খুৱায়, কোঁচত লয়। কোনোবাই ক'ৰবাৰ পৰা অনা বগা মণি এধাৰো আঁৰি দিছে অসমীৰ ডিঙিত। মুঠতে দিহাং ছাৰৰ চাৰিঠেঙীয়া ‘আলহী’ শিবিৰৰ সকলোৰে বাবেই সন্মানিত অতিথি।
‘অসমী অ’ অ-স-মী’— দিহাঙে মাতিলে। তাই সমুখলৈ আহিল। ভৰিৰ ক্ষতটো চাই দিহাঙে ক'লে— ‘মই চি এইচ কিউলৈ যোৱাৰ আগতে তাইৰ ভৰিটো সম্পূৰ্ণ ভাল হ’বনে বাৰু? হ’লে মই তাইক লগৰীয়াবোৰৰ লগত এৰি দিব পাৰিম।’
নয়নে একো নামাতিলে। সি ভাবিছিল অসমী সিহঁতৰ লগতে সদায় থাকিব। তাৰ অকণমান দুখ লাগিল।
বিছনাত বাগৰি আছে দিহাং। বেটাৰীত চলা কণমানি মিউজিক ছীষ্টেমটোত ভৰাওঁ- নভৰাওঁকৈ চিডিখন ভৰালে সি। শান্তনুও যে আৰু! পেছাত শান্তনু গুৱাহাটীৰ ইংৰাজী কাকত এখনৰ সাংবাদিক। ভাল কবিতা লিখে। সিহঁতৰ গ্ৰুপৰ কবিতাৰ অনুষ্ঠানবোৰ পতাত শান্তনুৱে সদায় আগভাগ লৈছিল। কবিতা বুলি ক’লে চাকৰিত ফাঁকি-ফুঁকা দি গাঁৱে-ভূঞে ঘূৰিব পাৰে শান্তনু। তাৰ কেতিয়াও ভাগৰ নালাগে এইবোৰ কৰি।
কটন কলেজৰ দিনবোৰতে দিহাং আৰু শান্তনুৰ চিনাকি। পাছলৈ বন্ধুত্ব। দুয়োৰে আদৰ্শ একে আছিল। পথ কিন্তু বেলেগ বেলেগ হ’ল। দিহাংহঁতৰ সংগঠনৰ প্ৰতি তাৰ নৈতিক সমৰ্থন সদায়ে আছে।
মিউজিক ছীষ্টেমটো অলপ ঘেৰঘেৰাই ঘেৰঘেৰাই সৰৱ হৈ উঠিল। শান্তনুৰ মাত। অনুষ্ঠানটোৰ আঁত ধৰিছে শান্তনুৱে।
‘...অনুষ্ঠানটো সঞ্চালনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে প্ৰিয় কবি অহিৰণ বৰুৱা...।’
অহিৰণ বৰুৱা— আস্! সেই শিহৰণ জগোৱা বিপ্লৱী কবিতাবোৰৰ কবি অহিৰণ বৰুৱা— যি মানুহ আৰু প্ৰকৃতিক লৈও কেইটামান জনপ্ৰিয় কবিতা ৰচনা কৰিছে— দিহাঙৰ প্ৰিয় কবি তেওঁ।
মিউজিক ছীষ্টেমটো কাণৰ কাষলৈ আৰু অলপ টানি ল’লে দিহাঙে। অনুষ্ঠানটো আৰম্ভ হ'ল। দিহাঙৰ এনে লাগিল যেন কবিতাৰ অনুষ্ঠানটোৰ আন্ধাৰ কোণ এটাত বহিহে কবিতা শুনিছে সি। কবিবোৰ চিনাকি তাৰ— নৱাৰুণ বৰ্মন, পদুম তাঁতী, ভাগৱী মেধি, ত্ৰিলোচন কলিতা, শ্যাম বৰুৱা... বহুকেইজন তাৰ এসময়ৰ ঘনিষ্ঠ বন্ধু আছিল।
শান্তনুৰ কবিতাৰ স্তৱক এটা দিহাঙৰ খুব ভাল লাগিল—