লৈ নিশান্ত নামৰ ল’ৰা এজনো ইয়ালৈকে অহাৰ কথা।
পথাৰৰ পৰা উভতি অহা গৰুৰ হেম্বেলনিয়ে গাঁৱলীয়া বাটটোক যেন গিলিহে পেলাইছে। জিলীৰ মাত আৰু নামঘৰৰ পৰা ভাঁহি অহা দবা শংখৰ শব্দই শান্তি আৰু পবিত্ৰতাৰ জান-নাজান গোন্ধ এটা বতাহত এৰি দিছে।
গাঁৱত সোমোৱাৰ অলপ পাছতেই ল’ৰা এজনে সিহঁতক ভিতৰুৱা বাট এটায়েদি মানুহ এঘৰলৈ লৈ গ’ল। সংগঠনৰ পহৰাদাৰী গোটৰ ল’ৰা মণি। সৰু অসম আৰ্হিৰ ঘৰ এটাৰ পিছফালৰ কোঠা এটাত মণিয়ে সিহঁতক বহিবলৈ দিলে।
‘এইটো নৰেন ডেকাৰ ঘৰ। তেখেতে আমাক পুঁজি সংগ্ৰহৰ কামত সহায় কৰিছে। খবৰ অনা-নিয়া কামতো তেওঁ লাগি দিয়ে।’— মণিয়ে ক’লে।
ওৰণি লোৱা গোল মুখৰ আদহীয়া মানুহ এগৰাকীয়ে তিনিওটা ল’ৰাকে লাল চাহ আৰু চিৰা ভাজি দি গ’ল।
‘আপোনালোকে চাহকাপ খাই লওক। এখেতৰ গোসাঁই ঘৰত সোমাবৰ হৈছে। প্ৰাৰ্থনা কৰি আপোনালোকৰ ওচৰলৈ আহিব।’ তলমূৰকৈ কৈ মানুহগৰাকী ওলাই গ’ল।
চাহকাপ খৰধৰকৈ শেষ কৰি মণি উঠিল।
‘ছাৰ, নিশান্ত আহি পাবৰ হৈছে। মই অলপ আগবাঢ়ি যাওঁ।’
মণি গ’লগৈ। ছোফাত আৰামকৈ বহি আলোচনী এখন মেলি লোৱা নয়নক কোঠাটোতে এৰি দিহাং পিছ চোতাললৈ ওলাই আহিল। ৰঙা মাটিৰে ধুনীয়াকৈ মচি থোৱা পিৰালিত দুজোপা পঞ্চৱতী ফুল। বেঙুনীয়া ৰঙৰ ফুলবোৰ অ’ৰ-ত’ৰ পৰা ছিটিকি অহা পোহৰত অলপ অলপ জিলিকিছে। দিহাঙে ফুল এপাহ শুঙি চালে।
আগচোতালৰ কাষৰ গোসাঁই ঘৰটোৰ পৰা প্ৰাৰ্থনাৰ মন জুৰোৱা সুৰ এটা উটি আহিল—
‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি…..।’ প্ৰাৰ্থনাৰ লগতে ধূপ-ধূনাৰ গোন্ধ এটাও নাকত লাগিলহি দিহাঙৰ।
সকলো প্ৰাৰ্থনাৰে কিজানি এক আশ্চৰ্য শক্তি থাকে। দিহাঙৰ মনৰ মাজতো নিমিষতে প্ৰাৰ্থনাটোৱে বাট এটা কাটি উলিয়ালে আৰু সেই বাটটোৰেই দিহাং অতীতলৈ চুঁচৰি গ’ল। মামাকহঁতৰ ঘৰৰ গোসাঁইঘৰত সদায় বিচিত্ৰ নাকী মাত এটাৰে প্ৰাৰ্থনা কৰিছিল আইতাকে। বহু সময়ত প্ৰাৰ্থনাটো কান্দোন এটাৰ দৰে শুনা গৈছিল। দিহাঙৰ ভাব হৈছিল সেই প্ৰাৰ্থনা আৰু কান্দোন ভগৱানৰ প্ৰতি নিৱেদিত হৈছিল তাৰ মাকৰ মংগলৰ বাবে। আবিয়ৈ মাতৃ জীয়েকজনীক লৈ কম চকুপানী টুকিছিল নে তাৰ আইতাকে!