সমললৈ যাওক

পৃষ্ঠা:ডৰিয়লি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিচাৰি আনিলে। কাপোৰসাজ সলোৱাৰ পাছত চিনিব নোৱৰা হৈ পৰিল দিহাং। নিখুঁত ছদ্মৱেশ।

 ‘তোক কি বুলি ধন্যবাদ দিওঁ মীৰা...!’ যাবলৈ ওলাই গভীৰভাৱে ক’লে দিহাঙে।

 ‘ভালে থাকিবি...।’— মীৰাই ক’লে।

 পোহৰ হ’বলৈ তেতিয়াও কিছুপৰ আছিল। আকাশত বিচিত্ৰ ৰূপেৰে জিলিকি আছিল তৰাৰ টাটু। বহু দূৰত আছিল এখন পাহাৰ — শিবিৰবোৰ বুকুত লৈ। তৰুণ স্বপ্নবোৰ বুকুত লৈ। দিহাং আগবাঢ়িল। শিলৰ দৰে মৌন হৈ থকা শেষ ৰাতিটোও তাৰ লগে লগে আগবাঢ়িল— পুৱতিৰ পিনে।

 (৬)

 অসমীক কোলাত লৈ পাহাৰৰ হেলনীয়াত বহি আছে দিহাং। অলপ আগতে সি পলিটিকেল ক্লাছটো কৰি উঠিছে। শিবিৰটো নিটাল হৈ আছে। যেন সেয়া মৰিশালিৰ নীৰৱতা— ধোঁৱা, ছাই আৰু উচুপনিৰ শেষত নিৰ্বিকাৰভাৱে বাঢ়ি আহিছে।

 গুলীয়ে থকা-সৰকা কৰা নয়ন-মণি-ৰাজেনৰ মৃতদেহৰ ফটো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পাইছিল। লগতে বৰ বৰ হৰফেৰে শিৰোনাম— ‘সংঘৰ্ষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত।’ ভিক্ষাৰীৰ ছদ্মৱেশ লৈ শিবিৰলৈ উভতি আহোঁতেই দিহাঙে খবৰটো পাইছিল। বৰ কষ্টেৰে সি নিজকে টানি আনিছিল পাহাৰখনলৈ। একধৰণৰ অপৰাধবোধত গলি গলি নিঃশেষ হ’ব ধৰিছে দিহাং। সি তেনেদৰে গুচি অহাটো উচিত হৈছিলনে সেই ৰাতি? এৰা— সংগঠনৰ বাবে তাৰ জীৱন অধিক জৰুৰী আছিল। তথাপি...!

 চকুৱেদি নিগৰি নহা অশ্ৰুবোৰ গোট মাৰি পাথৰ হৈছে বুকুত। দিহাঙৰ কোলাত সোমাই থকা অসমী দিহাঙৰ পাথৰৰ দৰে মূৰ্তি দেখি বিৰক্ত হ’ল। লেঙেৰাহ লেঙেৰাই তাই নীলা শেলুৱৈ আৰু কাঠফুলাই ছানি ধৰা প্ৰকাণ্ড শিল এটাৰ পিনে আগবাঢ়িল।


 হেমন্ত কালৰ পুৱা। অৰণ্যৰ সৰ্বত্ৰ এটা পাতল ৰঙচুৱা চামনি পৰিছে। বতাহত বিয়পিছে মন উদাস কৰা মদৰুৱা গোন্ধ। ধীৰ গতিৰে গছৰ পৰা পাতবোৰ সৰিছে– পোৰা মাটিৰ বৰণ লোৱা শুকান পাতবোৰ। চৰাইৰ মাততো কি এক মন বেয়া কৰা উদাস সুৰ!

 ওপৰৰ পৰা নিৰ্দেশ আহিছে এসপ্তাহমানৰ ভিতৰতে এই শিবিৰ উঠাই দিব লাগিব। শত্ৰুপক্ষই বোলে শিবিৰৰ বিষয়ে তথ্য পাইছে আৰু আক্ৰমণৰ প্ৰস্তুতি চলাইছে। গোপন সূত্ৰই দিছে এই খবৰ। ইতিমধ্যে অস্ত্ৰ-শস্ত্ৰ আৰু নথি-পত্ৰবিলাক এই শিবিৰৰ পৰা স্থানান্তৰিত কৰা হৈছে। প্ৰতিআক্ৰমণৰ অনুমতি দিয়া নাই শীৰ্ষ নেতৃত্বই। তাৰবাবে

১৫৩