‘কোন...? কোন আছে তাত?'— ডিঙি মেলি মেলি সুধিলে ছোৱালীজনীয়ে।
অলপ সময় দিহাঙে কিবা এটা ভাবিলে। তাৰ পাছত চাকিৰ পোহৰে ঢুকি পোৱা ঠাইলৈ আহিব খুজিলে। হঠাতে চকুৰ সমুখত মানুহ এটা দেখি ভয় খাই চিঞৰিব খুজিছিল ছোৱালীজনীয়ে। দিহাঙে ক্ষিপ্ৰ গতিৰে আগুৱাই আহি ছোৱালীজনীৰ মুখত সোপা দি ধৰিলে। চাকিটো মাটিত পৰি গ’ল।
ভয়ত গোঁ-গোঁৱাই থকা ছোৱালীজনীৰ কাণে কাণে দিহাঙে ক'লে— ‘ভয় নকৰিব। মই আপোনাৰ একো অন্যায় নকৰোঁ।’
ছোৱালীজনীৰ গোঁ-গোঁৱনি বন্ধ হ’ল। তাই স্থিৰ হৈ থিয় দিলে আৰু খুব সহজভাৱে মুখৰ পৰা দিহাঙৰ হাতখন এৰুৱাব খুজিলে। দিহাঙে পিছফালৰ পৰা ছোৱালীজনীৰ কঁকালত কপকপীয়াকৈ সাবটি ধৰি এখন হাতেৰে মুখখন হেঁচি ৰাখিছিল। তাই তেনেকৈয়ে তাৰ ফালে ঘূৰিল আৰু মুখলৈ চালে। খুব চিনাকি চিনাকি লগা মুখ এখন। বিস্ময়ত ডাঙৰ হৈ গৈছে চকুহাল। ভয়ৰ চিন-মোকাম নাই।
দিহাঙে ছোৱালীজনীৰ মুখৰ পৰা হাতখন আঁতৰাই আনিলে। মাটিত কাটি হৈ পৰি নুমাওঁ নুমাওঁ হোৱা চাকিৰ পোহৰত দুয়োটাই দুয়োটাৰ মুখলৈ কিছুপৰ চাই ৰ’ল। তাৰ পাছত প্ৰায় একে সময়তে চিঞৰি উঠিল— ‘তই?’
মীৰাৰ চাদৰৰ আঁচল বুকুৰ পৰা মাটিত খহি পৰিছিল। তাই খপজপকৈ আঁচল
সামৰি দিহাঙৰ হাতত ধৰি ভিতৰলৈ চোঁচৰাই নিলে।
বাঁহেৰে চোৱা মীৰাহঁতৰ ঘৰৰ বৰচাঙত বাগৰি দিহাঙে নয়নহঁতৰ কথাই ভাবিলে। সিহঁত ভালে আছে নে চাগে’! চি এইচ কিউৰ মিটিংখন বহু দিশৰ পৰাই সংগঠনৰ বাবে জৰুৰী। বিভিন্ন বিষয় উত্থাপন কৰিবলগীয়া আছে তাত। সিদ্ধান্ত ল’বলগীয়া আছে। ধূলি-বালি-ছাই লাগি বিবৰ্ণ হৈ পৰা বিপ্লৱৰ আদৰ্শক ঘঁহি-পিহি উজ্জ্বল কৰি তোলা প্ৰক্ৰিয়াটোৰ আৰম্ভণি সেই মিটিংখনৰ পৰাই কৰিব লাগিব। নহ’লে দিহাঙে নয়নহঁতৰ কথা মানি সিহঁতক এৰি পলাই নাহিলহেঁতেন।
এইখন গাঁৱত মীৰাক এনেদৰে লগ পাই যোৱাটোও বৰ আচৰিত কথা। যেন চকুৰ সমুখৰ পৰা কেইটামান বছৰ ধোঁৱা হৈ আঁতৰি গৈছে আৰু দিহাং থিয় হৈছেগৈ যৌৱনৰ চক-মক উজ্জ্বলতাৰে ঘেৰা কটন কলেজৰ দিনবোৰত। ফিজিক্সৰ শ্ৰেণীকোঠাত অকলশৰে বহি থকা দিহাঙৰ কাষত হুৰমূৰকৈ বহি পৰিছেহি গুলপীয়া কটনৰ শাৰী পিন্ধা মীৰা নামৰ ধুনীয়া ছোৱালীজনী।