সতেজ দেখা গ'ল। চকু দুটা ডাঙৰকৈ মেলি সি পেৰেডত যোগ দিলে।
সংগঠনত যোগ দিওঁতেই সকলোকে শিকোৱা হয় আলস্য আৰু জড়তাক জয় কৰিব নোৱাৰিলে কোনো ল’ৰাই মুক্তি সংগ্ৰামৰ আদৰ্শ সৈনিক হৈ উঠিব নোৱাৰে। ঠাণ্ডা-গৰম, অনাহাৰ-অনিদ্ৰাৰ লগত অভ্যস্ত হ’ব নোৱাৰিলে সিহঁতে অনিশ্চিত পথেৰে বাট বুলিব কেনেকৈ! সোনকালেই কঠোৰ সংগ্ৰামৰ কঠোৰ দিনলিপিত অভ্যস্ত হৈ পৰে স্বদেশ-স্বজাতিৰ মুক্তিৰ সপোন দেখা ল’ৰাবোৰ। লঘোনীয়া পেটতো সিহঁতে হাঁহিবলৈ শিকে। ভুলৰ বাবে মধ্যম বৰ্গীয় নেতাৰ পৰা চৰ-বেত খোৱাৰ পাছতো ৰং- ধেমালিৰে জীব বিচাৰে প্ৰতিটো মুহূৰ্ত।
পেৰেডৰ শেষত ল’ৰাবোৰ ইফালে-সিফালে গ’লগৈ। কোনোবা ৰন্ধা-বঢ়াত লাগিল, কোনোবা পাহাৰৰ জুৰিত গা ধুবলৈ গ’ল। দুপৰীয়া পুনৰ আৰম্ভ হ'ব পলিটিকেল ক্লাছ। বিয়লি প্ৰশিক্ষণ।
দিহাং কৃষ্ণচূড়া এজোপাৰ তলত অকলশৰে থিয় হ’ল। পুৱতিৰ এই অনিৰ্বচনীয় শোভাই সদায় তাৰ মনলৈ আশা আৰু নিৰাশাৰ মিশ্ৰিত ভাব কঢ়িয়াই আনে।
তথাপি আজিৰ পুৱাটো কিছু বেলেগ। কেলেণ্ডাৰৰ বিবৰ্ণ হৈ যোৱা পৃষ্ঠাবোৰৰ পৰা পাঁচ বছৰৰ আগৰ কিছু স্মৃতি যেন নতুন সাজ পিন্ধি উঠি আহিল আৰু দিহাঙৰ দুচকু নিজৰ তিৰবিৰণিৰে ভিজাই দিব খুজিলে। হঠাতে ওখ গছ এজোপাৰ ডাল এটাৰ পৰা কোনোবাই হোঁ-হোঁৱাই হাঁহিলে আৰু দিহাঙৰ তন্ময়তা ভাগি গ’ল।
ওপৰলৈ চাই দিহাঙে দেখিলে নয়ন—। কৃষ্ণচূড়াৰ ফেৰেঙনি এটাত সি আৰাম কৰি বহি আছিল।
‘কি কৰি আছ তাত?’ – চিঞৰি সুধিলে দিহাঙে। ‘এনেয়ে উঠিছিলোঁ৷’ কৈ কৈ নয়ন নামি আহিল।
‘...তাৰ পাছত দেখিলোঁ আপুনি কিবা চিন্তা কৰি আছে। ভয়েই খালোঁ মই— কবিতা লিখিব নেকি এতিয়া।’ তাৰ ওঁঠৰ কোণত তেতিয়াও দুষ্টালিৰ হাঁহি। ‘কবিতা ভয় লগা বস্তু নেকি?’— নয়নলৈ ঘোপাকৈ চাই সুধিলে দিহাঙে। তাৰ পাছত নেতাৰ গাম্ভীৰ্যৰে হুকুম দিলে— ‘খোজকাঢ়ো ব’ল।’
নয়নলৈ উভতি নোচোৱাকৈয়ে সমুখলৈ খোজ দিবলৈ আৰম্ভ কৰিছিল দিহাঙে। মুহূৰ্তৰ ভিতৰতে দীঘল বেঙা কেইটামান মেলি নয়নো তাৰ কাষ পালেগৈ।
আঁৰ চকুৰে দিহাঙলৈ চালে নয়নে। যেন এক ঘোৰ, এক নিচাৰ মাজেৰেহে খোজকাঢ়িছে দিহাঙে। শিবিৰৰ সকলোৱে জানে দিহাঙৰ স্বভাৱ কিছু বেলেগ। ৰঙীয়াল হৈ থকা ল’ৰাটো মাজে মাজে খুব গহীন হৈ যায়। সেই গাম্ভীৰ্য ইটাৰ প্ৰাচীৰৰ দৰে,
সহজে নলৰে—নাভাগে।