পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

--১ম অধ্যায়-

কীৰ্ত্তন কৰা প্ৰণালী

 কীৰ্ত্তন কৰিবলৈ বহাৰ আগতে আইসকলে মাহ-প্ৰসাদ আদি আগবঢ়াই সজাই-পৰাই থব। পাছত সমাজ পাতি বহি সেৱা কৰি হৰিধ্বনী কৰিব । 'অ' হৰি, অ' ৰাম, উৎসৱ কৰি হৰি বোল৷" ইয়াকে এগৰাকীয়ে লগাই দিব আৰু বাকী সকলে একেলগে কব-এয়ে হৰিধ্বনী। তাৰ পাচত তলত লিখা মতে “প্ৰথমে নাম", পাছত “কাকুতি”, তাৰ পাছত “কীৰ্ত্তন” তাৰ পাছত “স্তুতি”, তাৰ পাছত “প্ৰাৰ্থনা" আৰু শেষত "সামৰণি” গাই নাম সামৰিব । নাম সামৰাৰ পাছত আকৌ হৰিধ্বনী কৰি সাধাৰণভাবে প্ৰাৰ্থনা জানাই পুনৰ হৰিধ্বনী কৰিব। সেৱকীয়া নাম হলে সেৱকক আশীর্ব্বাদ আদি দিব আৰু প্ৰতি জোকা আশীৰ্ব্বাদৰ পাচত সকলোৱে হৰিধ্বনী কৰিব। ইয়াৰ পাছত প্ৰসাদ বিতৰণ কৰি ঘৰাঘৰি যাব।

 ইয়াত বিশেষ কৈ চাবলগীয়া কথা হৈছে এই যে ইয়াত দিয়া “নাম” আৰু “সামৰণি” বদলাই গাব নোৱাৰি বাকী বিলাক ৰুছি মতে গাব পাৰে। এইদৰে বাছি গাব পৰাকৈ সকলো বিলাক ২য় অধ্যায়ত সৰহীয়াকৈ দিয়া হৈছে।