পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৮)
মহিলা কীৰ্ত্তন।

 হাতে লৈলা ত্ৰিশূল ফাল, কটিত ললা
 বাঘ ছাল, তুমি ফুৰ৷ ভিক্ষা মাগি খাই।
 সদাশিৱ এ!
এ! সদাশিৱ এ, তোমাৰ দেখোন ঘৰ-বাৰী নাই।
 কটিত কপিঙ্গ পিন্ধি, বৃষ্ণভত ফুৰ৷ উঠি,
 তুমি ফুৰা ডম্বৰু বজাই। সদাশিৱ এ,।
এ! সদাশিৱ এ, তোমাৰ দেখো ধৱলি বৰণ।
 আদি গুৰুৰ সিদ্ধ গুৰু তিনিও লোকৰ
 গুৰু, প্ৰণামেহো তোমাৰ চৰণ॥
 সদাশিৱ এ।
এ! সদাশিৱ এ, তোমাৰ শিৰে দেখো জটাৰ ভাৰ!
 জগতক বৰ দিয়া, আপুনি নাঙঠি ফুৰা।
 সদাশিৱ এ।

(২)

শিৱ শিৱ শিৱ শিৱ শ্লোলানাথ।
 শিৱ শিৱ শিৱ শিৱ শিৱ
পাৰ্ব্বতা গতিতে ৰথে চলি যোৱা
 প্ৰাণীলৈ নোচোৱা কিয়?
শিৱৰ শিৰে জণ্টা কেৱলে নাঙঠা
 ডুব ডুব ডম্বৰু বাই।