পৃষ্ঠা:ডৰিয়লি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা হ’লে!

 হঠাৎ কিবা এটা মনত খেলালে দিহাঙৰ।

 ‘মা, তুমি অলপ ৰ’বাচোন— ফোনটো ধৰি থাকিবা। দিহাঙে ক’লে আৰু সৰু ল’ৰা এটাৰ দৰে শিবিৰলৈ দৌৰ মাৰিলে।

 শিতানৰ কাষৰ পৰা বিজুলী বাঁহ কাটি সজা বাঁহী এটা লৈ পুনৰ উভতি আহিল দিহাং— ছাৰ্টৰ পকেটত আলফুলে ফোনটো থ’লে আৰু সোণাৰুজোপাৰ গাত আঁউজি বাঁহীত ফুঁ দিলে।

 এটা সুৰ— যেন মাটিৰ পৰা, পানীৰ পৰা, গছৰ শিপাৰ পৰা লাহে লাহে মূৰ দাঙিলে আৰু গছবোৰৰ ঘুমন্ত শৰীৰ চুই, জোনাক আঁজলি পাতি ধৰি সুৰটো শূন্যতাতে পাক খাই খাই উৰিবলৈ ধৰিলে।

 দিহাঙৰ সীব নোৱৰা বুকুৰ ক্ষতৰ পৰা নিগৰি ওলোৱা তেজৰ দৰে উজ্জ্বল আৰু মৰ্মন্তুদ সেই সুৰটোৰ গাত ঘঁহনি খাই জোনাকখিনিও কৰুণ হৈ পৰিল।  ‘মা, এই সুৰটো তোমাক দিলোঁ—’ খন্তেক থমকি ৰৈ দিহাঙে মাকক ক’লে আৰু পুনৰ বাঁহীত ফুঁ দিলে।


 শিবিৰত শুই থকা ল’ৰাবোৰৰ মুখৰ ওপৰতো ঘূৰণীয়া ছাঁ এটা হৈ ওপঙিলগৈ বাঁহীৰ সুৰটো। দিনৰ পৰিশ্ৰমে ক্লান্ত কৰি ৰখা সিহঁতৰ জাপ খাই থকা চকুৰ পটাত সুৰটোৱে আঙুলি বুলালে। দুই-একে চকু মেলিলে।

 নয়ন আৰু জংকী বাহিৰলৈ ওলাই আহিল। সিহঁতে দেখিলে জোনাক আৰু বাঁহীৰ মাতত লেটি লৈ মায়াময় হৈ পৰিছে অৰণ্যখন। জংকীয়ে বুকুত হাত থ’লে। বিষাদৰ দৰে কুৰুকি কুৰুকি বুকুত সোমাই গৈছে বাঁহীৰ মাত। নয়ন বননিৰ ওপৰতে বহি পৰিল।

 ‘ছাৰৰ কোনোবা প্ৰেমিকা আছে নেকি নয়ন?’— জংকীয়ে সুধিলে। যেন প্ৰেমিকেহে বাঁহীত এনে এক সুৰ তুলিব পাৰে।

 নয়ন মনে মনে থাকিল।

 জাহ্নৱীবাৰ কথা জংকীক ক’ব পৰা নাযায়। কাকো ক’ব পৰা নাযায়।

 (8)

 ভূটীয়া বেজজন যাবলৈ ওলাল। চাবোন-চেম্পু আৰু গান শুনা যন্ত্ৰ এটা পাই তেওঁৰ বিৰাট স্ফূৰ্তি! তেওঁৰ চিকিৎসাত পাঁচদিনৰ ভিতৰতে যথেষ্ট সুস্থ হৈ উঠিল অসমী। পিছ ঠেঙত কবিৰাজী বেণ্ডেজ লৈ তাই মুহূৰ্তৰ বাবে থিয়দঙাও দিব পৰা

১৩২