হৈছে। হাঁহি ওলাইছে দিহাঙৰ মুখতো। এইকেইদিন যিমান সময় পাৰে সি অসমীৰ লগতে আছে। তাৰ ঘৰটোৰ বাৰাণ্ডাতে বাঁহেৰে অকণমানি গঁৰাল এটা সজা হৈছে অসমীৰ বাবে। পাহাৰ-অৰণ্য একাকাৰ কৰি বুটলি অনা বনদৰব বেজজনে নিজে পিহি খুৱাইছে অসমীক। ভৰিত বান্ধিছে। দিহাং আৰু নয়নে বিলৰ কাষৰ ঘাঁহনিৰ পৰা কোমল ঘাঁহ কাটি আনিছেগৈ।
অসমীৰ চকুৰ পৰা আগৰ ভয় ভাবটো আঁতৰিছে। জীৱ-জন্তুৱে মৰম বুজি পায়— অসমীৰ ভেলেঙী চকুহাললৈ চাই এই কথাটো দিহাঙে পুনৰ এবাৰ উপলব্ধি কৰিছে। যাবলৈ ওলাই বেজজনে দিহাঙৰ হাতত মুকুতা দুটা তুলি দিলে। এটাৰ ৰং গাঢ় সেউজীয়া, আনটো ডাঠ মেৰুণ ৰঙৰ। সেউজীয়া মুকুতাবিধৰ নাম ‘য়ু’। ওখ পাহাৰৰ মাজত বিশেষ এবিধ শিলৰ মাজত এই মুকুতাবিধ পোৱা যায়। ভুটান আৰু তিব্বতৰ মানুহে বিশ্বাস কৰে যে এইবিধ মুকুতাই মানুহক নানা বেমাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
বেজে ক’লে— মেৰুণ ৰঙৰ মুকুতাটো অতি দুৰ্লভ প্ৰজাতিৰ। বজ্ৰপাত হোৱা ঠাইত এবিধ পোকৰ গাৰ পৰা এই মুকুতাবিধ সংগ্ৰহ কৰা হয়। বজ্ৰপাত আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা মানুহক বচাই ৰাখিব পৰা চিৰ’ নামৰ এই মুকুতাবিধ লগত থাকিলে বহু বেমাৰৰ পৰাও হেনো মানুহ হাত সাৰি থাকিব পাৰে।
‘তহঁত ভাল কামৰ বাবে ওলাই আহিছ। এইকেইটা তহঁতৰ কামত আহিব।’— খুব আন্তৰিকতাৰে ক’লে বেজজনে।
কৃতজ্ঞতাৰ ভাষা নাছিল দিহাঙৰ।
যাবলৈ সাজু হোৱা মানুহজনক ধন্যবাদ জনাই সি মাত্ৰ ক'লে— ‘লগ্ জা’গে ৰিন্ পচ্ছে’ (শুভৰাত্ৰি হে গুণময় ঈশ্বৰৰ দূত!)
অসমীয়ে দুপৰীয়াৰ আহাৰ খাই টোপনিয়াইছে। পলিটিকেলৰ ক্লাছটো কৰি উঠি
শিবিৰ থকা টিলাটোৰ দক্ষিণফালে হেলনীয়া শিল এচটাত বহিছে দিহাং। এমাহৰ
পাছতেই সি ভূটানৰ চি এইচ কিউলৈ যাব। ভূটান শিবিৰৰ মানুহখিনি এতিয়া কিছু
উদ্বিগ্নতাত আছে। ভাৰত চৰকাৰৰ হেঁচাত আগৰ বন্ধু ভাবাপন্ন ভূটানৰ ৰজা আৰু
নেতৃবৰ্গৰ কথাৰ সুৰো বোলে এতিয়া কিছু সলনি হৈছে।
অৱশ্যে এই সন্দেহ আগৰে পৰা আছিল দিহাঙৰ। যিখন ৰাষ্ট্ৰই নিজৰ জনসাধাৰণক মৌলিক স্বাধীনতাখিনি ভোগ কৰিবলৈ দিবলৈও কুণ্ঠাবোধ কৰে, সেইখন ৰাষ্ট্ৰ আন দেশৰ মুক্তিকামী সেনানীৰ বন্ধু হ’ব কিদৰে! দেশখনৰ জনগণৰ প্ৰধান জীৱিকা হ’ল পশুপালন আৰু কৃষি। উপযুক্ত বজাৰৰ অভাৱত তেওঁলোকে উৎপাদিত সকলে শস্য