অনেক নল তাৰ পিনে পোনোৱা আছে। তেনেহ’লে কি এয়াই শেষ— চকুত শেষবাৰৰ বাবে তিৰবিৰাইছে পৃথিৱীৰ এই চিৰায়ত আলো!
দিহাঙৰ খোজবোৰ দৃঢ় হ’ল। অসমীক বুকুত জোৰেৰে সাবটি ল’লে সি। সি নিশ্চিত হ’ল তাৰ চৌপাশে মেকুৰীৰ দৰে তাক ঘেৰি আগুৱাইছে ৰাষ্ট্ৰৰ অস্ত্ৰধাৰী সেনা। কিন্তু সিহঁতে গুলীওৱা নাই কিয়? নে দিহাং ৰাজগুৰুক সিহঁতে জীৱন্তে ধৰিব বিচাৰে!
এনেদৰে—
যেন অনন্ত সময়ৰ পাছত, যেন অনন্ত পথ অতিক্ৰম কৰাৰ পাছতহে দিহাঙে দেখা পালে জলাশয়টো। ঘাঁহনিডৰা উদং। পহুৰ জাকটো নাই। কোনো নাই। জলাশয়ৰ দাঁতিত নাম নজনা বেঙুনীয়া ফুল ফুলিছিল। হেমন্তৰ ৰক্তিম ধূসৰতাত সদৰ্পে জিলিকি উঠা বেঙুনীয়া বনৰীয়া ফুলৰ জোপাটোৰ কাষতে অসমীক লৈ থিয় হ’লগৈ দিহাং।
অসমীক কোলাৰ পৰা নমাই দিলে সি। অৰণ্যখনৰ ওপৰেৰে বাগৰি যোৱা নিৰ্মম কঁপনিটো তাইৰ গালৈকো বিয়পিছিল। থথককৈ কঁপি কঁপি অসমীয়ে তাইৰ ডিঙিটোৰে দিহাঙৰ ভৰি এটা মেৰাই ধৰিব খুজিলে।
গু–ৰু–ম! শূন্যতে এটা শব্দ হ’ল। জলাশয়টোৰ পৰা এজাক চৰাই আকাশলৈ উৰি গ’ল। অসমীৰ কাষতে আঁঠুকাঢ়ি বহি পৰিল দিহাং। সি দেখিলে বন্দুক টোৱাই প্ৰায় বিছজনমান সেনা তাৰফালে আগুৱাই আহিছে।
‘হেণ্ডছ আপ!’— চিঞৰিলে এজনে।
দিহাঙে চাৰিওফালে চালে আৰু কিবা এটা ভাবিলে। বন্দুক উলিওৱা মানে নিশ্চিত মৃত্যু। ধাৰাসাৰ গুলীৰ ধুমুহা ব’ব। তাৰ লগতে অসমীও মৰিব। দিহাঙে অসমীৰ গাত হাত ফুৰালে। বিৰবিৰাই ক'লে— ‘মোক ক্ষমা কৰি দিবি অসমী।' তাৰ পাছত মাটিত হাত থৈ ক’লে— ‘মোক ক্ষমা কৰি দিবি আই অসমী।’
তাৰ হাত আপোনা-আপুনি এইবাৰ কঁকালৰ বন্দুকটোৰ পিনে গ’ল।
‘হেণ্ডছ আপ!’— পুনৰ এটা চিঞৰ ভাঁহি আহিল। বন্দুক খামুচি ধৰা হাতখন তেনেদৰেই ৰাখিলে দিহাঙে আৰু কিবা এটা ভাবি পিছলৈ চালে।
গুৰুম! এটা গুলীৰ শব্দ। দিহাঙে অনুভৱ কৰিলে তাৰ উৰুৱেদি উত্তপ্ত লোৰ শলা এডালহে যেন সুমুৱাই দিছে কোনোবাই। হৰ্হৰাই ওলাই অহা তেজে ঘাঁহনিডৰা পলকতে ভিজাই পেলালে। প্ৰচণ্ড শব্দেৰে আন এটা গুলী এইবাৰ দিহাঙৰ বাহুৱেদি সৰকি গ’ল।
তেজত ভিজা বননিত চিত্ হৈ পৰি গ’ল দিহাং। সেই ৰঙচুৱা হৈমন্তিক দুপৰে ঠেও ধৰি নাচিলে তাৰ মুদ খাই অহা চকুত। ধূসৰ ৰক্তিম আকাশৰ ৰং ক্ৰমাৎ ধোঁৱা