হাবিৰ মাজৰ বিলখনৰ কাষতে মুকলি ঘাঁহনিডৰাত হৰিণা চৰে। ভেলেঙী চকুৰ ফুটুকা—ফুটুকী হৰিণবোৰে ঘাঁহ খাই থকা দৃশ্যটো বহুদিন জোপোহাৰ আঁৰ লৈ প্ৰাণ ভৰি চাইছে দিহাঙে। সেয়া এক নান্দনিক দৃশ্য। দুই-এবাৰ ঘাঁহনিখনৰ কাষৰ পৰা জংকীহঁতে ভোজ খাবলৈ হৰিণা মাৰি নিছে। সেয়া কিবা উৎসৱৰ সময়ত। কেতিয়াবা আকৌ খোৱাৰ নাটনি হ’লেও মানাহৰ এই অংশটোত শিবিৰৰ কোনো ল’ৰাই পহু চিকাৰ কৰেহি। অন্ততঃ সকলোৱে এসাঁজ পেট পূৰাই খাবলৈ পায় তেতিয়া।
আজিও ল’ৰাকেইটা ঘাঁহনিৰ কাষৰ বন জোপোহা এটাৰ আঁৰত লুকাই থাকিল। দিহাঙৰ লগত জংকী, ৰাজন, নয়ন, মাইহাং আৰু মৃদুলো আহিছে। মহাশয়ে চিকাৰ কৰাৰ এই ঘটনা সংগঠনৰ বুৰঞ্জীত নিশ্চয় সন্নিৱিষ্ট হ’ব। ভৱিষ্যতে ঐতিহাসিক ঘটনাৰূপে স্বীকৃতি পাবলগীয়া ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হ’ব পৰাটো কম ডাঙৰ কথানে!
বিয়লিৰ ৰিব্ ৰিব্ বতাহে অৰণ্যখনক দোলাই আছিল। চৌপাশে অৰণ্যৰ চিৰন্তন অপাপ শব্দবোৰ। দিহাঙৰ মনৰ চকুত আন এখন ছবিয়েহে অগা-ডেৱা কৰি থাকিল।
এখন হেলনীয়া পাইনৰ অৰণ্য— পাতল বগা চাদৰৰ দৰে কুঁৱলী আৰু এঁকা-বেঁকা পকী আলি এটা। শ্বিলঙৰ দাঁতিকাষৰীয়া আপাৰ লুম্পাৰিঙৰ ছবি সেয়া। সেই অৰণ্যখনৰ দাঁতিতে জীৱনৰ সমস্ত জমা-পুঁজিৰে দিহাঙৰ মাকে দোতলা ঘৰ এটা কিনিছিল। বেংকৰ চাকৰিয়াল তেওঁ। শ্বিলঙত পোষ্টিং হৈছিল। সেই তেতিয়াৰ দিনতে জাৰজ সন্তান জন্ম দিব পৰাকৈ সাহসী মহিলা আছিল তেওঁ। সংগঠনত যোগ দি ব্ৰহ্মদেশলৈ গুচি যোৱাৰ পূৰ্বে মাকৰ সৈতে সেই ঘৰটোত কেইটামান নিশা কটাইছিল দিহাঙে। নিৰ্জনতাপ্ৰিয় মানুহগৰাকীৰ সিয়েইতো একমাত্ৰ বন্ধু আছিল।
মাকৰ হাতৰ তলুৱাত নিজৰ উদং হাতৰ মুঠি খুলি কিবা এটা দিয়াৰ ভংগী কৰিছিল দিহাঙে।
‘এই পাইনৰ অৰণ্যখন তোমাক দিলোঁ— কিমান ধুনীয়া আৰু নিৰ্জন দেখিছা!’ হাঁহি হাঁহি মাকৰ কাণত গুগুণাই কৈছিল কবিতা লিখা ল’ৰাটোৱে।
সেইদিনা ৰাতি নিষ্কলুষ জোনাকৰ পোহৰত আকাশ উদ্ভাসিত হৈছিল। নিৰ্মল- ৰূপালী তৰা খটোৱা লুম্পাৰিঙৰ আকাশ। পাহাৰটোৰ মুধচত পকা বেল এটাৰ দৰে জোনটো ওলমি ৰৈছিল।
বেলকনিত বহি মাক-পুতেকে কথা পাতিছিল।
‘সেই জোনটো তোমাৰ—’ দুৰলৈ আঙুলিয়াই কৈছিল দিহাঙৰ মাকে। তাৰ চকুত যেন জোনৰ স্নিগ্ধ ৰূপালী ৰঙে উথল-পাথল জগাইছিল।
হয়। সেয়া একান্তই সিহঁতৰ খেলা আছিল। মাক আৰু দিহাঙৰ। অনন্য-অমূল্য
উপহাৰেৰে এইদৰেই সিহঁতে পৰস্পৰক উপচাই দিছিল আৰু হৈ উঠিছিল পৃথিৱীৰ