পৃষ্ঠা:ডৰিয়লি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একগোট হৈ থকা শত্ৰুক আক্ৰমণ কৰিবা। তোমালোক সংখ্যাত কম হলেও সাৱধানতাৰে আগবাঢ়িবা আৰু শত্ৰুক কেতিয়াও জানিবলৈ নিদিবা যে তোমালোকৰ সংখ্যা তাকৰ...।

 ...শত্ৰুক আক্ৰমণ কৰাৰ সময়তো আমি যাতে নিশ্চিত হওঁ যে জনগণৰ সমৰ্থন আমাৰ লগত আছে। ... আনহাতে জনসাধাৰণে নিবিচৰাকৈ যদি শত্ৰুৰ লগত যুঁজ দিওঁ সেয়া জনগণক প্ৰতাৰণা কৰা কথা হ’ব। এনে হ’লে বিপ্লৱ কেতিয়াও সফল নহয়। —মহান বিপ্লৱী মাও চে তুঙৰ এই কথাখিনি প্ৰত্যেক বিপ্লৱীয়ে মনত ৰখা উচিত।’

 ক্লাছ শেষ হৈছিল। কালি শিবিৰলৈ ৰেচন অনা নলবাৰীৰ ল’ৰা দুজনে দিয়া সংবাদে দিহাঙক যথেষ্ট চিন্তিত কৰি তুলিছে। অসমৰ বিশেষকৈ নগৰ-চহৰত সংগঠনৰ ল’ৰাই বোলে ধন সংগ্ৰহৰ নামত যাকে-তাকে অত্যাচাৰ কৰিছে। সংগঠনৰ স্থানীয় গোটৰ মুৰব্বীয়ে যদিও কৈছে যে কোৰোণাৰে ধন চপোৱা সমাজৰ শত্ৰুসকলকহে তেওঁলোকে ধন সংগ্ৰহৰ বাবে টাৰ্গেট কৰি লৈছে, এই কথাই সাধাৰণ মানুহক আশ্বস্ত কৰিব পৰা নাই।

 সংগঠনৰ এই কাৰ্যই জনসাধাৰণক ক্ষোভিত আৰু ত্ৰাসিত কৰি তুলিছে। আনহাতে সহজতে পোৱা ধনেৰে বহু সদস্যই বিলাসিতাপূৰ্ণ জীৱন কটাইছে। এইবোৰ দেখি- শুনিও ৰাইজ সংগঠনটোৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে। কোনে কাৰ পৰা কিমান ধন সংগ্ৰহ কৰিছে তাৰ সঁচা হিচাপ বোলে শীৰ্ষ নেতৃত্বৰ হাততো নাই।

 হতাশা আৰু বিষাদে দিহাঙক চুই যায়। কিন্তু সঁচা বিপ্লৱী এজনৰ দৰে সি ভাবে— হতাশাক প্ৰশ্ৰয় দিলে নহ’ব। সংগঠনত জধে-মধে মানুহ সুমুওৱাটোৱেই ভুল সিদ্ধান্ত হ’ল। এই ভুলৰ পৰা সংগঠনে শিক্ষা ল’ব লাগিব। পৰৱৰ্তী সাধাৰণ সভাত শীৰ্ষ নেতৃত্বৰ সমুখত এই বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰিব লাগিব।

 ফৰিংফুটা জোনাক। অসমীক শুকান গছপাতৰ বিছনাত শুৱাই থৈ মাত্ৰ অলপ সময়ৰ আগতে বিছনাত বাগৰ দিছেহি দিহাঙে। গছপাতৰ চালিৰ ফাকেৰে সৰকি অহা জোনাকবোৰ ৰূপালী বুটা হৈ সৰি পৰিছে বাঁহৰ বেৰ আৰু মাটিৰ মজিয়াত।

 অপাৰ নৈঃশব্দ্যত পৃথিৱী ডুবি গৈছে। ক’তো একো সাৰি-শব্দ নাই। যেন মৰি ভূত হৈছে দিনৰ অৰণ্যখন।

 বিছনাত অলপ সময় ছট্‌ফটাই থাকি উঠি আহিল দিহাং। আকাশত পূৰ্ণিমাৰ জোন। পকা বেল এটাৰ দৰে জোনটো ওলমি আছে গুলঞ্চৰ ফেৰেঙনিত। গছৰ পাতবোৰ স্থিৰ। ক’তো সামান্যও স্পন্দন নাই। নিশাচৰ চৰাইৰ পাখিৰ ধপ্‌ধপনিৰ শব্দ এটা দিহাঙৰ কাষেৰেই পাৰ হৈ পুনৰ নৈঃশব্দ্যত মিলি গ’ল।

 দিহাঙে বুকুত হাত থ’লে। থকা-সৰকা হৈ পৰিছে মনটো। ধেমাজিৰ বিস্ফোৰণৰ ঘটনাটোৱে তাৰ মনটো ছিৰিলি ছিৰিলিকৈ ফালি পেলাইছে। বিপ্লৱী আৰু সাধাৰণ

সত্য-সূৰ্য-১
১২৯