পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪০)
মহিলা কীৰ্ত্তন।

দন্দুকা বনতে  ৰাধাৰ পাৱ নচলে
 কোলে লোৱা বনমালী।
কোলে লোৱা বুলি  উঠি কাছি পাৰি
 হাততে হেৰাইলা হৰি॥
পৰেকি আপোন  হব নাৰায়ণ
 শিমলু নহয় চন্দন।
দন্দুকা বনতে  এড়ি গুছিগলা
  নিদাৰুণ নাৰায়ণ॥
তুলসী তুলসী  অ' আই তুলসী
 তুমি গোবিন্দৰ প্ৰিয়া।
আমাৰে কৃষ্ণাইক ক'তে দেখিলা
 বেগতে বাতৰি কোৱা॥
দন্দুকা বনলৈ  যাবকে নোৱাৰি
 গকুলে নচলে ভৰি।
পতি পুত্ৰ এৰি  তোমাক ভজিলে৷
 অনাথ নকৰা হৰি॥
দন্দুকা বনতে  ৰাধাঁ পৰি আছে
 আউল জাউল কেশ মেলি।
কাকো নানিলা  ৰাধাকে আনিলা
 ৰাধা বৰ সৌভাগিণী॥
হা হৰি হৰি   হা হৰি হৰি
 কি লাগি জীৱন ধৰো।