এটা বান্ধি লৈ দিহাঙৰ কাষতে বহিল মীৰা।
‘তোৰ খবৰ ক।’— সহজভাৱে ক’লে তাই।
দিহাঙে ম্লান হাঁহি এটা মাৰিলে। আচৰিতভাৱে সিহঁতৰ সমুখৰ পৰা যেন বৰ্তমান অদৃশ্য হৈ গ’ল আৰু উদ্ভাসি উঠিল অতীত। গুণগুণকৈ সিহঁতে কলেজীয়া দিনবোৰৰ কথা পাতিলে। সুখময় দিনৰ সোঁৱৰণিয়েও মানুহক আশ্চৰ্য শান্তি দিব পাৰে। দিহাঙে মন কৰিলে— সংগঠনৰ বিষয়ে একো নুসুধিলে মীৰাই। এইটো তাইৰ স্বভাৱেই বেয়া পোৱা প্ৰসংগ এটাক লৈ তাই কেতিয়াও কথা পাতিব নিবিচাৰে।
দিহাঙে বুজি পালে সংগঠনক লৈ যথেষ্ট অসন্তুষ্ট মীৰা।
ক্ৰমশঃ অৱসাদে দিহাঙৰ চকুৰ পতা জপাই দিব খুজিলে। মীৰাই যেন বুজিলে কিবা এটা।
‘তই শো— মই সাৰে থাকিম।’ — ক’লে তাই।
‘মই পোহৰ হোৱাৰ আগতেই যাবগৈ লাগিব।’— দিহাঙে ক'লে। ‘হ’ব। মই জগাই দিম।’
আন্ধাৰ, নিৰ্জনতা, কাষত এগৰাকী মমতাময়ী নাৰীৰ উপস্থিতি। পৰম নিৰ্ভয়তাৰে দিহাঙে চকু মুদিলে।
বিছনাৰ পৰা নামি কোঠাটোৰ একমাত্ৰ কাঠৰ চকীখনত বহি পৰিল মীৰা। তাইৰ
জীৱনত কোনে ছটিয়াই দিলে এই অপাৰ্থিৱ মুহূৰ্তকেইটা? সেই যে কেতিয়াবা দিহাঙৰ
অকণমান আগ্ৰহ, মৰমভৰা চাৱনি এটাৰ বাবে হামৰাও কাঢ়ি ফুৰিছিল তাই—। এতিয়া,
সেই দিহাং তাইৰ শোৱা কোঠাত, তাইৰ বিছনাত। অবোধ শিশু এটাৰ দৰে টোপনি
গৈছে সি। কিন্তু হা— সিহঁতৰ মাজত এতিয়া সাতখন সমুদ্ৰৰ ব্যৱধান। দিহাঙৰ কাষত
বহি তাৰ আউল-বাউল চুলিখিনিৰ মাজত আঙুলিকেইটা ভৰাই দিবলৈ তীব্ৰ ইচ্ছা গ’ল
মীৰাৰ। তাই দুয়োখন হাত মুঠি মাৰি ধৰিলে। লাহে লাহে তাই বুজিব পাৰিলে তাইৰ
বহুদিনৰ অনাঘ্ৰাত শৰীৰ আকুল হৈ উঠিব খুজিছে। পাপ কি পুণ্য কি মীৰাই নাজানে।
কিন্তু জানে— - দিহাঙৰ চকুত তাই সৰু হৈ যাবলৈ নিবিচাৰে!
যদিহে দিহাং সাৰে থাকিলহেঁতেন— যদিহে দিহাঙে বিচাৰিলেহেঁতেন তাই নিশ্চয় এই ৰাতিটোক অন্যধৰণে সজাই তুলিলেহেঁতেন।
মীৰাৰ চকুলো নিগৰি আহিল। কৰতৰ দৰে সেই ক’লা ৰাতিটোৱে তাইক ৰেপিবলৈ ধৰিলে।
টং টংকৈ তিনি বজাৰ সংকেত দিলে ঘড়ীটোৱে। দিহাঙৰ গাত জোকাৰি জগাই দিলে মীৰাই। দিহাঙৰ কথা মতে তাই দাদাকৰ পুৰণা লুঙী এখন আৰু ফটা গেঞ্জী এটা