পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)
মহিলা-কীৰ্ত্তন।

লোকৰ বাচা ডাঙৰ দীঘল আমাৰ বাচা সৰু।
সিংঘে বাঘে লগে চৰে তাত চাড়ে গৰু॥
ধেনু চাৰি ধেমু চাৰি বৰ পাইলা দুঃখ।
ৰদ পাই উঠলিলে কাল চাঁদ মুখ॥
আখৈ থৈছে। চিৰা থৈছে। উদৰ ভৰি খাবা।
সোণৰ বাংশী গড়াই থৈছো চান্দ মুখে বাবা॥
কোন বনে গৈলা প্ৰভু কোন বনে ৰৈলা।
বৃন্দাবনৰ মাজে প্ৰভু গো ধেনু চৰাইলা॥
আগে ধেনু কাষে ধেনু মুখে বাংশী বাই।
বন পুষ্প মালা পিন্ধি গো ধেমু চৰাই॥
আখৈ থৈছে৷ পিঠা থৈছো, থৈছে। ঘৃত লাৰু।
শীতল পাতি পাৰি থৈছো তাতো থৈছো গাৰু॥



(চ) গোপী সকলৰ খেদ।

গোসাঁই গোসাঁই হেৰা কৃষ্ঞ গোসাঁই
 মণি হেৰুৱালা ক'ত।
তোমাৰ মণি ধৰি চিনি পাই আহিছোঁ
 ৰাধিকা সুন্দৰীৰ ত’ত॥