খোজ কাঢ়োঁতে বুকুৰ দলৈকে বহি যোৱা উঁইচিৰিঙাৰ চিঞৰ!
‘জাহ্নৱীৰ কথা ভাবিছিলোঁ—! মাত্ৰ অলপ সময়ৰ বাবে। ... নিজ হাতেৰে ভাঙি পেলোৱা সপোনৰ টুকুৰায়ো কেতিয়াবা ভগা কাঁচৰ দৰে মনত বিন্ধেহি অ’—’
(২)
পলিটিকেল ক্লাছটো শেষ কৰি শিবিৰৰ সমুখৰ মুকলি ঠাইখিনিতে প্লাষ্টিক পাৰি বহিল দিহাং। তাৰ মুখখনত চিন্তাৰ ৰেখা। অৰ্জুন নামৰ শিবিৰলৈ নতুনকৈ অহা ল’ৰাজনৰ গোটেই শৰীৰতে প্ৰচণ্ড বিষ। হয়তো অৰণ্যৰ এই পৰিৱেশে তাক সুজা নাই। কিন্তু দিহাংহঁত অস্বস্তিত পৰিল তেতিয়া, যেতিয়া অৰ্জুনৰ তীৰকঁপে জ্বৰ উঠিল আৰু শিবিৰত মজুত থকা টেবলেট আৰু ইন্জেক্শ্যনেও কাম নিদিয়া হ’ল। কাচিনত প্ৰশিক্ষণ ল’বলৈ যোৱাৰ কথা আছিল অৰ্জুন। কম দিনৰ ভিতৰতে সি ধেমেলীয়া আৰু আগৰণুৱা স্বভাৱেৰে সকলোকে মুগ্ধ কৰিছিল। শিবিৰৰ পৰা নামি গ’লে অসমৰ প্ৰথমখন গাঁও বৰপথাৰ। তাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এটা আছে যদিও এই অৱস্থাত অৰ্জুনক লৈ যোৱাটো সম্ভৱ নহয়। নিৰাপত্তাৰ দিশৰ পৰাও কথাটো ভাবিবলগীয়া। কালি ৰাতিয়েই ভূটানৰ গাঁও এখনলৈ বেজ বিচাৰি ল’ৰা পঠাইছিল দিহাঙে। সিহঁত এতিয়াও আহি পোৱা নাই। ইপিনে অৰ্জুনে ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে। যি দুটা শব্দ সিহঁতে বুজিব পাৰিছে সেই দুটা হ’ল— ‘মা’ আৰু ‘পাপৰি’।
কাষৰ নদীত ব’ম দি এসোপা মাছ শিবিৰলৈ আনিছিল গোভাহঁতে। কোনোবাই দিহাঙৰ কাষত এলুমিনিয়ামৰ থাল এখনত কেইটামান পোৰা মাছ, নিমখ আৰু অলপ ঠাণ্ডা ভাত দি গ’লহি। অনিচ্ছাসত্ত্বেও দিহাঙে খাবলৈ আৰম্ভ কৰিলে। পাওঁতেই নাখালে পাছলৈ কিমান দিন লঘোনীয়া পেটেৰে থাকিবলগীয়া হয় কোনে জানে!
আবেলিৰ ফালে অৰ্জুনৰ জ্বৰ অলপ কমিল। কিন্তু গাৰ প্ৰচণ্ড বিষত ল’ৰাটোৱে দেদাউৰিয়াবলৈ ধৰিলে। নয়নহঁতক অৰ্জুনৰ ওচৰত থৈ হাবিতলীয়া পাহাৰী বাটেৰে ওপৰলৈ উঠিবলৈ ধৰিলে দিহাং। কিন্তু অলপ দূৰ যোৱাৰ পাছতে আকাশ গোমা হৈ আহিল। যেন ক’লা দৈত্য এটাহে ! জিৰ্ জিৰকৈ বৈ থকা বতাহছাটিয়ে সোঁ সোঁ শব্দেৰে গছ-গছনিবোৰক মোহাৰি পেলাব খুজিলে। আবেলি পৰতে গোটেইখন আন্ধাৰ হৈ পৰিল। আকাশত বিজুলীৰ একা-বেঁকা ৰেখা দেখা গ'ল— যেন জুইহে জ্বলিছে। তাৰ পাছত গাজনিৰ গুম গুম শব্দ।
খুব কম সময়ৰ ভিতৰতে বতাহ-ধুমুহা-গাজনিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিলে। অনিচ্ছাসত্ত্বেও পিছ হুঁহকি শিবিৰলৈ যোৱাৰ কথাই চিন্তা কৰিলে দিহাঙে। গছ ভাগি
কেতিয়া গাত পৰে একো ঠিক নাই। উভতিব খোজোঁতেই পিছফালৰ পৰা কোনোবাই