পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)
মহিলা কীৰ্ত্তন।


মুকুতি ৰসকো, তেজি মহাজনে,
 শৰণ লৱে তোমাত॥


প্ৰাৰ্থনা


(১)


তুমি হৰি কৃপাময়  বাহিৰত গুৰু ৰূপে
 অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্যামী গুৰু ৰূপে  তাতে সত্য কৰা মোক
 তযু নামে সদা ৰতি হোক-
হে কৃষ্ণ বাসুদেৱ  দৈৱকী নন্দন হৰি
 নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰী গোবিন্দ  তযু পদ অৰবিন্দ
 কৰো মই লক্ষ নমস্কাৰ।

(২)


পদ্ম সম নাভি যাৰ   প্ৰণামোহো বাৰম্বাৰ
 নমো দিব্য পদ্মমালা ধাৰী।
নমো পদ্ম সম নেত্ৰ   পদ্ম যাৰ শত পত্ৰ
 নমো ভকতৰ ভয় হাৰী |
বাসুদেৱ সুত কৃষ্ণ  তুমি ভকতৰ ইষ্ট
 কংশ চানুৰাদি বিমৰ্দ্দন।
দৈৱকী হৃদয়ানন্দ   ভকতৰ গুৰু কৃষ্ণ
 তযু পদে কৰোহোঁ বন্দন॥