হত্যাকাৰীৰ মাজত দেখোন কোনো পাৰ্থক্যই নোহোৱা হৈছে। শিশুৰ তেজেৰে ভিজি উঠা মাটিত কাৰ বাবে লাগে স্বাধীনতা!
নৈতিক প্ৰশ্ন উঠিছে— সংগঠনৰ বাহিৰত, ভিতৰতো। দিহাঙৰ নিজকে পুতলা নাচৰ পুতলা এটাৰ দৰে লগা হৈছে। অদৃশ্য আঙুলিৰ তালত অদৃশ্য সুতাইহে যেন চলাই ৰাখিছে সিহঁতৰ জীৱনবোৰক।
জোনটো কোমল ডাৱৰ এচপৰাৰ আঁৰত লুকাই থাকিল অলপপৰ। পশ্চিম আকাশৰ পৰা ডাঙৰ ডাৱৰ এচপৰা নাও এখনৰ দৰে ওপঙি আহিছিল— সৰু ডাৱৰ চপৰা সংগী পাই নাচি-বাগি গ’লগৈ। জোনটো পুনৰ মুকলি হ’ল। জোনত থকা তুলসীৰ দাগটোলৈ এইবাৰ ৰ লাগি চালে দিহাঙে। যেন দূৰ অতীতৰ পৰা সোঁৱৰণিয়ে ভাল লগা সুৰ এটা আঁজুৰি আনিলে— ‘তুলসীৰ তলে মৃগ পহু চৰে...’
মাকৰ কৰুণ মুখখন এবাৰ চমকি উঠি পুনৰ যেন বিলীন হৈ গ'ল জোনৰ কাষৰ ডাৱৰ চপৰাত! কি কষ্ট! কি তীব্ৰ সেই সোঁৱৰণিৰ আঁচোৰ৷ দিহাঙৰ বুকুখন বিষাইছে... দকৈ আঁচুৰিলে নেকি সুৰটোৱে!
ছিৰিলি ছিৰিলি হোৱা বুকুখনত হাত থ’লে দিহাঙে। ক্ষতবোৰ সীব পৰা হ’লে!
কোনে দিব পাৰিব বুকুৰ ক্ষত সীব পৰা বেজী এটা— জোনবায়ে৷ নিঃশব্দ আকাশ আৰু অৰণ্যক ৰেপি ৰেপি মৌনতাৰে বিনাই উঠিল দিহাঙৰ মনটোৱে।
‘জোনবাই এ বেজী এটি দিয়া...’
জোনটোৱে কিন্তু নুসুধিলে এবাৰো ‘বেজীনো কেলৈ...’
পেণ্টৰ পকেটৰ পৰা ম'বাইল ফোনটো উলিয়ালে দিহাঙে। পাৰ্ছ খুলি এখন ‘ছিম’।
কালি নলবাৰীৰ ল’ৰাকেইজনে আনিছিল। খৰধৰকৈ নম্বৰ দুটামান টিপিলে দিহাঙে—
তাৰ পাছত ৰৈ গ’ল।
সাৰে আছে জানো তেওঁ! পাইন বনৰ সুহুৰি শুনি শুনি এতিয়া চাগৈ শুই পৰিছে – বিষাদসনা চকুহাললৈ চাগৈ নামি আহিব খুজিছে সপোন এটা... ঘুমটিৰ পৰা জগাব পৰা যায়নে তেওঁক!
অলপপৰ ভাবিলে দিহাঙে। তাৰ পাছত শিবিৰৰ অলপ তললৈ নামি গৈ সোণাৰু এজোপাৰ কাষত থিয় হ'লগৈ। নম্বৰটো পুনৰ ডায়েল কৰোঁতে দিহাঙে ভাবিলে— পাৰি। একমাত্ৰ তেওঁৰে টোপনি আৰু সপোনত অনধিকাৰ প্ৰৱেশ কৰিব পাৰে সি। দিহাঙে জানে— তেওঁৰ স্বপ্ন আৰু নিদ্ৰাতো তাৰ অস্তিত্বই বিয়পি আছে।
নম্বাৰ ডায়েল কৰি বেছিপৰ বাট চাব লগা নহ'লেই— খুব স্বাভাৱিক কণ্ঠ এটা শুনা