পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৯)
মহিলা কীৰ্ত্তন

ডুব ডুব ডম্বৰু  জগতৰ গুৰু
 মাথে গঙ্গাদেবী আই॥
নাৰদে বোলয়  জানা পাৰেবতী
 তোমাত কিছু কাৰ্য্য নাই।
অতি হাবিয়াসে  গঙ্গাক বিয়া কৰাই
 জন্টাতে থৈছে লুকাই॥
জন্টা মেলি দিয়া  চাওঁ মহাদেৱ
 জণ্টা মেলি দিয়া চাওঁ।
জন্টাৰে ভিতৰে  আছে ভাগিৰথী
 আমি দৰিশনে পাওঁ
জণ্টাতে আসন  জন্টাতে বাহন
 থাকা জণ্টা পাৰি শুই।
গঙ্গ৷ ভাগীৰথী  ভাব চুৰ কৰিলে
 লগালে জণ্টাত জুই।
গঙ্গালৈ আহিলো  গঙ্গা স্নান কৰিলো
 গঙ্গাতে লুৰিলো ঋৰি।
গঙ্গাজল আনি   অন্ন সিজাই থলো
 শৰীৰক পবিত্ৰ কৰি॥
উত্তৰে গঙ্গা নৈ  দক্ষিণে যমুনা
 মাজে সৰস্বতী বয়।
তিনিৰো মধ্যত  আছে বট বৃক্ষ
 মনুষ্যক ৰক্ষা কই॥