...লেঙেৰাই লেঙেৰাই অসমী আহে। অবোধ শিশুৰ দৰে দিহাঙৰ কোলাত মূৰ গুঁজি দিয়ে।
দিহাঙে শুই শুই পাইনৰ অৰণ্য এখনৰ সপোন দেখে। পাইনৰ বতাহে কোবাই যোৱা মাকৰ দুখী দুখী মুখখনে তাৰ বুকুত আঁচুৰি যায়— আস! কিমান দিন যে মাকৰ কোলাত মূৰ থোৱা হোৱা নাই।
ক্ৰমশঃ এই সকলো ছবি সপোনৰ কুঁৱলীয়ে ঢাকি দিয়ে। স্পষ্টতৰ হৈ আহে ধানবৰণীয়া এখন মুখ। জাহ্নৱীৰ মুখ। গালেৰে বাগৰি অহা এধাৰি চকুলোক বাধা দিবলৈ প্ৰাণপণ চেষ্টা কৰি থকা শান্ত-কোমল এখন মুখ।
সপোন আৰু দিঠকৰ এডাল স্পৰ্শৰেখাই দিহাঙক কপকপীয়াকৈ বান্ধি পেলাব খোজে। চকুত তৰপে তৰপে মেঘ জমে। কাৰাগাৰৰ চৌহদ অস্পষ্ট হৈ আহে— অতীত, বৰ্তমান অস্পষ্ট হৈ আহে—
...আৰু সেই প্ৰচ্ছন্নতাৰ পৰা দিহাঙক মুহূৰ্তৰ বাবে তুলি ধৰিবলৈ ‘তেওঁ’ আহে— সেই অনন্য সাধাৰণ মানুহগৰাকী।
সপোন নেকি— দিহাঙে দুচকু বহলকৈ মেলি ধৰে। তেওঁতো আছিল দূৰৰ ৰামধেনু— কি বাটেৰে নামি আহিল তাৰ ঋতুহীন পৃথিৱীলে’।
দিহাঙে সেই উজ্জ্বল, সপ্ৰতিভ মানুহগৰাকীৰ মুখলৈ তথা লাগি চাই ৰয়। জীৱনৰ বিয়লি পৰতো মানুহগৰাকীৰ দেৱী প্ৰতিমাৰ দৰে খনিকৰে অঁকা চকু-মুখ প্ৰেম আৰু মমতাৰে টলবল হৈ আছিল।
মামণি ৰয়ছম... মামণি ৰয়ছম... দিহাঙে আওৰায় সেই মন্ত্ৰপূত নাম। ধূলি ধূসৰিত অন্ধকাৰৰ মাজত যেন পোহৰৰ সূতা হেন লাহি বাট এটা জিলিকি উঠে। মানুহগৰাকীয়ে দিহাঙৰ বুকুলৈ ভুমুকিয়াই চায় আৰু ইচ-ইচাই উঠে—‘ইমান কষ্ট তোমাৰ — ইমান কষ্ট!’ তেওঁ দিহাঙৰ হাতত এটা কলম তুলি দিয়ে। এজোলোকা আশীৰ্বাদৰ দৰে স্পৰ্শ কৰে তাৰ হাত— ‘সুখী হোৱা!’ কঁপা কঁপা হাতেৰে দিহাঙে কলমটো খামুচি ধৰে, যেন ই অন্ধকাৰৰ শিপা কাটিব পৰা মায়াৱী ছুৰী এখনহে।
দূৰ ক'ৰবাত— নদীৰ ডঁৰিয়লিত কোন কাহানিতে হেৰাই যোৱা এটা ছাঁ যেন এখুজি-দুখুজিকৈ দিহাঙৰ ফালে আগবাঢ়ি আহে। সি জুপি জুপি চায়— সেয়া তাৰ ছাঁ— নে সি!
( হাতত বন্দুক লৈ ওলাই যোৱা এজন সংগ্ৰামীয়ে সতীৰ্থৰ কথা মতে এবাৰ এটা হৰিণা গুলীয়াইছিল। পাছত তাক শুশ্ৰূষা কৰি হাবিত এৰি দিছিল তেওঁ। একালৰ সেই সংগ্ৰামী যুৱকজনক আমি এতিয়া কবি মেগন কছাৰী বুলি জানো। উক্ত কাহিনীটো ‘দেওবৰীয়া