ধোঁৱা হৈ আহিল— সেই ধুঁৱলি আকাশৰ পৰাই অসম্ভৱ উজ্জ্বল পোহৰ এচাটি তাৰ চকুত ফুলৰ দৰে সৰি পৰিল আৰু তাৰ চকুত জলক-তবক লগাই দিলে। চেতনা হেৰুওৱাৰ আগেয়ে মূৰটো হলাই দিহাঙে অসমী ক’ত চাবৰ যত্ন কৰিলে— একো নেদেখিলে। মাথোঁ বুটজোতাৰ শব্দ বননি গৰকি তাৰ ফালে আহি থকাৰ উমান পালে।
পৰিশিষ্ট
বহু বছৰ পাৰ হৈ গ’ল। বহুবাৰ গছবোৰ উদং হ’ল। পুনৰ সেউজীয়াৰে জাতিষ্কাৰ হৈ উঠিল। ফুল ফুলিল। মৰহিল। দূৰ ক'ৰবাৰ পৰা উৰি অহা বিহংগই পাণবজাৰৰ প্ৰকাণ্ড গছকেইজোপাত বাহ সাজিলে। কণী পাৰিলে। সেই কণী ফুটি পোৱালি হ’ল আৰু এদিন সিহঁতো দূৰ ক’ৰবালে’ উৰি গুচি গ'ল।
কেতিয়াবা খীণকায় হৈ আৰু কেতিয়াবা ফেনে-ফোটোকাৰে দুৰন্ত হৈ অবিৰল লুইত বৈ থাকিল—।
কিন্তু ৰ’দ-বৰষুণে স্পৰ্শ নকৰা, ফুল নুফুলা, চৰাই নুৰা এখন দগ্ধ পৃথিৱীয়ে দিহাঙক সাপৰ দৰে মেৰাই ধৰি থাকিল।
জীৱন এনে নে— স্ৰোতহীন! বন্ধ জলাশয়ৰ পানীৰ দৰে স্থবিৰ আৰু শ্ৰান্ত! কাৰাগাৰৰ বন্ধ কুঠৰিত শুই শুই দিহাঙে ভাবে। মহানগৰীৰ প্ৰতিশ্ৰুতিহীন ধুঁৱলি আকাশ নিটাল মাৰি থাকে। কিমান দিন মহানগৰীৰ আকাশ নীলা হোৱা নাই— ফুলি উঠা নাই ধূলিয়ে ঢাকি ৰখা নিশাৰ তৰা।
দিহাঙে তাৰ বুকুত খেপিয়াই চায়— ঘুমন্ত অগ্নিমুখৰ দৰে শুই আছে তাৰ বিপ্লৱী সত্তা। আৰু বিপ্লৱ। শ্যামল পাহাৰৰ শিবিৰবোৰ ভাঙি পেলোৱা হ’ল। ৰঙা সূৰ্যৰ সপোন দেখা বহুবোৰ চকুতে এতিয়া বৈভৱ আৰু ক্ষমতাৰ ছাঁ। যি আদৰ্শৰ আঙুলি খামুচি দিহাংহঁত গুচি আহিছিল কেতিয়াবা – সেই আদৰ্শ এতিয়া নিজেই পথভ্ৰষ্ট পথিকৰ দৰে আতুৰ।
ক’ত কি ভুল হৈ গ'ল— দিহাঙে উভতি চোৱাৰ যত্ন কৰে। কিন্তু সান্ধ্য ছবিৰ দৰে ছাঁ-পোহৰৰ অগা-ডেৱাত একোৱেই স্পষ্ট হৈ নুঠে।
দিহাঙে এখন হৰিৎ অৰণ্যৰ সপোন দেখে। এখন সেউজীয়া পাহাৰৰ খলা-বমা আৰু নিৰ্জনতাৰ সপোন দেখে।
ক’ৰবাৰ পৰা নয়ন আহি তাৰ কাষতে বহেহি। বতাহত হালি-জালি থকা আবেলিৰ জকমক সোণাৰু ফুলবোৰলৈ চাই নয়নে বিৰবিৰায়— ‘এটা কবিতা শুনাওক।’