মহিলা কীৰ্ত্তন
মহিলা কীৰ্ত্তন ।
ধলৰ সত্ৰৰ অধিকাৰ
শ্ৰী শ্ৰী যুত তীৰ্থনাথ গোস্বামীৰ
দ্বাৰা সঙ্কলিত৷
৪ৰ্থ অঙ্কৰণ
১৯৫০
প্ৰকাশক আৰু প্ৰাপ্তিস্থান :-
সত্ৰ পুথি ভঁৰাল, ধলৰসত্ৰ৷
মূল্য বাৰ অনা
প্ৰকাশক-
শ্ৰী নৰনাথ গোস্বামী
ধলৰসত্ৰ
প্রিণ্টাৰ--শ্ৰীপ্ৰকাশ চন্দ্র চৰকাৰ
কাত্যায়নী মেচিন প্ৰেছ,
৩৯।১ শিৱনাৰায়ন দাস লেন,
কলিকতা—৬।
--১ম অধ্যায়-
কীৰ্ত্তন কৰা প্ৰণালী
কীৰ্ত্তন কৰিবলৈ বহাৰ আগতে আইসকলে মাহ-প্ৰসাদ আদি আগবঢ়াই সজাই-পৰাই থব। পাছত সমাজ পাতি বহি সেৱা কৰি হৰিধ্বনী কৰিব । 'অ' হৰি, অ' ৰাম, উৎসৱ কৰি হৰি বোল৷" ইয়াকে এগৰাকীয়ে লগাই দিব আৰু বাকী সকলে একেলগে কব-এয়ে হৰিধ্বনী। তাৰ পাচত তলত লিখা মতে “প্ৰথমে নাম", পাছত “কাকুতি”, তাৰ পাছত “কীৰ্ত্তন” তাৰ পাছত “স্তুতি”, তাৰ পাছত “প্ৰাৰ্থনা" আৰু শেষত "সামৰণি” গাই নাম সামৰিব । নাম সামৰাৰ পাছত আকৌ হৰিধ্বনী কৰি সাধাৰণভাবে প্ৰাৰ্থনা জানাই পুনৰ হৰিধ্বনী কৰিব। সেৱকীয়া নাম হলে সেৱকক আশীর্ব্বাদ আদি দিব আৰু প্ৰতি জোকা আশীৰ্ব্বাদৰ পাচত সকলোৱে হৰিধ্বনী কৰিব। ইয়াৰ পাছত প্ৰসাদ বিতৰণ কৰি ঘৰাঘৰি যাব।
ইয়াত বিশেষ কৈ চাবলগীয়া কথা হৈছে এই যে ইয়াত দিয়া “নাম” আৰু “সামৰণি” বদলাই গাব নোৱাৰি বাকী বিলাক ৰুছি মতে গাব পাৰে। এইদৰে বাছি গাব পৰাকৈ সকলো বিলাক ২য় অধ্যায়ত সৰহীয়াকৈ দিয়া হৈছে।
নাম
(সুৰ লগাই চাপৰি বজাই সকলোৱে গাব। )
কেশৱ কমলাকান্ত অনন্ত অনাদি।
নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ বাদী॥১
জয় জয় জগত জনক জগজীৱ।
অনন্ত অচ্যুত সনাতন সদাশিৱ॥২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥৩
গোপাল গোবিন্দ ৰাম কৃষ্ণ নাৰায়ণ।
কমল লোচন হৰি পতিত পাৱন॥৪
ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ।
ৰাম কৃষ্ণ নাৰায়ণ শিৱ সনাতন॥৫
গোপাল গোপীনাথ গোবিন্দ মাধৱ।
জীৱৰ জীৱন যদুনন্দন যাদৱ॥৬
(একে ঘোষাকে দুবাৰকৈ গাব)
কাকূতি
(সুৰ লগাই চাপৰি বজাই সকলোৱে গাব)
কিমতে ভকতি কৰিবো তোমাত হৰি এ,
মই মূঢ়মতি নাজানো তাৰ উপাই ৰাম ৰাম
মহা বলন্তে দুৰ্ব্বাসনা ঘোৰ হৰি এ,
আমাৰ মনক তেজিয়া দূৰ নযাই ৰাম ৰাম॥
তোমাৰ মায়াৰে মন মুহি আছে হৰি এ,
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ,
তুৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম।
ভকতি মিনতি প্ৰণতি নাজানো হৰি এ,
মোত পৰে জ্ঞানশূন্য হীনমহি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা বসেৰ সাগৰ হৰি এ,
দিয়ো মোক তুৱা পদ-ছায়া তলে ঠাই ৰাম ৰাম॥
কীৰ্ত্তন
(পদবিলাক লগাই দিব আৰু চন্দৰ শেষে শেষে
সকলোৱে চাপৰি বজাই ঘোষা গাব।)
(ঘোষা) জয় জয় ৰাম কৰুণা সাগৰ এ।
মোক নাৰায়ণ ইবাৰ কৰিয়ো দায়া॥
(পদ) পতিত পাৱন বুলি নাৰায়ণ এ।
পৰম পতিতে ডাকে আতুৰ হৈয়া।১
তযু বেদ বাণী আমি আছো শুনি এ।
মহাপাপী তৰে তযু গুণ নাম লৈয়া॥২
তুৱা গুণ নাম অমৃত আশায়ে এ।
তোমাৰ চৰণে বিকা গৈলো মুঢ়মতি॥৩
চৰণত ধৰো কাতৰ কৰো এ।
মই অনাথক নছাৰিবা যদুপতি॥৪
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ।
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ॥৫
নিজ ভৃত্য কৰি লৈয়ো গোপীনাথ এ।
তযু কৃপা যাৰ মিলয় কোন প্ৰমাদ॥৬
হে দয়াশীল দেৱ দামোদৰ এ।
তোমাৰ চৰণে বোলোহো কাকুতি বাণী॥৭
মোক নিজ দাস কৰি লৈলে হৰি এ।
কহিয়ো কৃপাল তোমাৰ কি হয় হানি॥৮
পৰম কৃপালু হৈয়া যদুপতি এ।
কোন অপৰাধে মোক ভৃত্য পৰিহৰা॥৯
শাস্ত্ৰতো প্ৰশিদ্ধ অজ্ঞানতো হৰি এ।
যিটো নাম লৱে তাকো মোৰ বুলি ধৰা॥১০
জ্ঞান শূণ্য আতি পশু পক্ষী জাতি এ।
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়॥১১
আকে জানি হৰি শৰণে পশিলো এ।
আমাক তোমাৰ তেজিতে উচিত নয়॥১২
স্তুতি
( সুৰ লগাই সকলোৱে চাপৰি বজাই গাব।)
বহুদেৱ নিগদতি হাসি, সাক্ষাতে বিদিত ভৈলা আসি,
তুমিসে পুৰুষ প্ৰকৃতীৰো কৰি পৰ।
সমস্ত জীৱৰ বুদ্ধি সাক্ষী, কেৱল আনন্দ অনুভৱ,
স্বৰূপ সুগৰ সাগৰ দেৱ ঈশ্বৰ॥
হে কৃষ্ণ যত জীৱ নিত, তিনিতাপে হুৱা সন্তাপিত,
দুৰ্ঘোৰ সংসাৰে তাপত পৰি আছয়।
তযু পদে শ্বেত ছত্ৰ-প্ৰায়, অমৃত বৰিষে সৰ্ব্বদায়,
আৰ ছায়া বিনে নেদেখো তাৰ আশ্ৰয়॥
বলি নিগদতি যদুপতি, ৰাম ৰাম ৰাম ৰাম ৰাম,
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।
দেৱৰে৷ দুৰ্লভ আতিশয়, ৰাম ৰাম ৰাম ৰাম ৰাম,
গৃহতে থাকিয়া দেখিলো তযু চৰণ
⸻
প্ৰাৰ্থনা
(শুৰ লগাই সকলোৱে চাপৰি বজাই গাব। )
তুমি চিত্ত বৃত্তি মোৰ, প্ৰৱৰ্ত্তক নাৰায়ণ,
তুমি নাথ মই নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া,
কৰ দয়া মোক ভগৱন্ত॥
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি,
জানি কৃপা কৰা হৃষীকেষ।
দান্তে তৃন তুলি লওঁ যিমতে সেৱাত ৰওঁ
দিয়া মোক সেহি উপদেশ॥
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা ৰস সাৰ॥
সামৰণি
(সুৰ লগাই সকলোৱে চাপৰি বজাই গাব)
শ্ৰীমন্ত শঙ্কৰ এ’ হে, হৰি ভকতৰ এ, হে,
হৰি মোৰ বান্ধৱ জানা যেন কল্পতৰু।
তাহান্ত বিনাই এ, হে, নাহি নাহি নাহি এ, হে,
হৰি মোৰ বান্ধৱ আমাৰ পৰম গুৰু।
আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু॥
—:•:—
মহিলা কীৰ্ত্তন
২য় অধ্যায়
—:•:—
আগৰ অধ্যায়ত দিয়া কাকুতি, কীৰ্তন, স্তুতি আৰু প্ৰাৰ্থনা প্ৰত্যেকৰে ৩।৪ বিধকৈ ইয়াত দিয়া হৈছে। কীৰ্ত্তন কৰোতে আগৰ অধ্যায়ত দিয়া বিলাকো গাব পাৰে বা তাক নেগাই তাৰ ঠাইত ইয়াৰ পৰা বাছি নি যি কোনো কুটকে গাব পাৰে।
বিশেষ মন কৰিব লগীয়া কথা এই যে স্তুতিৰ ঠাইত কীৰ্ত্তন এইদৰেহে বাছি নিব—খেলি-মেলি কৰিব নোৱাৰি।
⸻
কাকুতি
(১)
আমি যত জীৱ তোলাৰ পালন, হৰি হৰি হৰি হৰি এ,
তুমি সে পালিয়া ফুৰা হুহা অন্তৰ্য্যামী।
আবে যেবে নিজ ভৃত্য বুলি পালা, হৰি হৰি হৰি হৰি এ,
তেবেসে কৃপাল কৃত্য কৃত্য হও আমি ॥১
তুমি যাক পালা সিয়ো জন আমি, হৰি হৰি হৰি হৰি এ,
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত ।
তোমাৰ অধীন হুয়া কেনে আমি, হৰি হৰি হৰি হৰি এ,
ভৈলোহো স্বতন্ত্র ইটো কিনো অদভূত ॥২
তোমাক পৰম ঈশ্বৰ নমানি, হৰি হৰি হৰি হৰি এ
মতা অহঙ্কাৰে দ্ৰোহ আছৰিলো আমি।
আবে তযু পদে শৰণ পশিলো, হৰি হৰি হৰি হৰি এ
মই দ্রোহীয়াৰ দোষ ক্ষমা কৰা স্বামী ॥৩
(২)
দাস হৈয়া তযু সেৱা নকৰিলো, হৰি হৰি হৰি হৰি এ,
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
তুমি পনু প্ৰভু সহজে কৃপালু, হৰি হৰি হৰি হৰি এ,
শৰণে পশিলে ক্ষনিবে প্ৰভু যুৱাই ॥১
মই অজ্ঞানীৰ যতেক অজ্ঞান, হৰি হৰি হৰি হৰি এ,
কথা কহি কোনে সীমা কৰিবেক তাক ।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি হৰি হৰি হৰি হৰি এ,
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥২
প্রিয়ত্তম আত্মা ঈশ্বৰ দেৱতা, হৰি হৰি হৰি হৰি হৰি এ,
কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ ।
কৃষ্ণৰ চৰণ পঙ্কজ বিনাই, হৰি হৰি হৰি হৰি এ,
মই অনাথৰ গতি নাহি নাহি আৰ ॥৩
(২)
নমো কৃষ্ণদেৱ পাপী বুলি কেৱ,
মোক মোৰ নোবোলয়।
পতিত পাৱন জানিয়া তোমাত,
আপুনি গৈলো বিক্রয় ॥
নমো হৰি পদ, পঙ্কজ যুগল
বিমল সুখ সাগৰ ॥
অনাদি অনন্ত, সন্ত সদাশিৱ
ভগৱন্ত ভয় হৱ ॥
⸻
কীৰ্ত্তন
(১)
(ঘোষা) বৈকুণ্ঠৰ পৰা গোসাঞী নামি আহি
জলতে কৰিলে শয়ন ।
নাভি কমলত ব্রহ্মাক স্ৰজিলে
স্ৰজিলে তিনি ভূবন ।
(পদ)জানিলো তোমাক জগত ঈশ্বৰ
তুমি সনাতন হৰি।
সমস্ত ভূতৰ তুমি প্রাণ বল
জগতকে আছা ধৰি ॥
স্ৰষ্টাৰে৷ স্ৰষ্টা তুমি সর্ব্ব দ্ৰষ্টা
উদ্ধাৰি ধৰিলে ভুমি।
জীৱৰ নিয়ন্তা পৰম আতমা
মৃত্যুৰো অন্তক তুমি ॥
আগে নিচিনিলো{gap|3em}}এবেসে জানিলো
তেন্তে তুমি শ্রীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষেমিয়োক
চৰণে কৰো প্ৰণাম॥
⸻
(২)
(ঘোষা) বৈকুণ্ঠৰ পৰা গোসাঞী নামি আহে
মুখে হৰি নাম লই।
দুহাতে দুমুঠি হৰি নাম আনিলে
যায় সংসাৰলৈ বই।
(পদ) পৰম মঙ্গল হৰি নাম ধৰ্ম্ম
যাহাৰ থাকে মুখত।
তাৰ তেতিক্ষণে ভস্ম হৈয়া যায়
মহাপাপ কোটি শত॥
হৰি হেন ইটো দুগুটি অক্ষৰ
জিহ্বা অগ্ৰে থাকে যাৰ।
কাশী গঙ্গা গয়া প্ৰয়াগ পুস্কৰ
যাইবাক নলাগে তাৰ॥
আন ধৰ্ম্ম এৰি হৰি নাম স্মৰি
সুখে পাৱে যেন গতি।
অনেক প্ৰবন্ধে সমস্ত ধাম্মিকে
নপাৱে তাক সম্প্ৰতি॥
হৰিৰ নামেসে নামেসে নামেেসে
জীৱন আৱে আমাৰ।
কলি যুগে আৰ আন গতি নাই
নাই জানা সাৰে-সাৰ॥
(৩)
(ঘোষা) উঠি নাম ললে,মহন্ত সকলে, বহি নাম
ললে গোপী। বৈকুণ্ঠৰ পৰা গোসাঞী
নামি আছে, নামৰ মহিমা শুনি॥
(পদ) ইটো হৰি নামে লোকৰ যতেক
পাতক নিৰ্য্যান কৰে।
ততেক পাতক প্ৰৱদ্ধে কৰিবে
নোৱাৰে পাতকী নৰে॥
ব্ৰহ্মচাৰী গৃহ- বাসী বনবাসী
সন্ন্যাসী যতেক যতী।
হৰিৰ কীৰ্ত্তন এৰি কেহ নৰে
নপাৱে পৰম গতি॥
সূৰ্য্য গ্ৰহণত এক কোটি ধেনু
ব্ৰাহ্মণক দেই দান।
প্ৰয়াগ গঙ্গাৰ জলত নিবাস
কৰি দশ কল্পমান॥
অযুতেক যজ্ঞ কৰে মেৰু সম
সুবৰ্ণক দেই দান।
এক শত ভাগো গোবিন্দ নামৰ
তেবেয়ো নুহি সমান॥
হৰিৰ নামৰ সমস্ত মহিমা
কহিবে কাৰ শকতি।
যদি চাৰি মুখে ব্ৰহ্মায়ে কহন্ত
তভু নুহি সমাপতি॥
কোটি এক ৰাজ- সূয় অশ্বমেধ
যজ্ঞ আক নোহে সৰি।
হেন হৰি নাম নলৈয়া হেলাত
মৰে আত্মঘাত কৰি॥
হেন বেদৱানী তত্ত্ব হেন জানি
আসনতে সুখে থাকি।
আপোনাকো তাৰা পুৰুষ উদ্ধাৰা
হৰি হৰি বোলা ডাকি।।
কৃষ্ণৰ কিঙ্কৰে ভনিল শঙ্কৰে
শুনিয়োক সৰ্ব্বজন।
হেন জানি আন আল জাল এড়ি
কৰিয়ো হৰি কীৰ্ত্তন।।
(৪)
{ঘোষা) নামৰে ধৰ্ম্মৰে, কথা শুধি ললে, অৰ্জ্জুনে
কৃষ্ণক পাই। তিনি সত্য খুৱাই, দঢ়াই
সুধি হলে নামত বিনে ধৰ্ম্ম নাই।
(পদ) হৰিৰ কীৰ্ত্তনে মহা পাতকক
যিমতে কৰে নিৰ্য্যান।
আন প্ৰায়শ্চিত্তে পৱিত্ৰ কৰিবে
নোৱাৰে তাৰ সমান।।
হৰি নামে সব পাতক দহয়
জ্ঞানে বা অজ্ঞানে বোলে৷
যেন হুতাসনে শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোৰে।
পৰে বা পিছলে সৰ্পে বা দংশয়
জ্বৰ তাপে পীড়া কৰে।
এতেকতে যদি হৰি নাম লৱে
যম যাতনাত তৰে ।।
দেৱ ঋষি নৰ সিদ্ধ বিদ্যাপৰ
গন্ধৰ্ব্ব চাৰণ গণে।
হৰিৰ নামৰ গোপ্য মহিমাক
ভেবেসে কেহু নজানে।।
ব্ৰহ্মা মনু হৰ কপিল কুমৰ
শুক ভীষ্ম বলীৰায়।
প্ৰহলাদ নাৰদ জনক আমিসে
বাৰজন সমুদায়॥
পৰম গুপুত হৰি নাম ধৰ্ম্ম
জানি আছে শুদ্ধ ভাৱে।
যাক আছৰিলে খাৱতে বসিয়া
দুৰ্ল্লভ মোক্ষক পাৱে ॥
মহা যোগী জনো ব্ৰহ্ম চিন্তে যদি
হৰিৰ নাম নলৱে)।
সিটো ভ্ৰষ্ট হুয়া সংসাৰত পৰে
চাৰি বেদ হেন কৱে ॥
হৰিত ভকতি কৰে সৰ্ব্বদায়
কৰিয়া কীৰ্ত্তন কৰ্ম্ম।
মনুষ্য লোকত এই খানে মাত্ৰ
পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম॥
(৫)
(ঘোষা) শাস্ত্ৰৰ উত্তম গীতা ভাগৱত
ধৰ্ম্মব উত্তম নাম।
দেৱৰ উত্তম দৈৱকী নন্দন
চৰণে কৰো প্ৰণাম॥
(পদ) শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ সেৱন।
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহ অৰ্পণ ॥
নৱ বিধ ভক্তি বিষ্ণুত আচৰে
এহিসে পাঠ উত্তম।
হেন শুনি পাছে হিৰণ্য কশিপু
কোপে কাম্পে যেন যম ॥
প্ৰহলাদে বোলন্ত শুনিয়োক তাত
বিষয়ৰ নাহি গতি।
গুৰু উপদেশে আপোনাত হন্তে
নোপজে কৃষ্ণত ৰতি ॥
বৈষ্ণৱক যাৱে নকৰে উপাসা
মোহে অন্ধ মূঢ় মতি।
শুনা পিতৃ তেবে কৃষ্ণৰ চৰণে
নোছোৱে তাহাৰ মতি॥
(৬)
কি কৰিলো কি কৰিলো ভকতি-নকৰি।
অন্তকে পাইলেক প্ৰভূ ৰক্ষা কৰা হৰি।
মকৰিলে৷ শিৰে মাধৱক নমস্কাৰ।
ইটো মাথা গোট মোৰ ভৈলা মহাভাৰ॥
কৰ্ণ দুই আছে নুশুনিলো হৰি কথা।
দুগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা
জিহ্বা মোৰ আছন্তে নলৈল৷ ৰাম নাম।
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম॥
নেদেখিলো প্ৰভুৰ নয়নে কেন ৰূপ।
সম্য়কে জানিলো দুয়ো আখি অন্ধ কূপ
যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ যেন পাখি।
হৰি ৰূপ নেদেখিলো পাইলো তেন আখি |
হৰি পদ তুলসীৰ নলৈলোহো ঘ্ৰাণ।
জীৱন্তে মৰিলো নাসা ভাটিৰ সমান।
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলে এক বাৰ॥
কৃষ্ণ কৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ।
ইটো হস্ত বাহু মোৰ মৃতক শৱৰ॥
পাৱ দুই আচন্তে নগৈলো ক্ষেত্ৰ স্থান।
নাৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান।
হা হা দয়াময় মোৰ কি কৰিলা গতি।
এভু তুৱা নাম লইতে মোৰ হৌক মতি
কৰ্ম্ম দোষে যিবা জন্ম হোৱে সংসাৰত।
তাতো নাছাবোক চিত্ত তুৱা চৰণত॥
সদায় ঘোষোক ৰাম নাম মোৰ মুখে।
সংসাৰ সাগৰ মই তবো যেবে সুখে॥
সকল জগত তযু মায়ায়ে মোহিত।
তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত॥
পুত্ৰ দ্বাৰা নিগড়ে বান্ধিলো দুয়ো ভৰি।
মৰন্তে আছোহো ওযু নেবোলো হে হৰি ||
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো।
তোমাক নেসেৰি বৃথা জনম গোৱাইলো।
নিচিত্তিলো একবাৰ তোমাৰ চৰণ।
তৰু বন জীঘ্ৰে যেন আমাৰ জীৱণ
বিষয়ত ভোল গৈয়া কৰিলোহো ভোগ।
তাৰ ফলে শৃগাল শ্বামৰ ভৈল যোগ।
ভয় তৰিবাৰ যোগ্য লভিলে৷ শৰীৰ।
বিষয় বতাসে পায় কৰিলে অস্থিৰ।
কৰে তল মল দেহা কেনে হৈবো পাৰ।
এভু দাস বু’ল প্ৰভু কৰিয়ে। উদ্ধাৰ॥
শুকৰি সেখৰ তুৱা দাসৰো দাস |
কাতৰ কৰোহো দিয়ো চৰণত বাস॥
⸻
স্তুতি
(১)
নমো নিত্যানন্দ, জগত কাৰণ,
বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ, কাম অনিৰুদ্ধ,
পুৰুষ শ্ৰভু অনন্ত।
ৰাম নিৰঞ্জন, দানৱ গঞ্জন,
ভকত ৰঞ্জন দেৱ।
তুমিসি পৰম, গুৰু নাৰায়ণ,
হয়া পাৰে কাৰো সেৱ।।
⸺⸺
(২)
মই দুৰাচাৰ, কেৱলে তোমাৰ,
আপৰাধি নাৰায়ণ।
ক্ষমিয়োক হৰি, লৈয়ো দাস কৰি,
পশিলো হেৰা শৰণ॥
হে কৃষ্ণ স্বামী, তষু পাৱে আমি,
কেৱলে শৰণ চাওঁ৷
কৰা অনুগ্ৰহ, মায়াৰ নিগ্ৰহ,
তেবেসে প্ৰভু এৰাওঁ॥
⸺⸺
(৩)
পুৰুষ উত্তম, পৰম পুৰুষ,
পৰম আনন্দ স্বামী।
তযু পাদ পদ্ম, মকৰন্দ আশে।
শৰণ পশিলো আমি॥
প্ৰভু ভগৱন্ত, অনন্ত ঈশ্বৰ,
প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়ত্তম, পৰম দেৱতা
জানিয়া লৈলো শৰণ।
⸻
(৪)
জয় জয় জয়, কৃষ্ণ কৃপাময়,
ভজিলো তোমাৰ পাৱে।
তোমাৰ চৰণ, পঙ্কজত মন,
মজোক মোৰ স্বভাৱে॥
জয় জয় ৰাম, জগত কাৰণ,
জগত জীৱন স্বামী।
পৰম দেৱতা, জানিয়া তোমাৰ,
চৰণে ভজিলো আমি॥
অনাদি অনন্ত, হে ভগৱম্ভ,
ভজো কৰি প্ৰণিপাত।
মুকুতি ৰসকো, তেজি মহাজনে,
শৰণ লৱে তোমাত॥
⸻
প্ৰাৰ্থনা
(১)
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্যামী গুৰু ৰূপে তাতে সত্য কৰা মোক
তযু নামে সদা ৰতি হোক-
হে কৃষ্ণ বাসুদেৱ দৈৱকী নন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰী গোবিন্দ তযু পদ অৰবিন্দ
কৰো মই লক্ষ নমস্কাৰ।
(২)
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্মমালা ধাৰী।
নমো পদ্ম সম নেত্ৰ পদ্ম যাৰ শত পত্ৰ
নমো ভকতৰ ভয় হাৰী |
বাসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংশ চানুৰাদি বিমৰ্দ্দন।
দৈৱকী হৃদয়ানন্দ ভকতৰ গুৰু কৃষ্ণ
তযু পদে কৰোহোঁ বন্দন॥
(৩)
মোৰ সম পাপী লোক নাহিকে ইতিনি লোক
তুমি সম নাহি পাপ হাবী।
ইজানি গোবিন্দ মোক যেন জুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি॥
সহশ্ৰ সহশ্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মই মহা মূঢ় জন।
আমি প্ৰভু তযু দাস আকে জানি ভগৱাস
ক্ষমিয়োক শ্ৰীমধুসূদন॥
(৪)
ধৰ্ম্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্ত নোহয়।
হৃদি স্থিতি হুৱা তুমি যেন কৰাইবাহা স্বামী
হৃষীকেশ কৰিবো তেনয়॥
নজানোহো আবাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত॥
⸺
মহিলা কীৰ্ত্তন ।
৩য় অধ্যায়
এই অধ্যায়ত বেলেগ উৎসৱৰ বেলেগ নাম কিছুমান দিয়া হৈছে। যেই কোনো উৎসৱতে প্ৰথম অধ্যায়ত দিয়াৰ দৰে নাম গাব—তাৰ পাচত যি উৎসৱ হয় সেইমতে ইয়াৰ নাম গাব। এই নাম গোৱাত কোনো ধৰা বন্ধা নিয়ম নাই। ইচ্ছামতে ঘোষা বা অন্য় নামকে যিমান হয় গাব পাৰে। বিশেষ চাব লগীয়া কথা এই যে সামৰণীৰ পাছতে এই নাম গাব আৰু এই নামৰ পাছতেছে হৰিধ্বনী কৰি প্ৰাৰ্থনা আদি কৰিব আৰু তাৰ পাছতহে প্ৰসাদ বিতৰণ কৰিব পাৰিব ।
⸻
(১) জন্মাষ্টমীৰ নাম আৰু গোসাই নাম
কীৰ্ত্তন
(১)
আজি ৰাতি, শিলা বৰষিলে এ, নুশুনো প্ৰজাৰ মাত।
পালি প্ৰহৰীয়া সবে নিদ্ৰা গলে, উপজিলে জগন্নাথ ।।
(পদ)
ব্ৰহ্মা সিদ্ধ মুনি, অ হৰি অ ৰাম,
আদিয়ো নপাৱে, অ হৰি অ ৰাম,
পূজিবে তোমাৰ পাৱ।
কিবা স্তুতি নতি, অ হৰি অ ৰাম,
কৰিবোহো আমি, অ হৰি অ ৰাম,
অসুৰ ক্ৰুৰ স্বভাৱ॥
ধনী জন তপ, অ হৰি অ ৰাম,
প্ৰভাৱে তোমাক, অ হৰি অ ৰাম,
অৰাধিবে সক্য নাই।
গজেন্দ্ৰে কেৱলে, অ হৰি অ ৰাম,
ভকতি কৰিলে, অ হৰি অ ৰাম,
পৰম আপদ পাই।
তুমি জগ জীৱ, অ হৰি অ ৰাম,
তোমাক পূজিলে, অ হৰি অ ৰাম,
মিলে আপোনাতে যাই।
ধেন মুখ শ্ৰীক, অ হৰি অ ৰাম,
প্ৰতিবিম্ব মুখে, অ হৰি অ ৰাম,
দেখিয়া দৰ্পণ চাই॥
ভয়ঙ্কৰ কোপ, অ হৰি অ নাম,
দেখিয়া তোমাৰ, অ হৰি অ ৰাম,
প্ৰভু মোৰ ভয় নাই।
সংসাৰ, চক্ৰৰ অ হৰি অ ৰাম,
নিকাৰ দেখিয়া, অ হৰি অ ৰাম,
দেখিয় ধাতু ঊষাই॥
তোমাৰ চৰণ, অ হৰি অ ৰাম,
ছত্ৰৰ ছায়াক, অ হৰি অ ৰাম,
কৈশা|ননো দিবা মোক।
কহিয়ো উপায়, অ হৰি অ ৰাম,
কিমতে এখাওঁ, অ হৰি অ ৰাম,
নিদাৰুণ দুখ শোক॥
⸻
(2)
(ঘোষা)
গোসাই উপজিবৰ কেৱে নাজানিলে এ
অকল বসুদেউৰে বিনে।
কংশৰ ভয়ত পলুৱাই থৈছে নন্দ যশোদাৰ ঘৰে॥
(পদ) সমস্ত ভূতৰ। অ হৰি নাৰায়ণ,
তুমিসে আতমা, অ হৰি নাৰায়ণ,
হৃদয় পৰম গুৰু
তথাপি সেবাৰ, অ হৰি নাৰায়ণ,
কৰা যেন কল্পতৰু॥
কিমতে ভকতি, অ হৰি নৰায়ণ,
কৰো পঞ্চেন্দ্ৰিয়, অ হৰি নাৰায়ণ,
পঞ্চ দিকে লাগি ধৰে।
যেন গৃহস্থক, অ হৰি নাৰায়ণ,
অনেক সপত্নী, অ হৰি নাৰায়ণ।
সকলে আকুল কৰে॥
(ঘোষা ভাঙ্গি দিব)
(ঘোষা)
কংশৰ ভয়ত পলুৱাই থৈছে নন্দ যশোদাৰ ঘৰে}}
(পদ) ভৰ বৈতৰণী মাজে মজিলোহো
নেৰে মোক শোক ভয়।
তোমাৰ চৰণে শৰণ লৈলোহো
কৃপা কৰা কৃপাময়॥
মায়ায়ে মোহিত হুৰা যিটে। জন
নভজে প্ৰভু তোমাক।
সুখক আশায়ে গৃহবাসে থাকে
দৈকে বঞ্চিলেক তাক॥
ভাৰত দুৰ্ল্লভ নব দেহা পায়া
নভজে তোমাৰ পাৱ।
গৃহ অন্ধকূপে পৰিয়া থাকয়
পশুব যেন স্বভাৱ।
(৩)
(ঘোষা) গোঁসাই উপজিবৰ জানি বাসুদেৱে সবস্ত্ৰে
কৰিলে স্নান, মনৰ অনুমানে গঙ্গাৰ তীৰতে কপিলা
কৰিলে দান॥
পদ) শ্ৰীৰাজ্য মদে অ, হৰি কৃষ্ণ দেৱ,
ভৈলোহো প্ৰমত্ত, অ হৰি কৃষ্ণ দেৱ
দেহে আত্মা বৃদ্ধি ভৈল এ।
পুত্ৰ দাৰা ধন, অ হৰি কৃষ্ণ দেৱ,
আহাৰ চিন্তায়ে, অ হৰি কৃষ্ণ দেৱ,
বিফলে জনন গৈল এ॥
গৃহ ঘট সম, অ হৰি কৃষ্ণ দেৱ,
দেহত নৃপতি, অ হৰি কৃষ্ণ দেৱ,
বোলাওঁ কৰি মতি চটি এ।
তোমাক নগণি অ হৰি কৃষ্ণ দেৱ,
হয় হস্তী ৰখে, অ হৰি কৃষ্ণ দেৱ,
পৃথিৱী ফুৰে৷ পৰ্য্যটি এ॥
— ঘোষা) মনৰ অনুমানে গঙ্গাৰ তীৰতে
কপিল৷ কৰিলে দান-
অ ক্লষ্ণ দেৱ কপিলা কৰিলে দান।
-
(ভাঙ্গি দিব)
পদ) সুৱৰ্ণ ৰথে, যিটো হস্তী স্কন্ধে, ফুৰয় ৰজা বোলাই।
কালে প্ৰাণ গৈলে, সেহিটো শৰীৰে, হোৱে বিষ্ঠা পলু ছাই॥
দুনাই ইন্দ্ৰ হৈবো, বুলিয়া অনেক, কায়ে কৰি ক্লেশ সুখ।
সিটো অভিলাষ, বৃথা হয় তাৰ, কহিতো নাহিকে সুখ॥
(8)
( ঘোষা) ঘোৰ অন্ধকাৰে স্বামী অকলসৰে এ.
কোলাত শিশু ছৱাল।
যমুনা বাঢ়িছে ফেনে ফোটোকাৰে,
হবা কোনমতে পাৰ।
(পদ) নাবাঞ্চোহো আন, মাধৱ তোমাৰ, চৰণ সেৱাত পৰে।
মুকুতি দাতাক, অবাধে খুজিবে, আন কোন বৰ নৰে॥
হেন জানি প্ৰভু, যত দুঃখ ভোগ, দূৰতে তেজিয়া থৈলো।
পৰম পুৰুষ, তোমাৰ চৰণে, সদায় শৰণ লৈলো॥
প্ৰণত পালক, তোমাৰ চৰণে, লৈলোহে৷ আবে শৰণ।
ভয় শোক মৃত্যু, গুচয় যিমতে, ৰক্ষা কৰা নাৰায়ণ॥
ভণিলা শঙ্কৰে, শুনা সৰ্ব্ব নৰে, ন কৰিয়ো জন্ম বৃথা।
শ্ৰৰনতে সুখে মোক্ষ পদ পায়, শুনা হেন কৃষ্ণ কথা॥
হৰিৰ কীৰ্ত্তন, কৰিয়া পাপৰ, মুগুত মাৰিয়ো বাৰি।
আন কাম এৰি, বোলা হৰি হৰি, পলাওঁক পাতক ছাৰি॥
⸻
৫
(ঘোষা) ) গোসাঁইক লগত লৈ চলে বসুদেউ
ফনাই ধৰিলে ছত্ৰ।
অন্ধকাৰ গুচিলে যমুনা শুকালে
পশিলে নন্দ গৃহত॥
(পদ) স্মৰণ মাত্ৰকে যি হেতু দোৰ্ঘোৰ
সংসাৰ দুঃখ হস্ত।
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত॥ ১
আত্মা ৰূপে জানা ইটো জগতত
আছম্ভ হুয়া প্ৰৱেশ।
এহি হেতুতেসে ঈশ্বৰক বিষ্ণু
বুলিয়া নাম বিশেষ॥ ২
ইন্দ্ৰিয় বৰ্গৰ যি হেতু ঈশ্বৰ
আছন্ত হুয়া প্ৰৱেশ ।
এতেকে মহন্ত সকালে বোলয়
ঈশ্বৰক ঋষীকেষ॥ ৩
অন্তৰ্য্য়ামি ৰূপে যি হেতু জীৱক
সুখ দুঃখ ভূঞ্জাৱন্ত ।
এতেকেসে পৰ- মাত্মা নাম ধৰি
আছন্ত প্ৰভৃ অনন্ত ।।৪
পৰম ঈশ্বৰ স্বৰূপে জীৱৰ
আছস্ত হুয়া আশ্ৰয় ।
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিবা অন্বয় ।৫
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নাপাৰে চন্ন ।
এহিসে কাৰণে মহন্ত সকলে
বোলে তাঙ্ক নিৰঞ্জন ।।৬
⸻
(৬)
((ঘোষা) কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি।
(পদ) কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱস্থাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীত বস্ত্ৰে শোভে অতি শ্যাম কলেৱৰ।
কমল লোচন অকণ অখৰ॥
সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল।
কণ্ঠত বৌস্ত্তভে শিৰে কিৰিটি উজ্জল ॥
আপাদ লম্বিত বনমালা শোভে চলে।
শোভে অভি শ্ৰীবৎস বহুল বক্ষ স্থলে॥
চাৰু চাৰি ভুক্ত জলে আজানু লম্বিত।
কৰিকৰ সম উৰু বৰ্তুল বলিত॥
চৰণ কমল যেন নৰ পদ্ম কোষ।
যাক দে!খ ভকতৰ পৰম সন্তোষ॥
প্ৰসন্ন বদন জলে অলকা তিলক।
বসুদেৱে দেখিলন্ত অদ্ভুত বালক॥
পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি।
পিতৃক বহিলা প্ৰভু সমস্ত যূগুতি॥
ভৈলা শিশু ৰূপ তৈতে প্ৰভু নাৰায়ণ।
কোলে লৈয়া বসুদেউ কৰিলা তেখন॥
ভাগিল নিহালি গৈল মেলান কপাট।
দেখি ভযে যমুনা আপুনি দিলা বাট॥
বৰিযে কণিকা মেঘ ওপৰত গর্জ্জে ।
ফণায়ে ধৰিলা ছত্ৰ হাসি সৰ্প ৰাজে ॥
যশোদাৰ তৈত উপজিল যোগমায়া ।
অতি অচেতনে নিদ্ৰা গৈল নন্দ জায়া॥
তাহান শয্যাত নিয়া থৈলন্ত তোমাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক ॥
শিশু ভাৱে গকুলত ক্ৰীড়িলা অপাৰ।
সাঁধিলা অনেক প্রীতি নন্দ যশোদাৰ॥
অচিন্তা মহিমা হৰি পুৰুষ প্রধান।
লীলা কৰি অনেক দৈত্য়ৰ লৈলা প্ৰাণ ॥
কংশৰ পাঞ্চনি পাই যত দৈত্য আসে।
তুমি অগণিত যেন পুৰি মৰে জাসে ॥
আসিলেক পুতনা মোহিনী নাৰী বেশে।
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
কোলে ধৰি তোমাক দিলেক স্তন দান।
স্তন পানে পুতনাৰ শুধিলন্ত প্রাণ ॥
শকটৰ তলে থৈলা যশোদা শুৱাই ।
লাঠি হানি শকট পেলাইলা ওভোতই॥
হেন দেখি যশোদা সুন্দৰী মন দুঃখে।
আথে বেধে কোলে লৈয়া স্তন দিলা মুখ॥
কিঞ্চৰ কিঙ্কৰে কহে শঙ্ককে যুগুতি।
ৰাম নাম বিনা কাৰো নাহিকে মুকুতি ॥
হেন জানি নিৰন্তৰে এৰা আন কাম
পাতক ছাৰোক ডাকি বোল৷ ৰাম ৰাম॥
(খ) গোসাঁই উপজাৰ পাছত নন্দৰ ঘৰত গোপী
সকলে চাবলৈ যোৱা নাম
কালি গোসাই জন্ম ললে বসুদেৱৰ ঘৰে।
নন্দৰ ঘৰে লুকৱাই থলে কংশ ৰজাৰ ভয়ে॥
সখি বিয়নি মাওঁ আহ৷ নন্দৰ ঘৰে যাওঁ।
পূৰ্ণ ভগৱন্ত গকুলে উদয় গৈ দেখিবলৈ পাওঁ॥
আহা সখি আহাঁ সখি নন্দৰ ঘৰে যাওঁ।
যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ॥
আজি নন্দ যশোদাৰ ঘৰে।
পূৰ্ণ ব্ৰহ্ম জন্ম ধৰে॥
গোসাঁই জন্ম শুনি আছে ঋষি মুনি।
ব্ৰহ্মা আহি বেদ পঢ়ে আছে সব গোপী॥
নন্দ ৰজাৰ ঘৰে আজি কিবা যজ্ঞ কৰে।
ধৰ্ম্মৰে বান্ধিছে দৌল পৰ্ব্বত আকাৰে॥
নন্দ ৰাজাৰ ঘৰে আজি যজ্ঞ আৰম্ভিছে।
আহাঁ সখি চাই আহোঁ মনৰ হেঁপাহেৰে॥
গোপী সবে আহে আজি ৰঙ্গ ৰহস্যেৰে ।
ফুল পুষ্প বৃষ্টি কৰে মহা আনন্দেৰে ॥
নন্দে মহোৎসৱ কৰে গোপ সব মাতি ।
গোপ সবে খেলা কৰে দধি দুগ্ধ ঢালি ॥
খেলা কৰি গোপ সবে কৰে হৰিধ্বনি।
চিৰঞ্জীৱ শ্ৰীকৃষ্ণ যশোদা সুন্দৰী ॥
বৃন্দাবনত গৰু চৰোৱা ।
সুৱৰ্ণৰ খাটতে গোসাই শুভি আছে
নিদ্ৰাত চেতন নাই।
লাখৰ ৰাখৰ কৰি যশোদা সুন্দৰী
কৃষ্ণক জগোৱা গই ॥
পুহাইল ৰজনী উঠা ষহুমণি
চৌদিকে পোহৰ হল ।
বনৰ হৰিণা বনতে লুকালে
পশু দিশাদিশি গল ॥
যশোদা ডাকিলে উঠা ৰাম কলিয়া
বিলম্ব কৰিছা কেনে।
উঠা শীঘ্ৰ কৰি ধেমু চৰাবলৈ
দাদা বলোভদ্ৰ সঙ্গে ॥
কলিয়া কলিয়া বুলি নামাতিবা
বিগুতি নকৰা মোক ।
মোৰ বাপ মাৱ আছে মথুৰাত
আৰু নেমাতিবো তোক ॥
দিন সাত ৰাতি নেখাইবো নুঠিবে৷
নাযাইবো গোৰক্ষ স্থান ।
তোমাৰ গৃহত যত দুখ পাইলো
নাথাকিল মোৰ মান ॥
কৃষ্ণৰ বচন শুনি যশোদাৰ
হৃদয়ে কম্পিল থৰে ।
মোক পুত্ৰ বুলি সাবটি ধৰিলা
চুমা দিলে চান্দ মুখে ॥
প্রভাতে কৃষ্ণই ধেনু লৈয়া গৈ
গোপীৰ চেতন নাই ।
চেতন লভিয়া কান্দিব লাগিছে
কৃষ্ণ দেৱৰ গুণ বৰ্ণাই ॥
চল চল চল দামে সুদামে
চলৰে বালক গণ।
মিঠৈ পৰমান্ন গলে বান্ধি লোৱা
যাব লাগে বৃন্দাৱন ॥
বৃন্দাৱনতে দামুৰি বান্ধিলে
বান্ধা মথুৰাত গাই।
হাতে কড়িয়া লৈ প্ৰভু গৈ আছা ৰৈ
দামুৰি মেলোতা নাই॥
ধৱলী পিয়লী কাজলী পাৰলী
গোসাইৰ পঞ্চ বৰ্ণৰ ধেনু।
আগতে গইছে গোপ শিশু গণে
পাছে চলে ৰাম কানু॥
বৃন্দাবনে বনে ফুৰা নাৰায়ণে
কালিন্দি যমুনা তীৰে৷
ধেনু বৎস চাৰি আনন্দে মুৰাৰী
বাংশী বাই যাই ধীৰে॥
যমুনাৰ বালি পায়া বনমালী
অন্ন ভুজিবাক গৈলা।
সেহি সময়তে গোৰক্ষ দামুৰি
ব্ৰহ্মা চুৰি কৰি নিলা॥
কৃষ্ণ দেৱক মুহিবে আসিয়া
আপুনি মুহিত ভৈলা।
হংসজাল এৰি চৰণে পৰিয়া
অনেক স্তুতি কৰিলা॥
চাই আহোঁ গৈ চাই আহোঁ গৈ
গৰুডৰ স্কন্ধে হৰি।
ৰঙ্গ চৰণত ৰত্নৰ নুপুৰ
বাজে ৰুণ জুন কৰি।
⸻
(ঘ) কালী দমন।
গৰুও মৰিল মৰিল গৰখীয়া
কালীৰ হ্ৰদৰ পানী খাই।
তললৈ মুৰেকৈ গুণে ভগৱন্ত
কি হব জীৱৰ বিলাই॥
কডম্বৰ গছে উঠি শ্ৰীকৃষ্ণে
জাম্প দিলা জল মাজে।
কালীৰ বিয়ে লাগি হৃদয় ভেদিলে
জলত উপঙ্গি আছে॥
যমুনাৰ বালিতে গোপ শিশুগণে
আলোচা-আলোচি কৰে।
নন্দ যশোদাক কমে কিয়ে বুলি
কৃষ্ণক কালী সৰ্পে খালে॥
নেজানি কালিয়ে মেড়াই ধৰিলে
গোৱালৰ তনয় বুলি।
লাম্ফ দিয়া কৃষ্ণে শিৰত উঠিল৷
মৰিল কালি সমূলি॥
নাগ পত্নী সবে আসি তুতি কৰে
কৃষ্ণৰ চৰণে ধৰি।
হে'ৰা মাধৱ নকৰা বিধৱা
আমি অভাগিনী নাৰী॥
ভয় হুয়া হৰি শৰণে পশিলো
ৰাথা ৰাখা নাৰায়ণ।
গোবৎস সবকে যি ৰূপে ৰাখিলা
হাতে ধৰি গোৱৰ্দ্ধন।
নাগ পত্নী তুতি কৰে হৰি মোৰ প্ৰাণ।
আঞ্চল পাতিয়া মাগো দিয়া জীৱ দান॥
নাগপত্নী প্ৰতি সন্তোষ লভিলা
তিনিও লোকৰ স্বামী।
ভয় নকৰিবা নাগপত্নীগণ
দিলো স্বামী দান আমি।
হোলোক৷ হোলোকে ৰুধিৰ বহিল
জগতৰে ভৰ পাই।
কালীৰ শিৰতে পদচিহ্ন দিলা
দিলা সাগৰত ঠাই॥
(ঙ) গুণ বৰ্ণন।
নন্দৰ ঘৰে যাদু তুমি আছিলাহা সৰু।
কোন সতে নন্দৰ আইয়ে ৰখাইছিলে গৰু
নন্দৰ দুলাল বাচা নন্দৰ দুলাল।
এক ৰাতি ধেনু ছাৰে কাৰে চৱাল॥
লোকৰ বাচা ডাঙৰ দীঘল আমাৰ বাচা সৰু।
সিংঘে বাঘে লগে চৰে তাত চাড়ে গৰু॥
ধেনু চাৰি ধেমু চাৰি বৰ পাইলা দুঃখ।
ৰদ পাই উঠলিলে কাল চাঁদ মুখ॥
আখৈ থৈছে। চিৰা থৈছে। উদৰ ভৰি খাবা।
সোণৰ বাংশী গড়াই থৈছো চান্দ মুখে বাবা॥
কোন বনে গৈলা প্ৰভু কোন বনে ৰৈলা।
বৃন্দাবনৰ মাজে প্ৰভু গো ধেনু চৰাইলা॥
আগে ধেনু কাষে ধেনু মুখে বাংশী বাই।
বন পুষ্প মালা পিন্ধি গো ধেমু চৰাই॥
আখৈ থৈছে৷ পিঠা থৈছো, থৈছে। ঘৃত লাৰু।
শীতল পাতি পাৰি থৈছো তাতো থৈছো গাৰু॥
(চ) গোপী সকলৰ খেদ।
গোসাঁই গোসাঁই হেৰা কৃষ্ঞ গোসাঁই
মণি হেৰুৱালা ক'ত।
তোমাৰ মণি ধৰি চিনি পাই আহিছোঁ
ৰাধিকা সুন্দৰীৰ ত’ত॥
দন্দুকা বনতে ৰাধাৰ পাৱ নচলে
কোলে লোৱা বনমালী।
কোলে লোৱা বুলি উঠি কাছি পাৰি
হাততে হেৰাইলা হৰি॥
পৰেকি আপোন হব নাৰায়ণ
শিমলু নহয় চন্দন।
দন্দুকা বনতে এড়ি গুছিগলা
নিদাৰুণ নাৰায়ণ॥
তুলসী তুলসী অ' আই তুলসী
তুমি গোবিন্দৰ প্ৰিয়া।
আমাৰে কৃষ্ণাইক ক'তে দেখিলা
বেগতে বাতৰি কোৱা॥
দন্দুকা বনলৈ যাবকে নোৱাৰি
গকুলে নচলে ভৰি।
পতি পুত্ৰ এৰি তোমাক ভজিলে৷
অনাথ নকৰা হৰি॥
দন্দুকা বনতে ৰাধাঁ পৰি আছে
আউল জাউল কেশ মেলি।
কাকো নানিলা ৰাধাকে আনিলা
ৰাধা বৰ সৌভাগিণী॥
হা হৰি হৰি হা হৰি হৰি
কি লাগি জীৱন ধৰো।
কৃষ্ণৰ বিৰহে আহাঁ সখি সব
জলে জাম্প দিয়া মৰো।
সেউতি ফুলেৰে ঘৰ মই সাজিলো
মালতী ফুলৰে বেড়।
গুটিমালী ফুলৰ দৰজা সাজিলো
নাহিলে নন্দ কুমৰ॥
ফুলৰে ইছানি ফুলৰে বিছনি
ফুলৰে সাজালো শয্য়া॥
ফুলৰে শয্যাতে ঘুমতি নাহিলে
কৃষ্ণ হল ভোমোৰা আৰ্য্যা॥
কেলেই ধৰিলা মানবী জনম
অকলৈ মৰিব৷ কান্দি
আহাঁ সখি সব যাওঁ বৃন্দাৱনে
কৃষ্ণক বিছাৰে৷ আজি
যমুনা বালীত গোপী নাম ললে
মন্দলী আকাৰ কৰি।
যদি দয়া আছে ওলোই দেখা দিয়া
গোপীৰ প্ৰাণ বান্ধৱ হৰি।
⸻
(ছ) গোসাই দৰ্শন।
(১)
বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই।
ভালেতো গোপিনী কান্দে বিচাৰি নাপাই
গলা কদম তলে প্ৰভু হেৰাল বৃন্দাবনে।
অভাগিণী তীৰি আমি পৰি থাকো বনে॥
বিছাৰিলো বিছাৰিলো অনেক প্ৰৱন্ধে।
পাইলো গৈয়া পাইলো গৈয়া তুলসীৰ গন্ধে।
নাম লোভী শ্ৰীকৃষ্ণ ভকত লোভী হৰি।
এৰি গলা তুমি প্ৰভু অনাচাৰী তিৰী॥
দেখা দিয়া বনমালী বনতে ওলাই।
অগণিত মোক প্ৰভু নেমাৰা পেলাই॥
গোপী সব এই সময় নকৰিবা হেলা
গোসাঁই অহা সময় হৈছে শুভক্ষণ বেলা॥
গোসাঁই আহি উলটিলে দেখিয়া জঞ্জাল।
আমি গোসাঁইক নেদেখিলো অভাগী কপাল
সেন্দুৰৰে দগে নগে কাজলৰ ৰেখা।
বিজুলীৰ চমকে আহি কৃষ্ণে দিলে দেখা॥
আগ বাঢ়ি আহা প্ৰভু আউৰ এক ভৰি।
চৰণত পৰি কান্দো বাগৰি বাগৰি॥
⸻
(২)
(ঘোষা) গোবিন্দ এ প্ৰভূ! দিয়া দৰিশন।
সেৱাকৈ থাকিম প্ৰভু দুখানি চৰণ॥
(পদ) গোবিন্দ এ প্ৰভু এতেবেলি ক’ত।
সাধু সবে মনত ৰঙ্গে নাম গাইছে য'ত॥
গোবিন্দ এ প্ৰভু এতেবেলি ক’ত।
নৰসিংহ ৰূপ ধৰি হিৰণ্য়ক্ষৰ ত’ত॥
গোবিন্দ এ প্ৰভু! নাযাবা এতিয়া।
আমি লতা তুমি তক থাকিবে৷ বেৰিয়া॥
কৈত আছা হৰি তুমি কৈত আছা হৰি।
হৃদয় ভাণ্ডাৰে আছা আত্ম ৰূপ ধৰি॥
ভকত ৰঞ্জন তুমি ভকতৰ হিয়া।
হৃদয়তে আছা তুমি ওলাই দেখা দিয়া॥
গোপী সৱৰ লাগে দেখোন আজি কৃষ্ণ নাই।
কাৰ সঙ্গে থাকে৷ প্ৰভু কাৰ মুখ চাই॥
(৩)
অ হৰি এ, দেখিলো স্বৰূপ,
শঙ্খ চক্ৰ গদা পদ্ম ধৰি আছ ৰূপ,
হে দেখিলো স্বৰূপ।
অ হৰি এ, নাম লোৱা ৰৈ,
এনে হেন হৰি নাম কত পাবা গৈ,
হে নাম লোৱা ৰৈ।
অ হৰি এ, ৰসেৰ সাগৰ,
মুখ ভৰি লোৱা নাম নেলাগে ভাগৰ,
হে ৰসেৰ সাগৰ॥
অ হৰি এ, ৰাম কৃষ্ণ বোল
ৰাম নাম নলৈ মন কেনে হৈছে ভুল,
হে ৰাম কৃষ্ণ বোল।
অ হৰি এ, বাসুদেৱ বোল,
ধন জন পুত্ৰ ভাৰ্য্যাত কিয় হৈছা ভুল,
হে বাসুদেৱ বোল॥
অ হৰি এ, পাতক ভঞ্জন,
জগত ব্যাপি আছ৷ তুমি নাৰায়ণ,
হে পাতক ভঞ্জন।
অ হৰি এ, জয় জগন্নাথ
দিয়া দেখা কৰো সেৱা দোৱাই আছো মাথ।
হে জয় জগন্নাথ॥
অ হৰি এ, তুমি সৰ্ব্ব সাক্ষী,
সংসাৰত ভ্ৰমি ফুৰো তোমাক নভজি,
হে তুমি সৰ্ব্ব সাক্ষী।
অ হৰি এ, দয়াশীল দেৱ,
তুৱা পদ কমলে সদায় কৰো সেৱ,
হে দয়াশীল দেৱ॥
অ হৰি এ, কৰুণা সাগৰ,
আমি দুখিতক নাছাৰিবা দামোদৰ,
হে কৰুণা সাগৰ।
অ হৰি এ, কমল লোচন,
তুৱা গুণ নাম ভৱ ভয় বিমোচন,
হে কমল লোচন॥
অ হৰি এ, মধুৰিপু ৰাম,
বন্দো পদ কমল যুগল ৰাম ৰাম,
হে মধুৰিপু ৰাম।
অ হৰি এ, যাদৱ ৰায়,
অৰুণ চৰণ তলে আমাক দিয়া ঠাই,
হে যাদৱ ৰায়,
অ হৰি এ, বৈকুণ্ঠৰ পতি,
পৰি পৰি সেৱা কৰে লক্ষ্মী সৰস্বতী,
হে বৈকুণ্ঠৰ পতি।
অ হৰি এ, নিৰঞ্জন দেৱ,
অগতিৰ গতি তুমি বিনে নাহি কেৱ,
হে নিৰঞ্জন দেৱ।
অ হৰি এ, নিৰ্ব্বিকাৰ হৰি,
দিলা দেখা প্ৰভু মোক চতুৰ্ভুজ ধৰি
হে নিৰ্ব্বিকাৰ হৰি।
অ হৰি এ, জয় যদমণি,
নাম শুনি ভগৱন্তে আহিলে আপুনি
হে জয় যদুমণি।
অ হৰি এ, নিত্য নিৰঞ্জন,
সেৱা কৰি থাকো মই দুখানি চৰণ,
হে নিত্য নিৰঞ্জন।
অ হৰি এ, তুমি নাৰায়ণ,
দয়া কৰা দয়াশীল পশিলো শৰণ,
হে তুমি নাৰায়ণ।
⸻
(জ) চোৰ ধৰি নিন্দা কৰা নাম।
যমুনাৰ জলে নামি গোপী সবে
বিৱস্ত্ৰে কৰিলে স্নান।
নিলে চুৰি কৰি গোপীৰ বস্ত্ৰ সোপি
তীৰতে পালে যিমান॥
কদম্বে চড়িলে মিচিকি হাঁহিলে
গোপীৰ বস্ত্ৰখিনি লই।
খোজোতে নিদিলা বামলৈ মাতিলা
চাতুৰি কথাকে কই॥
বিবস্ত্ৰ গোপিনী লাজতে আপুনি
মৰিব খুজিছে পৰি।
তথাপি নিদিয়া পালেহি আপদে
খোজা কৰযোৰ কৰি॥
সন্ধ্যা সময়তে গোৱালীৰ ঘৰে
ভিতৰে পশিলা গই।
দধি চুৰি কৰি খালা দেৱ হৰি
সাক্ষাতে দেখিলে৷ মই॥
কোন ইটো বুলি তোমাক সুধিলো
বিগুতি মাতিলা মোক
ঘৰৰ ভিতৰে যেয়েবা নহক
কেলেই লাগিছে তোক
⸻
(ঝ) মথুৰা যাত্ৰা।
কৃষ্ণে বোলে অক্ৰুৰক শুনা মোৰ কথা।
ৰাতিতে চালাবা ৰথ নকৰিবা হেলা॥
নহলে ভেটিব বাট আহি গোপ নাৰী।
কোন মতে যাইবো মই ভকতক এৰি॥
(ঘোষা) হৰি বোল হৰি বোল মাধৱ॥
(পদ) ৰখে তুলি ৰাম কৃষ্ণ দোভাই।
অক্ৰুৰে লৈ যান্ত ঘোৰা ডকাই॥
বায়ুৰ বেগে নোহে তাক তুল।
পাইলা গৈয়া পাছে যমুন। কুল॥
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।
ৰাখিলা ৰথ পাছে দানপতি॥
দোভাইক ৰথে থৈয়া তৰু তলে।
নামিল গৈয়া যমুনাৰ জলে॥
বুৰ দিয়া মন্ত্ৰ জপিলা পাছে।
দেখন্ত ৰাম কৃষ্ণ ঐত আছে॥
ৰথত নাহিকে বুলি উঠিলা।
দোভাইক ৰথে দুনাই দেখিলা॥
আনন্দতে পৰে নেত্ৰৰ পানী।
কণ্ঠৰো নেপায় গদ গদ বানী॥
পৰম ভক্তি কৰি মহা ভাগে।
কৃতাঞ্জলী কৰি পৰিল আগে॥
⸻
(ঞ) গোপীসকলৰ শোক।
আমাৰ কৃষ্ণক অক্ৰুৰে লৈয়া গল
আমি পাছে পাছে যাওঁ।
হাস্য দৰিশন বদন মোহন
কিবা সমিধান পাওঁ॥
কৃষ্ণক লগত লৈ অক্ৰুৰ চলি গল।
লগতে মোৰ উদ্ধৱ লৰে।
লগৰ গোপীসবে কান্দিব লাগিছে
দ্বাৰকা ৰাখিব কোনে॥
গোসাঁই মোৰ ল'ৰি গ'ল বাটত খোজ পৰি গল
খৰম জুৰিয়া ভৰি।
লগৰ গোপীসৱে ৰই ৰই কান্দিছে
দ্বাৰকা সুদা হ'ল বুলি॥
চন্দন পিহিলো তুলসী চিঙিলো
মই থলো কুকিত ভৰাই।
চান্দ মুখ চাই পিন্ধাব নেপালো
কৃষ্ণ মথুৰালৈ যায়॥
হেৰা উদ্ধৱ প্ৰাণৰ বান্ধব এ
কহিবা প্ৰভুৰ আগে।
আমাক এৰি গল হৃদয় দগ্ধ হল
নকলে তিৰী বধ লাগে॥
উদ্ধৱ বোলো মই বান্ধৱ বোলো মই
বদৰিকাশ্ৰমে চলা।
প্ৰাণৰ গোবিন্দ চকুৰে নেদেখো
মৰণ শঙ্কটৰ বেলা॥
ৰঙ্গা চৰণত গোছৰ আমাৰ
জনাবা উদ্ধৱ প্ৰাণ।
প্ৰভুৰ চৰণত ভকতি ৰহোক
নলাগয় আন দান॥
⸻
(ট) বিবিধ গুণ কীৰ্ত্তন।
(১)
অ' হৰি এ, পদ্ম পলাশ লোচন,
অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ
হে পদ্ম পলাশ লোচন।
অ' হৰি এ, ক্ৰিড়াত শঙ্কৰ,
অৰ্জ্জুনৰ শৰ চোটে খজুৱালে খৰ,
হে ক্ৰিড়াত শঙ্কৰ।
অ' হৰি এ, ৰাম ৰঘুপতি,
গোসাঁই আগৰ শলিতাগছ নকৰিবা খতি,
হে ৰাম ৰঘুপতি।
অ' হৰি এ, শুক্ৰে দিলে হাক,
কাক দান দিব খোজা হৈৰে সৰ্ব্বনাশ,
হে শুক্ৰে দিলে হাঁক।
অ' হৰি এ, বলি দৈত্য পতি,
বলিৰ সভাত কৃষ্ণ নিজে উপস্থিতি,
হে বলি দৈত্য পতি।
অ' হৰি এ, বান্ধৱ স্বামী,
তোমাক নভজি আমি ভৈলো অধোগামী,
হে বান্ধৰ স্বামী।
অ' হৰি এ, জয় যদুপতি,
তযু পাদোদকে গঙ্গা ভৈলা উতপতি,
হে জয় যদুপতি।
অ' হৰি এ, দধি ধনঞ্জয়,
কলিকালে নাম বিনে আন ধৰ্ম্ম নাই,
হে সখি ধনঞ্জয়।
(২)
ৰাম পাৰিজাত,
স্বৰ্গৰ পৰা নমাই আনি কলা দ্বাৰকাত,
হে ৰাম পাৰিজাত।
শ্ৰমন্তৰ শঙ্কৰ,
শৰণ প্ৰচাৰি জীৱ তাৰিলা বিস্তৰ,
হে শ্ৰীমন্ত শঙ্কৰ। ২
মাধৱ বান্ধৱ,
শঙ্কৰক চিনাই তুমি অভেদ ঈশ্বৰ
হে মাধৱ বান্ধৱ। ৩
ৰাম ৰাম কলীয়া, কোন বনে চৰাইছিলা ধেনু,
ৰাম ৰাম কলীয়া, শ্যাম মুখে বজাইছিল৷ বেনু॥ 8
বৃন্দাবনে কডম্বৰ তলে, মোহন কলীয়া ৰৈ,
বাংশী বজালা গৈয়ে কলীয়া ৰৈ মুৰুলী বজালা গৈ॥ ৫
কানে নুশুনু, চকুৰে নেদেখো কত বাই সুললিত বেনু।
গোসাই বাই সুললিত বেনু॥ ৬
গোবিন্দ গোবিন্দ ধেনু চাৰিবলে গল কলীয়া।
ধেনু চাৰি হৰি, আহে ৰা কৰি, যশোদা লৈ যায়
কোলা ভৰি॥৭
গোবিন্দ গোবিন্দ কালী জললৈ গল গলীয়া
তলে কালীজল, ওপৰে কদম কেনেকৈ আহিলা হৰি।
লাহে কৰি নামি আহিবা পাৰিবা পাৱ পিছলি॥ ৮
ঠাইতে কলীয়া ধেনু ছাৰিবা, দূৰে হৈ নাযাবা
কংশে মাৰিব ৰোহিনী যশোদা কান্দি মৰিব॥৯
কালীৰ শিৰে নাচিছে কৃষ্ণে ত্ৰিভঙ্গ মোহন
হৰি ৰূপ দেখাই॥ ১০
এই খিতে আছিলা ৰই ৰাম ৰাম এই খিতে আছিলা ৰই।
ক’তে এৰি গলা নন্দেৰ নন্দন গোপীৰ, প্ৰাণ ধন,
আমাক অনাথ কৈ, এই খিতে আছিলা ৰই। ১১
গাসাঁই গল বৈকুণ্ঠলৈ বাটত দিলে বাধা
চৰণত পৰি কান্দে গুণৱতী ৰাধা।
নেকান্দিবা গুণৱতী নকৰিবা শোক
সত্যে সত্যে গুণৱতী এৰি নেজাওঁ তোক॥ ১২
যেই বনে বিচাৰিলো সেই বনে নাই
অভাগীৰ কপালত হেৰালে গোসাঁই। ১৩
(৩)
বৃন্দাবন হৰি বৃন্দাবন।
ক’তে এৰি গলা নাৰায়ণ।
বৃন্দাবন বিহাৰী ৰাধে কৃষ্ণ।
মাঠে মৈৰা পাখী লৈ, কৃষ্ণাই আছেহি ৰৈ।
শ্য়াম বৰণীয়া চিকুন কৃষ্ণাই সংসাৰ তাৰিবলৈ॥
বংশী বজাই হৰি নাচে, নাচে গুপীলোক।
হিয়াৰ মাজে গোসাঁই আছে চিনাই দিয়া মোক॥
ছাপৰি বজাই হৰি ছাপৰি বজাই।
ছাপৰিৰ ছেৱে ছেৱে নাচে যদুৰাই।
ৰাম নাচে নাচে হৰি নাচে নাচে।
শ্ৰীদাম সুদাম নাচে আমি নাচিম পাছে॥
মুতং নাচে বনমালী গোবিন্দাই।
লুগুৰ থুগুৰ নাচে বনমালী গোবিন্দাই॥
থমকে থমকে হৰি পাৱ চলাই।
মোহন মুৰুলী বাংশী বজাই॥
ৰাম কৃষ্ণ দুটি ভাই বৃন্দাবনে চলি যায়।
হাতত মোহন বাংশী বজাই।
ৰাম কৃষ্ণ দুটি ভাই লক্ষ্মীৰ পতি হে।
গকুলত ক্ৰীড়ি ফুৰে শিশু ৰূপ ধৰি হে॥
দেখিবলৈ ভাল প্ৰভু ৰাম গোবিন্দ গোবিন্দ
মদন গোপাল প্ৰভু ৰাম গোবিন্দ
মুখে মনোহৰ হাসি হে॥
কাৰো হস্তী দন্ত গোবিন্দ গোবিন্দ
সভা পশিলন্ত গোবিন্দ গোবিন্দ
মথুৰা ৰমণী মুহিতে॥
বধিলা ধোবাক চৱৰ অস্ত্ৰে।
দেখা কৰি আসি ভূষিলা বস্ত্ৰে॥
পিন্ধালা চন্দন কুজী সাদৰি।
তাইৰ কুজ সম কৰিলা হৰি॥
ধোবাক মাৰিলে বস্ত্ৰ কাঢ়ি ললে
মলিয়াৰ হাতৰে মলা।
কুজিকো তাৰিলে চন্দনো পিন্ধিলে
লভিলে চন্দ্ৰৰ কলা।
গ’ল কুজী গ'ল চন্দন পিন্ধাবলৈ গ'ল।
কৃষ্ণৰ লগ পাই কুজী ধামনী বাই
ষোল বছৰীয়া হল।
গ'ল কুজী গ’ল চন্দন পিন্ধাবলৈ গ’ল
২। শঙ্কৰদেৱৰ তিথিত গোৱা নাম।
(ঘোষা) অ হৰি কুসুম্বৰ তোমাৰ পুত্ৰ যদুমণি
শ্ৰীমন্ত শঙ্কৰ হৰি কুসুম্বৰ।।
(পদ) প্ৰথমে প্ৰণানো ব্ৰহ্মা ৰূপী সনাতন।
সৰ্বব অৱতাৰৰ কাৰণ নাৰায়ণ।
ভযু নাভি কমলত ব্ৰহ্মা ভৈলা জাত।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত॥
মৎস্যা ৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত॥
( এই খিনিতে ভাঙ্গি দিব)
(ঘোষা) তোমাৰ পুত্ৰ যদুমণি শ্ৰীমন্ত শঙ্কৰ।
(পদ) সত্য়ব্ৰত ৰাজাক দেখাইলা নিজ মায়া।
নধৰিলে সমুদ্ৰে তোমাৰ মৎস্য কায়া॥
কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰো দধি তীৰে।
লক্ষ প্ৰহৰৰ পথ জুৰিলা শৰীৰে।
কৰিলেক পৰি স্তুতি সুৰাসৰ নাগে।
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে॥
( এই খিনিতে তলত লিখা ঘোষা দিব)
(ঘোষা) হৰে জয় হৰে শঙ্কৰদেৱ অৱতাৰ
কুসুমৰ ঘৰে।
(পদ) দিবা যজ্ঞ বাৰাহ স্বৰূপে ভৈলা তুমি।
লীলায়ে দন্তৰ আগে উদ্ধাৰিলা ভূমি॥
তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ বীৰি।
অপ্ৰয়াসে দৈত্য়ক মাৰিলা দন্তে ছিৰি॥
আদি দৈত্য় হিৰণ্যকশিপু বলীয়াৰ।
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ॥
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস।
ভক্ত প্ৰহ্লা দক প্ৰভু কৰিলা আশ্বাস॥
বামণ স্বৰূপে আদিতিকক বাক্য় পালি।
ইন্দ্ৰক স্থাপিলা চলে বলিক নিকালি॥
ত্ৰৈলোককে আক্ৰমিলা চৰণৰ গতি।
তযু পাদোদকে গঙ্গা ভৈলা উৎপত্তি॥
⸻
৩ শিৱৰাত্ৰিৰ নাম
এ! সদাশিৰ এ, তোমাৰ শিৰে ফণী,
পঞ্চ মুখে কৃষ্ণ কৃষ্ণ বোলা ত্ৰিপুৰাৰী।
সদাশিৱ এ।
এ! সদাশিৱ এ, তোমাৰ কেৱল ভাঙ্গ ধতুৰাত ৰতি।
ফটিকৰ মালা স্কন্ধে, ত্ৰিশূল ডম্বৰু হাতে
তুমি হলা পাৰ্ব্বতীৰ পতি। সদাশিৱ এ!
এ! সদাশিৱ এ, তুমি বোলা মই ব্ৰহ্মচাৰী।
তোমাৰ নিমিত্তে প্ৰভু ৰাজ পথ নেদে-
খিলো লোকে বোলে পগলাৰ নাৰী।
সদাশিৱ এ!
এ! সদাশিৱ এ, তোমাৰ নাম অনন্ত হৰি!
কলিকাল বঢ়াই দি ৰ চাই আছা তুমি,
ৰাখা প্ৰভু গোবৰ্দ্ধন ধৰি। সদাশিৱ এ
এ! সদাশিৱ এ, তোমাৰ গাৱে সৰ্প অলঙ্কাৰ।
সৰ্পূৰ কিঙ্কিনী হাৰ, তোমাৰ জণ্টা
ভাৰ, গলে শোভে মুণ্ড ম'লা ধাৰ।
সদাশিৱ এ।
এ! সদাশিৱ এ, তোমাৰ দেখো শুদ্ধ শুক্ল কায়।
হাতে লৈলা ত্ৰিশূল ফাল, কটিত ললা
বাঘ ছাল, তুমি ফুৰ৷ ভিক্ষা মাগি খাই।
সদাশিৱ এ!
এ! সদাশিৱ এ, তোমাৰ দেখোন ঘৰ-বাৰী নাই।
কটিত কপিঙ্গ পিন্ধি, বৃষ্ণভত ফুৰ৷ উঠি,
তুমি ফুৰা ডম্বৰু বজাই। সদাশিৱ এ,।
এ! সদাশিৱ এ, তোমাৰ দেখো ধৱলি বৰণ।
আদি গুৰুৰ সিদ্ধ গুৰু তিনিও লোকৰ
গুৰু, প্ৰণামেহো তোমাৰ চৰণ॥
সদাশিৱ এ।
এ! সদাশিৱ এ, তোমাৰ শিৰে দেখো জটাৰ ভাৰ!
জগতক বৰ দিয়া, আপুনি নাঙঠি ফুৰা।
সদাশিৱ এ।
⸻
(২)
শিৱ শিৱ শিৱ শিৱ শ্লোলানাথ।
শিৱ শিৱ শিৱ শিৱ শিৱ
পাৰ্ব্বতা গতিতে ৰথে চলি যোৱা
প্ৰাণীলৈ নোচোৱা কিয়?
শিৱৰ শিৰে জণ্টা কেৱলে নাঙঠা
ডুব ডুব ডম্বৰু বাই।
ডুব ডুব ডম্বৰু জগতৰ গুৰু
মাথে গঙ্গাদেবী আই॥
নাৰদে বোলয় জানা পাৰেবতী
তোমাত কিছু কাৰ্য্য নাই।
অতি হাবিয়াসে গঙ্গাক বিয়া কৰাই
জন্টাতে থৈছে লুকাই॥
জন্টা মেলি দিয়া চাওঁ মহাদেৱ
জণ্টা মেলি দিয়া চাওঁ।
জন্টাৰে ভিতৰে আছে ভাগিৰথী
আমি দৰিশনে পাওঁ
জণ্টাতে আসন জন্টাতে বাহন
থাকা জণ্টা পাৰি শুই।
গঙ্গ৷ ভাগীৰথী ভাব চুৰ কৰিলে
লগালে জণ্টাত জুই।
গঙ্গালৈ আহিলো গঙ্গা স্নান কৰিলো
গঙ্গাতে লুৰিলো ঋৰি।
গঙ্গাজল আনি অন্ন সিজাই থলো
শৰীৰক পবিত্ৰ কৰি॥
উত্তৰে গঙ্গা নৈ দক্ষিণে যমুনা
মাজে সৰস্বতী বয়।
তিনিৰো মধ্যত আছে বট বৃক্ষ
মনুষ্যক ৰক্ষা কই॥
গঙ্গাতে গঙ্গামাৰ কাশীতে বিশ্বেশ্বৰ
উৰেষতে জগন্নাথদেৱ।
বলোভদ্ৰ কৃষ্ণ শুভদ্ৰা ভগিণী
তিনিকো কৰিছো সেৱ॥
⚊⚊⚊
(৩)
কৈলাসৰ শিখৰত শিৱ শুতি আছে
প্ৰভাতে গৌৰা জগাই।
উঠা শীঘ্ৰ কৰি বিলম্ব নকৰি
ঘৰত খুদকণ নাই॥
চাঙৰে চিৰাকে আনা পাৰেবতী
দুযো একেলগে খাওঁ।
জুলি জোলোঙা আনা পাৰেবতী
ভীক্ষা মাগিবলৈ যাওঁ॥
ভীক্ষাৰ ভাতেৰে পেটকে নভৰে
নিয়ৰে নভৰে হাডি।
যিদিনা মহাদেৱ ভীক্ষালৈ নগলে
টেকেলি হৈ থাকে কাতি॥
আজিৰো সাজটো গোটোৱা পাৰ্ব্বতী
ধাৰে উধাৰে আনি।
ধাৰে উধাৰে নাপাই পাৰেবতী
কন্দনা মুৱা হৈ থাকি॥
দুখৰে উপৰি দুখে পাৰেবতী
দুখৰে উপৰি দুখ।
কুকুৰে কামোৰে ছৱালে দলিয়াই
ক’তো নিমিলাই সুখ॥
ভাঙ খাই কি বুলি নিতৌ তিতি দুলি
ছপুৰা ধতুৰা গুটি।
ভাঙৰ জালে ধৰি নলয় ঘৰে বাৰী
থাকে বৰষুণত তিতি॥
কুবেৰৰ লৰা কান্দিব লাগিছে
ভোকে চাউল চিৰ খাই।
কাৰ্ত্তিক গণপতি কান্দিব লাগিছে
খুদকো পাবলৈ নাই॥
কোলাত লৈ পাৰ্ব্বতী
আছে দুখ মনে চাই।
ভীক্ষাৰ চাউলে পেটকে নভৰে
মহাদেউ কৃষিলৈ যায়॥
⚊⚊⚊
(৪)
হৰ শিৱ শম্ভু গৌৰী সং।
ৰুদ্ৰং পশুপতি ঈশানং॥
ডুব ডুব ডুব ডুপ বাজে ডম্বৰু।
নাচে সদাশিৱ কল্পতৰু॥
এচৰীয়া ভাঙৰ মিঠৈ, দুচৰীয়া পানী।
ত্ৰিশূল ডম্বৰু দালি হাতে দিলা আনি॥
গৈছে শিৱং কপিং ঘেলাই।
পাৰ্ব্বৰ্তী আহিছে কেশ মেলাই॥
এ, শূলপাণি ডম্বৰু ধৰিছা হাতে,
শূলপাণি গঙ্গাক নমাইছা মাথে॥
জল আছে ডবক মাৰি গঙ্গা আছে বৈ
লগত আছে সদাশিৱ প্ৰাণক ৰক্ষা কৈ॥
অ'হৰ ডিগম্বৰ, উন্ন ক্য়োটি শিৱৰ মাজে তুমি
বিশ্বেশ্বৰ হৰ দিগম্বৰ।
প্ৰিণ্টাৰ—শ্ৰীপ্ৰকাশচন্দ্ৰ সৰকাৰ
কাত্যায়নী মেছিন প্ৰেছ
৩৯৬১ শিবনাৰায়ণ দাস লেন
কলিকতা—৬
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )