এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)
মহিলা কীৰ্ত্তন।
কলিয়া কলিয়া বুলি নামাতিবা
বিগুতি নকৰা মোক ।
মোৰ বাপ মাৱ আছে মথুৰাত
আৰু নেমাতিবো তোক ॥
দিন সাত ৰাতি নেখাইবো নুঠিবে৷
নাযাইবো গোৰক্ষ স্থান ।
তোমাৰ গৃহত যত দুখ পাইলো
নাথাকিল মোৰ মান ॥
কৃষ্ণৰ বচন শুনি যশোদাৰ
হৃদয়ে কম্পিল থৰে ।
মোক পুত্ৰ বুলি সাবটি ধৰিলা
চুমা দিলে চান্দ মুখে ॥
প্রভাতে কৃষ্ণই ধেনু লৈয়া গৈ
গোপীৰ চেতন নাই ।
চেতন লভিয়া কান্দিব লাগিছে
কৃষ্ণ দেৱৰ গুণ বৰ্ণাই ॥
চল চল চল দামে সুদামে
চলৰে বালক গণ।
মিঠৈ পৰমান্ন গলে বান্ধি লোৱা
যাব লাগে বৃন্দাৱন ॥
বৃন্দাৱনতে দামুৰি বান্ধিলে
বান্ধা মথুৰাত গাই।