একাষাৰ
প্ৰায় ডেৰ দশক ধৰি গল্প লিখাৰ পাছতো গল্পকাৰ হিচাপে আত্মপৰিচয় দিয়াৰ সৎ সাহসকণ মই অদ্যাপি সঞ্চয় কৰিব পৰা নাই। তথাপি এজন অসফল কাহিনী কথকৰ সমস্ত সততাৰে গল্প এটাৰ উন্মুকনিক মই নিজৰ মাজত ধাৰণ কৰোঁ। মোৰ অভিজ্ঞতাৰ পৰিসৰ নিতান্তই সীমিত— গভীৰ পৰ্যবেক্ষণ ক্ষমতা বা সূক্ষ্ম অন্তৰ্দৃষ্টিও নাই। কিন্তু, মানুহৰ নিভৃতৰো নিভৃতৰ ৰহস্যময় আন্ধাৰ-পোহৰ, সম্পৰ্কবোৰৰ বিচিত্ৰতাই মোৰ ভিতৰত থকা কাহিনীকথকৰ কণমানি সত্তাটোক সদায়ে আলোড়িত কৰে। এই আলোড়নৰ পৰিণতিয়েই হ'ল মোৰ গল্প।
কেতিয়াবা কাহিনী এটাৰ এটুকুৰা ছাঁ ভাবনাৰ পোন বাট এটাৰে মোৰ কাষলৈ আহে আৰু গুচি যায়। কেতিয়াবা ছাঁবোৰে চেতনাৰ ওখোৰা- মোখোৰা বাট এটাৰে মোৰ সন্মুখেৰে অহা-যোৱা কৰে। সেইবাবেই আপোনালোকৰ সন্মুখত মোৰ কথন কেতিয়াবা সৰলৰৈখিক হয়— কেতিয়াবা হয় আন্ধাৰ-পোহৰৰ অগা-ডেৱাৰে চকামকা। কিন্তু মই কাহিনীৰ ছাঁবোৰক তেনেদৰেই আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰোঁ, যিদৰে সিহঁত মোৰ সন্মুখত মূৰ্তমান— প্ৰৱহমান।
গল্পৰ মাজেৰে সদায়ে মই ‘গল্প’ এটা কওঁ বুলিও দাবী কৰিব নোৱাৰোঁ। কেতিয়াবা মোৰ গল্পবোৰ হৈ পৰে কেৱল ৰূপক। বৰঞ্চ মই ক’বলৈ ভাল পাম— গল্পৰ সন্ধানত কৰা এক যাত্ৰাৰ যাত্ৰীহে মই। যাত্ৰাপথৰ বিচিত্ৰতা, বিক্ষিপ্ততা, যন্ত্ৰণা আৰু সম্ভাৱনাৰ পোহৰবোৰকে মই সততাৰে আপোনালোকৰ সন্মুখত তুলি ধৰিব খোজোঁ। ‘সত্য-সূৰ্য’ মোৰ পঞ্চম গল্পগ্ৰন্থ। প্ৰিয় পঢ়ুৱৈ, সকলো ত্ৰুটি আৰু সীমাবদ্ধতাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।
গীতালি বৰা