আহিল। কাঠৰ ঘূৰণীয়া টেবুলখনত বাটি দুটা আৰু পানী দুগিলাচ থৈ মানুহগৰাকী গ'লগৈ।
‘খাওক।’— নৰেনৰ দেউতাকে ক'লে। নয়ন আৰু দিহাং ইটোৱে সিটোৰ মুখলৈ চালে আৰু বাটি দুটা হাতলৈ ল’লে।
‘আমাৰ দুজন ল’ৰা আহি আছে। তেওঁলোক আহি পালেই আমি যামগৈ।’— দিহাঙে ক’লে। নয়নে চকুত প্ৰশ্নবোধক এটা লৈ দিহাঙলৈ চালে। অৰ্থ— ‘ক’লৈ যাব?’ মূৰ দুপিয়ালে দিহাঙে। হ’ব কিবা এটা।
‘আপোনালোকে ইচ্ছা কৰিলে থাকিব পাৰে মোৰ ল’ৰাই কৈছে যেতিয়া। কিন্তু যিকোনো মুহূৰ্ততে আৰ্মী আহি যায় ৷ দিন-কাল ভাল নহয় ৷ কেনেবাকৈ গম পালে এই বুঢ়া বয়সত মই...’ মানুহজনে দিহাঙৰ ব্যৱহাৰত অলপ সকাহ পাই মনৰ কথাখিনি কৈ পেলালে।
‘হয় খুৰাদেউ ! মই বুজিছোঁ। আপুনি চিন্তা নকৰিব। ল’ৰা দুজন আহি পাবৰ হৈছেই। সিহঁত আহি পালেই আমি যামগৈ। আমি আচলতে...’ দিহাঙৰ কথা শেষ নহ’লেই, পিছ দুৱাৰত কাৰোবাৰ আঙুলিৰ টোকৰ পৰিল। লগতে এটা চেপা মাত—
‘মা, মা দুৱাৰ খোল।’
নৰেন ডেকা। লগত মণি আৰু ৰাজেন। ৰাজেনো সংগঠনৰ পহৰাদাৰী গোটৰ ল’ৰা। মণিয়ে দুয়োজনকে দিহাঙৰ লগত চিনাকি কৰি দিলে। প্ৰথম দৃষ্টিতে দিহাঙৰ ভাব হ’ল নৰেনক আগতে সি ক’ৰবাত দেখিছে। কিন্তু ক’ত দেখিছে মনত পেলাব নোৱাৰিলে।
নৰেনক অন্যমনস্ক আৰু উদ্বিগ্ন দেখা গৈছিল। ৰুমাল এখনেৰে মুখ মচি মচি সি দিহাঙক ক’লে— ‘আপোনালোক ইয়াত থকাটো নিৰাপদ নহ’ব। আৰ্মী ৰাতিও আহিবলৈ লৈছে। নিশান্তক ইয়ালৈ নামাতি কাষৰ গাঁও এখনত ৰ’বলৈ দিছোঁ। খোৱা-বোৱা কৰাৰ পাছত আপোনালোক তালৈকে যাবগৈ লাগিব।’
‘খোৱা-বোৱা আমাৰ হৈছেই। সোনকাল কৰাই ভাল হ’ব।’ দিহাঙে কোৱাৰ লগে লগে আটাইকেইটা ল’ৰা উঠিল। পিছদুৱাৰেদি ওলাই সিহঁতে পিছবাৰীৰ হাবিতলীয়া বাট ধৰিলে।
বাঁহ, আম-কঁঠাল, লেতেকু-বগৰীৰ একো একোখন ভৰা বাৰী ঘৰবোৰৰ পিছফালে। ঘিটমিটীয়া আন্ধাৰ। ওচৰৰে ক’ৰবাৰ পৰা ভাঁহি আহিছে শিয়ালৰ হোৱা আৰু কুকুৰৰ ভুকভুকনি। নিশাচৰ বিহংগ ডেউকাত আৱাজ তুলি উৰি গৈছে। জোনাকী পৰুৱাৰ গাৰ ঢিমিক-ঢিমাক পোহৰবোৰ সেউজীয়া গুল্মৰ আঁৰত লাজ লাজকৈ জ্বলিছে। তৰাভৰা অসীম আকাশ ওপৰত।