পৃষ্ঠা:ডৰিয়লি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ফল-মূল অতি কম দামত ভূটানৰ চৰকাৰক বিক্ৰী কৰিবলগীয়া হয়। তদুপৰি দুখীয়া কৃষকসকলে বিনা পাৰিশ্ৰমিকে চৰকাৰী আমোলাসকলক বিভিন্ন সেৱা আগবঢ়াব লাগে। প্ৰথমবাৰৰ বাবে ভূটানলৈ গৈ আচৰিত হৈ পৰিছিল দিহাং— শোষক শ্ৰেণীৰ সৰ্বগ্ৰাসী শাসন ব্যৱস্থাই ভূটীয়াসকলৰ স্বাভাৱিক জীৱন যাপনৰ অধিকাৰ অতীজৰে পৰা খৰ্ব কৰি আহিছে। সহজ-সৰল পাহাৰী মানুহবোৰে আনকি প্ৰতিবাদৰ উপযুক্ত ভাষাও নাজানে। এটা কথা দিহাঙে ভালদৰে বুজি পাইছিল কেৱল দুৰ্গম পৰ্বতবোৰৰ বাবে নহয়, আওপুৰণি শাসন ব্যৱস্থা আৰু ৰীতি-নীতিৰ বাবেও ভূটান এতিয়াও সভ্য সমাজৰ পৰা কিছু পিছপৰি আছে।

 চি এইচ কিউৰ পৰা খবৰ আহিছে ভূটান চৰকাৰৰ সহযোগতে ভাৰতীয় চোৰাংচোৱাই শিবিৰৰ আশে–পাশে পিয়াপি দি ফুৰিছে। অৱশ্যে এতিয়াও ৰজাই শিবিৰৰ নেতাসকললৈ উপহাৰ আৰু উপঢৌকন পঠিয়াবলৈ এৰা নাই।

 আগন্তুক সাধাৰণ সভাত এই সকলো বিষয়েই আলোচনা হ’ব। তদুপৰি সংগঠনৰ আভ্যন্তৰীণ সাল-সলনিও হ’ব কিছু। মধ্যমবৰ্গীয় নেতা কিছুমাৰ ক্ষমতাৰ হীন-ডেঢ়ি ঘটিব।

 অসমৰ শেহতীয়া কাম-কাজ আৰু আন্তঃগাঁথনি সম্পৰ্কীয় সকলো তথ্য চি এইচ কিউলৈ লৈ যাব লাগিব দিহাঙে। তথ্য সংগ্ৰহৰ বাবে নামনিৰ গাঁৱলৈ নামি গৈছে নয়ন আৰু ৰাজন। উজনিৰ পৰা সকলো তথ্য কঢ়িয়াই অনা নেতা এজনক তাতেই সিহঁতে লগ কৰিব।

 শিলচটাত অকলশৰে বহি থকা দিহাঙৰ চকু পাহাৰৰ গোেৰ বগুৱাবাই নামনিলৈ নামি গ’ল— ‘আস! কি সুন্দৰ শ্যামল ৰং! বহু দূৰ বিয়পা অৰণ্য— তাৰ সিপাৰে পথাৰ। দূৰৰ গাঁওবোৰ ইয়াৰ পৰা চকুৰে নমনি। কেতিয়াবা নিশা বৰষুণৰ মাজত মাছ ধৰিবলৈ অহা মানুহে জ্বলোৱা টৰ্চৰ পোহৰ ইয়াৰ পৰা চকুত পৰে। বৰষুণ আৰু আন্ধাৰৰ মাজেৰে চকুত পৰা সেই পোহৰ বিন্দুবোৰৰো যে কি শক্তি! স্বাভাৱিক জীৱনৰ প্ৰতীক হৈ সেই বিন্দু বিন্দু পোহৰে ল’ৰাহঁতৰ চকুত জলক-তবক লগাই দিয়েহি।

 দিহাঙে অনুভৱ কৰিলে শিবিৰটো নিটাল হৈ আছে। ল’ৰাবোৰে হয়তো খৰি লুৰিবলৈ গৈছে অথবা ক’ৰবাত জিৰণি লৈছে। অৱশ্যে আজি পাঁচজনমান ল’ৰাহে আছে শিবিৰত। বাকীবোৰ তললৈ গৈছে কিবা-কিবি কামত।

 অলপ অকলশৰীয়া অনুভৱ কৰিলে দিহাঙে। কেতিয়াবা মানুহ অকলশৰীয়া হ’ব লাগে। অন্ততঃ নিজৰ ভিতৰলৈ জুমি চোৱাৰ বাবে। নিজৰ ভিতৰলৈ জুমি চাইছে সি— কি দেখিছেনো! স্বাধীনতাৰ স্বপ্ন! আৰুতো একো নাই।

১৩৪