পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ঞ) গোপীসকলৰ শোক।

আমাৰ কৃষ্ণক  অক্ৰুৰে লৈয়া গল
 আমি পাছে পাছে যাওঁ।
হাস্য দৰিশন  বদন মোহন
 কিবা সমিধান পাওঁ॥
কৃষ্ণক লগত লৈ  অক্ৰুৰ চলি গল।
 লগতে মোৰ উদ্ধৱ লৰে।
লগৰ গোপীসবে  কান্দিব লাগিছে
 দ্বাৰকা ৰাখিব কোনে॥
গোসাঁই মোৰ ল'ৰি গ'ল বাটত খোজ পৰি গল
 খৰম জুৰিয়া ভৰি।
লগৰ গোপীসৱে  ৰই ৰই কান্দিছে
 দ্বাৰকা সুদা হ'ল বুলি॥
চন্দন পিহিলো   তুলসী চিঙিলো
 মই থলো কুকিত ভৰাই।
চান্দ মুখ চাই  পিন্ধাব নেপালো
 কৃষ্ণ মথুৰালৈ যায়॥
হেৰা উদ্ধৱ  প্ৰাণৰ বান্ধব এ
 কহিবা প্ৰভুৰ আগে।
আমাক এৰি গল  হৃদয় দগ্ধ হল
 নকলে তিৰী বধ লাগে॥