পৃষ্ঠা:ডৰিয়লি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আটাইতকৈ সুখী আৰু চহকী মানুহ। পৰস্পৰৰ মাজতে সীমিত আছিল সিহঁতৰ নিজস্ব পৃথিৱীখন— আৰু কোনো নাছিল।

 হৰিণাৰ জাক এটা খুপি খুপি বননিখনলৈ আহিছিল। ৰঙা-বেঙুনীয়াৰে জাতিষ্কাৰ চৌপাশৰ বননি আৰু তাৰ মাজত কেইটামান হৰিণা – দিহাঙৰ বহুদিনৰ আগতে দলিয়াই দিয়া ৰং-কেনভাছৰ বাকচটোলৈ মনত পৰি গৈছিল।

 ‘ছাৰ, আপুনি পাৰিব জানো?’— ৰাজনে ফুচফুচাই সুধিলে। ‘নোৱাৰে যদি ময়েই— ’ সি ট্ৰিগাৰত আঙুলি থ’লেই।

 দিহাঙে হাত দাঙি ৰাজনক বাৰণ কৰিলে। চকুৰ ইংগিতেৰে বুজালে যে সি পাৰিব।

 হঠাতে নয়নে অলপ অস্থিৰ অনুভৱ কৰিলে। সি দেখিছে বনৰীয়া পশু-পক্ষীৰ প্ৰতি কিমান দৰদ দিহাঙৰ।

 গছৰ ডালত কেইটামান চৰায়ে কোৰ্হাল লগালে। ওচৰতে বান্দৰ কেইটামানেও খেঁকখেঁকাই উঠিল। হয়তো সিহঁতে বন্দুকধাৰীৰ দলটোক দেখি হৰিণাকেইটাক সজাগ কৰিব খুজিছিল। সঁচাকৈয়ে সন্দিগ্ধ দৃষ্টিৰে ইফালে-সিফালে চাই হৰিণাৰ জাকটো পিছুৱাব খুজিলে।

 ‘থা থা থা।’ গুলীৰ শব্দ। হৰিণাকেইটা ছেদেলি-ভেদেলি হৈ যেনি-তেনি পলাল। কাষৰ গছৰ পৰা ঢপঢপাই ঢপঢপাই কেইজাকমান চৰাই উৰি গ’ল। অৰণ্যৰ শান্ত স্বৰ মুহূৰ্ততে মিশ্ৰিত কোৰ্হাল এটাত পৰিণত হ’ল।

 সকলোৱে দেখিলে হৰিণা পোৱালি এটা চিত্‌ভোলোঙা খাই ঘাঁহনিডৰাত পৰি ৰৈছে। ৰঙা তেজেৰে কাষৰ বননিডৰা ভিজি গৈছে। দুপদুপাই দৌৰি দিহাং হৰিণাটোৰ কাষ পালেগৈ। পিছে পিছে নয়নহঁত। সকলোৱে দেখিলে পিছ ঠেঙৰ কিছু ওপৰত গুলী লাগিছে। আঘাত খুব বেছি গুৰুতৰ নহয়। কঁকালৰ পৰা ছুৰী এখন উলিয়াই নিপুণ ছাৰ্জনৰ দৰে গুলীটো কাটি উলিয়ালে দিহাঙে। কান্দি থকা পোৱালিটো মাইকী আছিল। কু-কুৱাই চিঞৰি থকা মাতটো যেন ছোৱালী এজনীৰ বিননিহে।

 ‘এইখিনিত অলপ সময় টিপি ধৰি থাক।’— নয়নক নিৰ্দেশ দিলে দিহাঙে।

 ‘ছাৰ, কষ্ট পাই থকাতকৈ একেবাৰে—’ ৰাজনে কিবা এটা ক’ব খুজিছিল।

 ‘চুপ!’ তাৰ কথা আধাতে বন্ধ কৰিলে দিহাঙে আৰু ঘাঁহনিডৰাৰ কাষলৈ গৈ কিবা বিচাৰিবলৈ ধৰিলে। অলপ পাছতে ৰঙা-সেউজীয়া পাত এসোপা লৈ দিহাং উভতি আহিল। পাতবোৰ মোহাৰি হৰিণা পোৱালিটোৰ ক্ষতস্থানত লগাই দিলে। ইফালে- সিফালে চাই কিবা এটা যেন পুনৰ বিচাৰিলে দিহাঙে আৰু কিবা এটা ভাবি পিন্ধি থকা

ছাৰ্টটোকে একে আঁজুৰি ফালি পেলালে। তাৰ পাছত ছাৰ্টটো টুকুৰা কৰি পোৱালিটোৰ

১২৬