‘ৰিন পচ্ছে’ (ঈশ্বৰৰ দূত, অলৌকিক গুণসম্পন্ন পুৰুষ) এজন শিবিৰত আছে— এই কথাই ল’ৰাবোৰৰ মনত আনন্দ দিলে। অৰ্জুনৰ অসুস্থতাৰ বাবে সকলোৱে পাহৰি থকা কথা এটা গধূলি মুখলৈ আনিলে গোভাই।
‘কাইলৈ ছাৰে পহু চিকাৰ কৰাৰ কথা আছিল।’
কথাটো দিহাঙেও পাহৰি আছিল। এতিয়া মনত পৰাত সি নুশুনাৰ ভাও ধৰিলে। কিন্তু ৰাজন, জংকী, গোভা, মৃদুল সকলোৱে দিহাঙক আগুৰি ধৰিলেহি।
‘ছাৰ, আপুনি কথা দিছিল।’— জংকীয়ে ক'লে।
এৰা। কথা দিছিল দিহাঙে। বন্দুক চলোৱাত এনেয়ে দিহাং পাকৈত। যিকোনো এটা জড় লক্ষ্য ভেদ কৰাৰ সময়ত দিহাঙৰ তুলনা একলব্যৰ লগতহে হয়— এই কথা মীথৰ দৰে সকলোৰে মুখে মুখে। আন্ধাৰৰ মাজতো দিহাঙৰ কেতিয়াও লক্ষ্যভ্ৰষ্ট নহয়। কিন্তু দিহাঙে কেতিয়াও জীৱৰ নামত শৰালি এটাও মাৰি পোৱা নাই।
এই কথাটোকে লৈ তাৰ জুনিয়ৰ সতীৰ্থবোৰে সদায় ৰগৰ কৰে। এসপ্তাহমানৰ আগতেও তেনেকুৱা নিৰ্দোষ ধেমালি এটা চলি আছিল শিবিৰত। কোনোবা এটাই অলপ দূৰলৈ গৈ কৈ পেলালে— ‘কবিতা লিখা মানুহে বন্দুকেৰে বেলুন ফুটোৱাৰ বাদে আন কাম কৰিব নোৱাৰে।’
বচ। লাগি গ’ল দিহাঙৰ।
‘মই তহঁতক পহু চিকাৰ কৰি দেখুৱাম।’ মনে মনে আহত হ’লেও স্বাভাৱিক হৈ থাকিয়েই দিহাঙে কৈছিল।
‘কেতিয়া? কেতিয়া?’ তাৰ ওপৰত যেন উবুৰি হৈহে পৰিলহি গোটেই শিবিৰটো।
‘সোমবাৰে৷’ দিহাঙে কথা সামৰিছিল।
কাইলৈ সেই সোমবাৰটো। দিহাঙৰ চৌপাশে তাৰ তলতীয়া সতীৰ্থকেইজনৰ মুখবোৰ উলাহ আৰু কৌতুকত জলমলাই উঠিছে। দিহাঙে চিকাৰ কৰা দৃশ্যটো সিহঁতৰ বাবে মহাৰ্ঘ্য হ’ব।
‘ছাৰ, আপুনি কথা দিছিল। এতিয়া নোৱাৰোঁ বুলিলে নহ'ব।’— ৰাজনে ক’লে। দিহাং থিয় হ’ল। পেণ্টৰ পকেটত হাত সুমুৱাই গহীন মাতেৰে ক’লে— ‘দিহাং ৰাজগুৰুৱে কথা দি পাছত নোৱাৰোঁ নোবোলে।’
‘হুৰ্ ৰে...’ আনন্দৰ হৈ উঠিল।
‘কাইলৈ কিমান সময়ত ছাৰ?’ হাঁহি-স্ফূৰ্তিৰ মাজৰ পৰাই কোনোবা এটাই সুধিলে।
‘আবেলি। পলিটিকেল ক্লাছৰ পাছত।’ দিহাঙে ক’লে আৰু তাৰ সৰু ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল।