীয়াৰে জাতিষ্কাৰ চৌপাশৰ বননি আৰু তাৰ মাজত কেইটামান হৰিণা – দিহাঙৰ বহুদিনৰ আগতে দলিয়াই দিয়া ৰং-কেনভাছৰ বাকচটোলৈ মনত পৰি গৈছিল।

 ‘ছাৰ, আপুনি পাৰিব জানো?’— ৰাজনে ফুচফুচাই সুধিলে। ‘নোৱাৰে যদি ময়েই— ’ সি ট্ৰিগাৰত আঙুলি থ’লেই।

 দিহাঙে হাত দাঙি ৰাজনক বাৰণ কৰিলে। চকুৰ ইংগিতেৰে বুজালে যে সি পাৰিব।

 হঠাতে নয়নে অলপ অস্থিৰ অনুভৱ কৰিলে। সি দেখিছে বনৰীয়া পশু-পক্ষীৰ প্ৰতি কিমান দৰদ দিহাঙৰ।

 গছৰ ডালত কেইটামান চৰায়ে কোৰ্হাল লগালে। ওচৰতে বান্দৰ কেইটামানেও খেঁকখেঁকাই উঠিল। হয়তো সিহঁতে বন্দুকধাৰীৰ দলটোক দেখি হৰিণাকেইটাক সজাগ কৰিব খুজিছিল। সঁচাকৈয়ে সন্দিগ্ধ দৃষ্টিৰে ইফালে-সিফালে চাই হৰিণাৰ জাকটো পিছুৱাব খুজিলে।

 ‘থা থা থা।’ গুলীৰ শব্দ। হৰিণাকেইটা ছেদেলি-ভেদেলি হৈ যেনি-তেনি পলাল। কাষৰ গছৰ পৰা ঢপঢপাই ঢপঢপাই কেইজাকমান চৰাই উৰি গ’ল। অৰণ্যৰ শান্ত স্বৰ মুহূৰ্ততে মিশ্ৰিত কোৰ্হাল এটাত পৰিণত হ’ল।

 সকলোৱে দেখিলে হৰিণা পোৱালি এটা চিত্‌ভোলোঙা খাই ঘাঁহনিডৰাত পৰি ৰৈছে। ৰঙা তেজেৰে কাষৰ বননিডৰা ভিজি গৈছে। দুপদুপাই দৌৰি দিহাং হৰিণাটোৰ কাষ পালেগৈ। পিছে পিছে নয়নহঁত। সকলোৱে দেখিলে পিছ ঠেঙৰ কিছু ওপৰত গুলী লাগিছে। আঘাত খুব বেছি গুৰুতৰ নহয়। কঁকালৰ পৰা ছুৰী এখন উলিয়াই নিপুণ ছাৰ্জনৰ দৰে গুলীটো কাটি উলিয়ালে দিহাঙে। কান্দি থকা পোৱালিটো মাইকী আছিল। কু-কুৱাই চিঞৰি থকা মাতটো যেন ছোৱালী এজনীৰ বিননিহে।

 ‘এইখিনিত অলপ সময় টিপি ধৰি থাক।’— নয়নক নিৰ্দেশ দিলে দিহাঙে।

 ‘ছাৰ, কষ্ট পাই থকাতকৈ একেবাৰে—’ ৰাজনে কিবা এটা ক’ব খুজিছিল।

 ‘চুপ!’ তাৰ কথা আধাতে বন্ধ কৰিলে দিহাঙে আৰু ঘাঁহনিডৰাৰ কাষলৈ গৈ কিবা বিচাৰিবলৈ ধৰিলে। অলপ পাছতে ৰঙা-সেউজীয়া পাত এসোপা লৈ দিহাং উভতি আহিল। পাতবোৰ মোহাৰি হৰিণা পোৱালিটোৰ ক্ষতস্থানত লগাই দিলে। ইফালে- সিফালে চাই কিবা এটা যেন পুনৰ বিচাৰিলে দিহাঙে আৰু কিবা এটা ভাবি পিন্ধি থকা ছাৰ্টটোকে একে আঁজুৰি ফালি পেলালে। তাৰ পাছত ছাৰ্টটো টুকুৰা কৰি পোৱালিটোৰ [ ১২৭ ] ভৰিত তৎপৰতাৰে বান্ধি দিলে।

 অলপ সময়ৰ পাছত হৰিণা পোৱালিটোৰ কু-কুৱনি অলপ কমিল। হয়তো বনপাত আৰু বেণ্ডেজটোৱে তাইক কিছু সকাহ দিছিল। ভেলেঙী চকুহালেৰে তাই চৌপাশৰ ল’ৰাকেইজনলৈ চালে। ভয় আৰু বেদনাৰে ভৰা চাৱনি।

 আঁঠুকাঢ়ি বহি দিহাঙে তাইৰ মূৰত হাত বুলাবলৈ ধৰিলে। কিবা এক সকাহ বা সমৰ্পণৰ দৰে পোৱালিটোৱে চকুহাল মুদি দিলে।

 ‘এইক এনেদৰে ইয়াত থৈ যাব নোৱাৰি।’ স্বগতোক্তি কৰাৰ দৰে দিহাঙে ক’লে আৰু পোৱালিটো কোলাত তুলি ল’লে।

 নয়নৰ বাদে দিহাঙৰ আন সংগীকেইজনৰ চকুবোৰ কপালত উঠিল। চিকাৰ কৰিবলৈ আহি এয়া কি আৰম্ভ কৰিছে সিহঁতৰ নেতাই!

 সিহঁতৰ বিস্মিত চকুবোৰলৈ পোনকৈ চাই দিহাঙে ক’লে— ‘জীৱ-জন্তু গুলীয়াব নোৱাৰোঁ বুলি কৈছিলি, গুলীয়াই দেখুৱালোঁ। আগলৈ তহঁতে এনেদৰে ক’ব নোৱাৰিবি। আৰু এটা কথা— তহঁতক মই হৰিণাৰ মঙহেৰে ভোজ খুৱাম বুলি কথা দিয়া নাছিলোঁ। তেনে আশা মোৰ পৰা তহঁতে নকৰিবিও।’

 অৰণ্যৰ লুংলুঙীয়া বাট ধৰি শিবিৰৰ ফালে আগবাঢ়িল দিহাং ৰাজগুৰু। কোলাত এটি আহত অবোধ পশু।

 হঠাতে নয়নৰ মনটো খুব ভাল লাগি গ’ল। লগৰকেইজনক তাতে এৰি সৰু ল’ৰা এটাৰ দৰে সুহুৰিয়াই সুহুৰিয়াই সি একে দৌৰে দিহাঙৰ কাষ পালেহি। হাঁহিয়ে ৰ’দ জলমল নিয়ৰ টোপালৰ দৰে জিলিকাই তোলা নয়নৰ মুখখনলৈ চাই চকু ঘোপা কৰি দিহাঙে সুধিলে— ‘ইমানকৈ স্ফূৰ্তি পাবলৈ তোৰ আকৌ হ’ল কি?’

 বুৰ্বকৰ দৰে মূৰ খজুৱালে নয়নে। কিছুমান কথা ক’ব পৰা নাযায়। প্ৰকাশৰ ভাষা এনেয়েও সি দিহাঙৰ দৰে নাজানে। কিন্তু সি জানে— দিহাঙে তাৰ স্ফূৰ্তিৰ কাৰণটো বুজি ল’ব।

 মনে মনে থাকি সি দিহাঙৰ কোলাত চকু মুদি পৰি থকা হৰিণীজনীৰ মূৰত হাত বুলালে।

 ‘এইৰ নাম এটা দিয়া যাওক—’ নয়নে ক'লে— ‘দিওঁনে?’

 মুখ টিপি হাঁহিলে দিহাঙে।

 ‘নাম এটা দিব পাৰি। কি নাম দিবি পিছে?’— ক’লে সি। একমুহূৰ্তও নোৰোৱাকৈ নয়নে উত্তৰ দিলে— ‘অসমী। কেনে হ’ব?’

 ‘অসমী? অ-স-মী... বঢ়িয়া হ’ব।’

 সূৰ্য দূৰৰ পাহাৰ এখনৰ গাৰে নামিব খুজিছিল। দক্ষিণ আকাশত ক’লা দৈত্যৰ দৰে [ ১২৮ ] বাঢ়িছিল পানীগছা এটা। সেমেকা বতাহত বনৰীয়া ফুলৰ সুবাস অলপ উঠি আহি সিহঁতৰ চৌপাশে সিঁচৰতি হৈ পৰিছিল। শিবিৰৰ ওচৰ পাই সিহঁতে দেখিলে ল’ৰাবোৰে বাঁহেৰে কিবা হাতৰ কাম কৰি আছে। সিহঁতৰ মাজত অৰ্জুনক দেখি দিহাং আচৰিত হ’ল।

 ‘তই উঠিব পাৰিছ?’ শেঁতা হৈ পৰা ল’ৰাটোৱে লাজ লাজকৈ হাঁহিলে— ‘গা ভাল পাইছোঁ।’ তাৰ চকু দিহাঙৰ কোলাত। বাঁহৰ ঢাৰি এখনত ভূটানী বেজজন বহি আছিল। ল’ৰাবোৰৰ দৰে তেৱোঁ উঠি আহি দিহাঙৰ কাষত থিয় হ’ল। দিহাঙে অসমীক কোলাৰ পৰা নমালে।

 ‘ৰিন পচ্ছে, এইৰ নাম অসমী। আমাৰ আলহী। আপুনি এইকো ভাল কৰি দিব লাগিব।’

 নয়নে সতীৰ্থসকলক চিকাৰৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে—

 (৩)

 ‘...মাও চে তুঙে কৈছিল— বিপ্লৱীসকলে পিয়ানো বজাবলৈ শিকিব লাগে। পিয়ানো বজাওঁতে হাতৰ আটাইকেইটা আঙুলিয়েই ঠিকভাৱে আৰু সমানভাৱে সঞ্চালন কৰিব লাগে। এই কাৰ্য ভালদৰে কৰিব পৰাজনেহে পিয়ানোত ভাল সুৰ সৃষ্টি কৰিব পাৰে। সেইদৰে এজন ভাল বিপ্লৱী হ’বলৈ হ’লে কেৱল ভালদৰে বন্দুক চলাব জানিলেই নহ’ব। বিপ্লৱৰ ওপৰত তেওঁৰ বিশ্বাস থাকিব লাগিব। কঠোৰ পৰিশ্ৰমৰ প্ৰতি তেওঁৰ ভয় থাকিব নালাগিব। তেওঁ হ’ব লাগিব সংযমী, পৰিশ্ৰমী, ছদ্মৱেশত পটু। যিহেতু জনসাধাৰণৰ সহযোগ অবিহনে বিপ্লৱ কেতিয়াও সফল হ’ব নোৱাৰে, বিপ্লৱী এজনে সুযোগ পালেই জনগণৰ মতামত জানিবৰ চেষ্টা কৰিব লাগে। নিজৰ কৰ্ম আৰু স্বভাৱেৰে তেওঁলোকৰ মাজৰে এজন হৈ তেওঁলোকৰ মনবোৰক জগাই তুলিব লাগে।’

 বাঁহেৰে সজা এটা দীঘল কোঠাত পলিটিকেল ক্লাছ লৈছে দিহাঙে। এই ক্লাছত দেশৰ ৰাজনীতিৰ লগতে সমগ্ৰ বিশ্বৰে সফল বিপ্লৱসমূহৰ বিষয়ে আলোচনা কৰা হয়। আনকি যিবিলাক বিপ্লৱ বিফল হৈছে তাৰ কাৰণবোৰ ফঁহিয়াই দেখুৱাই দিয়ে দিহাঙে। সি ভাবে যিবিলাক বিপ্লৱ সফল নহ’ল তাৰ পৰা শিক্ষা লোৱাটো জৰুৰী কথা। আত্মা দৃঢ় নহ’লে, হৃদয়ত ঐকান্তিকতাৰ অভাৱ হ’লে কেৱল শাৰীৰিক শ্ৰম, মাৰণাস্ত্ৰ আৰু কষ্টসহিষ্ণুতাৰেই বিপ্লৱক আগুৱাই লৈ যাব নোৱাৰি।

 ‘মাও চে তুঙে কৈছিল...’ প্ৰিয় বিপ্লৱীজনৰ কথাৰেই পুনৰ আৰম্ভ কৰিলে দিহাঙে—..শত্ৰুক আক্ৰমণ কৰাৰ বেলিকা প্ৰথমে কেন্দ্ৰত আঘাত নাহানিবা। সিঁচৰতি হৈ থকা শত্ৰুক আক্ৰমণ কৰিবা আৰু শত্ৰুক মানসিকভাৱে দুৰ্বল কৰিবলৈ চাবা। তাৰ পাছত [ ১২৯ ] একগোট হৈ থকা শত্ৰুক আক্ৰমণ কৰিবা। তোমালোক সংখ্যাত কম হলেও সাৱধানতাৰে আগবাঢ়িবা আৰু শত্ৰুক কেতিয়াও জানিবলৈ নিদিবা যে তোমালোকৰ সংখ্যা তাকৰ...।

 ...শত্ৰুক আক্ৰমণ কৰাৰ সময়তো আমি যাতে নিশ্চিত হওঁ যে জনগণৰ সমৰ্থন আমাৰ লগত আছে। ... আনহাতে জনসাধাৰণে নিবিচৰাকৈ যদি শত্ৰুৰ লগত যুঁজ দিওঁ সেয়া জনগণক প্ৰতাৰণা কৰা কথা হ’ব। এনে হ’লে বিপ্লৱ কেতিয়াও সফল নহয়। —মহান বিপ্লৱী মাও চে তুঙৰ এই কথাখিনি প্ৰত্যেক বিপ্লৱীয়ে মনত ৰখা উচিত।’

 ক্লাছ শেষ হৈছিল। কালি শিবিৰলৈ ৰেচন অনা নলবাৰীৰ ল’ৰা দুজনে দিয়া সংবাদে দিহাঙক যথেষ্ট চিন্তিত কৰি তুলিছে। অসমৰ বিশেষকৈ নগৰ-চহৰত সংগঠনৰ ল’ৰাই বোলে ধন সংগ্ৰহৰ নামত যাকে-তাকে অত্যাচাৰ কৰিছে। সংগঠনৰ স্থানীয় গোটৰ মুৰব্বীয়ে যদিও কৈছে যে কোৰোণাৰে ধন চপোৱা সমাজৰ শত্ৰুসকলকহে তেওঁলোকে ধন সংগ্ৰহৰ বাবে টাৰ্গেট কৰি লৈছে, এই কথাই সাধাৰণ মানুহক আশ্বস্ত কৰিব পৰা নাই।

 সংগঠনৰ এই কাৰ্যই জনসাধাৰণক ক্ষোভিত আৰু ত্ৰাসিত কৰি তুলিছে। আনহাতে সহজতে পোৱা ধনেৰে বহু সদস্যই বিলাসিতাপূৰ্ণ জীৱন কটাইছে। এইবোৰ দেখি- শুনিও ৰাইজ সংগঠনটোৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে। কোনে কাৰ পৰা কিমান ধন সংগ্ৰহ কৰিছে তাৰ সঁচা হিচাপ বোলে শীৰ্ষ নেতৃত্বৰ হাততো নাই।

 হতাশা আৰু বিষাদে দিহাঙক চুই যায়। কিন্তু সঁচা বিপ্লৱী এজনৰ দৰে সি ভাবে— হতাশাক প্ৰশ্ৰয় দিলে নহ’ব। সংগঠনত জধে-মধে মানুহ সুমুওৱাটোৱেই ভুল সিদ্ধান্ত হ’ল। এই ভুলৰ পৰা সংগঠনে শিক্ষা ল’ব লাগিব। পৰৱৰ্তী সাধাৰণ সভাত শীৰ্ষ নেতৃত্বৰ সমুখত এই বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰিব লাগিব।

 ফৰিংফুটা জোনাক। অসমীক শুকান গছপাতৰ বিছনাত শুৱাই থৈ মাত্ৰ অলপ সময়ৰ আগতে বিছনাত বাগৰ দিছেহি দিহাঙে। গছপাতৰ চালিৰ ফাকেৰে সৰকি অহা জোনাকবোৰ ৰূপালী বুটা হৈ সৰি পৰিছে বাঁহৰ বেৰ আৰু মাটিৰ মজিয়াত।

 অপাৰ নৈঃশব্দ্যত পৃথিৱী ডুবি গৈছে। ক’তো একো সাৰি-শব্দ নাই। যেন মৰি ভূত হৈছে দিনৰ অৰণ্যখন।

 বিছনাত অলপ সময় ছট্‌ফটাই থাকি উঠি আহিল দিহাং। আকাশত পূৰ্ণিমাৰ জোন। পকা বেল এটাৰ দৰে জোনটো ওলমি আছে গুলঞ্চৰ ফেৰেঙনিত। গছৰ পাতবোৰ স্থিৰ। ক’তো সামান্যও স্পন্দন নাই। নিশাচৰ চৰাইৰ পাখিৰ ধপ্‌ধপনিৰ শব্দ এটা দিহাঙৰ কাষেৰেই পাৰ হৈ পুনৰ নৈঃশব্দ্যত মিলি গ’ল।

 দিহাঙে বুকুত হাত থ’লে। থকা-সৰকা হৈ পৰিছে মনটো। ধেমাজিৰ বিস্ফোৰণৰ ঘটনাটোৱে তাৰ মনটো ছিৰিলি ছিৰিলিকৈ ফালি পেলাইছে। বিপ্লৱী আৰু সাধাৰণ [ ১৩০ ] হত্যাকাৰীৰ মাজত দেখোন কোনো পাৰ্থক্যই নোহোৱা হৈছে। শিশুৰ তেজেৰে ভিজি উঠা মাটিত কাৰ বাবে লাগে স্বাধীনতা!

 নৈতিক প্ৰশ্ন উঠিছে— সংগঠনৰ বাহিৰত, ভিতৰতো। দিহাঙৰ নিজকে পুতলা নাচৰ পুতলা এটাৰ দৰে লগা হৈছে। অদৃশ্য আঙুলিৰ তালত অদৃশ্য সুতাইহে যেন চলাই ৰাখিছে সিহঁতৰ জীৱনবোৰক।

 জোনটো কোমল ডাৱৰ এচপৰাৰ আঁৰত লুকাই থাকিল অলপপৰ। পশ্চিম আকাশৰ পৰা ডাঙৰ ডাৱৰ এচপৰা নাও এখনৰ দৰে ওপঙি আহিছিল— সৰু ডাৱৰ চপৰা সংগী পাই নাচি-বাগি গ’লগৈ। জোনটো পুনৰ মুকলি হ’ল। জোনত থকা তুলসীৰ দাগটোলৈ এইবাৰ ৰ লাগি চালে দিহাঙে। যেন দূৰ অতীতৰ পৰা সোঁৱৰণিয়ে ভাল লগা সুৰ এটা আঁজুৰি আনিলে— ‘তুলসীৰ তলে মৃগ পহু চৰে...’

 মাকৰ কৰুণ মুখখন এবাৰ চমকি উঠি পুনৰ যেন বিলীন হৈ গ'ল জোনৰ কাষৰ ডাৱৰ চপৰাত! কি কষ্ট! কি তীব্ৰ সেই সোঁৱৰণিৰ আঁচোৰ৷ দিহাঙৰ বুকুখন বিষাইছে... দকৈ আঁচুৰিলে নেকি সুৰটোৱে!

 ছিৰিলি ছিৰিলি হোৱা বুকুখনত হাত থ’লে দিহাঙে। ক্ষতবোৰ সীব পৰা হ’লে!

 কোনে দিব পাৰিব বুকুৰ ক্ষত সীব পৰা বেজী এটা— জোনবায়ে৷ নিঃশব্দ আকাশ আৰু অৰণ্যক ৰেপি ৰেপি মৌনতাৰে বিনাই উঠিল দিহাঙৰ মনটোৱে।

 ‘জোনবাই এ বেজী এটি দিয়া...’

 জোনটোৱে কিন্তু নুসুধিলে এবাৰো ‘বেজীনো কেলৈ...’


 পেণ্টৰ পকেটৰ পৰা ম'বাইল ফোনটো উলিয়ালে দিহাঙে। পাৰ্ছ খুলি এখন ‘ছিম’। কালি নলবাৰীৰ ল’ৰাকেইজনে আনিছিল। খৰধৰকৈ নম্বৰ দুটামান টিপিলে দিহাঙে— তাৰ পাছত ৰৈ গ’ল।

 সাৰে আছে জানো তেওঁ! পাইন বনৰ সুহুৰি শুনি শুনি এতিয়া চাগৈ শুই পৰিছে – বিষাদসনা চকুহাললৈ চাগৈ নামি আহিব খুজিছে সপোন এটা... ঘুমটিৰ পৰা জগাব পৰা যায়নে তেওঁক!

 অলপপৰ ভাবিলে দিহাঙে। তাৰ পাছত শিবিৰৰ অলপ তললৈ নামি গৈ সোণাৰু এজোপাৰ কাষত থিয় হ'লগৈ। নম্বৰটো পুনৰ ডায়েল কৰোঁতে দিহাঙে ভাবিলে— পাৰি। একমাত্ৰ তেওঁৰে টোপনি আৰু সপোনত অনধিকাৰ প্ৰৱেশ কৰিব পাৰে সি। দিহাঙে জানে— তেওঁৰ স্বপ্ন আৰু নিদ্ৰাতো তাৰ অস্তিত্বই বিয়পি আছে।

 নম্বাৰ ডায়েল কৰি বেছিপৰ বাট চাব লগা নহ'লেই— খুব স্বাভাৱিক কণ্ঠ এটা শুনা [ ১৩১ ] গ’ল —

 ‘হেল্লো কোনে কৈছে।’

 দিহাঙৰ ভাব হ’ল তেওঁ শোৱাই নাছিল। ফোনটোৰ অপেক্ষাতে কিজানি তেওঁ বহি আছিল।

‘মই কৈছোঁ।’ দিহাঙৰ মাতটো কঁপি উঠিল।

 ‘কেনে আছা?’ খুব স্বাভাৱিক সেই কণ্ঠ। যেন ফুৰিবলৈ ওলাই আহোঁতে বাটত লগ পোৱা চিনাকি মানুহ এজনকহে খবৰ সুধিছে।

 ‘তোমাৰ কোলাত মূৰ থৈ শুবলৈ মন গৈছে মা। বহু ৰাতি মোৰ ভালদৰে টোপনি অহা নাই।'— দিহাঙৰ মাত থোকাথুকি হ’ল।

 ফোনৰ সিপাৰে শিলৰ দৰে শীতল আৰু কঠিন নীৰৱতাৰ স্তূপ। দিহাঙে কাণ উনাই থাকিল— সি শুনিব নেকি হুমুনিয়াহ এটা— অথবা চকুপানীয়ে বোকা-মাটিৰ দৰে কোমলাই পেলোৱা মাত এটা— নীৰৱতাৰ শিল কাটি যি তাৰ ডিঙিত মেৰিয়াই ধৰিব!

 নাই। তেনে একো নহ’ল। নীৰৱতা কাটি মাকৰ পোন আৰু দৃঢ় মাতটোহে তাৰ কাণত পৰিল।

 ‘ভাগি নপৰিবা। যদি ভাবা সেই পথ তোমাৰ বাবে নহয়, তেনেহ'লে উভতি অহাৰ বাটো আছে—’

 ‘উভতি যোৱাৰ বাট নাই মা। ক'ৰবাত হেৰাই থাকিল।’— দিহাঙে গভীৰভাৱে ক'লে।

 দোকোল-টকা জোনাকৰ বান। অথচ দিহাঙৰ এনে লাগিল তাৰ মাকৰ পৃথিৱী আন্ধাৰত ডুবিছে। ছিদ্ৰহীন নীৰৱতাৰ মাজেৰেও দিহাঙে অনুভৱ কৰিলে ফোনৰ সিপাৰে বিচলিত হ’ব ধৰিছে শামুকৰ দৰে খোলাৰ ভিতৰত বাস কৰা তাৰ মাকজনী।

 দিহাং অলপপৰ মনে মনে থাকিল।

 এই যে নৈঃশব্দ্যৰ এখন সাঁকো— আৰু তাৰ সিপাৰে আছে তাৰ জন্মদাত্ৰী আৰু এইপাৰে সি— মাজৰ শূন্যতাত পাক খাই খাই ভৰুণ হৈছে নৈঃশব্দ্যৰ মহুৰা — কিন্তু এই হাহাকাৰৰ মাজতো তাৰ বুকুৰ ক্ষতত কোনোবাই মমতাৰ আঙুলি বুলোৱা নাই নে!

 ‘মা তুমি কেনে আছা?’— বহু পৰৰ পাছত দিহাঙে সুধিলে।

 ‘মোৰ বাবে চিন্তা নকৰিবা — মই ভালে থাকিম।’ খোলাৰ ভিতৰলৈ নিজকে টানি টানি মাকে ক’লে।

 ধুনীয়া আকাশ— ধুনীয়া অৰণ্য আৰু বুকুৰ বিষাদ! মাকক অকণমান সুখী কৰিব [ ১৩২ ] পৰা হ’লে!

 হঠাৎ কিবা এটা মনত খেলালে দিহাঙৰ।

 ‘মা, তুমি অলপ ৰ’বাচোন— ফোনটো ধৰি থাকিবা। দিহাঙে ক’লে আৰু সৰু ল’ৰা এটাৰ দৰে শিবিৰলৈ দৌৰ মাৰিলে।

 শিতানৰ কাষৰ পৰা বিজুলী বাঁহ কাটি সজা বাঁহী এটা লৈ পুনৰ উভতি আহিল দিহাং— ছাৰ্টৰ পকেটত আলফুলে ফোনটো থ’লে আৰু সোণাৰুজোপাৰ গাত আঁউজি বাঁহীত ফুঁ দিলে।

 এটা সুৰ— যেন মাটিৰ পৰা, পানীৰ পৰা, গছৰ শিপাৰ পৰা লাহে লাহে মূৰ দাঙিলে আৰু গছবোৰৰ ঘুমন্ত শৰীৰ চুই, জোনাক আঁজলি পাতি ধৰি সুৰটো শূন্যতাতে পাক খাই খাই উৰিবলৈ ধৰিলে।

 দিহাঙৰ সীব নোৱৰা বুকুৰ ক্ষতৰ পৰা নিগৰি ওলোৱা তেজৰ দৰে উজ্জ্বল আৰু মৰ্মন্তুদ সেই সুৰটোৰ গাত ঘঁহনি খাই জোনাকখিনিও কৰুণ হৈ পৰিল।  ‘মা, এই সুৰটো তোমাক দিলোঁ—’ খন্তেক থমকি ৰৈ দিহাঙে মাকক ক’লে আৰু পুনৰ বাঁহীত ফুঁ দিলে।


 শিবিৰত শুই থকা ল’ৰাবোৰৰ মুখৰ ওপৰতো ঘূৰণীয়া ছাঁ এটা হৈ ওপঙিলগৈ বাঁহীৰ সুৰটো। দিনৰ পৰিশ্ৰমে ক্লান্ত কৰি ৰখা সিহঁতৰ জাপ খাই থকা চকুৰ পটাত সুৰটোৱে আঙুলি বুলালে। দুই-একে চকু মেলিলে।

 নয়ন আৰু জংকী বাহিৰলৈ ওলাই আহিল। সিহঁতে দেখিলে জোনাক আৰু বাঁহীৰ মাতত লেটি লৈ মায়াময় হৈ পৰিছে অৰণ্যখন। জংকীয়ে বুকুত হাত থ’লে। বিষাদৰ দৰে কুৰুকি কুৰুকি বুকুত সোমাই গৈছে বাঁহীৰ মাত। নয়ন বননিৰ ওপৰতে বহি পৰিল।

 ‘ছাৰৰ কোনোবা প্ৰেমিকা আছে নেকি নয়ন?’— জংকীয়ে সুধিলে। যেন প্ৰেমিকেহে বাঁহীত এনে এক সুৰ তুলিব পাৰে।

 নয়ন মনে মনে থাকিল।

 জাহ্নৱীবাৰ কথা জংকীক ক’ব পৰা নাযায়। কাকো ক’ব পৰা নাযায়।

 (8)

 ভূটীয়া বেজজন যাবলৈ ওলাল। চাবোন-চেম্পু আৰু গান শুনা যন্ত্ৰ এটা পাই তেওঁৰ বিৰাট স্ফূৰ্তি! তেওঁৰ চিকিৎসাত পাঁচদিনৰ ভিতৰতে যথেষ্ট সুস্থ হৈ উঠিল অসমী। পিছ ঠেঙত কবিৰাজী বেণ্ডেজ লৈ তাই মুহূৰ্তৰ বাবে থিয়দঙাও দিব পৰা [ ১৩৩ ] হৈছে। হাঁহি ওলাইছে দিহাঙৰ মুখতো। এইকেইদিন যিমান সময় পাৰে সি অসমীৰ লগতে আছে। তাৰ ঘৰটোৰ বাৰাণ্ডাতে বাঁহেৰে অকণমানি গঁৰাল এটা সজা হৈছে অসমীৰ বাবে। পাহাৰ-অৰণ্য একাকাৰ কৰি বুটলি অনা বনদৰব বেজজনে নিজে পিহি খুৱাইছে অসমীক। ভৰিত বান্ধিছে। দিহাং আৰু নয়নে বিলৰ কাষৰ ঘাঁহনিৰ পৰা কোমল ঘাঁহ কাটি আনিছেগৈ।

 অসমীৰ চকুৰ পৰা আগৰ ভয় ভাবটো আঁতৰিছে। জীৱ-জন্তুৱে মৰম বুজি পায়— অসমীৰ ভেলেঙী চকুহাললৈ চাই এই কথাটো দিহাঙে পুনৰ এবাৰ উপলব্ধি কৰিছে। যাবলৈ ওলাই বেজজনে দিহাঙৰ হাতত মুকুতা দুটা তুলি দিলে। এটাৰ ৰং গাঢ় সেউজীয়া, আনটো ডাঠ মেৰুণ ৰঙৰ। সেউজীয়া মুকুতাবিধৰ নাম ‘য়ু’। ওখ পাহাৰৰ মাজত বিশেষ এবিধ শিলৰ মাজত এই মুকুতাবিধ পোৱা যায়। ভুটান আৰু তিব্বতৰ মানুহে বিশ্বাস কৰে যে এইবিধ মুকুতাই মানুহক নানা বেমাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।

 বেজে ক’লে— মেৰুণ ৰঙৰ মুকুতাটো অতি দুৰ্লভ প্ৰজাতিৰ। বজ্ৰপাত হোৱা ঠাইত এবিধ পোকৰ গাৰ পৰা এই মুকুতাবিধ সংগ্ৰহ কৰা হয়। বজ্ৰপাত আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা মানুহক বচাই ৰাখিব পৰা চিৰ’ নামৰ এই মুকুতাবিধ লগত থাকিলে বহু বেমাৰৰ পৰাও হেনো মানুহ হাত সাৰি থাকিব পাৰে।

 ‘তহঁত ভাল কামৰ বাবে ওলাই আহিছ। এইকেইটা তহঁতৰ কামত আহিব।’— খুব আন্তৰিকতাৰে ক’লে বেজজনে।

 কৃতজ্ঞতাৰ ভাষা নাছিল দিহাঙৰ।

 যাবলৈ সাজু হোৱা মানুহজনক ধন্যবাদ জনাই সি মাত্ৰ ক'লে— ‘লগ্ জা’গে ৰিন্ পচ্ছে’ (শুভৰাত্ৰি হে গুণময় ঈশ্বৰৰ দূত!)


 অসমীয়ে দুপৰীয়াৰ আহাৰ খাই টোপনিয়াইছে। পলিটিকেলৰ ক্লাছটো কৰি উঠি শিবিৰ থকা টিলাটোৰ দক্ষিণফালে হেলনীয়া শিল এচটাত বহিছে দিহাং। এমাহৰ পাছতেই সি ভূটানৰ চি এইচ কিউলৈ যাব। ভূটান শিবিৰৰ মানুহখিনি এতিয়া কিছু উদ্বিগ্নতাত আছে। ভাৰত চৰকাৰৰ হেঁচাত আগৰ বন্ধু ভাবাপন্ন ভূটানৰ ৰজা আৰু নেতৃবৰ্গৰ কথাৰ সুৰো বোলে এতিয়া কিছু সলনি হৈছে।

 অৱশ্যে এই সন্দেহ আগৰে পৰা আছিল দিহাঙৰ। যিখন ৰাষ্ট্ৰই নিজৰ জনসাধাৰণক মৌলিক স্বাধীনতাখিনি ভোগ কৰিবলৈ দিবলৈও কুণ্ঠাবোধ কৰে, সেইখন ৰাষ্ট্ৰ আন দেশৰ মুক্তিকামী সেনানীৰ বন্ধু হ’ব কিদৰে! দেশখনৰ জনগণৰ প্ৰধান জীৱিকা হ’ল পশুপালন আৰু কৃষি। উপযুক্ত বজাৰৰ অভাৱত তেওঁলোকে উৎপাদিত সকলে শস্য [ ১৩৪ ] আৰু ফল-মূল অতি কম দামত ভূটানৰ চৰকাৰক বিক্ৰী কৰিবলগীয়া হয়। তদুপৰি দুখীয়া কৃষকসকলে বিনা পাৰিশ্ৰমিকে চৰকাৰী আমোলাসকলক বিভিন্ন সেৱা আগবঢ়াব লাগে। প্ৰথমবাৰৰ বাবে ভূটানলৈ গৈ আচৰিত হৈ পৰিছিল দিহাং— শোষক শ্ৰেণীৰ সৰ্বগ্ৰাসী শাসন ব্যৱস্থাই ভূটীয়াসকলৰ স্বাভাৱিক জীৱন যাপনৰ অধিকাৰ অতীজৰে পৰা খৰ্ব কৰি আহিছে। সহজ-সৰল পাহাৰী মানুহবোৰে আনকি প্ৰতিবাদৰ উপযুক্ত ভাষাও নাজানে। এটা কথা দিহাঙে ভালদৰে বুজি পাইছিল কেৱল দুৰ্গম পৰ্বতবোৰৰ বাবে নহয়, আওপুৰণি শাসন ব্যৱস্থা আৰু ৰীতি-নীতিৰ বাবেও ভূটান এতিয়াও সভ্য সমাজৰ পৰা কিছু পিছপৰি আছে।

 চি এইচ কিউৰ পৰা খবৰ আহিছে ভূটান চৰকাৰৰ সহযোগতে ভাৰতীয় চোৰাংচোৱাই শিবিৰৰ আশে–পাশে পিয়াপি দি ফুৰিছে। অৱশ্যে এতিয়াও ৰজাই শিবিৰৰ নেতাসকললৈ উপহাৰ আৰু উপঢৌকন পঠিয়াবলৈ এৰা নাই।

 আগন্তুক সাধাৰণ সভাত এই সকলো বিষয়েই আলোচনা হ’ব। তদুপৰি সংগঠনৰ আভ্যন্তৰীণ সাল-সলনিও হ’ব কিছু। মধ্যমবৰ্গীয় নেতা কিছুমাৰ ক্ষমতাৰ হীন-ডেঢ়ি ঘটিব।

 অসমৰ শেহতীয়া কাম-কাজ আৰু আন্তঃগাঁথনি সম্পৰ্কীয় সকলো তথ্য চি এইচ কিউলৈ লৈ যাব লাগিব দিহাঙে। তথ্য সংগ্ৰহৰ বাবে নামনিৰ গাঁৱলৈ নামি গৈছে নয়ন আৰু ৰাজন। উজনিৰ পৰা সকলো তথ্য কঢ়িয়াই অনা নেতা এজনক তাতেই সিহঁতে লগ কৰিব।

 শিলচটাত অকলশৰে বহি থকা দিহাঙৰ চকু পাহাৰৰ গোেৰ বগুৱাবাই নামনিলৈ নামি গ’ল— ‘আস! কি সুন্দৰ শ্যামল ৰং! বহু দূৰ বিয়পা অৰণ্য— তাৰ সিপাৰে পথাৰ। দূৰৰ গাঁওবোৰ ইয়াৰ পৰা চকুৰে নমনি। কেতিয়াবা নিশা বৰষুণৰ মাজত মাছ ধৰিবলৈ অহা মানুহে জ্বলোৱা টৰ্চৰ পোহৰ ইয়াৰ পৰা চকুত পৰে। বৰষুণ আৰু আন্ধাৰৰ মাজেৰে চকুত পৰা সেই পোহৰ বিন্দুবোৰৰো যে কি শক্তি! স্বাভাৱিক জীৱনৰ প্ৰতীক হৈ সেই বিন্দু বিন্দু পোহৰে ল’ৰাহঁতৰ চকুত জলক-তবক লগাই দিয়েহি।

 দিহাঙে অনুভৱ কৰিলে শিবিৰটো নিটাল হৈ আছে। ল’ৰাবোৰে হয়তো খৰি লুৰিবলৈ গৈছে অথবা ক’ৰবাত জিৰণি লৈছে। অৱশ্যে আজি পাঁচজনমান ল’ৰাহে আছে শিবিৰত। বাকীবোৰ তললৈ গৈছে কিবা-কিবি কামত।

 অলপ অকলশৰীয়া অনুভৱ কৰিলে দিহাঙে। কেতিয়াবা মানুহ অকলশৰীয়া হ’ব লাগে। অন্ততঃ নিজৰ ভিতৰলৈ জুমি চোৱাৰ বাবে। নিজৰ ভিতৰলৈ জুমি চাইছে সি— কি দেখিছেনো! স্বাধীনতাৰ স্বপ্ন! আৰুতো একো নাই। [ ১৩৫ ]

 ৰিণি ৰিণি চকুত পৰা দুৰণিৰ সেই তুষাৰাবৃত গিৰিশিখৰৰ দৰে এক আকাংক্ষাহীন আত্মা সি। কিন্তু আজি খুব সংগোপনে তাৰ এটা আকাংক্ষা জগা নাইনে! নিজৰ বাবে। মৰিব খুজিও কলঢোপ-কলঢোপকৈ জীয়াই থকা নিজৰ কবিসত্তাৰ বাবে।

 সমীপৰ চহৰখনত আজি নৈশ কবিতাৰ আচৰ বহিব। দিহাঙৰ কবি-সাংবাদিক বন্ধু এজনে পঠাইছে এই খবৰ। সংগঠন নিষিদ্ধঘোষিত নোহোৱালৈকে এনেকুৱা কবিতাৰ অনুষ্ঠানবোৰৰ মধ্যমণি আছিল দিহাং। একান্ত ব্যক্তিগত জীৱনত এই এটা দুৰ্বলতা তাৰ— শৈশৱৰ পৰাই সি কবিতাৰ লগত কথা পাতিছে, অকলশৰীয়া হ’লে কবিতাৰ বুকুত মুৰ গুঁজি উচুপিছে, কবিতাৰ হাতত হাত থৈয়ে আগুৱাই আহিছে বিপ্লৱৰ দুৱাৰডলিলৈকে। বন্দুক লোৱা হাতেৰেও সি কবিতাৰ নিষ্পাপ শৰীৰ চুইছে— সি এৰিব বিচাৰিলেও কবিতাই নেৰে তাক। বুকুৰ ভিতৰত গছৰ ৰূপালী গজালি এটাৰ দৰে সময়ে-অসময়ে বাঢ়ি আহে।


 দূৰৰ চহৰত মাটি চাকিৰ পোহৰত অপাৰ্থিৱ হৈ উঠিব আজি কবিতাবোৰ। সেই আচৰত বহিবলৈ মন গৈছে দিহাঙৰ। মধ্যমণি নহয়, ন’ বডী হৈয়েই অনুষ্ঠানটোৰ আন্ধাৰ কোন এটাত বহি থাকিব পৰা হ’লে! আজিকালি এনেকুৱা অনুষ্ঠানবোৰলৈ চাগে’ আহেনে জাহ্নৱী। দিহাঙে নাজানে। কিন্তু স্নিগ্ধ বগা মুখ এখন তাৰ চকুত ভাঁহি উঠিব খুজিলে। এযুৰি কাতৰ চকুৰ মায়াত এনেকুৱা অনুষ্ঠানবোৰতে কেতিয়া যে হেৰাই যাব খুজিছিল বিপ্লৱৰ সপোন দেখা তাৰ দৃঢ় চকুযোৰ!

 ৰাজনীতি বিজ্ঞানৰ মেধাৱী ছাত্ৰী জাহ্নৱীয়ে তাৰ পথক কেতিয়াও সমৰ্থন নকৰিছিল। ‘এনেকুৱা সপোন দেখাটো ভাল, যাক পূৰ্ণ কৰিব পাৰি।’ — গহীন হৈ কৈছিল তাই। কিন্তু বিপ্লৱীজনৰ আঁৰত থকা ছেন্‌ন্জিটিভ কবিতা লিখা ল’ৰাটোক তাই প্ৰাণভৰি ভাল পাইছিল।

 বুকুত হাত থ’লে দিহাঙে। শেৱালি গোন্ধোৱা জাহ্নৱীৰ চুলিৰ গোন্ধ আৰু চকুপানীৰ দাগ এতিয়াও যেন লাগি আছে তাৰ বুকুত।

 সোণাৰু ফুলা
 এই অৰণ্যত
 তোমাৰ ছয়া-ময়া মুখ

 বুকুৰ কামীহাড়ত কোনে থয়হি
 নিজান হাত এখন

[ ১৩৬ ] মোৰ দুখবোৰক সী দিব পৰাকৈ।

 নহয় – নহয়। এনেদৰে নহয়। নিজৰ মনটোক শাসন কৰিব খুজিলে দিহাঙে। কঠোৰ হ’ব লাগিব। অতীত-বৰ্তমান পাহৰি ভৱিষ্যতক উদ্ধাৰ কৰাৰ বাবে সি মাকক এৰি আহিছে। চিনাকি মুখবোৰক, স্বাভাৱিক জীৱনক এৰি আহিছে। আৰু এই যে তাৰ চকুৰ কোণ মাজে মাজে ভিজি উঠিব খোজে – এয়াতো অশ্ৰু নহয়, ছাই। সুখী সোণালী মুহূৰ্তবোৰৰ স্মৃতিৰ ছাই— যিবোৰক নিজ হাতেৰে সি সময়ৰ চিতাত তুলি দিছিল।

 ঈশান আকাশত মেঘ জমিছিল। দিহাঙৰ চকুৰ সমুখতে মেঘটুকুৰা বাঢ়নী পানীৰ দৰে ওফন্দি আহিল আৰু আকাশৰ বৃহৎ অংশ এটা ঢাকি পেলালে। হঠাৎ দিহাঙৰ মনত পৰিল আজি শিবিৰলৈ লিংক্‌মেন এজন অহাৰ কথা আছিল। কামে-কাজে ওলাই যোৱা ল’ৰাবোৰ উভতি আহিবৰো সময় হৈছে। মনৰ উদাসীনতা আৰু মৃত আকাংক্ষাৰ শৰীৰ সামৰি লৈ দায়বদ্ধ বিপ্লৱী নেতা এজনৰ মোট পিন্ধিবলৈ কেইটামান মাত্ৰ মুহূৰ্তৰ প্ৰয়োজন হ’ল দিহাঙৰ। ব্যস্ত খোজেৰে সি গোভাক বিচাৰি ভিতৰলৈ গ’লগৈ।

 খৰি লুৰিবলৈ আৰু ফল-মূল বিচাৰি যোৱা ল’ৰাকেইটা উভতি আহিছিল। সোনকালেই ক’লা মেঘে গোটেই আকাশখন ছানি ধৰিলে। আবেলিতে শেষ সন্ধিয়াৰ দৰে গাঢ় হৈ আহিছিল আন্ধাৰ। বতাহো বলিছিল।

 ‘এইবাৰ বতাহ-ধুমুহা বেছিকৈ হৈছে নেকি!’— গোভাই নিজকে কোৱাৰ দৰে ক’লে। এইকেইদিন প্ৰায়ে সন্ধিয়াৰ ফাললৈ বতাহ বৰষুণ হৈছে। পাহাৰ বগাই শিবিৰলৈ কোনোবা উঠি আহিবলগীয়া হ'লে বৰষুণৰ বতৰত বৰ অসুবিধা হয়।

 ’দিহাঙে একো নামাতিলে। বাহিৰৰ পৰা অসমীক তাৰ কোঠালৈকে লৈ আনিলে আৰু বাঁহৰ চকী এখন টানি আনি দুৱাৰমুখত বহি পৰিল। আদৰুৱা শিশু এটাৰ দৰে তাৰ কোলাত মূৰ গুঁজি দিলে অসমীয়ে।

 চাত্ চাত্‌কৈ বিজুলী মাৰিছিল। তাৰ পাছতে আকাশত মাদলৰ ছেৱৰ দৰে গাজনিৰ শব্দ বিয়পি পৰিল। অলপপৰৰ পাছতে দিনৰ শান্ত অৰণ্যখনে বাউলি ৰূপ ল’লে। আকাশ ফালি হৰহৰাই বৰষুণ সৰিবলৈ ধৰিলে।

 ...আৰু সেই ধুমুহা-বৰষুণৰ মাজতে দুটা অস্পষ্ট অৱয়ৱ কোবাকুবিকৈ শিবিৰৰ ফালে আহি থকা দেখা পালে দিহাঙে। এজন লিংক্‌মেন আৰু সংগঠনৰ নলবাৰীৰ ল’ৰা এজন।

 লিংক্‌মেনজনে পুঁজি সংগ্ৰহ সম্পৰ্কীয় বহু তথ্য-পাতি দিলে দিহাঙক। মানুহক [ ১৩৭ ] অপহৰণ কৰি মুক্তিৰ বাবে ধন বিচৰা কামটো অন্তৰৰ পৰাই দিহাঙে ঘৃণা কৰে। কিন্তু তাৎক্ষণিকভাৱে সংগঠনৰ পুঁজি টনকিয়াল কৰাৰ বাবে শীৰ্ষ নেতৃত্বই অপহৰণকেই উপায় হিচাপে লৈছে। আনহাতে, ভাবুকি দি ধন সংগ্ৰহ কৰি গুৱাহাটীৰ এচামে বোলে মাৰুতি লৈ বিলাসিতা কৰি ফুৰিছে। বহুতে এই অচিলাতে ব্যক্তিগত আখেজো পূৰাইছে। সংগঠন বুলিলে মানুহ সহানুভূতিশীল হোৱাৰ পৰিৱৰ্তে বেছিকৈ বোলে ভীতিগ্ৰস্তহে হ’ব ধৰিছে।

 খবৰবোৰ একেবাৰে নতুন নাছিল। কিন্তু পুনৰ এবাৰ বেদনাহত হ’ল দিহাং। সিহঁতৰ ত্যাগ আৰু প্ৰকৃত স্বাধীনতাৰ স্বপ্নক হৃদয়ংগম কৰিব পাৰিবনে পাবতগজা বিলাসী বিপ্লৱী কিছুমানে। জনসাধাৰণৰ পৰা আঁতৰত থাকি সিহঁতে কেনেদৰে জনসাধাৰণৰ আশা-আকাংক্ষা-মতামত বুজি পাব।

 এটা বেয়া খবৰো আছিল। শিবিৰৰ পৰা একেবাৰে নিকটৱৰ্তী গাঁওখনত বোলে আৰ্মীয়ে মাজে মাজে টহল দিবলৈ আৰম্ভ কৰিছে। সেই গাঁৱত থকা সংগঠনৰ পহৰাদাৰী ল’ৰাকেইটা খুব সতৰ্ক হ’বলগীয়া হৈছে। দিহাং চিন্তিত হৈ পৰিল।

 এবাৰ নিজে গৈ পৰিস্থিতিৰ বুজ লৈ অহাটো ভাল হ’ব – সি ভাবিলে।

 ‘ছাৰ! আপোনাৰ বাবে ধুনীয়া উপহাৰ এটা আছে।’— নয়নে নাটকীয় ভংগী এটাত ক’লে।

 ‘কি?’ দিহাঙে বৰ বেছি গুৰুত্ব নিদিলে।

 অলপ আগতে মাত্ৰ তলৰ পৰা আহি পাইছে নয়ন আৰু ৰাজন। বহু খবৰ আৰু নথি-পত্ৰ কঢ়িয়াই আনিছে সিহঁতে। কিন্তু পলিটিকেল ক্লাছটো ক্ষতি নকৰে দিহাঙে। ‘মুখ-হাত ধুই কিবা এটা খা আৰু ক্লাছলৈ ব’ল। ক্লাছৰ পৰা আহি কথা পাতিম।’— দিহাঙে ক’লে। আৰু এয়া— ক্লাছলৈ ৰেডী হৈ নয়নে দুষ্ট চকুযোৰ তুলি দিহাঙলৈ চাইছে।

 ‘কলম-কাগজ আনিছ চাগে’! নহ’লে কিতাপ।’ হাঁহি হাঁহি তালৈ চাই থকা নয়নে মুখেৰে নমতা দেখি পুনৰ ক'লে দিহাঙে।

 নয়নে পেণ্টৰ জেপৰ পৰা কেছেট এটা উলিয়াই দিলে।

 ‘কিহৰ কেছেট?’— সুধিলে দিহাঙে।

 ‘শান্তনুদাক লগ পাইছিলোঁ। আপোনাৰ বাবে দি পঠাইছে। কবি সন্মিলনখন ৰেকৰ্ড কৰি থৈছিল।’

 যিমান পাৰি নিৰ্লিপ্ত মুখেৰে নয়নৰ পৰা কেছেটখন লৈ ছাৰ্টৰ জেপত ভৰালে দিহাঙে আৰু ক্লাছৰূমলৈ আগবাঢ়িল।

 শিক্ষক হিচাপে পাঠদান কৰাৰ পৰিৱৰ্তে দিহাঙে আলোচনাৰ মাজেৰে কথাবোৰ [ ১৩৮ ] বুজাই দিবলৈ ভাল পায়। এনে কৰিলে ল'ৰাবোৰৰ আগ্ৰহো বাঢ়ে আৰু সিহঁতৰ মতামতো জানিব পাৰি।

 ‘তহঁতৰ কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি?’

 দিহাঙে সতীৰ্থসকলৰ পৰা প্ৰশ্ন আহ্বান কৰিলে।

 ‘ভাৰতৰ অত্যাধুনিক অস্ত্ৰৰে চহকী বিশাল সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দি আমি জিকিব পাৰিমনে? অসমক স্বাধীন কৰিব পাৰিমনে?’—

 মানস নামৰ শিৱসাগৰৰ ল’ৰাজনে সুধিলে।

 ...শত্ৰুৰ বিৰুদ্ধে ৰণত জিকিবলৈ হ’লে প্ৰথমে আমি শত্ৰুৰ দুৰ্বলতাবোৰ জানি ল’ব লাগিব। ভাৰত ৰাষ্ট্ৰ অত্যাধুনিক অস্ত্ৰেৰে চহকী — এই কথা সঁচা। কিন্তু এই ৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ’ল ভাৰতৰ কোনো অঞ্চলৰে ৰাইজ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ লগত নাই। প্ৰায় প্ৰতিখন ৰাজ্যতে ৰাষ্ট্ৰবিৰোধী গোট এটা আছে— সেয়া সশস্ত্ৰ গোটেই হওক বা অহিংস গোটেই হওক। মাও চে তুঙেও কৈছিল— আমোলাতান্ত্ৰিক ৰাষ্ট্ৰ বাহিৰৰ পৰা যিমানেই শক্তিশালী নহওক কিয় ভিতৰি সিহঁত দুৰ্বল। কিয়নো গণশক্তিৰ পৰা তেওঁলোক বিচ্ছিন্ন। ...আমাৰ কাম হ’ব জনসাধাৰণক ৰাষ্ট্ৰৰ শোষণৰ কথা সহজ-সৰল ভাষাত বুজাই দিয়াটো। তেওঁলোকে যেতিয়া আমাৰ সংগ্ৰামৰ অন্তৰ্নিহিত উদ্দেশ্য হৃদয়ংগম কৰিব পাৰিব, তেতিয়া তেওঁলোকো আমাৰ লগলৈ আহিব। এই বৃহৎ গণশক্তিক ভাৰতৰ দৰমহা খোৱা আৰ্মীয়ে কেতিয়াও নিঃশেষ কৰিব নোৱাৰিব। ..আৰু এটা কথা মনত ৰাখিবি— যদি আৰ্মীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়, তেতিয়া মনটো স্থিৰে ৰাখিব লাগিব আৰু শুদ্ধ ডিচিছন ল’ব লাগিব। সিহঁতৰ হাতত আমাতকৈ আধুনিক অস্ত্ৰ থাকিব পাৰে; কিন্তু সিহঁত আমাতকৈ শক্তিশালী নহয়। কাৰণ, সিহঁতে যুদ্ধ কৰে চাকৰি হিচাপে, মৃত্যুভয় লৈ। কিন্তু আমি আদৰ্শৰ বাবেহে যুঁজ কৰোঁ। বুলেট কামুৰি শপত লৈ সংগঠনত যোগ দিওঁতেই আমি মৃত্যুভয় নেওচি আহোঁ। আমি বহু আগতেই জানো— আমাৰ পথ অনিশ্চিত, দীঘল— মৃত্যুৱে য’তে-ত’তে চোপ লৈ আছে—’

 ল’ৰাবিলাকে অৰ্থনৈতিক মুক্তিৰ কথা সোধে। সহজ-সৰল ভাষাত বুজাই দিয়ে দিহাঙে। ভাৰতীয় বজাৰখনৰ বাহিৰেও পূবৰ দেশবোৰৰ সৈতে বাণিজ্য গঢ়ি তুলিব পৰাৰ বিপুল সম্ভাৱনীয়তাৰ প্ৰসংগ উলিয়ায় সি।

 স্বাধীন অসমৰ কল্পনাত ল’ৰাবোৰৰ চকু ঢুলু ঢুলু হৈ উঠে। সিহঁতে এখন সন্তুলিত সমাজৰ সপোন দেখে। দুখীয়া গাঁওবোৰ স্বাধীনতাৰ যাদুকাঠীৰ স্পৰ্শত সুজলা-শ্যামলা হোৱাৰ সপোন দেখে। সেই সপোনত সুখ আৰু সমৃদ্ধিৰ ডাঙৰি কঢ়িয়ায় অসমৰ শোষিত জনগণই। সিহঁত দৃঢ় হয়। পৰস্পৰৰ মুখলৈ সিহঁতে বিশ্বাসেৰে চাই পঠিয়ায়— [ ১৩৯ ] ‘অসম স্বাধীন হ’বই— আমাৰ মৃত্যুৰ পাছত হ’লেও। এই সংগ্ৰাম অথলে নাযায়।’— দিহাঙে প্ৰত্যয়েৰে কৈ উঠিব খোজে। কিন্তু তাৰ মাতটো থোকাথুকি হৈ যায়।

 সংগঠনৰ আন্তঃগাঁথনি সম্পৰ্কীয় নয়নহঁতে অনা তথ্যবোৰে দিহাঙক অসন্তুষ্ট কৰিলে। গৈৰিক বৰ্মন নামৰ স্থানীয় যুৱকজনক গুৱাহাটীত পুঁজি সংগ্ৰহৰ বাবে নিয়োজিত দলটোৰ দায়িত্ব দিয়া হৈছে। গৈৰিকক দিহাঙে আগৰে পৰা জানে। দিছপুৰীয়া বহুকেইজন দালালৰ লগত তাৰ অতি ঘনিষ্ঠ সম্পৰ্ক। নয়নে অনা খবৰ মতে সংগঠনৰ পৰিচয় দি দাদাগিৰি কৰাৰ অভিযোগো আছে তাৰ বিৰুদ্ধে। আনহাতে, লক্ষীপথাৰৰ শিবিৰত থকা সংগঠনৰ নিজা কাৰাগাৰৰ ভিতৰচ’ৰাৰ লোমহৰ্ষক বৰ্ণনাই দিহাঙৰ চকু ডাঙৰ কৰি দিলে। সভ্য মানুহে এনে বৰ্বৰ কাম কৰিব পাৰেনে? চকু উলিয়াই, হাত কাটি মানুহ হত্যা কৰিবলৈ কেনেদৰে নিৰ্দেশ দিব পাৰে সংগঠনে? বিপ্লৱী আৰু বৰ্বৰ হত্যাকাৰী এজনৰ মাজত তেনেহ'লে পাৰ্থক্যই বা থাকিব ক’ত! জাতিদ্ৰোহী এজনক যদি হত্যাই কৰিব লাগে, তেনেহ’লে বন্দুকৰ দুটা গুলীয়েই যথেষ্ট নহয়নে?

 ইয়াৰ লগতে অসমত থকা ভাৰত ৰাষ্ট্ৰৰ হিন্দীভাষী নাগৰিকৰ বিৰুদ্ধে ভাবুকি আৰু হত্যাৰ যি কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে সেয়াও চিন্তনীয়। খাটি খোৱা মানুহৰ পৰিৱৰ্তে অসমৰ ধন বাহিৰলৈ নি থকা বণিকসকলকহে ভাবুকি দিয়াৰ পক্ষপাতী আছিল দিহাং।

 সকলো খবৰ গুৰুত্বসহকাৰে শুনি নথি-পত্ৰখিনি বিছনাৰ তলত গাঁত খান্দি থোৱা প্লাষ্টিকৰ বাকচত ভৰাই থ’লে দিহাঙে।

 সি যেন কিছু হতাশ হ’ব খুজিছিল। সিহঁতৰ বিবেকবোৰক এনেদৰে বিক্ষিপ্ত ভাবনাৰ মাজলৈ লৈ যোৱা সংগঠনৰ এচাম নেতাৰ বিৰুদ্ধে তাৰ ক্ষোভ জমা হৈছিল। চি এইচ কিউত স্পষ্টভাৱে সকলো কথা ক’বলৈ সি সাজু হৈ থাকিল।


 অসমীক কোলাত লৈ আহি নয়ন দিহাঙৰ কাষতে বহিলহি।

 ‘...এই বৰ এজনী হ’ল দেখোন ছাৰ!’— অসমীৰ গাত হাত বুলাই বুলাই নয়নে ক’লে। দিহাঙে একো নামাতিলে। নয়নৰ বাহু আৰু মুখত মূৰেৰে খুন্দিয়াই অসমীয়ে বুজালে তাই তাৰ কোলাৰ পৰা নামিব বিচাৰিছে।

 নয়নে তাইক নমাই দিলে। অসমীয়ে দিহাঙৰ গাত গা ঘঁহালেহি।

 তাই লেঙেৰাই লেঙেৰাই খোজকাঢ়িব পৰা হৈছে। শিবিৰৰ ইমুৰৰ পৰা সিমুৰলৈ লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰে অসমী। তাই বুজি পাইছে— ইয়াত থকা মানুহবোৰৰ পৰা তাই একো অসুবিধা নাপায়। শিবিৰৰ সকলোৱে মৰম কৰে অসমীক। পাল পাতি [ ১৪০ ] খুৱায়, কোঁচত লয়। কোনোবাই ক'ৰবাৰ পৰা অনা বগা মণি এধাৰো আঁৰি দিছে অসমীৰ ডিঙিত। মুঠতে দিহাং ছাৰৰ চাৰিঠেঙীয়া ‘আলহী’ শিবিৰৰ সকলোৰে বাবেই সন্মানিত অতিথি।

 ‘অসমী অ’ অ-স-মী’— দিহাঙে মাতিলে। তাই সমুখলৈ আহিল। ভৰিৰ ক্ষতটো চাই দিহাঙে ক'লে— ‘মই চি এইচ কিউলৈ যোৱাৰ আগতে তাইৰ ভৰিটো সম্পূৰ্ণ ভাল হ’বনে বাৰু? হ’লে মই তাইক লগৰীয়াবোৰৰ লগত এৰি দিব পাৰিম।’

 নয়নে একো নামাতিলে। সি ভাবিছিল অসমী সিহঁতৰ লগতে সদায় থাকিব। তাৰ অকণমান দুখ লাগিল।

 বিছনাত বাগৰি আছে দিহাং। বেটাৰীত চলা কণমানি মিউজিক ছীষ্টেমটোত ভৰাওঁ- নভৰাওঁকৈ চিডিখন ভৰালে সি। শান্তনুও যে আৰু! পেছাত শান্তনু গুৱাহাটীৰ ইংৰাজী কাকত এখনৰ সাংবাদিক। ভাল কবিতা লিখে। সিহঁতৰ গ্ৰুপৰ কবিতাৰ অনুষ্ঠানবোৰ পতাত শান্তনুৱে সদায় আগভাগ লৈছিল। কবিতা বুলি ক’লে চাকৰিত ফাঁকি-ফুঁকা দি গাঁৱে-ভূঞে ঘূৰিব পাৰে শান্তনু। তাৰ কেতিয়াও ভাগৰ নালাগে এইবোৰ কৰি।

 কটন কলেজৰ দিনবোৰতে দিহাং আৰু শান্তনুৰ চিনাকি। পাছলৈ বন্ধুত্ব। দুয়োৰে আদৰ্শ একে আছিল। পথ কিন্তু বেলেগ বেলেগ হ’ল। দিহাংহঁতৰ সংগঠনৰ প্ৰতি তাৰ নৈতিক সমৰ্থন সদায়ে আছে।

 মিউজিক ছীষ্টেমটো অলপ ঘেৰঘেৰাই ঘেৰঘেৰাই সৰৱ হৈ উঠিল। শান্তনুৰ মাত। অনুষ্ঠানটোৰ আঁত ধৰিছে শান্তনুৱে।

 ‘...অনুষ্ঠানটো সঞ্চালনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে প্ৰিয় কবি অহিৰণ বৰুৱা...।’

 অহিৰণ বৰুৱা— আস্! সেই শিহৰণ জগোৱা বিপ্লৱী কবিতাবোৰৰ কবি অহিৰণ বৰুৱা— যি মানুহ আৰু প্ৰকৃতিক লৈও কেইটামান জনপ্ৰিয় কবিতা ৰচনা কৰিছে— দিহাঙৰ প্ৰিয় কবি তেওঁ।

 মিউজিক ছীষ্টেমটো কাণৰ কাষলৈ আৰু অলপ টানি ল’লে দিহাঙে। অনুষ্ঠানটো আৰম্ভ হ'ল। দিহাঙৰ এনে লাগিল যেন কবিতাৰ অনুষ্ঠানটোৰ আন্ধাৰ কোণ এটাত বহিহে কবিতা শুনিছে সি। কবিবোৰ চিনাকি তাৰ— নৱাৰুণ বৰ্মন, পদুম তাঁতী, ভাগৱী মেধি, ত্ৰিলোচন কলিতা, শ্যাম বৰুৱা... বহুকেইজন তাৰ এসময়ৰ ঘনিষ্ঠ বন্ধু আছিল।

 শান্তনুৰ কবিতাৰ স্তৱক এটা দিহাঙৰ খুব ভাল লাগিল— [ ১৪১ ]

 সিহঁতে আমাৰ বিবেকবোৰ
 বন্ধকত ল’ব খোজে
 আঁজুৰি ছিঙিব খোজে আমাৰ আপোন আকাশ

 বিনিময়ত
 আমাৰ নিঃস্ব হাতবোৰত
 সিহঁতে তুলি দিব হেনো
 ৰঙা সুৰ্যৰ জিলিঙনি

 ‘...আমাৰ বন্ধু দিহাং ৰাজগুৰু আজি আমাৰ মাজত নাই। মই তেওঁৰ এটা কবিতা পাঠ কৰিবলৈ অনুমতি বিচাৰিছোঁ—’ দিহাং জলকা লাগিল। কি যে কৰে শান্তনুৱে। নিজৰ পুৰণা কবিতা এটা কণমানি যন্ত্ৰটোৰ পৰা ভাঁহি আহিল শান্তনুৰ কণ্ঠত আৰু দিহাঙে স্তব্ধ হৈ শুনিলে—

 এই বাটেৰেই মই যামগৈ
 এই নদী আৰু শ্যামলিমা এৰি।

 এই চিনাকি চহৰ এৰি যাম
 সপোনৰ কঠীয়া সিঁচা বুকুৰ পথাৰ এৰি যাম

 এৰি যাম তোমালোকে খোজকঢ়া পোন বাটটো।

 তেওঁৰ লাৱনী দুখনি হাতত
 মোৰ প্ৰেমিক দুহাত এৰি যাম
 তেওঁৰ ওঁঠত মোৰ শেষ কবিতাটো।

 তোমালোকে মোৰ কথা ভাবিবানে
 যেতিয়া দূৰৰ আকাশত বেলি ঢলিব
 আৰু
 চৰাইবোৰ
 বাহলৈ উভতি আহিব।

[ ১৪২ ]

 ...হাত চাপৰিৰ শব্দ শুনা গ’ল। দিহাঙৰ মনত পৰিল কাচিনলৈ প্ৰশিক্ষণ ল’বলৈ যোৱাৰ আগতে শান্তনুৰ ভাৰাঘৰৰ বিছনাত বাগৰি এই কবিতাটো লিখিছিল সি। কে আই এৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ ল’বলৈ যোৱা বাটছোৱা অতি দুৰ্গম বুলি শুনিছিল সি। লক্ষ্যস্থান পোৱাৰ আগতেই বহু ল’ৰা বেমাৰত মৰে। কিছুমান মৰে বাৰ্মিজ আৰ্মীৰ গুলীত।

 প্ৰথমবাৰ যাওঁতে দিহাঙৰ অলপ ভয় লাগিছিল। কিন্তু তাৰ পাছত আৰু চাৰি- পাঁচবাৰ গৈছে সি। ল’ৰা লৈ গৈছে, কমাণ্ডাৰ হিচাপে পৰিস্থিতিৰ বুজ ল’বলৈ গৈছে। এতিয়া তাৰ ভাল লাগে এই যাত্ৰা।

 চিংফৌ ভাষাটো সি ইতিমধ্যে সলসলীয়াকৈ শিকি পেলাইছে। দুৰ্গম পাহাৰৰ মাজৰ সৰু সৰু নগা গাঁওবিলাকত খুব জনপ্ৰিয় হৈ পৰিছে দিহাং। অসমৰ ‘গো দাবা’ (বিষয়া) আহিছে বুলি ক’লে মুহূৰ্ততে গাঁও একোখনৰ সকলো মানুহ গোট খাই যায়। প’য় (ভোজ) হয়। প্ৰায় প্ৰত্যেক ঘৰৰ পৰাই প’য়লৈ কিবা এপদ আগবঢ়ায়। ম’হৰ মাংস, ভাত, কোমোৰাৰ তৰকাৰি, শুকান মাছৰ চাটনি, শাকৰ তৰকাৰি আদি বিভিন্ন ব্যঞ্জন। স্থানীয় মদো আহে। কিন্তু আছামৰ ‘জিংখু’ (মিতিৰ)য়ে মদ নাখায় বুলি মানুহবোৰে জনা হৈ গৈছে। নিজে প’য়ত মদ খায় যদিও সিহঁতে দিহাঙলৈ গৰম ‘ফাখা’ (উতলা পানীত চাহগছৰ শুকান পাত দি বনোৱা পানীয়) এগিলাচহে আগবঢ়ায়।

 এবাৰ কাচিনত প্ৰশিক্ষণ লৈ থাকোঁতেই দিহাঙৰ ‘মখলং’ ওলাইছিল। ‘মখলং’ হৈছে আমাৰ বসন্ত বা আই ওলোৱাৰ দৰে এবিধ ৰোগ— কিন্তু তাতকৈ বহু বেছি ভয়ংকৰ। সময়মতে উপযুক্ত চিকিৎসা নাপালে এই ৰোগত ৰোগীৰ মৃত্যু হোৱাটো নিশ্চিত। ‘চিৰুং ঘৰ’ (হাস্পতাল)ত ভৰ্তি হোৱা দিহাঙৰ খবৰ ল’বলৈ কাষৰ নগা গাঁৱৰ মানুহৰ সোঁত বৈছিল।

 কৃতজ্ঞতাত দিহাঙৰ চকুৰ পানী ওলাওঁ ওলাওঁ হৈছিল। এই সহজ-সৰল নগা মানুহবিলাক তাৰ আত্মীয় নহয়নো কোন! এতিয়া আনে ‘মৃত্যু উপত্যকা’ বুলি কোৱা এলেকাটোত দিহাঙে জীৱনৰ অন্য এক নিবিড় ৰূপ দেখা পায়। ভাবনাত হেৰাই গৈছিল দিহাং।

 সঞ্চালকে কাৰ নাম ঘোষণা কৰিলে— জাহ্নৱী দেৱী? জাহ্নৱী দেৱীয়েই হয়নে? দিহাং অকণমান কঁপি উঠিল। যেন সাত গগনৰ সিপাৰৰ পৰাহে ভাঁহি আহিল জাহ্নৱী নামৰ তাৰ এসময়ৰ খুব আপোন ছোৱালী এজনীৰ মাতটো—। কবিতা নহয়, ৰবীন্দ্ৰ সংগীত গাইছে জাহ্নৱীয়ে—

 তুমি কেমন কৰে গান কৰ অ’ গুণী
 আমি অবাক হৈয়ে শুনি...

[ ১৪৩ ]

 দিহাঙক যেন মাতটোৱে গুড়ি কৰি আনিছে। দুচকু মেলি কোঠাৰ আন্ধাৰবোৰলৈ চাইছে দিহাঙে— বুকুত হাত থৈছে— যেন নিজকে নিঃশেষ কৰি সি সুৰটোত মিলি যাব। গানটো শেষ হ'ল।

 ‘আৰু এটা আৰু এটা...’ আৰু এটা গানৰ বাবে অনুৰোধত মুখৰ হৈ উঠিছে মানুহবোৰ। জাহ্নৱীয়ে এইবাৰ এটা গজল গাইছে। তাৰ প্ৰিয় গোলাম আলীৰ গজল—

 দিল মে এক লেহেৰ চি উঠি হে অভী
 কোই তাজা হাৱা চলি হে অভী

 ....
 ভৰি দুনিয়া মে জী নেহী লগতা
 জানে কিছ বাত কি কমি হে অভী

 ....
 চেহেৰ কি বেচৰাগ গলিওঁ মে গলিওঁ মে
 জিন্দগী তুজকো ধুন্দতি হে অভি

 মিউজিক ছীষ্টেমটো বুকুত সাবটি বাহিৰলৈ ওলাই আহিল দিহাং। কৃষ্ণপক্ষৰ নিশা। অৰণ্যৰ নিঃসীম আন্ধাৰৰ মাজতো পিপিতকৈ তাৰ চকুহালে চিনাকি মুখ এখন বিচাৰিবলৈ ধৰিলে— তাৰ চকুহাল ভিজি আহিল।

 (৫)

 দিহাং আৰু নয়ন যেতিয়া বৰপথাৰ গাঁৱৰ কাষ পালেগৈ তেতিয়া সাঁজ লগাৰ পৰ। নয়নক লগত আনিব বিচৰা নাছিল দিহাঙে। সি নথকাত অসমীক চোৱা-চিতা কৰাৰ বাবেও নয়ন শিবিৰত থকাটো জৰুৰী বুলি ভাবিছিল দিহাঙে। কিন্তু ‘তই গ’লে অসমীক কোনে চাব’ বুলি কোৱাৰ লগে লগে অসমীক কোলাত লৈ সমুখত ওলাইছিলহি ৰাজন। ‘মই কিয় আছোঁ, ছাৰ — মই চাম অসমীক। আপুনি অকলে যোৱাটো ভাল কথা নহ’ব।’— ৰাজনে কৈছিল।

 নয়নৰ মুখলৈ চাই দিহাঙে বুজিছিল— তাক লগত নিবই লাগিব।

 শিবিৰৰ পৰা পাঁচ ঘণ্টা খোজকাঢ়িছে সিহঁতে।

 বৰপথাৰ আটাইতকৈ নিকটৱৰ্তী গাঁও শিবিৰৰ। এই গাঁৱত সংগঠনৰ পহৰাদাৰী গোট এটাও আছে। বৰপথাৰলৈ কেইবাৰমান আৰ্মী আহি সোধা-পোছা কৰিছে— এই খবৰটোৱে যেন কিবা এক অশনি সংকেত বহন কৰিছিল। সেয়ে পৰিস্থিতিৰ বুজ ল’বৰ বাবে নিজেই নামি আহিছে দিহাং। গুৱাহাটীৰ পৰা খবৰ আৰু তথ্য-পাতি অলপ [ ১৪৪ ] লৈ নিশান্ত নামৰ ল’ৰা এজনো ইয়ালৈকে অহাৰ কথা।

 পথাৰৰ পৰা উভতি অহা গৰুৰ হেম্বেলনিয়ে গাঁৱলীয়া বাটটোক যেন গিলিহে পেলাইছে। জিলীৰ মাত আৰু নামঘৰৰ পৰা ভাঁহি অহা দবা শংখৰ শব্দই শান্তি আৰু পবিত্ৰতাৰ জান-নাজান গোন্ধ এটা বতাহত এৰি দিছে।

 গাঁৱত সোমোৱাৰ অলপ পাছতেই ল’ৰা এজনে সিহঁতক ভিতৰুৱা বাট এটায়েদি মানুহ এঘৰলৈ লৈ গ’ল। সংগঠনৰ পহৰাদাৰী গোটৰ ল’ৰা মণি। সৰু অসম আৰ্হিৰ ঘৰ এটাৰ পিছফালৰ কোঠা এটাত মণিয়ে সিহঁতক বহিবলৈ দিলে।

 ‘এইটো নৰেন ডেকাৰ ঘৰ। তেখেতে আমাক পুঁজি সংগ্ৰহৰ কামত সহায় কৰিছে। খবৰ অনা-নিয়া কামতো তেওঁ লাগি দিয়ে।’— মণিয়ে ক’লে।

 ওৰণি লোৱা গোল মুখৰ আদহীয়া মানুহ এগৰাকীয়ে তিনিওটা ল’ৰাকে লাল চাহ আৰু চিৰা ভাজি দি গ’ল।

 ‘আপোনালোকে চাহকাপ খাই লওক। এখেতৰ গোসাঁই ঘৰত সোমাবৰ হৈছে। প্ৰাৰ্থনা কৰি আপোনালোকৰ ওচৰলৈ আহিব।’ তলমূৰকৈ কৈ মানুহগৰাকী ওলাই গ’ল।

 চাহকাপ খৰধৰকৈ শেষ কৰি মণি উঠিল।

 ‘ছাৰ, নিশান্ত আহি পাবৰ হৈছে। মই অলপ আগবাঢ়ি যাওঁ।’

 মণি গ’লগৈ। ছোফাত আৰামকৈ বহি আলোচনী এখন মেলি লোৱা নয়নক কোঠাটোতে এৰি দিহাং পিছ চোতাললৈ ওলাই আহিল। ৰঙা মাটিৰে ধুনীয়াকৈ মচি থোৱা পিৰালিত দুজোপা পঞ্চৱতী ফুল। বেঙুনীয়া ৰঙৰ ফুলবোৰ অ’ৰ-ত’ৰ পৰা ছিটিকি অহা পোহৰত অলপ অলপ জিলিকিছে। দিহাঙে ফুল এপাহ শুঙি চালে।

 আগচোতালৰ কাষৰ গোসাঁই ঘৰটোৰ পৰা প্ৰাৰ্থনাৰ মন জুৰোৱা সুৰ এটা উটি আহিল—

 ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি…..।’ প্ৰাৰ্থনাৰ লগতে ধূপ-ধূনাৰ গোন্ধ এটাও নাকত লাগিলহি দিহাঙৰ।

 সকলো প্ৰাৰ্থনাৰে কিজানি এক আশ্চৰ্য শক্তি থাকে। দিহাঙৰ মনৰ মাজতো নিমিষতে প্ৰাৰ্থনাটোৱে বাট এটা কাটি উলিয়ালে আৰু সেই বাটটোৰেই দিহাং অতীতলৈ চুঁচৰি গ’ল। মামাকহঁতৰ ঘৰৰ গোসাঁইঘৰত সদায় বিচিত্ৰ নাকী মাত এটাৰে প্ৰাৰ্থনা কৰিছিল আইতাকে। বহু সময়ত প্ৰাৰ্থনাটো কান্দোন এটাৰ দৰে শুনা গৈছিল। দিহাঙৰ ভাব হৈছিল সেই প্ৰাৰ্থনা আৰু কান্দোন ভগৱানৰ প্ৰতি নিৱেদিত হৈছিল তাৰ মাকৰ মংগলৰ বাবে। আবিয়ৈ মাতৃ জীয়েকজনীক লৈ কম চকুপানী টুকিছিল নে তাৰ আইতাকে! [ ১৪৫ ]

 সৰুকালৰ নুবুজা কথাবোৰ কৈশোৰ সোমায়েই ভালদৰে উপলব্ধি কৰিব পাৰিছিল দিহাঙে। আইতাকৰ জীৱিত কালত মাকক কেতিয়াও প্ৰাৰ্থনা কৰা দেখা নাছিল দিহাঙে। কিন্তু তেওঁ কীৰ্তন-দশম, বেদ-ভাগৱত সকলো পঢ়িছিল। অৱশ্যে তেওঁৰ সেই বিশেষ মুদ্ৰাটোত— আৰামী চকীত মুৰ গুঁজি, ক’লা মোটা ফ্ৰেমৰ চছমাযোৰ পিন্ধি। দিহাঙে জানিছিল বিশ্ব সাহিত্যৰ পোক মাকৰ বাবে এইবোৰ ধৰ্মগ্ৰন্থ নাছিল। আছিল সাহিত্য। কিন্তু আচৰিতভাৱে আইতাক ঢুকুৱাৰ পাছত উজনি অসমৰ সেই বৃহৎ ঘৰখনৰ চোৱা- চিতাৰ দায়িত্ব যেতিয়া বনমালীকাইৰ হাতত অৰ্পণ কৰিছিল মাক-জেঠায়েকে, দুয়োজনী মানুহকে আইতাকৰ গোসাঁইঘৰত সোমাই প্ৰাৰ্থনা কৰা দেখিছিল দিহাঙে। কেতিয়াও প্ৰাৰ্থনা নকৰা তাৰ বেংক বিষয়া মাক আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা জেঠায়েকে আইতাকৰ দৰেই সলসলীয়াকৈ গাব পাৰিছিল প্ৰাৰ্থনাটো। এই কথাটোৱে দিহাঙক খুব আচৰিত কৰিছিল।

 প্ৰাৰ্থনাৰ শেষত গামোচা এখনেৰে গা ঢাকি ধুতী পিন্ধা মানুহজন দিহাংহঁতৰ ওচৰলৈ আহিল। পঞ্চাছোৰ্ধ্বৰ মানুহ। কিছু সমীহ আৰু কিছু অস্বস্তিৰে তেওঁ সিহঁতৰ সমুখতে বহিল। মানুহজনৰ মুখত বলিৰেখাই টোকোৰা চৰাইৰ বাহটোৰ দৰে অজস্ৰ পাক তুলিছে। সেই পাকবোৰৰ মাজেদিয়েও তেওঁৰ ভয় আৰু বিৰক্তি স্পষ্টকৈ দিহাঙৰ চকুত পৰিল।

 তাৰ বাবে এই অভিজ্ঞতা নতুন।

 ‘আপুনি নৰেন দে...?’ দিহাঙৰ বাক্যটো সম্পূৰ্ণ নহ'লেই, মানুহজনে যিমান পাৰি বিৰক্তি লুকুৱাবলৈ চেষ্টা কৰি কৈ উঠিল— ‘নৰেনৰ দেউতাক মই।’

 অলপ সময় মনে মনে থাকি তেওঁ পুনৰ ক’লে—

 ‘তিনিজন থাকিব বুলি কৈছিল। বিছনা কিন্তু এখনেই আছে।’

 ‘হ’ব হ’ব খুৰাদেউ। আমি পাৰিম।' দিহাঙৰ সুধিবলগীয়া বহু কথা আছিল। কিন্তু মানুহজনৰ গোমোঠা মুখখনলৈ চাই কেনেদৰে কথা আৰম্ভ কৰা যায় সি অনুমান কৰিব নোৱাৰিলে।

 ‘নৰেন...?’— নয়নে সুধিলে।

 ‘গুৱাহাটীলৈ গৈছে কিবা কামত।’— মানুহজনে উত্তৰ দিলে।

 ‘এইকেইদিন আৰ্মী আহিছে বোলে এইফালে? আপোনালোকক কিবা কৈছে নেকি?’—নয়নে স্বাভাৱিকভাৱে সুধিলে। মানুহজনৰ মুখখন কেহৰাজ বৰণীয়া হ'ল। তেওঁ চকুযোৰ তুলি ল'ৰা দুটাৰ মুখলৈ আৰু ভগা ভগা মাতেৰে ক’লে—

 ‘বোপা, অসমীয়াত এষাৰ কথা আছে— দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ। আমি [ ১৪৬ ] সাধাৰণ মানুহবোৰৰ অৱস্থা তেনেকুৱাই হৈছে এতিয়া...।’

 তাৰ পাছত তেওঁ ক'লে কিদৰে দুই-তিনিবাৰ আৰ্মী আহি কেইবাঘৰতো সোমাই সংগঠনৰ কথা সুধিছে আৰু দুই-এজনক চৰ-গঁতাও দিছে। আৰ্মীৰ পাছতে সংগঠনৰ ল'ৰা আহে। ৰাতিও থাকে। খোৱা-বোৱাও দিব লাগে। নহ’লে বন্দুক দেখুৱাই ভাবুকি দিয়ে। আনহাতে আৰ্মীক কিবা কথা ক'লে ঘৰে ঘৰোৱাহে বন্দুকেৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। গাঁওখন ভয়তে পেপুৱা লাগিছে।

 দিহাঙৰ কপালৰ গাঁঠি থুপ খালে। বৰ বেয়া কথা হৈছে। ধমকি দি গাঁৱত থকা- খোৱা কৰাটো বৰ বেয়া কথা হৈছে। এনে হ’লে সংগঠনৰ প্ৰতি ৰৈ যোৱা আস্থাকণো নোহোৱা হ’ব মানুহৰ। আচল কথা হ’ল পাবতগজা ল’ৰাবোৰৰ অতপালিত মানুহৰ পৰা বিচ্ছিন্ন হৈ পৰিছে সংগঠনটো। মানুহক বিপ্লৱৰ প্ৰতি সজাগ কৰি তুলিব পৰা হ'লে এইদৰে মানুহক ভয় খুৱাই সুবিধা আদায় কৰিবলগীয়া অৱস্থা নহ’লহেঁতেন। সহায়ৰ বাবে মানুহ নিজেই আগবাঢ়ি আহিলেহেঁতেন। প্ৰতিজন মানুহেই একোটাহঁত বিপ্লৱী সত্তা হৈ উঠিলেহেঁতেন।

 বেছিদিনৰ কথা নহয়— লখিমপুৰ জিলাৰ হাৱাজানৰ শিক্ষক এজনৰ ঘৰত কেইদিনমানৰ বাবে সংগঠনৰ চাৰিজন ল’ৰাই জোৰ কৰি আশ্ৰয় লৈছিল। শান্তিপ্ৰিয় মানুহঘৰ বৰ অস্বস্তিত পৰিছিল। আৰক্ষীয়ে গম পালে শুদাই নেৰিব— ইপিনে বিপ্লৱীৰ হাততো বন্দুক। ঘৰত শিক্ষকৰ পত্নী আৰু কলেজত পঢ়ি থকা গাভৰু জীয়েক। শিক্ষকজনে বহু গুণা-গঁথা কৰি কাষৰ থানাত খবৰ দিলেগৈ। অলপ সময়ৰ পাছতে আৰক্ষীয়ে আহি ঘৰটো বেঢ়ি ধৰিলেহি। গুলীয়াগুলীত সংগঠনৰ চাৰিওজন সদস্যৰ লগতে শিক্ষকজনৰ গাভৰু জীয়েকজনীও পেটত গুলী লাগি মৰিল। মুহূৰ্ততে ভৰা ঘৰখন মৰিশালি হ’ল। মজিয়াত তেজৰ ডোঙা, দেৱালত বুলেটৰ ফুটা। তাৰ পাছত গোটেই ঘটনাটোৰ বাবে শিক্ষকজনক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ নিৰ্দেশ দিলে সংগঠনৰ আদালতে। কথাবোৰ পাছত জানিব পাৰি দিহাঙে খুব দুখ পাইছিল। সাধাৰণ ৰাইজক সংগঠনে গিনিপিগ হিচাপে ব্যৱহাৰ কৰাৰ পক্ষপাতী কেতিয়াও নহয় দিহাং। শান্তিত জীয়াই থাকিবলৈ বিচৰাটো মানুহৰ ভুল কেনেকৈ হ’ব! এয়াতো মৌলিক অধিকাৰ। ৰাইজৰ অধিকাৰক সুৰক্ষিত কৰি ৰখাটোহে প্ৰকৃত বিপ্লৱীৰ ধৰ্ম।

 ‘খুৰাদেউ, আপোনালোকৰ যদি অসুবিধা হয় আমি আন কিবা ব্যৱস্থা কৰোঁ।’— দিহাঙে খুব বিনয়েৰে ক’লে। মানুহজনে অলপপৰ দিহাঙৰ মুখলৈ চাই ৰ’ল। তাৰ পাছত ক'লে— ‘নহয়, মই মানে সেইটো ক'বলৈ বিচৰা নাছিলোঁ।’

 দুটা বানবাটিত চিৰা-দৈ আৰু গুড় লৈ ওৰণিৰে মূৰ ঢাকি মানুহ এগৰাকী সোমাই [ ১৪৭ ] আহিল। কাঠৰ ঘূৰণীয়া টেবুলখনত বাটি দুটা আৰু পানী দুগিলাচ থৈ মানুহগৰাকী গ'লগৈ।

 ‘খাওক।’— নৰেনৰ দেউতাকে ক'লে। নয়ন আৰু দিহাং ইটোৱে সিটোৰ মুখলৈ চালে আৰু বাটি দুটা হাতলৈ ল’লে।

 ‘আমাৰ দুজন ল’ৰা আহি আছে। তেওঁলোক আহি পালেই আমি যামগৈ।’— দিহাঙে ক’লে। নয়নে চকুত প্ৰশ্নবোধক এটা লৈ দিহাঙলৈ চালে। অৰ্থ— ‘ক’লৈ যাব?’ মূৰ দুপিয়ালে দিহাঙে। হ’ব কিবা এটা।

 ‘আপোনালোকে ইচ্ছা কৰিলে থাকিব পাৰে মোৰ ল’ৰাই কৈছে যেতিয়া। কিন্তু যিকোনো মুহূৰ্ততে আৰ্মী আহি যায় ৷ দিন-কাল ভাল নহয় ৷ কেনেবাকৈ গম পালে এই বুঢ়া বয়সত মই...’ মানুহজনে দিহাঙৰ ব্যৱহাৰত অলপ সকাহ পাই মনৰ কথাখিনি কৈ পেলালে।

 ‘হয় খুৰাদেউ ! মই বুজিছোঁ। আপুনি চিন্তা নকৰিব। ল’ৰা দুজন আহি পাবৰ হৈছেই। সিহঁত আহি পালেই আমি যামগৈ। আমি আচলতে...’ দিহাঙৰ কথা শেষ নহ’লেই, পিছ দুৱাৰত কাৰোবাৰ আঙুলিৰ টোকৰ পৰিল। লগতে এটা চেপা মাত—

 ‘মা, মা দুৱাৰ খোল।’

 নৰেন ডেকা। লগত মণি আৰু ৰাজেন। ৰাজেনো সংগঠনৰ পহৰাদাৰী গোটৰ ল’ৰা। মণিয়ে দুয়োজনকে দিহাঙৰ লগত চিনাকি কৰি দিলে। প্ৰথম দৃষ্টিতে দিহাঙৰ ভাব হ’ল নৰেনক আগতে সি ক’ৰবাত দেখিছে। কিন্তু ক’ত দেখিছে মনত পেলাব নোৱাৰিলে।

 নৰেনক অন্যমনস্ক আৰু উদ্বিগ্ন দেখা গৈছিল। ৰুমাল এখনেৰে মুখ মচি মচি সি দিহাঙক ক’লে— ‘আপোনালোক ইয়াত থকাটো নিৰাপদ নহ’ব। আৰ্মী ৰাতিও আহিবলৈ লৈছে। নিশান্তক ইয়ালৈ নামাতি কাষৰ গাঁও এখনত ৰ’বলৈ দিছোঁ। খোৱা-বোৱা কৰাৰ পাছত আপোনালোক তালৈকে যাবগৈ লাগিব।’

 ‘খোৱা-বোৱা আমাৰ হৈছেই। সোনকাল কৰাই ভাল হ’ব।’ দিহাঙে কোৱাৰ লগে লগে আটাইকেইটা ল’ৰা উঠিল। পিছদুৱাৰেদি ওলাই সিহঁতে পিছবাৰীৰ হাবিতলীয়া বাট ধৰিলে।

 বাঁহ, আম-কঁঠাল, লেতেকু-বগৰীৰ একো একোখন ভৰা বাৰী ঘৰবোৰৰ পিছফালে। ঘিটমিটীয়া আন্ধাৰ। ওচৰৰে ক’ৰবাৰ পৰা ভাঁহি আহিছে শিয়ালৰ হোৱা আৰু কুকুৰৰ ভুকভুকনি। নিশাচৰ বিহংগ ডেউকাত আৱাজ তুলি উৰি গৈছে। জোনাকী পৰুৱাৰ গাৰ ঢিমিক-ঢিমাক পোহৰবোৰ সেউজীয়া গুল্মৰ আঁৰত লাজ লাজকৈ জ্বলিছে। তৰাভৰা অসীম আকাশ ওপৰত। [ ১৪৮ ]

 নিশ্চুপ হৈ সেই কুন্দতকটা ৰাতিটোৰ মাজেৰে আগুৱাই গৈছে ল’ৰাকেইটা। আধা ঘণ্টামান খোজকঢ়াৰ পাছত হাবিখন শেষ হ’ল। শেষ গছজোপাৰ পৰা এখন বহল ধাননি পথাৰৰ আৰম্ভণি। ধান চপোৱাৰ পাছত উদং নৰাৰে ভৰি থকা পথাৰখন জোনাকী আৰু তৰাৰ বিন্দু বিন্দু পোহৰত বৰ বিমৰ্ষভাৱে জিলিকি উঠিছে। পথাৰখনৰ সিপাৰে সৰু সৰু হালধীয়া পোহৰ কিছুমান দেখা গ’ল। চাকি আৰু বিজুলীবাতিৰ পোহৰ! কিজানি এখন গাঁও!

 ‘মহাশয়, আমি এতিয়া সেই গাঁওখনলৈ যাব লাগিব। নিশান্তক তাতেই লগ পাম।'— মণিয়ে ক’লে।

 ‘মই আৰু আগনাবাঢ়ো। ইহঁতে বাট চিনি পায়েই। আপোনালোক যাব।’— নৰেনে ক’লে। গধূলিৰ মধুৰ শীতল বতাহ এজাকে কোবাই থকাৰ পাছতো নৰেন ডেকাই পেণ্টৰ পকেটৰ পৰা ৰুমাল উলিয়াই মুখ মচিলে। দৃশ্যটো চকুত বাজিল দিহাঙৰ।

 ‘কিন্তু দাদা, আপুনিও যোৱাৰ কথা আছিল দেখোন!’— ৰাজেনে ক'লে।

 ‘আছিল। কিন্তু মোৰ ঘৰুৱা কাম এটা ওলাল। তোমালোকক মই কাইলৈ পুৱা লগ ধৰিম৷’ নৰেন উভতিব ধৰিলে। লাহে লাহে আন্ধাৰত মিলি গ’ল নৰেনৰ বগা ছাৰ্টটো।

 পথাৰলৈ নামিব খোজা ল’ৰাকেইজনক হাতৰ ইংগিতেৰে বাধা দিলে দিহাঙে। ‘আমি অলপপৰ ইয়াতে ৰৈ পৰিস্থিতি বুজি লোৱাটো ভাল হ’ব। মুকলি পথাৰলৈ ঘপকৈ নামি নাযাবি।’— দিহাঙে ক’লে।

 সঁচাকৈয়ে অলপ সময়ৰ পাছতে সিহঁত ৰৈ থকা ঠাইৰ বাঁওপিনে এটা খচমচনি শুনা গ’ল। ল’ৰাকেইটা সজাগ হৈ উঠিল। অলপপৰৰ নীৰৱতা। তাৰ পাছত গুলীৰ শব্দই গধূলিৰ ঘুমন্ত নিৰ্জনতা থান্‌বান্‌ কৰি পেলালে। মণিৰ কাণৰ কাষেদি পাৰ হৈ যোৱা গুলী এটাই পিছফালৰ তামোল গছ এজোপাৰ এবখলা এৰুৱাই লৈ গ’ল।

 প্ৰতিআক্ৰমণৰ বাবে সাজু হৈ আটাইকেইটা ল’ৰা মাটিত পেট পেলাই শুই পৰিল।

 সমুখৰ পৰা যেনি-তেনি আহিবলৈ ধৰিলে গুলীবোৰ। দিহাংহঁতেও প্ৰত্যুত্তৰ দি গ’ল। ভঙা কাঁচৰ দৰে নীৰৱ গধূলিটো গুড়ি হৈ গ’ল…..।

 দহ মিনিটমানৰ পাছত সকলো নিটাল মাৰিলে।

 ‘ছাৰ, আমাৰ হাতত যথেষ্ট গুলী মজুত নাই। এটা কাম কৰোঁ— আমি শত্ৰুক ইয়াতে ব্যস্ত ৰাখোঁ— আপুনি অহা বাটেৰেই উভতি যাওকগৈ।’— নয়নে ক’লে।

 ‘পাগল হৈছ নেকি? মই তহঁতক এৰি নাযাওঁ।’ দিহাঙৰ খঙেই উঠিল অলপ।

 ‘ছাৰ, এই হাবি, পথাৰ আৰু গাঁৱৰ অলি-গলি আমাৰ নখদৰ্পণত। আপুনি নিশ্চিন্তে থাকক— আমাৰ একো নহয়। আমাৰ কিবা এটা হলেও সংগঠনৰ বিশেষ একো ক্ষতি নহ’ব। কিন্তু যদিহে আপোনাৰ কিবা এটা হয়...’ মণিয়ে দিহাঙক বুজাবলৈ যত্ন কৰিলে। [ ১৪৯ ]

 ‘..ইয়াৰ সকলো খবৰ, নথি-পত্ৰ চি এইচ কিউত জমা দিয়াটো খুব জৰুৰী কথা। সংগঠনৰ ভৱিষ্যতৰ লগত এই কথাটো জড়িত হৈ আছে। অন্ততঃ তেতিয়ালৈকে আপুনি বেছি ৰিস্ক লোৱাটো উচিত নহ'ব।’—নয়নে ক’লে। নয়নে জানিছিল চি এইচ কিউৰ প্ৰসংগৰ উল্লেখে দিহাঙক সিদ্ধান্ত এটা লোৱাত সহায় কৰিব।

 সমুখৰ পৰা পুনৰ কেইজাঁইমান গুলী এৰিলে প্ৰতিপক্ষই। দূৰত টৰ্চৰ পোহৰ দেখা গ’ল। মানুহৰ অনুচ্চ কথা-বতৰাও শুনা গ’ল। মণি আৰু ৰাজেনে গুলীৰে প্ৰত্যুত্তৰ দি থাকিল।

 ‘ছাৰ— আমাৰ একো নহয়। কাবৌ কৰিছোঁ— আপুনি যাওক। সংগঠনৰ বাবে আপোনাৰ জীৱনটো বৰ মূল্যৱান।’ দিহাঙক হাতেৰে টানি পিছুৱাই আহিল নয়ন।

 ‘আমি গুলীওৱা বন্ধ কৰিলেই শত্ৰু আগুৱাই আহিব। তেতিয়া কোনো সাৰিব নোৱাৰিম। আমি যে সংখ্যাত কম সেই কথাটো সিহঁতক বুজিবলৈ দিয়াটোও ঠিক নহ'ব।'— নয়নে ক’লে আৰু দিহাঙক পিছলৈ হেঁচুকিব ধৰিলে।

 ‘চি এইচ কিউৰ পৰৱৰ্তী মিটিঙত আপুনি থকাটো জৰুৰী। ভুলবোৰ ঠিক কৰি সংগঠনক পুনৰ ভালকৈ পৰিচালনা কৰাৰ বাবে আপুনি ভালে থাকিবই লাগিব।’

 বাটৰ কাষৰ জোপোহা এটাৰ আঁৰত স্থানুৰ দৰে থিয় দি থকা দিহাঙক সামৰিক কায়দাৰে চেল্যুট দি মণি আৰু ৰাজেনৰ ফালে দৌৰি গ’ল নয়ন।

 বন-জোপোহাৰ আঁৰ লৈ লৈ দিহাঙে আন এফালে খোজ দিলে। গুলীয়াগুলীৰ শব্দবোৰৰ পৰা অচিনাকি বাট এটাৰে আঁতৰি আহি থাকিল দিহাং।

 ‘কোন?’ চাকিৰ পোহৰত বাচন ধুই থকা ছোৱালীজনীয়ে মূৰ দাঙি জোপোহাটোলৈ চাই চিঞৰি সুধিলে।

 হাবি পাৰ হৈ, পথাৰ পাৰ হৈ, অচিনাকি নদীৰ গৰাত দুঘণ্টা শুই উঠি এইখিনি পাইছেহি দিহাং। পূৰা এটা নিশা আৰু এটা দিন জনপ্ৰাণীহীন অৰণ্যত আত্মগোপন কৰিলে দিহাঙে। শৰীৰ অৱশ হৈ আহিছে। সেইদিনা নিশা হাবিৰ মাজেৰে বাট বুলাৰ অলপ পাছতেই সি অনুমান কৰিব পাৰিছিল গাঁও আৰু হাবিখনৰ চৌপাশে আৰ্মী আৰু আৰক্ষীয়ে পিত্‌পিতাই ফুৰিছে। সিহঁতৰ চকুত ধূলি দি পাহাৰৰ বাট ধৰাটো সম্ভৱ নহ'ব বুলি বুজিয়েই আত্মগোপনৰ সিদ্ধান্ত লৈছিল দিহাঙে। শুকান নৰা আৰু চপৰানিৰ মাজেৰে দিনটো বগুৱাবাই আহি এতিয়া এই গাঁও পাইছেহি দিহাং। অলপ আহাৰ আৰু নিদ্ৰাৰ প্ৰয়োজন হৈছে। নিশাটো পাৰ হ’লে পুৱালৈ এটা সিদ্ধান্ত ল’ব পৰা যাব। দিহাং স্থিৰ হৈ থাকিল। সি ভাবিছিল চুপ-চাপ বাচন ধুই ছোৱালীজনী ভিতৰলৈ যাবগৈ। কিন্তু বাচনজাপ তাতেই এৰি তাই দিহাং লুকাই থকা জোপোহাটোৰ ফালেহে আগবাঢ়ি আহিল। [ ১৫০ ]  ‘কোন...? কোন আছে তাত?'— ডিঙি মেলি মেলি সুধিলে ছোৱালীজনীয়ে।

 অলপ সময় দিহাঙে কিবা এটা ভাবিলে। তাৰ পাছত চাকিৰ পোহৰে ঢুকি পোৱা ঠাইলৈ আহিব খুজিলে। হঠাতে চকুৰ সমুখত মানুহ এটা দেখি ভয় খাই চিঞৰিব খুজিছিল ছোৱালীজনীয়ে। দিহাঙে ক্ষিপ্ৰ গতিৰে আগুৱাই আহি ছোৱালীজনীৰ মুখত সোপা দি ধৰিলে। চাকিটো মাটিত পৰি গ’ল।

 ভয়ত গোঁ-গোঁৱাই থকা ছোৱালীজনীৰ কাণে কাণে দিহাঙে ক'লে— ‘ভয় নকৰিব। মই আপোনাৰ একো অন্যায় নকৰোঁ।’

 ছোৱালীজনীৰ গোঁ-গোঁৱনি বন্ধ হ’ল। তাই স্থিৰ হৈ থিয় দিলে আৰু খুব সহজভাৱে মুখৰ পৰা দিহাঙৰ হাতখন এৰুৱাব খুজিলে। দিহাঙে পিছফালৰ পৰা ছোৱালীজনীৰ কঁকালত কপকপীয়াকৈ সাবটি ধৰি এখন হাতেৰে মুখখন হেঁচি ৰাখিছিল। তাই তেনেকৈয়ে তাৰ ফালে ঘূৰিল আৰু মুখলৈ চালে। খুব চিনাকি চিনাকি লগা মুখ এখন। বিস্ময়ত ডাঙৰ হৈ গৈছে চকুহাল। ভয়ৰ চিন-মোকাম নাই।

 দিহাঙে ছোৱালীজনীৰ মুখৰ পৰা হাতখন আঁতৰাই আনিলে। মাটিত কাটি হৈ পৰি নুমাওঁ নুমাওঁ হোৱা চাকিৰ পোহৰত দুয়োটাই দুয়োটাৰ মুখলৈ কিছুপৰ চাই ৰ’ল। তাৰ পাছত প্ৰায় একে সময়তে চিঞৰি উঠিল— ‘তই?’


 মীৰাৰ চাদৰৰ আঁচল বুকুৰ পৰা মাটিত খহি পৰিছিল। তাই খপজপকৈ আঁচল সামৰি দিহাঙৰ হাতত ধৰি ভিতৰলৈ চোঁচৰাই নিলে।

 বাঁহেৰে চোৱা মীৰাহঁতৰ ঘৰৰ বৰচাঙত বাগৰি দিহাঙে নয়নহঁতৰ কথাই ভাবিলে। সিহঁত ভালে আছে নে চাগে’! চি এইচ কিউৰ মিটিংখন বহু দিশৰ পৰাই সংগঠনৰ বাবে জৰুৰী। বিভিন্ন বিষয় উত্থাপন কৰিবলগীয়া আছে তাত। সিদ্ধান্ত ল’বলগীয়া আছে। ধূলি-বালি-ছাই লাগি বিবৰ্ণ হৈ পৰা বিপ্লৱৰ আদৰ্শক ঘঁহি-পিহি উজ্জ্বল কৰি তোলা প্ৰক্ৰিয়াটোৰ আৰম্ভণি সেই মিটিংখনৰ পৰাই কৰিব লাগিব। নহ’লে দিহাঙে নয়নহঁতৰ কথা মানি সিহঁতক এৰি পলাই নাহিলহেঁতেন।

 এইখন গাঁৱত মীৰাক এনেদৰে লগ পাই যোৱাটোও বৰ আচৰিত কথা। যেন চকুৰ সমুখৰ পৰা কেইটামান বছৰ ধোঁৱা হৈ আঁতৰি গৈছে আৰু দিহাং থিয় হৈছেগৈ যৌৱনৰ চক-মক উজ্জ্বলতাৰে ঘেৰা কটন কলেজৰ দিনবোৰত। ফিজিক্সৰ শ্ৰেণীকোঠাত অকলশৰে বহি থকা দিহাঙৰ কাষত হুৰমূৰকৈ বহি পৰিছেহি গুলপীয়া কটনৰ শাৰী পিন্ধা মীৰা নামৰ ধুনীয়া ছোৱালীজনী। [ ১৫১ ]

 চিলমিলকৈ টোপনি আহিছিল তাৰ। বৰচাঙৰ ফুটাৰে মুখ উলিয়াই ফুচফুচাই মাতিলে মীৰাই— ‘নামি আহ। তলতে ভাত খাবি। এই ৰাতিখন পুলিচ-আৰ্মী ইয়ালৈ নাহে।’

 মচুৰ দাইল, আলু ভজা, বিলাহী চাটনি আৰু জলফাইৰ মিঠা আচাৰেৰে ধোঁৱাই থকা গৰম ভাত একাঁহী গোগ্ৰাসে খালে দিহাঙে। তাৰ পাছতহে সি মীৰাৰ মুখলৈ চালে।

 ‘ঘৰত কৈছ?’

 ‘মাৰ গা ভাল নহয়। নিজৰ কোঠাত কেতিয়াবাই শুলে। দাদা শনিবাৰে ৰাতিহে ঘৰলৈ আহে।’— মীৰাই ক’লে।

 ‘তোৰ বিয়া হোৱা বুলি শুনিছিলোঁ।’

 ‘দুবছৰৰ আগতে মানুহজন এক্সিডেণ্টত ঢুকাল। শহুৰৰ ঘৰত থাকিব নোৱাৰি ঘৰলৈ উভতি আহিলোঁ। এতিয়া ওচৰৰে হায়াৰ ছেকেণ্ডাৰী এখনত সোমাইছোঁ।’

 ‘তইতো বৰপেটাৰ কলেজ এখনত কাম কৰা বুলি শুনিছিলোঁ।’

 ‘বিয়াৰ পাছতে তেখেতৰ কথা মতে চাকৰি এৰি দিছিলোঁ।’ মীৰাৰ দীঘল হুমুনিয়াহ এটা ওলাই আহিল।

 দিহাঙে ভালদৰে তাইৰ মুখলৈ চালে। দুৰ্ভাগ্যই হেঁচি ধৰা এইজনী মীৰা আগতকৈ বহু গহীন হ’ল। চকু-মুখত আগৰ হাঁহিৰ জিলিঙনি নাই। মুখত বয়সৰ সাঁচ। তথাপি এতিয়াও মীৰা যথেষ্ট ধুনীয়া হৈ আছে।

 ভাত খোৱা কাঁহী-বাটিবোৰ সামৰি কোঠাটোত সোমায়ে দুৱাৰৰ খিলি লগালে মীৰাই। এইটো তাইৰ কোঠা। ইয়াৰ পৰাই বৰচাঙলৈ উঠিব পাৰি। জখলাটো এতিয়া মীৰাৰ বিছনাৰ তলত। দিহাঙে জখলাটো উলিয়াব খুজিছিল। মীৰাই ধৰফৰাই উঠিল— ‘ৰচোন ৰ। ইয়াতে বহ অলপ পৰ। বহুদিন কাৰো লগত কথাই পতা নাই।'

 দিহাঙে কিবা এটা ভাবিলে। তাৰ পাছত ক’'লে— ‘চাকিটো নুমাই দে তেনেহ'লে। নহ’লে বাহিৰৰ পৰা দেখিলে সন্দেহ কৰিব কোনোবাই।’

 মীৰাই ফুঁ মাৰি চাকিটো নুমুৱালে। বাটামী ঘৰটোৰ বাঁহৰ ভেণ্টিলেটৰেৰে ৰূপালী জোনাক এচমকা কোঠাটোলৈ সৰকি আহিল। এনেকুৱা মায়াৱী পোহৰত সকলো বস্তুকেই মায়াৱী যেন লাগে। দিহাঙৰ সমুখত বহি থকা বগা-নীলা বোৱা কাপোৰ পিন্ধা মীৰাকো সেই অপূৰ্ব পোহৰৰ বৰ্ণচ্ছটাই নিজৰ স্পৰ্শৰে মায়াৱী কৰি তুলিছে। মুখ আৰু পিঠি ঢাকি ৰখা তাইৰ দীঘল ঢৌ খেলা চুলিকোচাত জোনাকৰ পৰা লুকাই সৰা আন্ধাৰ অলপে অলসভাৱে মূৰ গুঁজি দিছে।

 দিহাং বিছনাখনত আঁউজি বহি আছিল। চুলিখিনি অপূৰ্ব ভংগিমা এটাৰে খোপা [ ১৫২ ] এটা বান্ধি লৈ দিহাঙৰ কাষতে বহিল মীৰা।

 ‘তোৰ খবৰ ক।’— সহজভাৱে ক’লে তাই।

 দিহাঙে ম্লান হাঁহি এটা মাৰিলে। আচৰিতভাৱে সিহঁতৰ সমুখৰ পৰা যেন বৰ্তমান অদৃশ্য হৈ গ’ল আৰু উদ্ভাসি উঠিল অতীত। গুণগুণকৈ সিহঁতে কলেজীয়া দিনবোৰৰ কথা পাতিলে। সুখময় দিনৰ সোঁৱৰণিয়েও মানুহক আশ্চৰ্য শান্তি দিব পাৰে। দিহাঙে মন কৰিলে— সংগঠনৰ বিষয়ে একো নুসুধিলে মীৰাই। এইটো তাইৰ স্বভাৱেই বেয়া পোৱা প্ৰসংগ এটাক লৈ তাই কেতিয়াও কথা পাতিব নিবিচাৰে।

 দিহাঙে বুজি পালে সংগঠনক লৈ যথেষ্ট অসন্তুষ্ট মীৰা।

 ক্ৰমশঃ অৱসাদে দিহাঙৰ চকুৰ পতা জপাই দিব খুজিলে। মীৰাই যেন বুজিলে কিবা এটা।

 ‘তই শো— মই সাৰে থাকিম।’ — ক’লে তাই।

 ‘মই পোহৰ হোৱাৰ আগতেই যাবগৈ লাগিব।’— দিহাঙে ক'লে। ‘হ’ব। মই জগাই দিম।’

 আন্ধাৰ, নিৰ্জনতা, কাষত এগৰাকী মমতাময়ী নাৰীৰ উপস্থিতি। পৰম নিৰ্ভয়তাৰে দিহাঙে চকু মুদিলে।


 বিছনাৰ পৰা নামি কোঠাটোৰ একমাত্ৰ কাঠৰ চকীখনত বহি পৰিল মীৰা। তাইৰ জীৱনত কোনে ছটিয়াই দিলে এই অপাৰ্থিৱ মুহূৰ্তকেইটা? সেই যে কেতিয়াবা দিহাঙৰ অকণমান আগ্ৰহ, মৰমভৰা চাৱনি এটাৰ বাবে হামৰাও কাঢ়ি ফুৰিছিল তাই—। এতিয়া, সেই দিহাং তাইৰ শোৱা কোঠাত, তাইৰ বিছনাত। অবোধ শিশু এটাৰ দৰে টোপনি গৈছে সি। কিন্তু হা— সিহঁতৰ মাজত এতিয়া সাতখন সমুদ্ৰৰ ব্যৱধান। দিহাঙৰ কাষত বহি তাৰ আউল-বাউল চুলিখিনিৰ মাজত আঙুলিকেইটা ভৰাই দিবলৈ তীব্ৰ ইচ্ছা গ’ল মীৰাৰ। তাই দুয়োখন হাত মুঠি মাৰি ধৰিলে। লাহে লাহে তাই বুজিব পাৰিলে তাইৰ বহুদিনৰ অনাঘ্ৰাত শৰীৰ আকুল হৈ উঠিব খুজিছে। পাপ কি পুণ্য কি মীৰাই নাজানে। কিন্তু জানে— - দিহাঙৰ চকুত তাই সৰু হৈ যাবলৈ নিবিচাৰে!

 যদিহে দিহাং সাৰে থাকিলহেঁতেন— যদিহে দিহাঙে বিচাৰিলেহেঁতেন তাই নিশ্চয় এই ৰাতিটোক অন্যধৰণে সজাই তুলিলেহেঁতেন।

 মীৰাৰ চকুলো নিগৰি আহিল। কৰতৰ দৰে সেই ক’লা ৰাতিটোৱে তাইক ৰেপিবলৈ ধৰিলে।

 টং টংকৈ তিনি বজাৰ সংকেত দিলে ঘড়ীটোৱে। দিহাঙৰ গাত জোকাৰি জগাই দিলে মীৰাই। দিহাঙৰ কথা মতে তাই দাদাকৰ পুৰণা লুঙী এখন আৰু ফটা গেঞ্জী এটা [ ১৫৩ ] বিচাৰি আনিলে। কাপোৰসাজ সলোৱাৰ পাছত চিনিব নোৱৰা হৈ পৰিল দিহাং। নিখুঁত ছদ্মৱেশ।

 ‘তোক কি বুলি ধন্যবাদ দিওঁ মীৰা...!’ যাবলৈ ওলাই গভীৰভাৱে ক’লে দিহাঙে।

 ‘ভালে থাকিবি...।’— মীৰাই ক’লে।

 পোহৰ হ’বলৈ তেতিয়াও কিছুপৰ আছিল। আকাশত বিচিত্ৰ ৰূপেৰে জিলিকি আছিল তৰাৰ টাটু। বহু দূৰত আছিল এখন পাহাৰ — শিবিৰবোৰ বুকুত লৈ। তৰুণ স্বপ্নবোৰ বুকুত লৈ। দিহাং আগবাঢ়িল। শিলৰ দৰে মৌন হৈ থকা শেষ ৰাতিটোও তাৰ লগে লগে আগবাঢ়িল— পুৱতিৰ পিনে।

 (৬)

 অসমীক কোলাত লৈ পাহাৰৰ হেলনীয়াত বহি আছে দিহাং। অলপ আগতে সি পলিটিকেল ক্লাছটো কৰি উঠিছে। শিবিৰটো নিটাল হৈ আছে। যেন সেয়া মৰিশালিৰ নীৰৱতা— ধোঁৱা, ছাই আৰু উচুপনিৰ শেষত নিৰ্বিকাৰভাৱে বাঢ়ি আহিছে।

 গুলীয়ে থকা-সৰকা কৰা নয়ন-মণি-ৰাজেনৰ মৃতদেহৰ ফটো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পাইছিল। লগতে বৰ বৰ হৰফেৰে শিৰোনাম— ‘সংঘৰ্ষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত।’ ভিক্ষাৰীৰ ছদ্মৱেশ লৈ শিবিৰলৈ উভতি আহোঁতেই দিহাঙে খবৰটো পাইছিল। বৰ কষ্টেৰে সি নিজকে টানি আনিছিল পাহাৰখনলৈ। একধৰণৰ অপৰাধবোধত গলি গলি নিঃশেষ হ’ব ধৰিছে দিহাং। সি তেনেদৰে গুচি অহাটো উচিত হৈছিলনে সেই ৰাতি? এৰা— সংগঠনৰ বাবে তাৰ জীৱন অধিক জৰুৰী আছিল। তথাপি...!

 চকুৱেদি নিগৰি নহা অশ্ৰুবোৰ গোট মাৰি পাথৰ হৈছে বুকুত। দিহাঙৰ কোলাত সোমাই থকা অসমী দিহাঙৰ পাথৰৰ দৰে মূৰ্তি দেখি বিৰক্ত হ’ল। লেঙেৰাহ লেঙেৰাই তাই নীলা শেলুৱৈ আৰু কাঠফুলাই ছানি ধৰা প্ৰকাণ্ড শিল এটাৰ পিনে আগবাঢ়িল।


 হেমন্ত কালৰ পুৱা। অৰণ্যৰ সৰ্বত্ৰ এটা পাতল ৰঙচুৱা চামনি পৰিছে। বতাহত বিয়পিছে মন উদাস কৰা মদৰুৱা গোন্ধ। ধীৰ গতিৰে গছৰ পৰা পাতবোৰ সৰিছে– পোৰা মাটিৰ বৰণ লোৱা শুকান পাতবোৰ। চৰাইৰ মাততো কি এক মন বেয়া কৰা উদাস সুৰ!

 ওপৰৰ পৰা নিৰ্দেশ আহিছে এসপ্তাহমানৰ ভিতৰতে এই শিবিৰ উঠাই দিব লাগিব। শত্ৰুপক্ষই বোলে শিবিৰৰ বিষয়ে তথ্য পাইছে আৰু আক্ৰমণৰ প্ৰস্তুতি চলাইছে। গোপন সূত্ৰই দিছে এই খবৰ। ইতিমধ্যে অস্ত্ৰ-শস্ত্ৰ আৰু নথি-পত্ৰবিলাক এই শিবিৰৰ পৰা স্থানান্তৰিত কৰা হৈছে। প্ৰতিআক্ৰমণৰ অনুমতি দিয়া নাই শীৰ্ষ নেতৃত্বই। তাৰবাবে [ ১৫৪ ] পৰৱৰ্তী সাধাৰণ সভালৈকে বাট চাব লাগিব। সোনকালেই এই পাহাৰ এৰি যাব লাগিব। অসমীক এৰি যাব লাগিব। ক’লৈ যাব লাগিব দিহাঙে এতিয়াও নাজানে। দূৰত কোমল ঘাঁহ এডাল একান্তমনে চোবাই থকা অসমীলৈ চালে দিহাঙে। তাইৰ ঠেংটো আগতকৈ ভাল হৈছে। কিন্তু এতিয়াও তাই খৰকৈ খোজ দিব বা দৌৰিব পৰা হোৱা নাই। আজি আবেলি জলাশয়টোৰ পৰা ঘাঁহনিডৰালৈ অসমীক লৈ যাব লাগিব। — দিহাঙে ভাবিলে। যদিহে পহুৰ জাকটো দেখা যায়— আজিয়েই তাইক এৰি দিব লাগিব তাত। নহ’লে কাইলৈ পুনৰ...। মুঠতে শিবিৰ এৰাৰ আগতে অসমীৰ ব্যৱস্থা এটা কৰিব লাগিব।

 ‘অসমী— অ’ অসমী’— দিহাঙে মাতিলে। অসমী লেকেচিয়াই লেকেচিয়াই তাৰ কাষ পালেহি।

 ‘তই বাৰু মোক পাহৰি যাবি নেকি?'— তাইৰ মূৰত হাত ফুৰাই দিহাঙে সুধিলে। অসমীয়ে অবোধ চকুহাল পিৰিকিয়ালে আৰু তলমূৰ কৰি দিহাঙৰ ভৰিত মূৰটো ঘঁহাবলৈ ধৰিলে।

 শিবিৰৰ পৰা গোভা আৰু ৰতন ওলাই আহিছিল। আজি ওপৰৰ পৰা নিৰ্দেশ লৈ ল’ৰা এজন অহাৰ কথা আছে। তলৰ পৰা তাক ইয়ালৈকে বাট দেখুৱাই আনিব লাগিব। তাৰ পাছতে সিদ্ধান্ত লোৱা হ’ব ইয়াৰ ল’ৰাবিলাকক ক’লৈ লৈ যোৱা হয়। দিহাঙক মাত লগাই গোভা আৰু ৰতন তললৈ নামিব ধৰিছিল। ৰঙচুৱা বৰণ লোৱা আকাশলৈ জুপি জুপি চাইছিল দিহাঙে। কেইটামান চিলনী উৰি আছে। কেইচপৰামান বগা ডাৱৰ ভাঁহি আছে। সেই ডাৱৰ কেইচপৰাৰ দৰেই জীৱন তাৰ। সময়ৰ বতাহৰ ওপৰত নিৰ্ভৰশীল। ভাবিলে দিহাঙে।

 জংকী আহি দিহাঙৰ কাষতে বহিলহি। ঠিক নয়ন বহাৰ দৰে। দিহাঙে তাৰ ফালে চাই লাহেকৈ হাঁহিলে— ‘কি হ’ল?’ জংকীয়ে একো উত্তৰ নিদিলে। চৌপাশৰ নীৰৱতাত মৌনতাৰে বহি থাকিল দুয়ো।

 হঠাতে গুলীৰ শব্দ শুনা গ’ল। গোভাহঁত যোৱাৰ দিশৰ পৰাই সেই শব্দ ভাঁহি আহিছে। উচাপ খাই থিয় হ’ল দিহাং আৰু জংকী। শিবিৰৰ ভিতৰত থকা ল’ৰাকেইটাও উধাতু খাই ওলাই আহিল। পুনৰ এজাঁই গুলীৰ শব্দ হ’ল। শব্দটোৰ পিনে আগবাঢ়িব খোজা ল’ৰা দুজনক বাধা দিলে দিহাঙে।

 ‘অলপ ৰ।’

 হঠাতে হাবি ভাঙি দৌৰি আহিল গোভা।

 ‘আৰ্মী ছাৰ! আজিয়েই আহিল সিহঁত। ৰতনৰ গাত গুলী লাগিছে। সিহঁতে ধৰি পেলাইছে তাক।’ ফোপাবলৈ ধৰিলে গোভাই। [ ১৫৫ ]

 ‘কিমান আছে?’

 ‘ধৰিব নোৱাৰিলোঁ। কিন্তু বহুত। দুফালৰ পৰা আহিছে।’ উত্তেজনাত ৰঙা পৰি ফোপাই-জোপাই ক’লে গোভাই।

 এয়া সিদ্ধান্ত লোৱাৰ সময়। তৎপৰ হ’ল দিহাং। ল’ৰাকেইটাৰ মুখলৈ চাই ক’লে সি— ‘এতিয়াই শিবিৰ এৰিব লাগিব। আত্মৰক্ষাৰ বাবেও এতিয়া আমাৰ হাতত প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ নাই।’ খৰধৰকৈ পিঠিৰ বেগত লাম-লাকটু কেইটামান গুঁজি লৈ ল’ৰাকেইটা অনিৰ্দিষ্ট যাত্ৰাৰ বাবে সাজু হ’ল।

 ভৰিত মুখ ঘঁহাই থকা অসমীলৈ চাই দিহাঙে ক'লে— ‘তহঁত যা। মই পাছত যাম।’  ল’ৰাকেইটা আচৰিত হ’ল।

 ‘কিয় ছাৰ?’— সমস্বৰে সুধিলে সিহঁতে।

 অসমীক কোলাত তুলি লৈ দিহাঙে ক'লে—– ‘এইক থৈ আহোঁ। তহঁত গৈ থাক।’ দিহাঙৰ মাতটো কঠোৰ হ’ল। সকলোৱে জানে— সেই কঠোৰতা ভাঙি দিহাঙক আৰু একো সুধিব পৰা নাযায়। ল’ৰাকেইটা শিবিৰৰ পিছফালে থকা থিয় পাহাৰখনৰ পিনে লুংলুঙীয়া বাট এটাৰে যাবলৈ ধৰিলে। অসমীক কোলাত লৈ দিহাঙে খোজ দিলে জলাশয়টোৰ পিনে।


 ...পিছফালে গুলীৰ শব্দ শুনা গ’ল। ল’ৰাকেইটা যিফালে গৈছিল, সেইফালৰ পৰাই আহিছে শব্দটো। ৰৈ ৰৈ পুনৰ এজাঁই গুলীৰ শব্দ। তাৰ পাছত ধাৰাসাৰ গুলীৰ শব্দ ভাঁহিবলৈ ধৰিলে। শংকাই গধুৰ কৰি তুলিলে দিহাঙৰ খোজ। অসমীক থৈ আহি সি সেই শব্দবোৰৰ ফালেই আগবাঢ়ি যাব— নিশ্চিতভাৱে যাব। সতীৰ্থক বিপদৰ সময়ত এৰি যোৱাৰ বেদনা আৰু অপৰাধবোধ আৰু এবাৰ সহ্য কৰিব নোৱাৰে সি।

 গুলীৰ শব্দই ভয় খুৱাই দিছে অসমীক। কুৰুকি কুৰুকি দিহাঙৰ বুকুৰ মাজত সোমাই পৰিল তাই। দিহাঙৰ খোজবোৰ খৰ হ’ল। সেই চিনাকি বননিত এতিয়া আছেনে চাগে’ পহুৰ জাক — নে অসমীক এৰি আহিব লাগিব অকলশৰে!

 পশ্চাদৰ পাতল ধূসৰ বতাহজাক যেন কেনেবাকৈ গধুৰ হৈ আহিছে। শুকান পাতত মৰমৰনি তোলা মানুহৰ খোজৰ শব্দ বৈ অনা নাইনে বতাহে। থমকি ৰৈ চৌপাশে চালে দিহাঙে। সোঁহাতেৰে কঁকালত থকা বন্দুকটোও চুই চালে এবাৰ। এটা অদ্ভুত কম্পনে সামৰি লৈছে অৰণ্যখনক। ৰঙচুৱা গছ-বনৰ ওপৰেৰে উদাসভাৱে বৈ যোৱা সেই কঁপনি ৰোগীৰ গাৰ কঁপনিৰ দৰে। মৃদু অথচ নিৰ্মম আৰু বেদনাদায়ক। পুনৰ সমুখলৈ খোজ দিলে দিহাঙে।

 সি অনুভৱ কৰিলে, তাৰ সোঁৱে-বাঁৱে অজস্ৰ খোজৰ খৰমৰনি। যেন বন্দুকৰ [ ১৫৬ ] অনেক নল তাৰ পিনে পোনোৱা আছে। তেনেহ’লে কি এয়াই শেষ— চকুত শেষবাৰৰ বাবে তিৰবিৰাইছে পৃথিৱীৰ এই চিৰায়ত আলো!

 দিহাঙৰ খোজবোৰ দৃঢ় হ’ল। অসমীক বুকুত জোৰেৰে সাবটি ল’লে সি। সি নিশ্চিত হ’ল তাৰ চৌপাশে মেকুৰীৰ দৰে তাক ঘেৰি আগুৱাইছে ৰাষ্ট্ৰৰ অস্ত্ৰধাৰী সেনা। কিন্তু সিহঁতে গুলীওৱা নাই কিয়? নে দিহাং ৰাজগুৰুক সিহঁতে জীৱন্তে ধৰিব বিচাৰে!

 এনেদৰে—

 যেন অনন্ত সময়ৰ পাছত, যেন অনন্ত পথ অতিক্ৰম কৰাৰ পাছতহে দিহাঙে দেখা পালে জলাশয়টো। ঘাঁহনিডৰা উদং। পহুৰ জাকটো নাই। কোনো নাই। জলাশয়ৰ দাঁতিত নাম নজনা বেঙুনীয়া ফুল ফুলিছিল। হেমন্তৰ ৰক্তিম ধূসৰতাত সদৰ্পে জিলিকি উঠা বেঙুনীয়া বনৰীয়া ফুলৰ জোপাটোৰ কাষতে অসমীক লৈ থিয় হ’লগৈ দিহাং।

 অসমীক কোলাৰ পৰা নমাই দিলে সি। অৰণ্যখনৰ ওপৰেৰে বাগৰি যোৱা নিৰ্মম কঁপনিটো তাইৰ গালৈকো বিয়পিছিল। থথককৈ কঁপি কঁপি অসমীয়ে তাইৰ ডিঙিটোৰে দিহাঙৰ ভৰি এটা মেৰাই ধৰিব খুজিলে।

 গু–ৰু–ম! শূন্যতে এটা শব্দ হ’ল। জলাশয়টোৰ পৰা এজাক চৰাই আকাশলৈ উৰি গ’ল। অসমীৰ কাষতে আঁঠুকাঢ়ি বহি পৰিল দিহাং। সি দেখিলে বন্দুক টোৱাই প্ৰায় বিছজনমান সেনা তাৰফালে আগুৱাই আহিছে।

 ‘হেণ্ডছ আপ!’— চিঞৰিলে এজনে।

 দিহাঙে চাৰিওফালে চালে আৰু কিবা এটা ভাবিলে। বন্দুক উলিওৱা মানে নিশ্চিত মৃত্যু। ধাৰাসাৰ গুলীৰ ধুমুহা ব’ব। তাৰ লগতে অসমীও মৰিব। দিহাঙে অসমীৰ গাত হাত ফুৰালে। বিৰবিৰাই ক'লে— ‘মোক ক্ষমা কৰি দিবি অসমী।' তাৰ পাছত মাটিত হাত থৈ ক’লে— ‘মোক ক্ষমা কৰি দিবি আই অসমী।’

 তাৰ হাত আপোনা-আপুনি এইবাৰ কঁকালৰ বন্দুকটোৰ পিনে গ’ল।

 ‘হেণ্ডছ আপ!’— পুনৰ এটা চিঞৰ ভাঁহি আহিল। বন্দুক খামুচি ধৰা হাতখন তেনেদৰেই ৰাখিলে দিহাঙে আৰু কিবা এটা ভাবি পিছলৈ চালে।

 গুৰুম! এটা গুলীৰ শব্দ। দিহাঙে অনুভৱ কৰিলে তাৰ উৰুৱেদি উত্তপ্ত লোৰ শলা এডালহে যেন সুমুৱাই দিছে কোনোবাই। হৰ্‌হৰাই ওলাই অহা তেজে ঘাঁহনিডৰা পলকতে ভিজাই পেলালে। প্ৰচণ্ড শব্দেৰে আন এটা গুলী এইবাৰ দিহাঙৰ বাহুৱেদি সৰকি গ’ল।

 তেজত ভিজা বননিত চিত্‌ হৈ পৰি গ’ল দিহাং। সেই ৰঙচুৱা হৈমন্তিক দুপৰে ঠেও ধৰি নাচিলে তাৰ মুদ খাই অহা চকুত। ধূসৰ ৰক্তিম আকাশৰ ৰং ক্ৰমাৎ ধোঁৱা [ ১৫৭ ] ধোঁৱা হৈ আহিল— সেই ধুঁৱলি আকাশৰ পৰাই অসম্ভৱ উজ্জ্বল পোহৰ এচাটি তাৰ চকুত ফুলৰ দৰে সৰি পৰিল আৰু তাৰ চকুত জলক-তবক লগাই দিলে। চেতনা হেৰুওৱাৰ আগেয়ে মূৰটো হলাই দিহাঙে অসমী ক’ত চাবৰ যত্ন কৰিলে— একো নেদেখিলে। মাথোঁ বুটজোতাৰ শব্দ বননি গৰকি তাৰ ফালে আহি থকাৰ উমান পালে।


 পৰিশিষ্ট

 বহু বছৰ পাৰ হৈ গ’ল। বহুবাৰ গছবোৰ উদং হ’ল। পুনৰ সেউজীয়াৰে জাতিষ্কাৰ হৈ উঠিল। ফুল ফুলিল। মৰহিল। দূৰ ক'ৰবাৰ পৰা উৰি অহা বিহংগই পাণবজাৰৰ প্ৰকাণ্ড গছকেইজোপাত বাহ সাজিলে। কণী পাৰিলে। সেই কণী ফুটি পোৱালি হ’ল আৰু এদিন সিহঁতো দূৰ ক’ৰবালে’ উৰি গুচি গ'ল।

 কেতিয়াবা খীণকায় হৈ আৰু কেতিয়াবা ফেনে-ফোটোকাৰে দুৰন্ত হৈ অবিৰল লুইত বৈ থাকিল—।

 কিন্তু ৰ’দ-বৰষুণে স্পৰ্শ নকৰা, ফুল নুফুলা, চৰাই নুৰা এখন দগ্ধ পৃথিৱীয়ে দিহাঙক সাপৰ দৰে মেৰাই ধৰি থাকিল।

 জীৱন এনে নে— স্ৰোতহীন! বন্ধ জলাশয়ৰ পানীৰ দৰে স্থবিৰ আৰু শ্ৰান্ত! কাৰাগাৰৰ বন্ধ কুঠৰিত শুই শুই দিহাঙে ভাবে। মহানগৰীৰ প্ৰতিশ্ৰুতিহীন ধুঁৱলি আকাশ নিটাল মাৰি থাকে। কিমান দিন মহানগৰীৰ আকাশ নীলা হোৱা নাই— ফুলি উঠা নাই ধূলিয়ে ঢাকি ৰখা নিশাৰ তৰা।

 দিহাঙে তাৰ বুকুত খেপিয়াই চায়— ঘুমন্ত অগ্নিমুখৰ দৰে শুই আছে তাৰ বিপ্লৱী সত্তা। আৰু বিপ্লৱ। শ্যামল পাহাৰৰ শিবিৰবোৰ ভাঙি পেলোৱা হ’ল। ৰঙা সূৰ্যৰ সপোন দেখা বহুবোৰ চকুতে এতিয়া বৈভৱ আৰু ক্ষমতাৰ ছাঁ। যি আদৰ্শৰ আঙুলি খামুচি দিহাংহঁত গুচি আহিছিল কেতিয়াবা – সেই আদৰ্শ এতিয়া নিজেই পথভ্ৰষ্ট পথিকৰ দৰে আতুৰ।

 ক’ত কি ভুল হৈ গ'ল— দিহাঙে উভতি চোৱাৰ যত্ন কৰে। কিন্তু সান্ধ্য ছবিৰ দৰে ছাঁ-পোহৰৰ অগা-ডেৱাত একোৱেই স্পষ্ট হৈ নুঠে।

 দিহাঙে এখন হৰিৎ অৰণ্যৰ সপোন দেখে। এখন সেউজীয়া পাহাৰৰ খলা-বমা আৰু নিৰ্জনতাৰ সপোন দেখে।

 ক’ৰবাৰ পৰা নয়ন আহি তাৰ কাষতে বহেহি। বতাহত হালি-জালি থকা আবেলিৰ জকমক সোণাৰু ফুলবোৰলৈ চাই নয়নে বিৰবিৰায়— ‘এটা কবিতা শুনাওক।’ [ ১৫৮ ]

 ...লেঙেৰাই লেঙেৰাই অসমী আহে। অবোধ শিশুৰ দৰে দিহাঙৰ কোলাত মূৰ গুঁজি দিয়ে।

 দিহাঙে শুই শুই পাইনৰ অৰণ্য এখনৰ সপোন দেখে। পাইনৰ বতাহে কোবাই যোৱা মাকৰ দুখী দুখী মুখখনে তাৰ বুকুত আঁচুৰি যায়— আস! কিমান দিন যে মাকৰ কোলাত মূৰ থোৱা হোৱা নাই।

 ক্ৰমশঃ এই সকলো ছবি সপোনৰ কুঁৱলীয়ে ঢাকি দিয়ে। স্পষ্টতৰ হৈ আহে ধানবৰণীয়া এখন মুখ। জাহ্নৱীৰ মুখ। গালেৰে বাগৰি অহা এধাৰি চকুলোক বাধা দিবলৈ প্ৰাণপণ চেষ্টা কৰি থকা শান্ত-কোমল এখন মুখ।

 সপোন আৰু দিঠকৰ এডাল স্পৰ্শৰেখাই দিহাঙক কপকপীয়াকৈ বান্ধি পেলাব খোজে। চকুত তৰপে তৰপে মেঘ জমে। কাৰাগাৰৰ চৌহদ অস্পষ্ট হৈ আহে— অতীত, বৰ্তমান অস্পষ্ট হৈ আহে—

 ...আৰু সেই প্ৰচ্ছন্নতাৰ পৰা দিহাঙক মুহূৰ্তৰ বাবে তুলি ধৰিবলৈ ‘তেওঁ’ আহে— সেই অনন্য সাধাৰণ মানুহগৰাকী।

 সপোন নেকি— দিহাঙে দুচকু বহলকৈ মেলি ধৰে। তেওঁতো আছিল দূৰৰ ৰামধেনু— কি বাটেৰে নামি আহিল তাৰ ঋতুহীন পৃথিৱীলে’।

 দিহাঙে সেই উজ্জ্বল, সপ্ৰতিভ মানুহগৰাকীৰ মুখলৈ তথা লাগি চাই ৰয়। জীৱনৰ বিয়লি পৰতো মানুহগৰাকীৰ দেৱী প্ৰতিমাৰ দৰে খনিকৰে অঁকা চকু-মুখ প্ৰেম আৰু মমতাৰে টলবল হৈ আছিল।

 মামণি ৰয়ছম... মামণি ৰয়ছম... দিহাঙে আওৰায় সেই মন্ত্ৰপূত নাম। ধূলি ধূসৰিত অন্ধকাৰৰ মাজত যেন পোহৰৰ সূতা হেন লাহি বাট এটা জিলিকি উঠে। মানুহগৰাকীয়ে দিহাঙৰ বুকুলৈ ভুমুকিয়াই চায় আৰু ইচ-ইচাই উঠে—‘ইমান কষ্ট তোমাৰ — ইমান কষ্ট!’ তেওঁ দিহাঙৰ হাতত এটা কলম তুলি দিয়ে। এজোলোকা আশীৰ্বাদৰ দৰে স্পৰ্শ কৰে তাৰ হাত— ‘সুখী হোৱা!’ কঁপা কঁপা হাতেৰে দিহাঙে কলমটো খামুচি ধৰে, যেন ই অন্ধকাৰৰ শিপা কাটিব পৰা মায়াৱী ছুৰী এখনহে।

 দূৰ ক'ৰবাত— নদীৰ ডঁৰিয়লিত কোন কাহানিতে হেৰাই যোৱা এটা ছাঁ যেন এখুজি-দুখুজিকৈ দিহাঙৰ ফালে আগবাঢ়ি আহে। সি জুপি জুপি চায়— সেয়া তাৰ ছাঁ— নে সি!

 ( হাতত বন্দুক লৈ ওলাই যোৱা এজন সংগ্ৰামীয়ে সতীৰ্থৰ কথা মতে এবাৰ এটা হৰিণা গুলীয়াইছিল। পাছত তাক শুশ্ৰূষা কৰি হাবিত এৰি দিছিল তেওঁ। একালৰ সেই সংগ্ৰামী যুৱকজনক আমি এতিয়া কবি মেগন কছাৰী বুলি জানো। উক্ত কাহিনীটো ‘দেওবৰীয়া [ ১৫৯ ] অনুভূতি’ত পঢ়াৰ পাছতে গল্প এটা লিখাৰ কথা ভাবিছিলোঁ। কিন্তু এহাতে বন্দুক আৰু আনহাতত কবিতা লৈ ফুৰা সূক্ষ্ম অনুভূতিসম্পন্ন মানুহ এজনৰ বিষয়ে অনেক কথাইতো কল্পনা কৰি ল’ব পাৰি। সেয়ে গল্প নহৈ ‘ডঁৰিয়লি’ উপন্যাস হ’ল। উক্ত ঘটনাটোৰ বাদে বাকী সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক। মেগন কছাৰীৰ লগতো উপন্যাসৰ বাকী অংশৰ একো সম্পৰ্ক নাই। — লেখক)

[ বেটুপাতৰ দ্বিতীয় পৃষ্ঠা ]

গল্পৰ জৰিয়তে গীতালি বৰাই আমাৰ চিনাকি পৃথিৱীখন আৰু সৰল মানৱীয় সম্পৰ্কবোৰৰ আঁৰত থকা ছাঁ-পোহৰ আৰু গভীৰ ৰহস্যময়তাৰ সন্ধান কৰে। কাব্যিক ভাষা আৰু প্ৰতীকধৰ্মী প্ৰকাশেৰে তেওঁ এক নিজস্ব গল্পশৈলী তৈয়াৰ কৰিছে। প্ৰথম গল্প সংকলন ‘সম্ভৱতঃ’ৰ বাবে তেওঁ ২০০৮ চনত ‘মুনীন বৰকটকী বঁটা’ লাভ কৰে। পুৰাকথা আধাৰিত প্ৰথম অসমীয়া গল্প সংকলন ‘নিৰৱধি নৈৰাঞ্জনা’ৰ বাবে তেওঁ ২০১৫ চনত লাভ কৰে ‘হোমেন বৰগোহাঞি সাহিত্যিক বঁটা’।

গীতালি বৰাৰ জন্ম শোণিতপুৰ জিলাৰ দক্ষিণ কলাবাৰীত। তেওঁ অসমীয়া আৰু ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ। ডেৰ দশক ধৰি সাংবাদিকতা আৰু সাহিত্য সম্পাদনাৰ লগত জড়িত হৈ থকা গীতালি বৰা সম্প্ৰতি অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘প্ৰকাশ’ৰ সহযোগী সম্পাদক।

তেওঁৰ প্ৰকাশিত গল্পগ্ৰন্থ ‘সম্ভৱতঃ’, ‘অৰ্গল খোলা প্ৰিয়ম্বদা’, ‘এপল’ এপল”, ‘নিৰৱধি নৈৰাঞ্জনা’ আৰু একমাত্ৰ উপন্যাস ‘বুদ্ধজায়া’।

প্ৰচ্ছদ: সুমন দাস

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।