পৃষ্ঠা:ডৰিয়লি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঢ়িছিল পানীগছা এটা। সেমেকা বতাহত বনৰীয়া ফুলৰ সুবাস অলপ উঠি আহি সিহঁতৰ চৌপাশে সিঁচৰতি হৈ পৰিছিল। শিবিৰৰ ওচৰ পাই সিহঁতে দেখিলে ল’ৰাবোৰে বাঁহেৰে কিবা হাতৰ কাম কৰি আছে। সিহঁতৰ মাজত অৰ্জুনক দেখি দিহাং আচৰিত হ’ল।

 ‘তই উঠিব পাৰিছ?’ শেঁতা হৈ পৰা ল’ৰাটোৱে লাজ লাজকৈ হাঁহিলে— ‘গা ভাল পাইছোঁ।’ তাৰ চকু দিহাঙৰ কোলাত। বাঁহৰ ঢাৰি এখনত ভূটানী বেজজন বহি আছিল। ল’ৰাবোৰৰ দৰে তেৱোঁ উঠি আহি দিহাঙৰ কাষত থিয় হ’ল। দিহাঙে অসমীক কোলাৰ পৰা নমালে।

 ‘ৰিন পচ্ছে, এইৰ নাম অসমী। আমাৰ আলহী। আপুনি এইকো ভাল কৰি দিব লাগিব।’

 নয়নে সতীৰ্থসকলক চিকাৰৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে—

 (৩)

 ‘...মাও চে তুঙে কৈছিল— বিপ্লৱীসকলে পিয়ানো বজাবলৈ শিকিব লাগে। পিয়ানো বজাওঁতে হাতৰ আটাইকেইটা আঙুলিয়েই ঠিকভাৱে আৰু সমানভাৱে সঞ্চালন কৰিব লাগে। এই কাৰ্য ভালদৰে কৰিব পৰাজনেহে পিয়ানোত ভাল সুৰ সৃষ্টি কৰিব পাৰে। সেইদৰে এজন ভাল বিপ্লৱী হ’বলৈ হ’লে কেৱল ভালদৰে বন্দুক চলাব জানিলেই নহ’ব। বিপ্লৱৰ ওপৰত তেওঁৰ বিশ্বাস থাকিব লাগিব। কঠোৰ পৰিশ্ৰমৰ প্ৰতি তেওঁৰ ভয় থাকিব নালাগিব। তেওঁ হ’ব লাগিব সংযমী, পৰিশ্ৰমী, ছদ্মৱেশত পটু। যিহেতু জনসাধাৰণৰ সহযোগ অবিহনে বিপ্লৱ কেতিয়াও সফল হ’ব নোৱাৰে, বিপ্লৱী এজনে সুযোগ পালেই জনগণৰ মতামত জানিবৰ চেষ্টা কৰিব লাগে। নিজৰ কৰ্ম আৰু স্বভাৱেৰে তেওঁলোকৰ মাজৰে এজন হৈ তেওঁলোকৰ মনবোৰক জগাই তুলিব লাগে।’

 বাঁহেৰে সজা এটা দীঘল কোঠাত পলিটিকেল ক্লাছ লৈছে দিহাঙে। এই ক্লাছত দেশৰ ৰাজনীতিৰ লগতে সমগ্ৰ বিশ্বৰে সফল বিপ্লৱসমূহৰ বিষয়ে আলোচনা কৰা হয়। আনকি যিবিলাক বিপ্লৱ বিফল হৈছে তাৰ কাৰণবোৰ ফঁহিয়াই দেখুৱাই দিয়ে দিহাঙে। সি ভাবে যিবিলাক বিপ্লৱ সফল নহ’ল তাৰ পৰা শিক্ষা লোৱাটো জৰুৰী কথা। আত্মা দৃঢ় নহ’লে, হৃদয়ত ঐকান্তিকতাৰ অভাৱ হ’লে কেৱল শাৰীৰিক শ্ৰম, মাৰণাস্ত্ৰ আৰু কষ্টসহিষ্ণুতাৰেই বিপ্লৱক আগুৱাই লৈ যাব নোৱাৰি।

 ‘মাও চে তুঙে কৈছিল...’ প্ৰিয় বিপ্লৱীজনৰ কথাৰেই পুনৰ আৰম্ভ কৰিলে দিহাঙে—..শত্ৰুক আক্ৰমণ কৰাৰ বেলিকা প্ৰথমে কেন্দ্ৰত আঘাত নাহানিবা। সিঁচৰতি হৈ থকা শত্ৰুক আক্ৰমণ কৰিবা আৰু শত্ৰুক মানসিকভাৱে দুৰ্বল কৰিবলৈ চাবা। তাৰ পাছত

১২৮