পৃষ্ঠা:ডৰিয়লি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈ নয়নে চৌপাশে চালে— বসন্তই যেন নিজৰ সমস্ত ৰং চৌপাশে ফাকুগুড়িৰ দৰে সিঁচিহে দিছে।

 সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া, গুলঞ্চ আৰু কেইজোপামান এজাৰ— ৰঙা, বগা, হালধীয়া, গুলপীয়া আৰু বেঙুনীয়া ৰঙে জলাশয়টোৰ চৌপাশক জপটিয়াই ধৰিছে। সেই সৌন্দৰ্যই যেন হান মাৰিহে ধৰিব বুকুত!

 ইউনিফৰ্মযোৰ খুলি কাষৰ বননিত থৈ পানীৰ মাজলৈ নামি গ’ল দিহাং। চলৌপ চলৌপ শব্দ কৰি পানীমেটেকাৰ মাজৰ পৰা এজাক শৰালি পাৰলৈ লৰ মাৰিলে। ৰ'দজাক সোণালী গলপতা এধাৰ যেন হৈ জিলিকিছিল বিলৰ পানীত, অৰণ্যৰ সেউজীয়াত।

 নয়নে দেখিলে চিলনী সাঁতোৰ দি বিলৰ মাজ পাইছেগৈ দিহাং।

 ‘ছাৰ ময়ো গৈছোঁ ময়ো গৈছোঁ...’

 কাষৰ বননিত কাপোৰসাজ খুলি থৈ জাঙিয়া পিন্ধিয়েই পানীত জাঁপ দিলে নয়নে।

 উভতিবৰ পৰত দিহাঙৰ গম্ভীৰ মুখখনত সন্তোষৰ জিলিকনি আছিল। সি নিজেই এইবাৰ কথা আৰম্ভ কৰিলে— ‘ভূটানত থাকিবৰ বাবে ‘ঝংখা’ ভাষা জনাটো আৱশ্যকীয়। ‘ঝংখা’ হৈছে বৌদ্ধ ধৰ্মীয় মঠৰ ভাষা। ভূটানৰ ভাষা-সংস্কৃতি সকলোৱেই বৌদ্ধ ধৰ্মৰ দ্বাৰা পৰিচালিত হয়। বৌদ্ধ মঠৰ সংস্কৃতিয়েই ভূটানীসকলৰো সংস্কৃতি।

 ... এইবাৰ চি এইচ কিউত হ’বলগীয়া উচ্চ পৰ্যায়ৰ মিটিংখনত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব। সালসলনিও হ’ব কিছু।’

 ‘ছাৰ, মোকো আপোনাৰ লগত লৈ যাবনে? লাগিলে মই আপুনি ঘূৰি নহালৈকে জে এইচ কিউতে ৰ’ম।’— নয়নে অনুনয়ৰ সুৰত ক’লে।

 ‘ভাবি চাওঁ ৰ। তদুপৰি যোৱাৰ দিনটো এতিয়ালৈকে ঠিক কৰা হোৱা নাই। এমাহ- ডেৰমাহমান লাগিব কিজানি। ইয়াৰ সকলো খা-খবৰ, নথি-পত্ৰ গোটাই সাজু হ’ব লাগিব।’— দিহাঙে ক’লে।

 বেলিটো যেন জাকি মাৰিহে উঠি আহিল আৰু আকাশ-পৃথিৱীৰ জান-নাজানকৈ দেখা সীমাৰ পৰা দহ হাতমান ওপৰ পালেহি। জিৰ্ জিৰ্‌কৈ কঁপি থকা গছৰ পাতবোৰৰ পৰা মাজে মাজে জৌ জৌকৈ সৰিছে নিশাৰ বৰষুণৰ পানী।

 নয়নৰ মুখৰ পৰাও কঁপা কঁপা প্ৰশ্ন এটা সৰি পৰিল— ‘পুৱাতেই কিয় ইমান গম্ভীৰ হৈ আছিল ছাৰ? ভয়েই খাইছিলোঁ।’

 দিহাং ঘপকৈ ৰৈ গ’ল। কঠোৰ চাৱনিৰে নয়নলৈ চালে। কিন্তু কৈশোৰৰ সৰলতাই এতিয়াও মেলানি নমনা নয়নৰ কৌতূহলী মুখখনে দিহাঙৰো চকুযোৰ কোমলাই

আনিলে। বুকুৰ ভিতৰত এক অচিন কষ্টই ৰিৰিয়াই উঠিল। যেন অচিন পথত অকলশৰে

১২১