ৰিণি ৰিণি চকুত পৰা দুৰণিৰ সেই তুষাৰাবৃত গিৰিশিখৰৰ দৰে এক আকাংক্ষাহীন আত্মা সি। কিন্তু আজি খুব সংগোপনে তাৰ এটা আকাংক্ষা জগা নাইনে! নিজৰ বাবে। মৰিব খুজিও কলঢোপ-কলঢোপকৈ জীয়াই থকা নিজৰ কবিসত্তাৰ বাবে।
সমীপৰ চহৰখনত আজি নৈশ কবিতাৰ আচৰ বহিব। দিহাঙৰ কবি-সাংবাদিক বন্ধু এজনে পঠাইছে এই খবৰ। সংগঠন নিষিদ্ধঘোষিত নোহোৱালৈকে এনেকুৱা কবিতাৰ অনুষ্ঠানবোৰৰ মধ্যমণি আছিল দিহাং। একান্ত ব্যক্তিগত জীৱনত এই এটা দুৰ্বলতা তাৰ— শৈশৱৰ পৰাই সি কবিতাৰ লগত কথা পাতিছে, অকলশৰীয়া হ’লে কবিতাৰ বুকুত মুৰ গুঁজি উচুপিছে, কবিতাৰ হাতত হাত থৈয়ে আগুৱাই আহিছে বিপ্লৱৰ দুৱাৰডলিলৈকে। বন্দুক লোৱা হাতেৰেও সি কবিতাৰ নিষ্পাপ শৰীৰ চুইছে— সি এৰিব বিচাৰিলেও কবিতাই নেৰে তাক। বুকুৰ ভিতৰত গছৰ ৰূপালী গজালি এটাৰ দৰে সময়ে-অসময়ে বাঢ়ি আহে।
দূৰৰ চহৰত মাটি চাকিৰ পোহৰত অপাৰ্থিৱ হৈ উঠিব আজি কবিতাবোৰ। সেই
আচৰত বহিবলৈ মন গৈছে দিহাঙৰ। মধ্যমণি নহয়, ন’ বডী হৈয়েই অনুষ্ঠানটোৰ
আন্ধাৰ কোন এটাত বহি থাকিব পৰা হ’লে! আজিকালি এনেকুৱা অনুষ্ঠানবোৰলৈ
চাগে’ আহেনে জাহ্নৱী। দিহাঙে নাজানে। কিন্তু স্নিগ্ধ বগা মুখ এখন তাৰ চকুত ভাঁহি
উঠিব খুজিলে। এযুৰি কাতৰ চকুৰ মায়াত এনেকুৱা অনুষ্ঠানবোৰতে কেতিয়া যে
হেৰাই যাব খুজিছিল বিপ্লৱৰ সপোন দেখা তাৰ দৃঢ় চকুযোৰ!
ৰাজনীতি বিজ্ঞানৰ মেধাৱী ছাত্ৰী জাহ্নৱীয়ে তাৰ পথক কেতিয়াও সমৰ্থন নকৰিছিল। ‘এনেকুৱা সপোন দেখাটো ভাল, যাক পূৰ্ণ কৰিব পাৰি।’ — গহীন হৈ কৈছিল তাই। কিন্তু বিপ্লৱীজনৰ আঁৰত থকা ছেন্ন্জিটিভ কবিতা লিখা ল’ৰাটোক তাই প্ৰাণভৰি ভাল পাইছিল।
বুকুত হাত থ’লে দিহাঙে। শেৱালি গোন্ধোৱা জাহ্নৱীৰ চুলিৰ গোন্ধ আৰু চকুপানীৰ দাগ এতিয়াও যেন লাগি আছে তাৰ বুকুত।
সোণাৰু ফুলা
এই অৰণ্যত
তোমাৰ ছয়া-ময়া মুখ
বুকুৰ কামীহাড়ত কোনে থয়হি
নিজান হাত এখন