নিশ্চুপ হৈ সেই কুন্দতকটা ৰাতিটোৰ মাজেৰে আগুৱাই গৈছে ল’ৰাকেইটা। আধা ঘণ্টামান খোজকঢ়াৰ পাছত হাবিখন শেষ হ’ল। শেষ গছজোপাৰ পৰা এখন বহল ধাননি পথাৰৰ আৰম্ভণি। ধান চপোৱাৰ পাছত উদং নৰাৰে ভৰি থকা পথাৰখন জোনাকী আৰু তৰাৰ বিন্দু বিন্দু পোহৰত বৰ বিমৰ্ষভাৱে জিলিকি উঠিছে। পথাৰখনৰ সিপাৰে সৰু সৰু হালধীয়া পোহৰ কিছুমান দেখা গ’ল। চাকি আৰু বিজুলীবাতিৰ পোহৰ! কিজানি এখন গাঁও!
‘মহাশয়, আমি এতিয়া সেই গাঁওখনলৈ যাব লাগিব। নিশান্তক তাতেই লগ পাম।'— মণিয়ে ক’লে।
‘মই আৰু আগনাবাঢ়ো। ইহঁতে বাট চিনি পায়েই। আপোনালোক যাব।’— নৰেনে ক’লে। গধূলিৰ মধুৰ শীতল বতাহ এজাকে কোবাই থকাৰ পাছতো নৰেন ডেকাই পেণ্টৰ পকেটৰ পৰা ৰুমাল উলিয়াই মুখ মচিলে। দৃশ্যটো চকুত বাজিল দিহাঙৰ।
‘কিন্তু দাদা, আপুনিও যোৱাৰ কথা আছিল দেখোন!’— ৰাজেনে ক'লে।
‘আছিল। কিন্তু মোৰ ঘৰুৱা কাম এটা ওলাল। তোমালোকক মই কাইলৈ পুৱা লগ ধৰিম৷’ নৰেন উভতিব ধৰিলে। লাহে লাহে আন্ধাৰত মিলি গ’ল নৰেনৰ বগা ছাৰ্টটো।
পথাৰলৈ নামিব খোজা ল’ৰাকেইজনক হাতৰ ইংগিতেৰে বাধা দিলে দিহাঙে। ‘আমি অলপপৰ ইয়াতে ৰৈ পৰিস্থিতি বুজি লোৱাটো ভাল হ’ব। মুকলি পথাৰলৈ ঘপকৈ নামি নাযাবি।’— দিহাঙে ক’লে।
সঁচাকৈয়ে অলপ সময়ৰ পাছতে সিহঁত ৰৈ থকা ঠাইৰ বাঁওপিনে এটা খচমচনি শুনা গ’ল। ল’ৰাকেইটা সজাগ হৈ উঠিল। অলপপৰৰ নীৰৱতা। তাৰ পাছত গুলীৰ শব্দই গধূলিৰ ঘুমন্ত নিৰ্জনতা থান্বান্ কৰি পেলালে। মণিৰ কাণৰ কাষেদি পাৰ হৈ যোৱা গুলী এটাই পিছফালৰ তামোল গছ এজোপাৰ এবখলা এৰুৱাই লৈ গ’ল।
প্ৰতিআক্ৰমণৰ বাবে সাজু হৈ আটাইকেইটা ল’ৰা মাটিত পেট পেলাই শুই পৰিল।
সমুখৰ পৰা যেনি-তেনি আহিবলৈ ধৰিলে গুলীবোৰ। দিহাংহঁতেও প্ৰত্যুত্তৰ দি গ’ল। ভঙা কাঁচৰ দৰে নীৰৱ গধূলিটো গুড়ি হৈ গ’ল…..।
দহ মিনিটমানৰ পাছত সকলো নিটাল মাৰিলে।
‘ছাৰ, আমাৰ হাতত যথেষ্ট গুলী মজুত নাই। এটা কাম কৰোঁ— আমি শত্ৰুক ইয়াতে ব্যস্ত ৰাখোঁ— আপুনি অহা বাটেৰেই উভতি যাওকগৈ।’— নয়নে ক’লে।
‘পাগল হৈছ নেকি? মই তহঁতক এৰি নাযাওঁ।’ দিহাঙৰ খঙেই উঠিল অলপ।
‘ছাৰ, এই হাবি, পথাৰ আৰু গাঁৱৰ অলি-গলি আমাৰ নখদৰ্পণত। আপুনি নিশ্চিন্তে থাকক— আমাৰ একো নহয়। আমাৰ কিবা এটা হলেও সংগঠনৰ বিশেষ একো ক্ষতি নহ’ব। কিন্তু যদিহে আপোনাৰ কিবা এটা হয়...’ মণিয়ে দিহাঙক বুজাবলৈ যত্ন কৰিলে।