অপহৰণ কৰি মুক্তিৰ বাবে ধন বিচৰা কামটো অন্তৰৰ পৰাই দিহাঙে ঘৃণা কৰে। কিন্তু তাৎক্ষণিকভাৱে সংগঠনৰ পুঁজি টনকিয়াল কৰাৰ বাবে শীৰ্ষ নেতৃত্বই অপহৰণকেই উপায় হিচাপে লৈছে। আনহাতে, ভাবুকি দি ধন সংগ্ৰহ কৰি গুৱাহাটীৰ এচামে বোলে মাৰুতি লৈ বিলাসিতা কৰি ফুৰিছে। বহুতে এই অচিলাতে ব্যক্তিগত আখেজো পূৰাইছে। সংগঠন বুলিলে মানুহ সহানুভূতিশীল হোৱাৰ পৰিৱৰ্তে বেছিকৈ বোলে ভীতিগ্ৰস্তহে হ’ব ধৰিছে।
খবৰবোৰ একেবাৰে নতুন নাছিল। কিন্তু পুনৰ এবাৰ বেদনাহত হ’ল দিহাং। সিহঁতৰ ত্যাগ আৰু প্ৰকৃত স্বাধীনতাৰ স্বপ্নক হৃদয়ংগম কৰিব পাৰিবনে পাবতগজা বিলাসী বিপ্লৱী কিছুমানে। জনসাধাৰণৰ পৰা আঁতৰত থাকি সিহঁতে কেনেদৰে জনসাধাৰণৰ আশা-আকাংক্ষা-মতামত বুজি পাব।
এটা বেয়া খবৰো আছিল। শিবিৰৰ পৰা একেবাৰে নিকটৱৰ্তী গাঁওখনত বোলে আৰ্মীয়ে মাজে মাজে টহল দিবলৈ আৰম্ভ কৰিছে। সেই গাঁৱত থকা সংগঠনৰ পহৰাদাৰী ল’ৰাকেইটা খুব সতৰ্ক হ’বলগীয়া হৈছে। দিহাং চিন্তিত হৈ পৰিল।
এবাৰ নিজে গৈ পৰিস্থিতিৰ বুজ লৈ অহাটো ভাল হ’ব – সি ভাবিলে।
‘ছাৰ! আপোনাৰ বাবে ধুনীয়া উপহাৰ এটা আছে।’— নয়নে নাটকীয় ভংগী এটাত ক’লে।
‘কি?’ দিহাঙে বৰ বেছি গুৰুত্ব নিদিলে।
অলপ আগতে মাত্ৰ তলৰ পৰা আহি পাইছে নয়ন আৰু ৰাজন। বহু খবৰ আৰু নথি-পত্ৰ কঢ়িয়াই আনিছে সিহঁতে। কিন্তু পলিটিকেল ক্লাছটো ক্ষতি নকৰে দিহাঙে। ‘মুখ-হাত ধুই কিবা এটা খা আৰু ক্লাছলৈ ব’ল। ক্লাছৰ পৰা আহি কথা পাতিম।’— দিহাঙে ক’লে। আৰু এয়া— ক্লাছলৈ ৰেডী হৈ নয়নে দুষ্ট চকুযোৰ তুলি দিহাঙলৈ চাইছে।
‘কলম-কাগজ আনিছ চাগে’! নহ’লে কিতাপ।’ হাঁহি হাঁহি তালৈ চাই থকা নয়নে মুখেৰে নমতা দেখি পুনৰ ক'লে দিহাঙে।
নয়নে পেণ্টৰ জেপৰ পৰা কেছেট এটা উলিয়াই দিলে।
‘কিহৰ কেছেট?’— সুধিলে দিহাঙে।
‘শান্তনুদাক লগ পাইছিলোঁ। আপোনাৰ বাবে দি পঠাইছে। কবি সন্মিলনখন ৰেকৰ্ড কৰি থৈছিল।’
যিমান পাৰি নিৰ্লিপ্ত মুখেৰে নয়নৰ পৰা কেছেটখন লৈ ছাৰ্টৰ জেপত ভৰালে দিহাঙে আৰু ক্লাছৰূমলৈ আগবাঢ়িল।
শিক্ষক হিচাপে পাঠদান কৰাৰ পৰিৱৰ্তে দিহাঙে আলোচনাৰ মাজেৰে কথাবোৰ