সমললৈ যাওক

পৃষ্ঠা:ডৰিয়লি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এটা সত্য দেখা পাওঁ

 – এই যে
 ছাঁৰ বাবে চকুলো টুকিছে
 আৰু আপোনাক শুনাইছে বিষাদ-মালিতা
 সেয়া আচলতে মোৰ ছাঁ
 আৰু যি হেৰাই গ’ল অকাতৰে
 সেয়া মই


 (১)

 ৰাতি পুৱাইছে। বন্দুকৰ শব্দত নহয়। এজাক চৰাইৰ কিচিৰ-মিচিৰ কোৰ্হালত। পুৱতিৰ শেঁতা পোহৰ এটুকুৰাই দিহাঙৰ চকুত আলফুলে টুকুৰিয়াই দিলে। লগে লগে দিহাং উঠি বহিল। মুখ-হাত ধুই সি যেতিয়া বাহিৰত থিয় হ'ল, তেতিয়া পূব আকাশ বগাৰ পৰা ৰঙচুৱা হ’বলৈ ধৰিছে। যোৱানিশা বৰষুণ হৈছিল। অৰণ্যৰ সকলোতে এতিয়া এটা নতুন চমকনি। সদ্যস্নাতা কিশোৰীৰ দৰে কোমল আৰু পবিত্ৰ ভাব।

 এই শিবিৰটো মানাহৰ উত্তৰ দিশত। বৰপেটা জিলাৰ সীমাত। পিছফালে ভূটানৰ শাৰী শাৰী পাহাৰ। বহু চিন্তা-ভাবনাৰ পাছত ইয়াত শিবিৰ পতাৰ সিদ্ধান্ত লৈছিল সংগঠনৰ বৰমূৰীয়াসকলে। নিৰাপত্তাৰ ফালৰ পৰা এইখিনি ঠাই শিবিৰৰ বাবে অতিকে উপযুক্ত। ভূটানৰ শেষ গাঁওখন আৰু অসমৰ সীমান্তমুৰীয়া লোকালয়ৰ পৰা ঠাইখনৰ দূৰত্ব প্ৰায় সমান। বেগেৰে খোজকাঢ়িলেও পাঁচঘণ্টামান লাগে। যদিও পশ্চিম মণ্ডলৰ মুখ্য শিবিৰ হিচাপে নংলাম শিবিৰ স্বীকৃত হৈছে, সংগঠনৰ প্ৰায়বিলাক কাম-কাজ পৰিচালিত হয় এইটো শিবিৰৰ পৰাহে।

 সেউজীয়া পাতেৰে চোৱা চালি আৰু বাঁহ-বেতৰ বেৰৰ গোহালি ঘৰৰ দৰে সৰু সৰু এমখা ঘৰ পাহাৰখনত।

 কোনোবাই হুইচেল বজালে। লগে লগে ঘৰবোৰৰ পৰা ডেৰ ডজনমান ল’ৰা ওলাই আহিল আৰু পেৰেডৰ বাবে শাৰী পাতিলে। চৰাইৰ কাকলি, বতাহৰ সোঁ সোঁ শব্দৰ লগত ল’ৰাহঁতৰ পেৰেডৰ শব্দ মিহলি হৈ বিচিত্ৰ সমলয়ৰ সৃষ্টি কৰিলে। দিহাঙে দেখিলে গোভা নামৰ নতুন সৈনিকজনে পেৰেডৰ মাজে মাজেও চকু মুদিছে। হয়তো ভালদৰে টোপনিৰ জাল ভগাই নাই। প্ৰশিক্ষক জংকীয়ে গোভাক এচৰ শোধালে। তাৰ

পাছত পানী এবটল আগবঢ়াই দিলে। গালে-মুখে পানী ছটিওৱাৰ পাছত গোভাক

১১৮