পৃষ্ঠা:ডৰিয়লি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিঞৰি মাতিলে— ‘ছাৰ ছাৰ—’

 পানীৰঙৰ ছবি এখনৰ দৰে সমুখৰ অৰণ্যৰ ৰং বিয়পি গৈছিল বৰষুণত। তথাপি— সেই ধূসৰতাৰ মাজতো দিহাঙে দেখিলে তিনিজন মানুহ বেগাবেগিকৈ খোজকাঢ়ি তাৰফালেই আহি আছে। ওচৰ পোৱাত দিহাং আশ্বস্ত হ’ল— ৰাজন আৰু প্ৰাণেশ্বৰ। লগৰ চাপৰ-শকত ভুটীয়া মানুহজনক দিহাঙৰ সৈতে চিনাকি কৰি দিলে সিহঁতে—

 ৰাজনে ক’লে— ‘এই বেজজন লালিংবস্তিৰ। যেনে-তেনে সৈমান কৰাই লৈ আহিছোঁ।’

 বেজজনে হেবাঙৰ দৰে হাঁহিলে। দিহাঙে ভুটানী মানুহৰ অসাধাৰণ প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে কিছু কথা জানিছিল। বৰষুণত ভিজা মানুহজনৰ গাৰ উৎকট গোন্ধটোৱে আমনি কৰিলেও দিহাঙে তেওঁক সাবটি ধৰি কৃতজ্ঞতা প্ৰকাশ কৰিলে। সেই ধাৰাসাৰ বৃষ্টিৰ মাজেৰেই আটাইকেইজনে খৰখেদাকৈ শিবিৰৰ ফালে খোজকাঢ়িবলৈ ধৰিলে। চি এইচ কিউত থাকোতেই ‘ছা-লুং’ নামৰ চিকিৎসা পদ্ধতিটোৰ বিষয়ে শুনিছিল দিহাঙে। হেবাং যেন লগা ভুটীয়া বেজজনে এতিয়া চিকিৎসাৰ বাবে সেই পদ্ধতিটোকেই প্ৰয়োগ কৰিলে।

 অৰ্জুনক এটুকুৰা বহল প্লাষ্টিকত ওপৰমুৱাকৈ শুৱাই দিয়া হ’ল। তাৰ পাছত শৰীৰৰ বিষ হোৱা অংগবোৰৰ আকৃতি আৰু বেদনাৰ অনুভূতি মগজুত কেন্দ্ৰীভূত কৰিবলৈ নিৰ্দেশ দিলে বেজজনে। তাৰ পাছত মুখ বন্ধ কৰি নাকেৰে দীঘল দীঘলকৈ উশাহ টানি উশাহৰ বায়ু শৰীৰৰ সিৰা-উপসিৰায়েদি বোৱাই দিবলৈ নিৰ্দেশ দিয়া হ’ল।

 বেজৰ নিৰ্দেশত প্ৰায় চল্লিছ মিনিটমান সময় এনে কৰাৰ পাছত অৰ্জুনে আৰাম পালে আৰু উঠি বহি এগিলাচ পানী বিচাৰিলে।

 ভুটীয়া বেজজনে ভঙা ভঙা অসমীয়া ক’ব পাৰিছিল। শিবিৰৰ ল’ৰাবিলাকে তেওঁৰ অসমীয়া শুনি বৰ স্ফূৰ্তি পালে। দিহাঙে কিছু ‘ঝংখা’ ভাষা জানিছিল। বেজজন এই কথাটোত বৰ আচৰিত হ’ল। অৰ্জুন সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে তেওঁ শিবিৰতে থাকিব— এই বন্দৱস্ত হ’ল। বিনিময়ত কিছু টকাৰ লগতে তেওঁক তেল, চাবোন আৰু গান শুনা যন্ত্ৰ এটা দিব লাগিব।

 তেওঁৰ দাবীত মুখ টিপি হঁহা ল’ৰাহঁতক দিহাঙে বুজালে যে ভূটানৰ সাধাৰণ মানুহে অদ্যাপি তেল-চাবোনৰ ব্যৱহাৰ শিকা নাই।

 দেওথাঙৰ ট্ৰেনজিট কেম্প আৰু ভূটানৰ আন ঠাইত কেম্প পাতি থকা সংগঠনৰ ল’ৰাবোৰে তেল-চাবোন আদি স্থানীয় লোকৰ মাজত বিতৰণ কৰে। সেয়া তেওঁলোকৰ বাবে অমূল্য সম্পদ। এনে আপুৰুগীয়া বস্তু উপহাৰ দিয়া শিবিৰৰ ল’ৰাবোৰক

ভূটানীবোৰে সহজেই বিশ্বাসত লৈ লয়।

১২৩