এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)
মহিলা কীৰ্ত্তন।
(ঘ) কালী দমন।
গৰুও মৰিল মৰিল গৰখীয়া
কালীৰ হ্ৰদৰ পানী খাই।
তললৈ মুৰেকৈ গুণে ভগৱন্ত
কি হব জীৱৰ বিলাই॥
কডম্বৰ গছে উঠি শ্ৰীকৃষ্ণে
জাম্প দিলা জল মাজে।
কালীৰ বিয়ে লাগি হৃদয় ভেদিলে
জলত উপঙ্গি আছে॥
যমুনাৰ বালিতে গোপ শিশুগণে
আলোচা-আলোচি কৰে।
নন্দ যশোদাক কমে কিয়ে বুলি
কৃষ্ণক কালী সৰ্পে খালে॥
নেজানি কালিয়ে মেড়াই ধৰিলে
গোৱালৰ তনয় বুলি।
লাম্ফ দিয়া কৃষ্ণে শিৰত উঠিল৷
মৰিল কালি সমূলি॥
নাগ পত্নী সবে আসি তুতি কৰে
কৃষ্ণৰ চৰণে ধৰি।
হে'ৰা মাধৱ নকৰা বিধৱা
আমি অভাগিনী নাৰী॥