পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)
মহিলা কীৰ্ত্তন।


হেন জানি নিৰন্তৰে এৰা আন কাম
পাতক ছাৰোক ডাকি বোল৷ ৰাম ৰাম॥

(খ) গোসাঁই উপজাৰ পাছত নন্দৰ ঘৰত গোপী
সকলে চাবলৈ যোৱা নাম


কালি গোসাই জন্ম ললে বসুদেৱৰ ঘৰে।
নন্দৰ ঘৰে লুকৱাই থলে কংশ ৰজাৰ ভয়ে॥
সখি বিয়নি মাওঁ আহ৷ নন্দৰ ঘৰে যাওঁ।
পূৰ্ণ ভগৱন্ত গকুলে উদয় গৈ দেখিবলৈ পাওঁ॥
আহা সখি আহাঁ সখি নন্দৰ ঘৰে যাওঁ।
যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ॥
আজি নন্দ যশোদাৰ ঘৰে।
পূৰ্ণ ব্ৰহ্ম জন্ম ধৰে॥
গোসাঁই জন্ম শুনি আছে ঋষি মুনি।
ব্ৰহ্মা আহি বেদ পঢ়ে আছে সব গোপী॥
নন্দ ৰজাৰ ঘৰে আজি কিবা যজ্ঞ কৰে।
ধৰ্ম্মৰে বান্ধিছে দৌল পৰ্ব্বত আকাৰে॥
নন্দ ৰাজাৰ ঘৰে আজি যজ্ঞ আৰম্ভিছে।
আহাঁ সখি চাই আহোঁ মনৰ হেঁপাহেৰে॥