পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)
মহিলা কীৰ্ত্তন।

হাতে কড়িয়া লৈ  প্ৰভু গৈ আছা ৰৈ
 দামুৰি মেলোতা নাই॥
ধৱলী পিয়লী  কাজলী পাৰলী
 গোসাইৰ পঞ্চ বৰ্ণৰ ধেনু।
আগতে গইছে গোপ শিশু গণে
 পাছে চলে ৰাম কানু॥
বৃন্দাবনে বনে  ফুৰা নাৰায়ণে
 কালিন্দি যমুনা তীৰে৷
ধেনু বৎস চাৰি  আনন্দে মুৰাৰী
 বাংশী বাই যাই ধীৰে॥
যমুনাৰ বালি পায়া বনমালী
 অন্ন ভুজিবাক গৈলা।
সেহি সময়তে  গোৰক্ষ দামুৰি
 ব্ৰহ্মা চুৰি কৰি নিলা॥
কৃষ্ণ দেৱক  মুহিবে আসিয়া
 আপুনি মুহিত ভৈলা।
হংসজাল এৰি  চৰণে পৰিয়া
 অনেক স্তুতি কৰিলা॥
চাই আহোঁ গৈ  চাই আহোঁ গৈ
 গৰুডৰ স্কন্ধে হৰি।
ৰঙ্গ চৰণত  ৰত্নৰ নুপুৰ
 বাজে ৰুণ জুন কৰি।