পৰৱৰ্তী সাধাৰণ সভালৈকে বাট চাব লাগিব। সোনকালেই এই পাহাৰ এৰি যাব লাগিব। অসমীক এৰি যাব লাগিব। ক’লৈ যাব লাগিব দিহাঙে এতিয়াও নাজানে। দূৰত কোমল ঘাঁহ এডাল একান্তমনে চোবাই থকা অসমীলৈ চালে দিহাঙে। তাইৰ ঠেংটো আগতকৈ ভাল হৈছে। কিন্তু এতিয়াও তাই খৰকৈ খোজ দিব বা দৌৰিব পৰা হোৱা নাই। আজি আবেলি জলাশয়টোৰ পৰা ঘাঁহনিডৰালৈ অসমীক লৈ যাব লাগিব। — দিহাঙে ভাবিলে। যদিহে পহুৰ জাকটো দেখা যায়— আজিয়েই তাইক এৰি দিব লাগিব তাত। নহ’লে কাইলৈ পুনৰ...। মুঠতে শিবিৰ এৰাৰ আগতে অসমীৰ ব্যৱস্থা এটা কৰিব লাগিব।
‘অসমী— অ’ অসমী’— দিহাঙে মাতিলে। অসমী লেকেচিয়াই লেকেচিয়াই তাৰ কাষ পালেহি।
‘তই বাৰু মোক পাহৰি যাবি নেকি?'— তাইৰ মূৰত হাত ফুৰাই দিহাঙে সুধিলে। অসমীয়ে অবোধ চকুহাল পিৰিকিয়ালে আৰু তলমূৰ কৰি দিহাঙৰ ভৰিত মূৰটো ঘঁহাবলৈ ধৰিলে।
শিবিৰৰ পৰা গোভা আৰু ৰতন ওলাই আহিছিল। আজি ওপৰৰ পৰা নিৰ্দেশ লৈ ল’ৰা এজন অহাৰ কথা আছে। তলৰ পৰা তাক ইয়ালৈকে বাট দেখুৱাই আনিব লাগিব। তাৰ পাছতে সিদ্ধান্ত লোৱা হ’ব ইয়াৰ ল’ৰাবিলাকক ক’লৈ লৈ যোৱা হয়। দিহাঙক মাত লগাই গোভা আৰু ৰতন তললৈ নামিব ধৰিছিল। ৰঙচুৱা বৰণ লোৱা আকাশলৈ জুপি জুপি চাইছিল দিহাঙে। কেইটামান চিলনী উৰি আছে। কেইচপৰামান বগা ডাৱৰ ভাঁহি আছে। সেই ডাৱৰ কেইচপৰাৰ দৰেই জীৱন তাৰ। সময়ৰ বতাহৰ ওপৰত নিৰ্ভৰশীল। ভাবিলে দিহাঙে।
জংকী আহি দিহাঙৰ কাষতে বহিলহি। ঠিক নয়ন বহাৰ দৰে। দিহাঙে তাৰ ফালে চাই লাহেকৈ হাঁহিলে— ‘কি হ’ল?’ জংকীয়ে একো উত্তৰ নিদিলে। চৌপাশৰ নীৰৱতাত মৌনতাৰে বহি থাকিল দুয়ো।
হঠাতে গুলীৰ শব্দ শুনা গ’ল। গোভাহঁত যোৱাৰ দিশৰ পৰাই সেই শব্দ ভাঁহি আহিছে। উচাপ খাই থিয় হ’ল দিহাং আৰু জংকী। শিবিৰৰ ভিতৰত থকা ল’ৰাকেইটাও উধাতু খাই ওলাই আহিল। পুনৰ এজাঁই গুলীৰ শব্দ হ’ল। শব্দটোৰ পিনে আগবাঢ়িব খোজা ল’ৰা দুজনক বাধা দিলে দিহাঙে।
‘অলপ ৰ।’
হঠাতে হাবি ভাঙি দৌৰি আহিল গোভা।
‘আৰ্মী ছাৰ! আজিয়েই আহিল সিহঁত। ৰতনৰ গাত গুলী লাগিছে। সিহঁতে ধৰি পেলাইছে তাক।’ ফোপাবলৈ ধৰিলে গোভাই।