‘..ইয়াৰ সকলো খবৰ, নথি-পত্ৰ চি এইচ কিউত জমা দিয়াটো খুব জৰুৰী কথা। সংগঠনৰ ভৱিষ্যতৰ লগত এই কথাটো জড়িত হৈ আছে। অন্ততঃ তেতিয়ালৈকে আপুনি বেছি ৰিস্ক লোৱাটো উচিত নহ'ব।’—নয়নে ক’লে। নয়নে জানিছিল চি এইচ কিউৰ প্ৰসংগৰ উল্লেখে দিহাঙক সিদ্ধান্ত এটা লোৱাত সহায় কৰিব।
সমুখৰ পৰা পুনৰ কেইজাঁইমান গুলী এৰিলে প্ৰতিপক্ষই। দূৰত টৰ্চৰ পোহৰ দেখা গ’ল। মানুহৰ অনুচ্চ কথা-বতৰাও শুনা গ’ল। মণি আৰু ৰাজেনে গুলীৰে প্ৰত্যুত্তৰ দি থাকিল।
‘ছাৰ— আমাৰ একো নহয়। কাবৌ কৰিছোঁ— আপুনি যাওক। সংগঠনৰ বাবে আপোনাৰ জীৱনটো বৰ মূল্যৱান।’ দিহাঙক হাতেৰে টানি পিছুৱাই আহিল নয়ন।
‘আমি গুলীওৱা বন্ধ কৰিলেই শত্ৰু আগুৱাই আহিব। তেতিয়া কোনো সাৰিব নোৱাৰিম। আমি যে সংখ্যাত কম সেই কথাটো সিহঁতক বুজিবলৈ দিয়াটোও ঠিক নহ'ব।'— নয়নে ক’লে আৰু দিহাঙক পিছলৈ হেঁচুকিব ধৰিলে।
‘চি এইচ কিউৰ পৰৱৰ্তী মিটিঙত আপুনি থকাটো জৰুৰী। ভুলবোৰ ঠিক কৰি সংগঠনক পুনৰ ভালকৈ পৰিচালনা কৰাৰ বাবে আপুনি ভালে থাকিবই লাগিব।’
বাটৰ কাষৰ জোপোহা এটাৰ আঁৰত স্থানুৰ দৰে থিয় দি থকা দিহাঙক সামৰিক কায়দাৰে চেল্যুট দি মণি আৰু ৰাজেনৰ ফালে দৌৰি গ’ল নয়ন।
বন-জোপোহাৰ আঁৰ লৈ লৈ দিহাঙে আন এফালে খোজ দিলে। গুলীয়াগুলীৰ শব্দবোৰৰ পৰা অচিনাকি বাট এটাৰে আঁতৰি আহি থাকিল দিহাং।
‘কোন?’ চাকিৰ পোহৰত বাচন ধুই থকা ছোৱালীজনীয়ে মূৰ দাঙি জোপোহাটোলৈ চাই চিঞৰি সুধিলে।
হাবি পাৰ হৈ, পথাৰ পাৰ হৈ, অচিনাকি নদীৰ গৰাত দুঘণ্টা শুই উঠি এইখিনি পাইছেহি দিহাং। পূৰা এটা নিশা আৰু এটা দিন জনপ্ৰাণীহীন অৰণ্যত আত্মগোপন কৰিলে দিহাঙে। শৰীৰ অৱশ হৈ আহিছে। সেইদিনা নিশা হাবিৰ মাজেৰে বাট বুলাৰ অলপ পাছতেই সি অনুমান কৰিব পাৰিছিল গাঁও আৰু হাবিখনৰ চৌপাশে আৰ্মী আৰু আৰক্ষীয়ে পিত্পিতাই ফুৰিছে। সিহঁতৰ চকুত ধূলি দি পাহাৰৰ বাট ধৰাটো সম্ভৱ নহ'ব বুলি বুজিয়েই আত্মগোপনৰ সিদ্ধান্ত লৈছিল দিহাঙে। শুকান নৰা আৰু চপৰানিৰ মাজেৰে দিনটো বগুৱাবাই আহি এতিয়া এই গাঁও পাইছেহি দিহাং। অলপ আহাৰ আৰু নিদ্ৰাৰ প্ৰয়োজন হৈছে। নিশাটো পাৰ হ’লে পুৱালৈ এটা সিদ্ধান্ত ল’ব পৰা যাব। দিহাং স্থিৰ হৈ থাকিল। সি ভাবিছিল চুপ-চাপ বাচন ধুই ছোৱালীজনী ভিতৰলৈ যাবগৈ। কিন্তু বাচনজাপ তাতেই এৰি তাই দিহাং লুকাই থকা জোপোহাটোৰ ফালেহে আগবাঢ়ি আহিল।