দিহাঙক যেন মাতটোৱে গুড়ি কৰি আনিছে। দুচকু মেলি কোঠাৰ আন্ধাৰবোৰলৈ চাইছে দিহাঙে— বুকুত হাত থৈছে— যেন নিজকে নিঃশেষ কৰি সি সুৰটোত মিলি যাব। গানটো শেষ হ'ল।
‘আৰু এটা আৰু এটা...’ আৰু এটা গানৰ বাবে অনুৰোধত মুখৰ হৈ উঠিছে মানুহবোৰ। জাহ্নৱীয়ে এইবাৰ এটা গজল গাইছে। তাৰ প্ৰিয় গোলাম আলীৰ গজল—
দিল মে এক লেহেৰ চি উঠি হে অভী
কোই তাজা হাৱা চলি হে অভী
....
ভৰি দুনিয়া মে জী নেহী লগতা
জানে কিছ বাত কি কমি হে অভী
....
চেহেৰ কি বেচৰাগ গলিওঁ মে গলিওঁ মে
জিন্দগী তুজকো ধুন্দতি হে অভি
মিউজিক ছীষ্টেমটো বুকুত সাবটি বাহিৰলৈ ওলাই আহিল দিহাং। কৃষ্ণপক্ষৰ নিশা। অৰণ্যৰ নিঃসীম আন্ধাৰৰ মাজতো পিপিতকৈ তাৰ চকুহালে চিনাকি মুখ এখন বিচাৰিবলৈ ধৰিলে— তাৰ চকুহাল ভিজি আহিল।
(৫)
দিহাং আৰু নয়ন যেতিয়া বৰপথাৰ গাঁৱৰ কাষ পালেগৈ তেতিয়া সাঁজ লগাৰ পৰ। নয়নক লগত আনিব বিচৰা নাছিল দিহাঙে। সি নথকাত অসমীক চোৱা-চিতা কৰাৰ বাবেও নয়ন শিবিৰত থকাটো জৰুৰী বুলি ভাবিছিল দিহাঙে। কিন্তু ‘তই গ’লে অসমীক কোনে চাব’ বুলি কোৱাৰ লগে লগে অসমীক কোলাত লৈ সমুখত ওলাইছিলহি ৰাজন। ‘মই কিয় আছোঁ, ছাৰ — মই চাম অসমীক। আপুনি অকলে যোৱাটো ভাল কথা নহ’ব।’— ৰাজনে কৈছিল।
নয়নৰ মুখলৈ চাই দিহাঙে বুজিছিল— তাক লগত নিবই লাগিব।
শিবিৰৰ পৰা পাঁচ ঘণ্টা খোজকাঢ়িছে সিহঁতে।
বৰপথাৰ আটাইতকৈ নিকটৱৰ্তী গাঁও শিবিৰৰ। এই গাঁৱত সংগঠনৰ পহৰাদাৰী গোট এটাও আছে। বৰপথাৰলৈ কেইবাৰমান আৰ্মী আহি সোধা-পোছা কৰিছে— এই খবৰটোৱে যেন কিবা এক অশনি সংকেত বহন কৰিছিল। সেয়ে পৰিস্থিতিৰ বুজ ল’বৰ বাবে নিজেই নামি আহিছে দিহাং। গুৱাহাটীৰ পৰা খবৰ আৰু তথ্য-পাতি অলপ